টাইৱানৰ শেহতীয়া ভূমিকম্পৰ পিছত স্পেইন আৰু টাইৱানৰ পুৰণি ভিডিঅ' জাপানৰ বুলি প্ৰচাৰিত

লেখক: সোহম শ্বাহ
এপ্ৰিল 8 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
টাইৱানৰ শেহতীয়া ভূমিকম্পৰ পিছত স্পেইন আৰু টাইৱানৰ পুৰণি ভিডিঅ' জাপানৰ বুলি প্ৰচাৰিত

ছ'চিয়েল মিডিয়াত জাপানত চুনামীৰ সতৰ্কবাণী জাৰি কৰাৰ পিছৰ দৃশ্য বুলি পুৰণি ভিডিঅ' প্ৰচাৰিত। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

প্ৰথমটো ভিডিঅ'ত ২০১৪ চনৰ জানুৱাৰীত স্পেইনত সংঘটিত এটা ঘটনা দেখুওৱা হৈছে আৰু দ্বিতীয়টোত ২০২২ চনৰ ছেপ্টেম্বৰত অহা টাইৱানৰ ভূমিকম্প দেখুওৱা হৈছে।

ক্লেইম আইডি 7ad627eb

কি দাবী কৰা হৈছে?

যোৱা ৩ এপ্ৰিলত টাইৱানত সংঘটিত ৭.২ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত জাপানৰ ওকিনাৱা উপকূলীয় অঞ্চলত চুনামীৰ সতৰ্কতাবাণী জাৰি কৰা হৈছে। উক্ত সতৰ্কতাবাণী জাৰি কৰাৰ পিছতে ছ’চিয়েল মিডিয়াত চুনামীয়ে সৃষ্টি ধ্বংসলীলাৰ দৃশ্য বুলি একাধিক ভিডিঅ’ প্ৰচাৰিত হৈছে।

এনে দুটা ভিডিঅ’ শ্বেয়াৰ কৰি ওকিনাৱাত পানী পিছুৱাই অহা আৰু জাপানৰ দ্বীপটোত চুনামীৰ আগজাননিৰ দৃশ্য বুলি দাবী কৰা হৈছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত , ইয়াত, আৰু ইয়াত চাব পাৰিব। 

ভাইৰেল ভিডিঅ' দুটা শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

উল্লেখযোগ্য যে বিবিচিৰ প্ৰতিবেদন অনুসৰি টাইৱানৰ হুয়ালিয়েনত অহা ৭.২ প্ৰাবল্যৰ ভূমিকম্পত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০০ৰো অধিক লোক আহত হয়। উক্ত ভূমিকম্পৰ পিছতে জাপান আৰু ফিলিপাইনছৰ কিছুমান দ্বীপত চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছিল যদিও পিছলৈ এই সতৰ্কবাণীসমূহ পৰ্য্যৱসিত কৰা হয়।

কিন্তু আমাৰ অনুসন্ধানত দেখা গ’ল যে এই দুয়োটা ভিডিঅ’ পুৰণি আৰু শেহতীয়া ভূমিকম্পৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

প্ৰথমটো ভিডিঅ’

প্ৰথম ক্লিপটোত দেখা গৈছে যে এখন বীচত নাচি থকা এগৰাকী মহিলাক হঠাতে এটা প্ৰচণ্ড ঢৌৱে উটুৱাই লৈ গৈছে। পোষ্টটোৰ কেপচনত লিখা আছে, “#জাপানৰ #ওকিনাৱা দ্বীপত পানী পিছুৱাই গৈছে। এই স্থান খালী কৰি উচ্চ, নিৰাপদ স্থানলৈ যাওক।”

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ২০১৪ চনৰ ২১ জানুৱাৰীত প্ৰকাশিত টেবলয়ড ডেইলী মেইলৰ এটা প্ৰতিবেদন লাভ কৰোঁ য’ত একেটা ভিডিঅ’ৰ বৰ্ধিত সংস্কৰণ আছিল। প্ৰতিবেদনটোৰ মতে উক্ত ঘটনা স্পেইনৰ ছান্টাণ্ডাৰৰ এখন বীচত সংঘটিত হৈছিল, ভিডিঅ’টোত পানীৰ ঢৌৱে উটুৱাই নিয়া মহিলাগৰাকীৰ প্ৰাণ ৰক্ষা পৰে যদিও তেওঁ আহত হয় বুলি প্ৰতিবেনটোত কোৱা হয়।

২০১৪ চনৰ ২২ জানুৱাৰীত দ্য ইণ্ডিপেণ্ডেণ্টত উক্ত ঘটনাটোক লৈ প্ৰকাশিত এক বাতৰিত একেখিনি কথাই কোৱা হয়।

ভাইৰেল ভিডিঅ’টোত বীচখনৰ কাষত দেখা পোৱা অট্টালিকা আৰু নীলা ৰেলিঙৰ জৰিয়তে আমি গুগল ষ্টীট ভিউত ভিডিঅ’টোৰ অৱস্থান স্পেইনৰ ছানচেজৰ এল চাৰ্ডিনেৰো বীচৰ বুলি নিৰ্ণয় কৰিবলৈ সক্ষম হ’লো।

