শেহতীয়াকৈ ডুবাইত হোৱা বানপানীৰ দৃশ্য হিচাপে পুৰণি ভিজুৱেল প্ৰচাৰ

লেখক: ঈশিতা গোৱেল জে
এপ্ৰিল 23 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
শেহতীয়াকৈ ডুবাইত হোৱা বানপানীৰ দৃশ্য হিচাপে পুৰণি ভিজুৱেল প্ৰচাৰ

শেহতীয়াকৈ ডুবাইত হোৱা বানপানীৰ দৃশ্য বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

'ইউএই'ত ১৫ এপ্ৰিলত হোৱা ধুমুহাৰ পূৰ্বৰ পৰা ভাইৰেল ভিডিঅ’টোৰ ছয়টা ক্লিপেই ইণ্টাৰনেটত উপলব্ধ হোৱাৰ বাবে এই দাবী মিছা।

ক্লেইম আইডি 8d0640ad

দাবী কি?

১৫ এপ্ৰিলৰ নিশা আৰু পিছদিনা সংযুক্ত আৰব এমিৰেটছত তীব্ৰ বৰষুণৰ ফলত অন্যান্য অঞ্চলৰ লগতে ডুবাই মহানগৰত অভূতপূৰ্ব বানপানীৰ সৃষ্টি হয়।

এই পটভূমিত ডুবাইৰ বানপানীৰ দৃশ্য বুলি বিভিন্ন ভিজুৱেল ভাইৰেল হৈ পৰিছে। অৱশ্যে ইয়াৰ ভিতৰত বহুতো পুৰণি আৰু অসংলগ্ন ভিডিঅ’ও আছে। ছটা ক্লিপৰে গঠিত তেনে এটা ভিডিঅ’ সংকলন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত ডুবাইৰ অভিলেখ ভংগকাৰী বৰষুণৰ পিছৰ পৰিণতি দেখুওৱা হৈছে বুলি দাবী কৰা হৈছে। এই ভিডিঅ'টো শ্বেয়াৰ কৰা এটা পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব। ফেচবুকত অসমীয়া ভাষাটো ডুবাই সম্পৰ্কীয় বিভিন্ন ভিজুৱেল ভাইৰেল হোৱা দেখা গ'ল । এই ভিডিঅ'বোৰৰ মাজত দ্বিতীয় ক্লিপটোও দেখা গ'ল।

ভাইৰেল ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

প্ৰচণ্ড ধুমুহাৰ ফলত ডুবাইত সৃষ্টি হোৱা পৰিস্থিতি আতংকজনক আছিল, চৰকাৰে সতৰ্কবাণী জাৰি কৰি মানুহক ঘৰৰ পৰা কাম কৰিবলৈ আহ্বান জনাইছিল, আৰু বহু লোকে নিজৰ বাহন পথত পৰিত্যাগ কৰিবলৈ বাধ্য হৈছিল । কিন্তু, ভাইৰেল ভিডিঅ’টোত ডুবাইৰ বানপানীৰ দৃশ্য বন্দী হোৱা নাই।

তথ্যবোৰ কি কি?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি দেখিলোঁ যে ভিডিঅ’টোত থকা ক্লিপবোৰ পুৰণি আৰু শেহতীয়াকৈ ডুবাইত হোৱা বানপানীৰ পূৰ্বৰ হয়।

ক্লিপ ১

প্ৰথম ক্লিপটোত দেখা গৈছে যে এজন মানুহ দলঙৰ দৰে এক আকৃতিৰ ওপৰত থিয় হৈ আছে আৰু পানীৰ ঢৌৱে অট্টালিকাৰ কাষে কাষে থকা উক্ত জলভাগত তীব্ৰ গতিৰে সোমাব ধৰিছে। আমাৰ গৱেষণাৰ পৰা দেখা গৈছে যে ৩১ জানুৱাৰীত এজন টিকটক ব্যৱহাৰকাৰীয়ে একেটা ক্লিপৰ এক বৰ্ধিত সংস্কৰণ শ্বেয়াৰ কৰিছিল, য'ত লিখা আছিল, "চৌদি আৰব #চৌদিআৰবিয়া #বানপানী #বৰষুণ।" বিশেষ ভিডিঅ’টোত অৱশ্য বিভিন্ন বানপানীৰ দৃশ্যৰ অন্যান্য ক্লিপ আছে। ডুবাইৰ বানপানীৰ দৃশ্য হিচাপে চিত্ৰিত ভাইৰেল ভিজুৱেল এই টিকটক ভিডিঅ’টোৰ প্ৰথম তিনি ছেকেণ্ডত দেখা গৈছে।

