ছিৰিয়াৰ ফটো ইজৰাইলে বগা ফছফৰাছেৰে কৰা আক্ৰমণৰ দৃশ্য বুলি প্ৰচাৰ

লেখক: উম্মে কুলচুম
নৱেম্বৰ 9 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ছিৰিয়াৰ ফটো ইজৰাইলে বগা ফছফৰাছেৰে কৰা আক্ৰমণৰ দৃশ্য বুলি প্ৰচাৰ

ইজৰাইলে গাজাত বগা ফছফৰাছৰ বোমাবৰ্ষণ কৰা বুলি দাবী কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিবৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এই ছবিখন ২০১৮ চনৰ মাৰ্চ মাহত ছিৰিয়াৰ ডৌমাত বন্দী কৰা হৈছিল, ইজৰাইলে গাজাত শেহতীয়াকৈ কৰা আক্ৰমণৰ লগত কোনো সম্পৰ্ক নাই ।

ক্লেইম আইডি 299bfb5b

কি দাবী কৰা হৈছে?

চলি থকা ইজৰাইল-হামাছৰ যুদ্ধত ইজৰাইলী সেনাই বগা ফছফৰাছ ব্যৱহাৰ কৰা দাবীসমূহ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। আকাশৰ পৰা স্ফুলিংগ সৰি পৰা এখন ছবি এক্স (পূৰ্বৰ টুইটাৰ)ত ভাইৰেল হৈছে আৰু ইয়াৰ কেপচনত লিখা আছে, “ইজৰাইলৰ সেনাই গাজাত নিষিদ্ধ বগা ফছফৰাছৰ বোমাবৰ্ষণ অব্যাহত ৰাখিছে।” এই পোষ্টটোৱে ২ লাখ ৯৩ হাজাৰতকৈ অধিক ভিউ আৰু প্ৰায় ২৯০টা ৰিশ্বেয়াৰ লাভ কৰে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব।

একেটা দাবীৰে এই ছবিখন ফেচবুকতো শ্বেয়াৰ কৰা হৈছিল। আৰ্কাইভ কৰা সংস্কৰণসমূহ ইয়াত আৰু ইয়াত চাব পাৰি।

অনলাইন যোগে কৰা দাবীৰ স্ক্ৰীণশ্বট (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিবৰ্তিত)

অৱশ্যে, ২০১৮ চনৰ মাৰ্চ মাহৰ এই ছবিখন গাজাত নহয়, ছিৰিয়াৰ ডৌমাত বন্দী কৰা হৈছিল।

আমি কি পাইছিলোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ ফলত ২০১৮ চনৰ ২৩ মাৰ্চত আপলোড কৰা গেট্টি ইমেজৰ ৱেবছাইটত একেই ভাইৰেল ইমেজখন দেখা গ'ল। ফটোখনৰ ক্ৰেডিট এএফপিৰ ফটোগ্ৰাফাৰ হামজা আল-আজৱেহৰক দিয়া হৈছে। গেট্টি ইমেজৰ মতে, ফটোখনত "বগা ফছফৰাছৰ জ্বলন্ত বস্তু যেন,” দেখা গৈছে আৰু ডুমাত ছিৰিয়া চৰকাৰী বাহিনীয়ে তাত বিদ্ৰোহীৰ অধীনস্থ অঞ্চলৰ বিৰুদ্ধে চলোৱা সন্দেহযুক্ত ৰাসায়নিক আক্ৰমণৰ সময়ত ইয়াক নিক্ষেপ কৰা হৈছিল।

এএফপিৰ ছবি পৃষ্ঠাতো একেটা কেপচন দেখা যায়। ইয়াৰ দ্বাৰা নিশ্চিত কৰা হৈছে যে এই ছবিখন শেহতীয়াকৈ ইজৰাইল-হামাছ যুদ্ধৰ সৈতে কোনো সম্পৰ্ক নাই।

এএফপি আৰু গেট্টি ইমেজৰ ছবিৰ স্ক্ৰীণশ্বট (উৎস: এএফপি ফটো/ গেট্টি ইমেজ)

২০১৮ চনত ছিৰিয়াৰ ডৌমাত আক্ৰমণ

ৰয়টাৰৰ মতে, ২০১৮ চনৰ আৰম্ভণিতে ছিৰিয়া চৰকাৰী বাহিনীয়ে ডৌমাত স্থল আক্ৰমণ আৰম্ভ কৰিছিল। এই আক্ৰমণত ছিৰিয়া চৰকাৰে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ছিৰিয়াৰ মানৱ অধিকাৰ মানৱ নিৰীক্ষণ কেন্দ্ৰই অভিযোগ কৰে যে এই বিমান আক্ৰমণ ৰাছিয়াৰ যুদ্ধ বিমানে সংঘটিত কৰাৰ সম্ভাৱনা আছে।

২০২৩ চনত বিশ্বৰ ৰাসায়নিক অস্ত্ৰ নিৰীক্ষণ সংস্থা অৰ্গেনাইজেচন ফৰ দ্য প্ৰহিবিচন অৱ কেমিকেল ৱেপনছ (অ’পিচিডব্লিউ)ৰ তদন্তত প্ৰতিষ্ঠা কৰা হৈছিল যে ২০১৮ চনৰ এপ্ৰিল মাহত ছিৰিয়াৰ বায়ুসেনাই ক্ল’ৰিন গেছৰ চিলিণ্ডাৰৰ সহায়ত ডুমাক আক্ৰমণ কৰিছিল বুলি “বিশ্বাস কৰাৰ যুক্তিসংগত ভিত্তি” আছে ।

গাজাত বগা ফছফৰাছ ব্যৱহাৰ কৰাৰ অভিযোগ 

৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ পিছত গাজা আৰু লেবাননত সামৰিক অভিযানত বগা ফছফৰাছৰ গুলী ব্যৱহাৰ কৰাৰ অভিযোগ হিউমেন ৰাইটছ ৱাটচে উত্থাপন কৰিছে । অৱশ্যে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজাত যুদ্ধ অভিযানত বগা ফছফৰাছৰ গুলী ব্যৱহাৰ কৰা বুলি হিউমেন ৰাইটছ ৱাচৰ দাবীক মিছা বুলি অভিহিত কৰিছে বুলি গাৰ্ডিয়ানে প্ৰকাশ কৰিছে ।

লজিকেলী ফেক্টছে ইয়াৰ পূৰ্বেও গাজাত ইজৰাইলে ব্যৱহাৰ কৰা বগা ফছফৰাছৰ দৃশ্য হিচাপে শ্বেয়াৰ কৰা এখন অসংলগ্ন ছবিৰ বিষয়ে তথ্য পৰীক্ষা কৰিছিল, যি ইয়াত উপলব্ধ।

সিদ্ধান্ত

এতিয়া ভাইৰেল হোৱা এই ছবিখন ২০১৮ চনৰ মাৰ্চ মাহত লোৱা হৈছিল আৰু ইয়াত ছিৰিয়াৰ ডৌমা চহৰত ব্যৱহাৰ কৰা সন্দেহযুক্ত ৰাসায়নিক বোমা দেখা গৈছে। হামাছৰ আক্ৰমণৰ ফলত উদ্ভৱ হোৱা যুদ্ধৰ বহু বছৰ আগতেই এই ফটোখন অনলাইন যোগে প্ৰকাশ পাইছিল। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।