পিঠিত আঘাতৰ চিন থকা এজন শিখ লোকৰ ফটো কৃষক প্ৰতিবাদৰ হিচাপে মিছাকৈ প্ৰচাৰিত

লেখক: চন্দন বৰগোহাঁই
ফেব্ৰুৱাৰী 26 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
পিঠিত আঘাতৰ চিন থকা এজন শিখ লোকৰ ফটো কৃষক প্ৰতিবাদৰ হিচাপে মিছাকৈ প্ৰচাৰিত

২০১৯ চনৰ এখন ফটোক শেহতীয়া কৃষক প্ৰতিবাদৰ বুলি মিছাকৈ দাবী কৰি শ্বেয়াৰ কৰা এটা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভাইৰেল ফটোখন ২০১৯ চনৰ জুনৰ পৰা ইণ্টাৰনেটত উপলব্ধ আৰু বাতৰি মতে ইয়াত দিল্লী আৰক্ষীৰ হাতত প্ৰহৃত এজন অটো চালকক দেখা গৈছে।

ক্লেইম আইডি 49a906b1

কি দাবী কৰা হৈছে?

শেহতীয়া কৃষক প্ৰতিবাদৰ মাজতে পিঠিত আঘাতৰ চিন থকা আৰু শিখ পাগুৰি পিন্ধা এজন ব্যক্তিৰ ফটো ছ’চিয়েল মিডিয়াত যথেষ্ট প্ৰচাৰ হৈ থকা দেখা গৈছে। একাংশই ফটোখনত থকা এই লোকজনক কৃষক বুলি দাবী কৰি তেওঁক শেহতীয়া কৃষক প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে এনেদৰে নিৰ্মমভাৱে প্ৰহাৰ কৰা বুলি দাবী কৰে। 

এটা ব্যাপকভাৱে শ্বেয়াৰ কৰা অসমীয়া ফেচবুক পোষ্টৰ (ইয়াত আৰ্কাইভ কৰা হৈছে) কেপচনত লিখা আছে, “এইজন কৃষকৰ পিঠিত যদি লাঠিৰ কোব পৰাটো সঁচা, তেনেহলে চাই থাকক বিজেপি চৰকাৰে বাঘৰ নেগুৰেৰে কাণ খুজালে কিন্তু! পৰিণতি ভয়ঙ্কৰ হব ! 😧🙄😧’’ তদুপৰি, ফটোখনৰ ওপৰত অসমীয়াত লিখা আছে, “কৃষকৰ পিঠিত মোডী বিজেপি চৰকাৰৰ লাঠিৰ বৰ্বৰ কোব!!” আন একাধিক ব্যৱহাৰকাৰীয়েও অসমীয়াত একেধৰণৰ দাবীৰে ফটোখন শ্বেয়াৰ কৰিছে। ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা সংস্কৰণ চাব পাৰিব। 

ভাইৰেল ফটোখন শ্বেয়াৰ কৰা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে আমি ভাইৰেল ফটোখন ২০১৯ চনৰ পৰা ইণ্টাৰনেটত উপলব্ধ বুলি গম পোৱাৰ লগতে ছবিখনত দেখা লোকজন এজন অটো চালক বুলিও জানিব পৰা পাৰোঁ। দিল্লীৰ মুখাৰ্জী নগৰ অঞ্চলত হোৱা এক ঘটনাত আৰক্ষীয়ে লোকজনক প্ৰহাৰ কৰিছিল। 

আমি কি বিচাৰি পালোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ফটোখন ২০১৯ চনৰ জুনৰ পৰা ইণ্টাৰনেটত উপলব্ধ বুলি জানিব পাৰোঁ যাৰ দ্বাৰা শেহতীয়া কৃষক প্ৰতিবাদৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই বুলি গম পোৱা যায়। 

হাৰিয়ানা টাইমছ নামৰ এটা স্থানীয় সংবাদ মাধ্যমে ২০১৯ চনৰ ১৭ জুনত শ্বেয়াৰ কৰা এটা ফেচবুক পোষ্টত একেখন ফটোৰ লগতে একেজন ব্যক্তিৰ আন কেইখনমান ফটো শ্বেয়াৰ কৰা হৈছিল। হিন্দীত লিখা কেপচন অনুসৰি লোকজনক দিল্লী আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল যাৰ ফলত তেওঁৰ গোটেই শৰীৰতে আঘাতৰ দাগ বহিছিল। 

আমি এইটোও দেখিবলৈ পালোঁ যে একেজন ব্যক্তিৰ গাত আঘাতৰ চিন থকা একেধৰণৰ ছবি পূৰ্বেও কেইবাজনো ব্যৱহাৰকাৰীয়ে এক্সত পোষ্ট কৰিছিল। ২০১৯ চনৰ ১৭ জুনত দিয়া এনে এটা পোষ্টৰ মতে দিল্লীৰ মুখাৰ্জী নগৰ অঞ্চলত সংঘটিত এই ঘটনাত আৰক্ষীয়ে এজন অটো চালক আৰু তেওঁক পুত্ৰক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল। 

