নাগা গেৰিলা সংগঠনৰ ফটো 'এংলো-কুকি যুদ্ধ'ৰ কুকি যোদ্ধা হিচাপে শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
এপ্ৰিল 2 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
নাগা গেৰিলা সংগঠনৰ ফটো 'এংলো-কুকি যুদ্ধ'ৰ কুকি যোদ্ধা হিচাপে শ্বেয়াৰ কৰা হৈছে

বহু বিতৰ্কিত এংলো-কুকি যুদ্ধৰ সৈতে সম্পৰ্ক নথকা এখন ফটো ছ'চিয়েল মিডিয়াত মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। (উৎস: এক্স/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

এইখন ‘এংলো-কুকি যুদ্ধ'ৰ ফটো নহয়, ইয়াত জাপানী আগ্ৰাসনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ইংৰাজে গঠন কৰা এটা নাগা গেৰিলা সংগঠনৰ সদস্য দেখা গৈছে।

ক্লেইম আইডি e1ec8a08

বিগত প্ৰায় এবছৰ ধৰি মণিপুৰত মেইটি আৰু কুকিৰ মাজত অব্যাহত গোষ্ঠীগত সংঘৰ্ষৰ সময়ছোৱাত বিশেষভাৱে চৰ্চিত এক বিবাদ হৈছে মেইটিসকলে কুকিসকলৰ বিৰুদ্ধে প্ৰায়ে উত্থাপন কৰা ‘বহিৰাগত’ বা ‘বিদেশী’ৰ অভিযোগ। উক্ত বিতৰ্কক কেন্দ্ৰ কৰি আলোচিত এক বিষয় হৈছে ১৯১৭ আৰু ১৯১৯ চনৰ মাজত মণিপুৰত ‘এংলো-কুকি যুদ্ধ’ প্ৰকৃততে হৈছিল নে নাই তাক লৈ চলা বাদ-বিবাদ। কিছুমান মেইটেই সংগঠনে ব্ৰিটিছৰ বিৰুদ্ধে এনে কোনো যুদ্ধ হোৱা নাছিল  বুলি দাবী কৰাৰ বিপৰীতে কুকিসকলে এনেধৰণৰ দাবীসমূহক তেওঁলোকৰ ইতিহাসক মচি পেলোৱাৰ এক ষড়যন্ত্ৰ বুলি ক’ব খোজে।  

কি দাবী কৰা হৈছে?

এনে পটভূমিত একাধিক ছ’চিয়েল মিডিয়া একাউণ্টে এখন ক’লা-বগা ফটো শ্বেয়াৰ কৰি ১৯১৭ চনৰ পৰা ১৯১৯ চনলৈ চলা এংলো-কুকি যুদ্ধৰ সমাপ্তিৰ পিছত কেইজনমান কুকি লোকে অস্ত্ৰ-শস্ত্ৰসহ ফটোৰ বাবে পোজ দিয়া দেখা গৈছে বুলি দাবী কৰে। এক্সত ফটোখন শ্বেয়াৰ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘মণিপুৰৰ অন্যতম শক্তিশালী জনজাতি কুকিসকলে বিদেশী আধিপত্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। ব্ৰিটিছে কেইবাখনো কুকি গাওঁ জ্বলাই চাই কৰি দিছিল কিন্তু কুকিসকলে কেতিয়াও শিৰ নত কৰি আত্মসমৰ্পণ নকৰিলে। ছবি: কুকি যোদ্ধাই ১৯১৭-১৯১৯-ৰ এংলো-কুকি যুদ্ধৰ সমাপ্তিৰ পিছত তেওঁলোকৰ বন্দুকৰ সৈতে পোজ দিছে।" ইয়াত এই পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ আছে। একেখন ফটো ফেচবুকত একে ধৰণৰ দাবীৰে পোষ্ট কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) ফটোখনত দেখা লোককেইগৰাকীক বিদেশী শাসনৰ বিৰুদ্ধে থিয় দিয়া কুকি বিদ্ৰোহী বুলি উল্লেখ কৰা হৈছে।

ভাইৰেল ফটোখন শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট)

অৱশ্যে, আমাৰ অনুসন্ধানত দেখা যায় যে ভাইৰেল ফটোখনত প্ৰকৃততে ভাৰতত জাপানৰ আক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ ব্ৰিটিছে গঠন কৰা এটা নাগা গেৰিলা সংগঠনৰ সদস্যহে দেখুওৱা হৈছে।

আমি কি বিচাৰি পালোঁ?

