ভাৰত-মালদ্বীপৰ কূটনৈতিক বিবাদৰ মাজতে বিশ্বৰ বিভিন্ন ঠাইৰ ফটো ভাৰতৰ বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: সোহম শ্বাহ
জানুৱাৰী 9 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ভাৰত-মালদ্বীপৰ কূটনৈতিক বিবাদৰ মাজতে বিশ্বৰ বিভিন্ন ঠাইৰ ফটো ভাৰতৰ বুলি শ্বেয়াৰ কৰা হৈছে

অভিনেতা ৰণবীৰ সিঙে শ্বেয়াৰ কৰা পোষ্ট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এই ফটোবোৰ ভাৰতৰ বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে। কিন্তু, আমাৰ অনুসন্ধানে এইসমূহ বিশ্বৰ বিভিন্ন ঠাইৰ ফটো বুলি নিৰ্ণয় কৰিছে।

ক্লেইম আইডি a27c36bc

কি দাবী কৰা হৈছে?

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া লক্ষদ্বীপ ভ্ৰমণৰ পিছতে মালদ্বীপৰ কেইবাজনো মন্ত্ৰীয়ে ভাৰত তথা প্ৰধানমন্ত্ৰী মোদী সম্পৰ্কে কৰা অপমানজনক মন্তব্যকলৈ দেশ দুখনৰ মাজত চলি থকা কূটনৈতিক বিবাদৰ মাজত ছ’চিয়েল মিডিয়াত একাংশ ভাৰতীয় লোকে দ্বীপ ৰাষ্ট্ৰখনক বৰ্জন কৰাক লৈ প্ৰচাৰ চলোৱা দেখা গৈছে। এই লোকসকলে ভাৰতীয়সকলক মালদ্বীপৰ পৰিৱৰ্তে দেশৰ পৰ্যটন স্থলীসমূহ ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছে। একাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে আৰৱ সাগৰত অৱস্থিত ভাৰতৰ কেন্দ্ৰ শাসিত অঞ্চল লক্ষদ্বীপকে ধৰি দেশৰ বিভিন্ন পৰ্যটনস্থলীৰ ফটো শ্বেয়াৰ কৰিছে।

যোৱা ৭ জানুৱাৰীত বলিউডৰ অভিনেতা ৰণবীৰ সিঙে তিনিটা দ্বীপ দেখুওৱা এখন ফটো পোষ্ট কৰিছিল য’ত লিখা আছিল, “আহক এই বছৰ ২০২৪ চনত ভাৰতক অন্বেষণ কৰোঁ আৰু আমাৰ সংস্কৃতিৰ অভিজ্ঞতা লওঁ। সমুদ্ৰতীৰ সমূহৰ সিপাৰে আমাৰ দেশত চাবলৈ আৰু ইয়াৰ সৌন্দৰ্য্যৰ অভিজ্ঞতা ল’বলৈ ইমান বেছি আছে চলো ইণ্ডিয়া #exploreindianislands চলো ভাৰত দেখে”। অৱশ্যে, সিঙে নিজৰ পোষ্টটো ডিলিট কৰিলে যদিও পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

ৰণবীৰ সিঙে শ্বেয়াৰ কৰি পিছত ডিলিট কৰা পোষ্টটো। (উৎস:এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগেও ভাৰতৰ বিভিন্ন স্থান দেখুওৱা বুলি দাবী কৰি চাৰিখন ফটো পোষ্ট কৰে। এই পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

বীৰেন্দ্ৰ ছেহৱাগৰ পোষ্ট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

আনহাতে, ৬ জানুৱাৰীত এক্সত এগৰাকী ব্যৱহাৰকাৰীয়ে দিয়া এটা পোষ্টত একাধিক ফটো শ্বেয়াৰ কৰি কেপচনত লিখিছিল, “আমি বিশ্বৰ সকলো পৰ্যটকক আমাৰ লক্ষদ্বীপলৈ আদৰণি জনাইছো ৷🏞️🏄 ভাৰত পৰ্যটনক প্ৰচাৰ কৰক। #BycottMaldives #Lakshadweep।” পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

এক্সত শ্বেয়াৰ কৰা পোষ্ট। (উৎস:এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

প্ৰকৃত সত্য কি?

অৱশ্যে, আমি জানিব পাৰিলো যে ভাৰতৰ ঠাই দেখুওৱা বুলি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এই ফটোবোৰ আচলতে মালদ্বীপৰ হে হয়।

ৰণবীৰ সিঙে পোষ্ট কৰা ফটো

গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি দেখিলোঁ যে উক্ত ফটোখন ২০১৮ চনত ফটো শ্বেয়াৰিং প্লেটফৰ্ম পেক্সেলছত পোষ্ট কৰা হৈছিল আৰু আছাদ ফটো মালদ্বীপক ইয়াৰ কৃতিত্ব দিয়া হৈছিল। লজিকেলী ফেক্টছে ফটোগ্ৰাফাৰ আছাদৰ সৈতে যোগাযোগ কৰে, তেওঁ জনাই যে মালদ্বীপৰ মালহোছ, হিবালহিধু, আৰু ধাৰাবন্ধু দ্বীপ দেখুওৱা ফটো কেইখন তেওঁ এখন ছিপ্লেনৰ পৰা কেমেৰাত আৱদ্ধ কৰিছিল।

ইয়াৰ উপৰিও ভূ-অৱস্থান নিৰ্ণয় কৰি আমি উক্ত দ্বীপকেইটা যে মালদ্বীপত অৱস্থিত সেইটো নিশ্চিত কৰিবলৈ সক্ষম হওঁ। গুগল মেপছত দেখাৰ দৰে মালহোছ দ্বীপৰ আকৃতি সিঙে শ্বেয়াৰ কৰা ফটোখনৰ সৈতে একে। লগতে ভাইৰেল ছবিখনত দেখাৰ দৰে দ্বীপটোৰ পশ্চিম দিশৰ এটা সৰু জাহাজঘাট গুগল মেপছতো দেখা পোৱা যায়।

সিংঙে শ্বেয়াৰ কৰা ফটোখনত দেখাৰ দৰে মালহোছৰ ওচৰতে একে আকৃতিৰ আন দুটা দ্বীপো দেখা যায়।

ভাইৰেল ফটো আৰু মালহোছ দ্বীপৰ গুগল মেপৰ দৃশ্যৰ মাজত তুলনা। (উৎস: গুগল মেপছ/ পেক্সেলছ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

বীৰেন্দ্ৰ ছেহৱাগৰ পোষ্ট

ৰিভাৰ্ছ-ইমেজ চাৰ্চ ব্যৱহাৰ কৰি আমি দেখিলোঁ যে ছেহৱাগে পোষ্ট কৰা তৃতীয়খন ছবি ফটোগ্ৰাফাৰ কাৰ্ল শ্বাকুৰে ২০১৮ চনৰ ১১ জুলাইত নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰিছিল। পোষ্টটোত কোৱা হৈছে যে ফটোখন ফ্ৰেন্স পলিনেছিয়াৰ বৰা বৰাত তোলা হৈছে। শ্বাকুৰে একেটা দৃশ্যৰে বেলেগ এটা সময়ত তোলা আন এখন ফটোও শ্বেয়াৰ কৰিছিল য’ত নাওখনত থকা লোকসকলৰ নামো উল্লেখ কৰা হৈছে।

লজিকেলী ফেক্টছে ফটোখনৰ সঠিক স্থান নিশ্চিত কৰিবলৈ শ্বাকুৰৰ সৈতে যোগাযোগ কৰে, তেওঁৰ পৰা সঁহাৰি লাভ কৰিলে এই লেখাটো আপডেট কৰা হ’ব।

ভাইৰেল ফটোখন কাৰ্ল শ্বাকুৰে ২০১৮ চনৰ জুলাইত ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। (উৎস:ইনষ্টাগ্ৰাম)

আমি দেখিলোঁ যে ‘তাহিটি টুৰিজম’ নামৰ ৱেবছাইট এটাই একেখন ফটো ব্যৱহাৰ কৰি ইয়াৰ পৃষ্ঠভূমিত বৰা বৰাত থকা মাউণ্ট অটেমানু পৰ্বত দেখা গৈছে বুলি উল্লেখ কৰে। এই ৱেবচাইটটোৱেও ফটোখনৰ বাবে শ্বাকুৰক কৃতিত্ব দিছে। ভাইৰেল ফটোসমূহত বন্দী কৰা পৰ্বতমালাসমূহ ষ্টক ইমেজ ৱেবছাইট, ফ্লিকাৰ আৰু গেট্টি ইমেজত শ্বেয়াৰ কৰা মাউণ্ট অটেমানুৰ ভিজুৱেলৰ সৈতে মিলে।

ছেহৱাগে পোষ্ট কৰা চতুৰ্থখন ফটোখনত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাত আমি ভ্ৰমণ সম্পৰ্কীয় কেইবাটাও ৱেবছাইট আৰু পেজ লাভ কৰোঁ য’ত উক্ত ভিজুৱেলবোৰ থাইলেণ্ডৰ কো খাম দ্বীপৰ বুলি দাবী কৰা হৈছে। আমি থাইলেণ্ডৰ পৰ্যটন কৰ্তৃপক্ষৰ ৱেবছাইটত পোষ্ট কৰা এখন ফটো লাভ কৰোঁ য’ত ছেহৱাগে শ্বেয়াৰ কৰা ফটোখনৰ সৈতে সম্পূৰ্ণ মিল থকা ভিজুৱেল দেখা গৈছিল। ৱেবছাইটটোৱে ঠাইখিনি কো খাম দ্বীপ বুলি চিনাক্ত কৰিছে।

টুৰিজম থাইলেণ্ডৰ ফটো আৰু ভাইৰেল ফটোখনৰ তুলনা। (উৎস: টুৰিজম থাইলেণ্ড, এক্স)

গুগল মেপছত উপলব্ধ কো খাম দ্বীপৰ দৃশ্যসমূহৰ পৰা দেখা যায় যে দ্বীপটোৰ লগতে সমুদ্ৰতীৰ আৰু ঘাটৰ আকৃতি ছেহৱাগৰ ফটোত বন্দী হোৱা দৃশ্যৰ সৈতে মিলে।

চাৰিখন ফটো সন্নিৱিষ্ট পোষ্টটো

আমি দেখিলোঁ যে ভাইৰেল থ্ৰেডটোৰ প্ৰথম পোষ্টটোত থকা আটাইকেইখন ফটো লক্ষ্যদ্বীপৰ নহয়, বৰঞ্চ মালদ্বীপৰহে হয়। ৰিভাৰ্ছ ইমেজ চাৰ্চ আৰু ইণ্টাৰনেটত পোৱা তথ্যৰ দ্বাৰা আমি আটাইকেইখন ফটো মালদ্বীপৰ বুলি জিঅ’ল’কেট কৰিবলৈ সক্ষম হ’লোঁ।

প্ৰথম ফটোখন মালদ্বীপৰ ৰাজধানী মালেৰ দক্ষিণে অৱস্থিত আদাৰন প্ৰেষ্টিজ ভাডু নামৰ এখন ৰিজ’ৰ্টৰ হয়। দ্বীপটোৰ আকৃতি আৰু গুগল মেপছত দেখা সাগৰীয় ভিলাবোৰৰ বিন্যাস ভাইৰেল ছবিখনৰ ভিজুৱেলৰ সৈতে মিলে। দুয়োখন ফটোতে আন ভিলসমূহলৈ যাব পৰাকৈ সাগৰৰ ওপৰত নিৰ্মাণ কৰা এখন সৰু দলং বা পথ দেখা গৈছে।

ভাইৰেল ফটো আৰু গুগল মেপত থকা আদাৰণ প্ৰেষ্টিজ ভাডুৰ দৃশ্যৰ তুলনা। (উৎস: গুগল মেপছ, পেক্সেলছ)

দ্বিতীয়খন ফটো মালদ্বীপৰ চেন্টাৰা গ্ৰেণ্ড আইলেণ্ড ৰিজৰ্ট এণ্ড স্পাৰ হয়। ইয়াতো দ্বীপটোৰ আকৃতি আৰু ৰিজ’ৰ্টখনৰ সমুদ্ৰ ভিলাবোৰৰ বিন্যাস গুগল মেপছৰ ভিজুