উত্তৰ প্ৰদেশ, হায়দৰাবাদৰ পুৰণি ভিডিঅ' মীৰা ৰোডৰ শেহতীয়া সংঘৰ্ষৰ লগত মিছাকৈ সংযোজিত

লেখক: আজৰা আলী
ফেব্ৰুৱাৰী 6 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
উত্তৰ প্ৰদেশ, হায়দৰাবাদৰ পুৰণি ভিডিঅ' মীৰা ৰোডৰ শেহতীয়া সংঘৰ্ষৰ লগত মিছাকৈ সংযোজিত

মীৰা ৰোড কাণ্ডৰ ভিডিঅ' বুলি মিছাকৈ দাবী কৰি শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ' দুটাত ২০২২ চনত হায়দৰাবাদ আৰু উত্তৰ প্ৰদেশত আৰক্ষীয়ে চলোৱা অভিযান দেখা হৈছে। মীৰা ৰোডৰ শেহতীয়া পৰিস্থিতিৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

ক্লেইম আইডি ae6dc781

পৃষ্ঠভূমি

অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ মাত্ৰ এদিন পূৰ্বে যোৱা ২১ জানুৱাৰীত মুম্বাইৰ মীৰা ৰোডৰ নয়া নগৰত এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলটোৰ মাজেৰে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ উলিওৱা এক শোভাযাত্ৰা পাৰ হৈ যোৱাৰ সময়তে উক্ত পৰিস্থিতিৰ সূত্ৰপাত ঘটে।

বিভিন্ন বাহন আৰু মটৰ চাইকেলত উঠি বৃহৎ সংখ্যক লোকে উলিওৱা শোভাযাত্ৰাটোত মডিফাই কৰা চাইলেন্সাৰযুক্ত এখন মটৰ চাইকেলৰ পৰা বাহিৰ হোৱা বন্দুকৰ গুলীৰ দৰে শব্দই অঞ্চলটোৰ লোকসকলৰ মাজত উৰা বাতৰি আৰু আতংকৰ সৃষ্টি কৰে। ইয়াকে কেন্দ্ৰ কৰি দুয়োটা সম্প্ৰদায়ৰ মাজত কাজিয়া আৰম্ভ হয় আৰু শীঘ্ৰে এক হিংসাত্মক ৰূপ পায়। ঘটনাৰ পিছদিনা একাধিক লোকে তাণ্ডৱ চলোৱাৰ লগতে শিলগুটি নিক্ষেপ কৰা আদি ঘটনা সংঘটিত কৰিছিল বুলি বাতৰি প্ৰকাশ পায়, যাৰ পিছতে আৰক্ষীয়ে অঞ্চলটোত অভিযান চলায়।  

হিন্দুস্তান টাইমছৰ বাতৰি অনুসৰি উক্ত সাম্প্ৰদায়িক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে ১৯ জন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ উপৰিও চৰকাৰী কৰ্তৃপক্ষই বেদখল চলোৱাৰ অভিযোগত মুছলমান প্ৰধান অঞ্চলৰ কেইবাটাও ঘৰ-দুৱাৰ ভাঙি পেলায়। 

কি দাবী কৰা হৈছে?

এই ঘটনাক কেন্দ্ৰ কৰিয়ে ছ’চিয়েল মিডিয়াত দুটা ভিডিঅ’ শ্বেয়াৰ কৰি একাধিক লোকে মীৰা ৰোডৰ হিংসাৰ সৈতে জড়িত লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দেখা গৈছে বুলি দাবী কৰে। প্ৰথমটো ভিডিঅ’ত আৰক্ষীৰ বাহনলৈ লৈ যোৱাৰ সময়ত আৰক্ষীয়ে এদল লোকৰ ওপৰত লাঠি চাৰ্জ কৰাৰ লগতে তেওঁলোকক এখন আৰক্ষীৰ বাহনলৈ টানি নিয়া দেখা গৈছে। দ্বিতীয়টো ভিডিঅ’ত, কাৰাগাৰৰ ভিতৰত থকা কেইজনমান লোকক দেখুওৱাই পিছৰ দৃশ্যত এজন আৰক্ষীয়ে এটা ৰূমৰ ভিতৰত কেইজনমান লোকক লাঠিৰে কোবাই থকা দেখা যায়। ভিডিঅ' দুটা এক্সত শ্বেয়াৰ কৰি একাংশ লোকে ভগৱান ৰামৰ উদ্দেশ্যে উলিওৱা শোভাযাত্ৰাৰ ওপৰত ‘‘আক্ৰমণ’’ কৰা লোকক গ্ৰেপ্তাৰ কৰা ভিডিঅ’ বুলি দাবী কৰে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত উপলব্ধ।

ইয়াৰে প্ৰথমটো ভিডিঅ’ ফেচবুকত শ্বেয়াৰ কৰি এগৰাকী ব্য়ৱহাৰকাৰীয়ে লিখিছে, ‘‘পাত্থৰবাজ বোৰক মেকুৰীয়ে নিগনি বিচাৰি উলিয়াৰ দৰে বিচাৰি বিচাৰি উলিয়াই আছে মুম্বাইৰ মিৰা ৰোডত। সিহঁতে কৰিলে এদিন কিন্তু এতিয়া ভুগিব লাগিব বহু দিন। জয় শ্ৰী ৰাম।’’

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা এটা অসমীয়া ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে উক্ত ভিডিঅ’ দুটা শ্বেয়াৰ কৰি যি দাবী কৰা হৈছে সেয়া সঁচা নহয়।

১) প্ৰথমটো ভিডিঅ’ ২০২২ চনৰ আগষ্টৰ হয় আৰু ইয়াত হায়দৰাবাদত হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যক লৈ বিজেপি বিধায়ক টি ৰাজা সিঙৰ বিৰুদ্ধে প্ৰতিবাদ কৰা একাংশ লোকক আৰক্ষীয়ে আটক কৰা দেখা গৈছে।

২) দ্বিতীয়টো ভিডিঅ’ উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ হয়, য’ত ২০২২ চনৰ জুনত হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যক লৈ বিবাদত জড়িত প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰিছিল।

ছ'চিয়েল মিডিয়াত প্ৰচাৰিত ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট।(উৎস: এক্স/ফেচবুক/ স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

প্ৰকৃত সত্য কি?

প্ৰথম ভিডিঅ’

ভিডিঅ’টো ভালদৰে শুনাত আমি ধৰিব পাৰোঁ যে আৰক্ষী কেইজনে তেলেগু ভাষাত কথা কৈ আছিল, ইয়াৰ দ্বাৰা অনুমান কৰিব পাৰি যে ভিডিঅ’টোৰ স্থান মুম্বাই নহয়, য’ত মূলত মাৰাঠী আৰু হিন্দী ভাষাত কথা পতা হয়। ভিডিঅ'টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ইউটিউবত নিউজ মিনিটৰ "হায়দৰাবাদত প্ৰতিবাদকাৰীয়ে বিজেপিৰ বিধায়ক ৰাজা সিংক গ্ৰেপ্তাৰৰ দাবী তোলে" শীৰ্ষক ২০২২ চনৰ ২৫ আগষ্টত প্ৰকাশিত এটা ভিডিঅ’ প্ৰতিবেদন লাভ কৰোঁ।

ভাইৰেল ভিডিঅ’টোত দেখা পোৱা দৃশ্যৰ সৈতে এই প্ৰতিবেদনটোৰ মিল আছে। ইয়াত হজৰত মহম্মদৰ বিৰুদ্ধে মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা বিজেপি বিধায়ক ৰাজা সিঙক ২০২২ চনৰ ২২ আগষ্টত জামিনত মুকলি কৰি দিয়াৰ প্ৰতিবাদত হোৱা বিক্ষোভৰ বিশদ বিৱৰণ দিয়া হৈছে। উক্ত প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগত ২০২২ চনৰ ২৪ আগষ্টৰ নিশা প্ৰশাসনে ঘৰত অভিযান চলাই কেইবাজন যুৱকক আটক কৰিছিল।

দ্বিতীয় ভিডিঅ’

এই ভিডিঅ’টোত দুটা ক্লিপ আছে; প্ৰথম অংশটোত এটা কোঠাৰ ভিতৰত কেইজনমান লোকক দেখা যায়, আৰু পিছৰ ক্লিপটোত আৰক্ষীয়ে কেইজনমান লোকক লাঠিৰে প্ৰহাৰ কৰি থকা দেখা যায়। ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ২০২২ চনৰ ১১ জুনত জাগ্ৰণত প্ৰকাশিত এটা প্ৰতিবেদন লাভ কৰোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ সৈতে মিলা দৃশ্য দেখা যায়।