ভাইৰেল ভিডিঅ'টোৰ জিঅ'ল'কেচন। (উৎস: এক্স/গুগল ষ্ট্ৰীট ভিউ/স্ক্ৰীণশ্বট)

দ্বিতীয়টো ভিডিঅ'

দ্বিতীয়টো ভিডিঅ’ত ভূমিকম্পৰ জোকাৰণিত কেইজনমান লোকক মাটিত বাগৰি পৰা দেখা গৈছে। শেহতীয়া ভূমিকম্পৰ পিছৰ দৃশ্য বুলি দাবী কৰি ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখা হৈছে, “ব্ৰেকিং - #জাপান; # চুনামী আগজাননি লাভ কৰি ওকিনাৱা দ্বীপপুঞ্জৰ ভিতৰৰ অংশত মানুহে পলাবলৈ চেষ্টা কৰিছে।” আনহাতে এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি অসমীয়াত লিখিছে, ‘‘ৰিখটাৰ স্কেলত ৭.৫ প্ৰাবল্যত কঁপি উঠিল টাইৱান।’’ 

অৱশ্যে ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখা গ’ল যে টাইৱানৰ বাতৰি সম্প্ৰচাৰক টাইৱান ইবিচি নিউজৰ ভেৰিফাইড ইউটিউব চেনেলত ২০২২ চনৰ ১৯ ​​ছেপ্টেম্বৰত ভিডিঅ’টো আপলোড কৰা হৈছিল। চীন ভাষাত লিখা ভিডিঅ’টোৰ শিৰোনাম আৰু বৰ্ণনা অনুসৰি ইয়াত টাইৱানৰ টাইটুং চহৰত হোৱা ভূমিকম্পৰ সময়ত হুয়ালিনৰ "ঝুওচি টাউনশ্বিপ" মাউণ্টেইনিং এছ'চিয়েচনৰ এজন প্ৰবক্তাক তেওঁৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে দেখুওৱা হৈছিল। 

পৰ্বতাৰোহণ সংস্থাটোৰ নামৰ পৰা এটা ইংগিত লৈ ফেচবুকত কীৱৰ্ড চাৰ্চ কৰাত ২০২২ চনৰ ছেপ্টেম্বৰ মাহত একেটা ভিডিঅ’ শ্বেয়াৰ কৰা কেইবাটাও পেজ আৰু নিউজ চেনেল পোৱা গ’ল।

ফেচবুকত একেটা ভিডিঅ’ দেখুওৱা একাধিক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

ইয়াৰ উপৰিও পৰ্বতাৰোহণ সংস্থাটোৰ ফেচবুক পেজত ভাইৰেল ভিডিঅ’টোৰ এটা বৰ্ধিত সংস্কৰণ উপলব্ধ য’ত প্ৰবক্তাজনক গাও জিয়ানছিয়াং বুলি চিনাক্ত কৰা হৈছে।

ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি ২০২২ চনৰ ছেপ্টেম্বৰ মাহত টাইটুঙত ৬.৮ প্ৰাবল্যৰ এক ভূমিকম্পৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৬০ জনতকৈ অধিক লোক আহত হৈছিল।

ইয়াৰ পূৰ্বেও একেটা ভিডিঅ’ ২০২৩ চনৰ জানুৱাৰীত ইণ্ডোনেছিয়াত হোৱা ভূমিকম্পৰ ফুটেজ হিচাপে শ্বেয়াৰ কৰা হৈছিল আৰু কেইবাটাও প্ৰতিষ্ঠানে ইয়াক ফেক্ট-চেক কৰিছিল।

উক্ত প্ৰমাণে নিশ্চিত কৰে যে দুয়োটা ভিডিঅ’তে জাপানত শেহতীয়াকৈ জাৰি চুনামীৰ সতৰ্কবাণীৰ দৃশ্য দেখুওৱা হোৱা নাই। প্ৰথমটো ভিডিঅ’ ২০১৪ চনৰ স্পেইনৰ, আনহাতে দ্বিতীয়টো ভিডিঅ’ত টাইৱানত ২০২২ চনৰ ছেপ্টেম্বৰত সংঘটিত এক ভূমিকম্পৰ দৃশ্য দেখুওৱা হৈছে।

সিদ্ধান্ত

দুয়োটা ভিডিঅ’ পুৰণি আৰু টাইৱানত শেহতীয়াকৈ সংঘটিত ভূমিকম্পৰ সৈতে কোনো সম্পৰ্ক নাই। এটা ২০১৪ চনত স্পেইনত ৰেকৰ্ড কৰা হৈছিল, আৰু আনটো ২০২২ চনত টাইৱানত কেমেৰাত বন্দী কৰা হৈছিল। সেয়ে আমি এই দাবীটোক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।