ফটোখনত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি 'পিট ৰিভাৰ্ছ মিউজিয়াম ফটোগ্ৰাফ এণ্ড মেনুস্ক্রিপ্ট কলেকচনছ' শীৰ্ষক এটা ব্ল’গ লাভ কৰোঁ। 'ফ'কাচ: উৰ্ছুলা ভায়োলেট গ্ৰাহাম বেটছ (নাই বাৱাৰ) (১৯১৪-১৯৮৯) শীৰ্ষক ব্লগ পোষ্টটোত ফটোখন সন্নিৱিষ্ট কৰা হৈছে। ফটোখনক কেপচন অনুসৰি, ১৯৪০-১৯৪৬ চনৰ ভিতৰত অসমৰ ডিমা হাচাও জিলাত উৰ্ছুলা  গ্ৰাহাম বাৱাৰে ফটোখন কেমেৰাত আৱদ্ধ কৰিছিল। ইয়াত উল্লেখ কৰা মতে, ফটোখনত সেই সময়ত জাপানে চলোৱা আগ্ৰাসনৰ বিৰুদ্ধে যুঁজিবলৈ ব্ৰিটিছে গঠন কৰা ‘ভি’ ফৰ্চ নামৰ এটা নাগা গেৰিলা সংগঠনৰ সদস্য দেখুওৱা হৈছে। 

ফটোখনত জাপানী আগ্ৰাসনৰ সময়ত গঠিত এটা নাগা গেৰিলা সংগঠনৰ সদস্য দেখা গৈছে। (উৎস: পিট ৰিভাৰ্ছ মিউজিয়াম ফটোগ্ৰাফ এণ্ড মেনুস্ক্রিপ্ট কলেকচনছ/স্ক্ৰীণশ্বট)

ইয়াৰ ওপৰত ভিত্তি কৰি আমি অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পিট ৰিভাৰ্ছ মিউজিয়ামৰ ৱেবছাইটত উপলব্ধ আৰ্কাইভেল ফটোখনৰ কপিৰাইটযুক্ত সংস্কৰণটো বিচাৰি উলিয়াবলৈ সক্ষম হ’লোঁ। ৱেবছাইটটোত উল্লেখ কৰা মতে উৰ্ছুলা গ্ৰাহাম বাৱাৰ এগৰাকী অগ্ৰহী ব্ৰিটিছ নৃতত্ত্ববিদ আছিল যিয়ে নাগা পাহাৰত ১৯৩৭ চনৰ পৰা ১৯৪৬ চনলৈ কাম কৰিছিল। যেতিয়া জাপানে ভাৰত আক্ৰমণ কৰি উত্তৰ-পূবাঞ্চল হৈ দেশখনত প্ৰৱেশ কৰাৰ ভাবুকি দিছিল, বাৱাৰক নাগা স্কাউটৰ এটা গেৰিলা সংগঠন গঠন কৰিবলৈ কোৱা হৈছিল। ফটোখনত দেখা ব্যক্তিসকল 'বাৱাৰ ফৰ্চ' নামৰ উক্ত গেৰিলা গোটটোৰ সদস্য আছিল।

উল্লেখযোগ্য যে এংলো-কুকি যুদ্ধ (১৯১৭-১৯১৯)-ক লৈ মণিপুৰক কুকি আৰু অন্যান্য সম্প্ৰদায়ৰ মাজত যথেষ্ট মত পাৰ্থক্য আছে। কুকিসকলে ইয়াক ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে তেওঁলোকৰ আটাইতকৈ ডাঙৰ বিদ্ৰোহ বুলি দাবী কৰাৰ বিপৰীতে মেইটি আৰু নাগা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা কেইবাটাও সংগঠনে এনে দাবীক অগ্ৰাহ্য কৰাৰ লগতে মণিপুৰৰ ইতিহাসত কোনোধৰণৰ 'এংলো-কুকি যুদ্ধ' হোৱা নাছিল বুলি ক’ব খোজে। অৱশ্যে আমাৰ ফলাফলে এই কথা নিশ্চিতভাৱে দেখুৱাইছে যে ভাইৰেল ফটোখনৰ 'এংলো-কুকি যুদ্ধ (১৯১৭-১৯১৯)'ৰ সৈতে কোনো সম্পৰ্ক নাই, আৰু ফটোখন কেইবা দশক পিছত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তোলা হৈছিল।

সিদ্ধান্ত

ফটোখনত ১৯৪১-১৯৪৬ চনৰ সময়ছোৱাত ভাৰতত জাপানী আগ্ৰাসনৰ প্ৰতিৰোধ কৰিবলৈ বৃটিছে গঠন কৰা 'বাৱাৰ ফৰ্চ' নামৰ এটা গেৰিলা গোটৰ সদস্যসকলক দেখুওৱা হৈছে। ফটোখনত ইংৰাজৰ বিৰুদ্ধে ১৯১৭-১৯১৯ চনত চলা ‘কুকি বিদ্ৰোহ’ৰ যোদ্ধাক দেখা গৈছে বুলি মিছাকৈ দাবী কৰা হৈছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।