শৰীৰত আঘাতৰ দাগ থকা এজন শিখ লোকৰ অনুৰূপ ফটোৰ সৈতে ভাইৰেল ফটোখনৰ তুলনা। (উৎস: ফেচবুক/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

২০১৯ চনৰ জুনত এই ঘটনাৰ বাতৰি প্ৰকাশ পাইছিল। বিজনেছ ষ্টেণ্ডাৰ্ডৰ মতে, ২০১৯ চনৰ ১৬ জুনত দিল্লীৰ মুখাৰ্জী নগৰত ‘গ্ৰামীণ সেৱা’ক এখন অটো বাহনে আৰক্ষীৰ এখন বাহনৰ সৈতে ঘঁহনি খোৱাক কেন্দ্ৰ কৰি এজন অটো চালক আৰু কেইজনমান আৰক্ষীৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটিছিল। অভিযোগ মতে চালক গৰাকীয়ে তৰোৱালেৰে ভাবুকি প্ৰদান কৰাৰ বাবে আৰক্ষীয়ে তেওঁৰ লগতে তেওঁৰ পুত্ৰক প্ৰহাৰ কৰে বুলি প্ৰতিবেদনটোত লগতে উল্লেখ কৰা হয়।

তদুপৰি ২০১৯ চনৰ ১৭ জুনত এই কাণ্ডক লৈ প্ৰকাশিত এক বাতৰিত এবিপি মাঝাই শৰীৰত আঘাতৰ চিন থকা অটো চালকজনৰ দুখন একেধৰণৰ ফটো প্ৰকাশ কৰিছিল। আমি ২০১৯ চনৰ ২ জুলাইত প্ৰকাশিত এবিপিৰ আন এটা প্ৰতিবেদন লাভ কৰোঁ য’ত সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকা ভুক্তভোগী অটো চালকজনৰ এখন ফটো ব্যৱহাৰ কৰা হৈছিল। ভাইৰেল ফটোখনৰ সৈতে তুলনা কৰাত আমি দুয়োখন ফটোৰ মাজত ঘনিষ্ঠ সাদৃশ্য লক্ষ্য কৰিলোঁ।

ভাইৰেল ফটো আৰু এ বি পি মাঝাৰ ফটোৰ মাজত তুলনা। (উৎস: ফেচবুক/এবিপি মাঝা/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভাইৰেল ফটো আৰু এবিপি ফটোৰ মাজত তুলনা। (উৎস: ফেচবুক/এবিপি/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

২০১৯ চনৰ ৩ ছেপ্টেম্বৰত প্ৰকাশিত ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি এই ঘটনাৰ সৈতে জড়িত দুজন আৰক্ষীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়, আৰু আন দুজনক নিলম্বিত কৰা হয়। তদুপৰি উক্ত প্ৰতিবেদনতো সৰবজিত সিং নামৰ আহত শিখ লোকজন এজন অটো চালক বুলি কোৱা হৈছে। বাতৰিটোত উক্ত ঘটনাৰ এটা ভিডিঅ’ প্ৰতিবেদনো সন্নিৱিষ্ট কৰা হৈছে য’ত সিঙক মাটিত বগৰাই দিয়াৰ পূৰ্বে তেওঁক তৰোৱাল লৈ আৰক্ষীক খেদি যোৱা দেখা যায়। ভিডিঅ’টোত আৰক্ষীৰ লোকে মানুহজনক লাঠিৰে কোবাই থকাও দেখা যায়। 

আমি নিজাববীয়াকৈ ভাইৰেল ফটোখনৰ উৎস বিচাৰি উলিয়াব পৰা নাই যদিও সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ পৰা এইটো কথা নিশ্চিত হোৱা যায় যে এইখন ২০১৯ চনৰ জুনত দিল্লীৰ মুখাৰ্জী নগৰত আৰক্ষীৰ হাতত প্ৰহৃত এজন অটো চালকৰ ফটো হয় আৰু শেহতীয়া কৃষক আন্দোলনৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। তদুপৰি ২০১৯ চনৰ জুন মাহৰ পৰা ফটোখন ইণ্টাৰনেটত থকা কথাটোৱে এইটো প্ৰমাণ কৰে এইখন আচলতে ২০২০ চনৰ আগষ্টৰ পৰা আৰম্ভ হোৱা প্ৰথম লানী কৃষকৰ আন্দোলনৰো আগৰ ফটো হয়।গতিকে কৃষক প্ৰতিবাদৰ সৈতে যে ফটোখনৰ কোনো ধৰণৰ সম্পৰ্ক থাকিব নোৱাৰে সেয়া নিশ্চিত। 

সিদ্ধান্ত

ভাইৰেল ফটোখন ২০১৯ চনৰ জুন মাহৰ পৰা ইণ্টাৰনেটত আছে আৰু সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে ইয়াত দিল্লীৰ মুখাৰ্জী নগৰত আৰক্ষীয়ে প্ৰহাৰ কৰা এজন অটো চালকক দেখা গৈছে। ফটোখনক ভুল দাবীৰে শেহতীয়া কৃষক প্ৰতিবাদৰ সৈতে সংলগ্ন কৰা গৈছে, সেয়ে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।