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, হজৰত মহম্মদক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছত উত্তৰ প্ৰদেশত ব্যাপক প্ৰতিবাদৰ লগতে ২০২২ চনৰ ১০ জুনত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হয় আৰু ১৪০ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল।

ভাইৰেল ভিডিঅ' আৰু ২০২২ চনৰ পৰা জাগৰণৰ বাতৰি প্ৰতিবেদনৰ মাজত তুলনা। (উৎস: এক্স/জাগৰণ/স্ক্ৰীণশ্বট)

আৰক্ষী লোককেইজনক প্ৰহাৰ কৰি থকা দেখিবলৈ পোৱা ভিডিঅ’টোৰ দ্বিতীয় অংশৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি বিজেপিৰ বিধায়ক শালভ মণি ত্ৰিপাঠীয়ে ২০২২ চনৰ ১১ জুনত শ্বেয়াৰ কৰা এটা এক্স পোষ্ট লাভ কৰোঁ য’ত পোনপ্ৰথমে ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছিল। ভিডিঅ’টো শ্বেয়াৰ কৰি দিয়া পোষ্টৰ কেপচনত বিধায়কগৰাকীয়ে এইয়া ‘‘বিক্ষোভকাৰীলৈ আৰক্ষীয়ে দিয়া উপহাৰ" বুলি কৈছিল।

সেই সময়ত জিম্মাত থকা অভিযুক্ত লোকৰ ওপৰত আৰক্ষীয়ে গ্ৰহণ কৰা এই কাৰ্যক প্ৰশংসা কৰি শ্বেয়াৰ কৰা উক্ত ভিডিঅ’টোৱে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল, আৰু সংবাদ মাধ্যমত ভিডিঅ’টোত দেখুওৱা স্থান উত্তৰ প্ৰদেশৰ ছাহাৰনপুৰ বুলি কোৱা হৈছিল। এনডিটিভিৰ এক অনুসন্ধানত লোককেইজনৰ পৰিয়ালে তেওঁলোকক চিনাক্ত কৰাৰ লগতে ঘটনাটো ছাহাৰানপুৰত সংঘটিত হৈছিল বুলি নিশ্চিত কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে এই সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰে আৰু দুসপ্তাহৰ পিছত লোককেইজনক জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল। 

২০২২ চনৰ ১২ জুনত প্ৰকাশিত দ্য উইকৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে ২০২২ চনৰ ১০ জুনত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বাতৰি পোৱাৰ পিছত ছাহাৰনপুৰকে ধৰি ৰাজ্যখনৰ আঠখন জিলাৰ পৰা উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৩০০ৰো অধিক লোকৰ ভিতৰত ভিডিঅ’টোত দেখা উক্ত লোক কেইজনো আছিল।

দ্য টাইমছ অৱ ইণ্ডিয়াত ২০২২ চনৰ ১১ জুনত প্ৰকাশিত এক বাতৰিত উল্লেখ কৰা মতে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাই নিউজ চেনেলত হজৰত মহম্মদক লৈ কৰা মন্তব্যৰ বিৰোধিতাত ২০২২ চনৰ ১০ জুনত শুকুৰবাৰৰ নামাজৰ অন্তত উত্তৰ প্ৰদেশৰ কেইবাটাও স্থানত প্ৰতিবাদ হৈছিল। 

ভাইৰেল ভিডিঅ' আৰু ২০২২ চনৰ এনডিটিভিৰ বাতৰি প্ৰতিবেদনৰ মাজত তুলনা। (উৎস:এক্স/এনডিটিভি/ স্ক্ৰীণশ্বট)

ওপৰত উল্লেখিত প্ৰমাণসমূহৰ দ্বাৰা এয়া স্পষ্ট হয় যে ভাইৰেল ভিডিঅ’ দুটা শেহতীয়াকৈ মুম্বাইৰ মীৰা ৰোডত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ সৈতে সম্পৰ্কিত নহয়। 

সিদ্ধান্ত

হায়দৰাবাদ আৰু উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰত আৰক্ষীয়ে চলোৱা অভিযানৰ পুৰণি ভিডিঅ’ক মুম্বাইৰ মীৰা ৰোডত সংঘটিত শেহতীয়াকৈ পৰিস্থিতিৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে। দুয়োটা ভিডিঅ’ ২০২২ চনৰ হয় আৰু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত সংঘটিত উক্ত কাণ্ডৰ সৈতে কোনো সম্পৰ্ক নাই। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।