টিকটক ভিডিঅ'টোৰ এটা স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/ টিকটক)

ক্লিপ ২

দ্বিতীয় ক্লিপটোত এক পাহাৰীয়া অঞ্চলত এখন গাড়ী বানপানীয়ে উটুৱাই লৈ যোৱা  দেখা গৈছে। ক্লিপটোৰ এটা দীঘলীয়া সংস্কৰণ ২০২৩ চনৰ ১৪ নৱেম্বৰত টিকটকত শ্বেয়াৰ কৰা হৈছিল, য'ত লিখা আছিল, "চৌদি আৰৱত প্ৰচণ্ড বানপানী।" ভাইৰেল ক্লিপটোৰ এটা পাৰ্শ্বীয়ভাৱে ওলোটা সংস্কৰণ এই টিকটক ভিডিঅ’টোৰ প্ৰথম ৯ ছেকেণ্ডত দেখা যায়, য’ত বানপানীৰ অনুৰূপ দৃশ্যও দেখা গৈছে।

ভাইৰেল ক্লিপ আৰু পাৰ্শ্বীয়ভাৱে ওলোটা  টিকটক ভিডিঅ’ৰ মাজত তুলনা। (উৎস: স্ক্ৰীণশ্বট/টিকটক)

ক্লিপ ৩

তৃতীয় ক্লিপটোত বানপানীত যান-জঁটত আবদ্ধ হৈ থকা কিছু যান-বাহন দেখা গৈছে । আমি ক্লিপটো আৰু ২০২৩ চনৰ ১৫ নৱেম্বৰত পোষ্ট কৰা এটা টিকটক ভিডিঅ’ৰ মাজত বিভিন্ন সাদৃশ্য পাইছিলোঁ। টিকটক ভিডিঅ’টোৰ প্ৰথম ১৫ ছেকেণ্ড ভাইৰেল ভিডিঅ'ৰ ০:১১ আৰু ০:২১ টাইমষ্টেম্পৰ মাজত দেখা অংশটোৰ পাৰ্শ্বীয়ভাৱে ওলোটা সংস্কৰণ হয় বুলি আমি নিশ্চিত কৰিলোঁ । ভাইৰেল ক্লিপটোৰ বাকী অংশ টিকটক ভিডিঅ’টোৰ ০০:৪৩-১:০২ টাইমষ্টেম্পৰ মাজত দেখা পোৱা যায়, পুনৰ পাৰ্শ্বীয়ভাৱে ওলোটা ৰূপত।

টিকটক পোষ্টটোৰ কেপচনত আৰবীৰ পৰা অনুবাদ কৰিলে লিখা আছিল, "জিদ্দাত আজিৰ বৰষুণ, ১৪ জন নিহত।" ইয়াৰ উপৰিও আন এজন টিকটক ব্যৱহাৰকাৰীয়েও ১৬ নৱেম্বৰত একেটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

ভাইৰেল ভিজুৱেল আৰু পাৰ্শ্বীয়ভাৱে ওলোটা টিকটক ভিডিঅ’ৰ মাজত তুলনা। (উৎস: স্ক্ৰীণশ্বট/টিকটক)

ক্লিপ ৪

চতুৰ্থ ক্লিপটোত আমি ডুব যোৱা গাড়ীৰে ভৰা এটা অঞ্চল দেখিবলৈ পাওঁ। ২০২৩ চনৰ ১৯ নৱেম্বৰত এজন টিকটক ব্যৱহাৰকাৰীয়ে একেটা ভিডিঅ’ৰ পাৰ্শ্বীয়ভাৱে ওলোটা এক সংস্কৰণ পোষ্ট কৰিছিল, য’ত কেপচন দিয়া আছিল '#rain #flood #saudiarabia’ আদি হেচটেগ।

ভাইৰেল ক্লিপ আৰু টিকটক ভিডিঅ'ৰ তুলনা। (উৎস: স্ক্ৰীণশ্বট/টিকটক)

ক্লিপ ৫

পঞ্চম ক্লিপটোত বানপানীত বুৰ যোৱা অঞ্চল এটাত কিছু ক্ষতিগ্ৰস্ত গাড়ী দেখা গৈছে আৰু পটভূমিত মানুহে খোজ কাঢ়ি ধ্বংসাৱশেষ পৰা প্ৰয়োজনীয় সামগ্ৰী বুটলি আছে। টিকটক ব্যৱহাৰকাৰী এজনে ২০২৩ চনৰ ২৫ ডিচেম্বৰত একেটা ক্লিপৰ পাৰ্শ্বীয়ভাৱে ওলোটা সংস্কৰণ পোষ্ট কৰিছিল আৰু ইয়াৰ কেপচন দিছিল "চৌদি আৰবিয়া বানপানী (sic)।" টিকটক ভিডিঅ’টো ভাইৰেল ক্লিপটোৰ অলপ দীঘলীয়া সংস্কৰণ হয়।

ভাইৰেল ভিডিঅ’ আৰু ২০২৩ চনৰ টিকটক ক্লিপৰ মাজত তুলনা। (উৎস: স্ক্ৰীণশ্বট/টিকটক)

ক্লিপ ৬

ষষ্ঠ ক্লিপটোত আমি বানপানীত সম্পূৰ্ণৰূপে ডুব যোৱা এটা অঞ্চল দেখিবলৈ পাওঁ, ওপৰৰ পৰা কেৱল ঘৰ আৰু বাহনৰ চালহে দেখা যায়। একেটা ক্লিপৰ লেহেমীয়া আৰু দীঘলীয়া সংস্কৰণ এটা এজন টিকটক ব্যৱহাৰকাৰীয়ে ২০২৩ চনৰ ১৩ নৱেম্বৰত পোষ্ট কৰিছিল, য'ত লিখা আছিল "চৌদি আৰবত বানপানী।" টিকটক ভিডিঅ’টোৰ ০:০৫-০:২৫ টাইমষ্টেম্পৰ মাজত ভাইৰেল ক্লিপটো দেখা পোৱা যায়।

টিকটক ভিডিঅ'ৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/ টিকটক)

চৌদি আৰৱত বানপানী

বিভিন্ন বাতৰিয়ে নিশ্চিত কৰিছে যে চৌদি আৰৱত যোৱা কেইমাহমানত প্ৰচণ্ড বৰষুণ আৰু বেয়া বতৰৰ ফলত বানপানীৰ সৃষ্টি হৈছিল, তথাপিও ওপৰত উল্লেখ কৰা ছ’চিয়েল মিডিয়া পোষ্টবোৰে প্ৰকৃততে সেইবোৰ দেখুৱাইছে নে নাই আমি স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব পৰা নাছিলো। কিন্তু ইণ্টাৰনেটত ইয়াৰ উপলব্ধতা শেহতীয়াকৈ ডুবাইত হোৱা অভিলেখ ভংগকাৰী বৰষুণৰ পূৰ্বে হোৱাৰ বাবে স্পষ্ট যে উক্ত ক্লিপসমূহ বা ভাইৰেল ভিডিঅ’টো শেহতীয়াকৈ ডুবাইৰ বানপানীৰ পূৰ্বৰ হয়।

সিদ্ধান্ত

যদিও ক্লিপসমূহৰ উৎপত্তি স্পষ্ট নহয়, এইয়া স্পষ্ট হ'ল যে ভাইৰেল ভিডিঅ’টোত থকা ছটা ক্লিপয়েই শেহতীয়াকৈ ১৫ এপ্ৰিলত হোৱা ডুবাই বানপানীৰ বহু আগতেই অনলাইন যোগে উপলব্ধ আছিল। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।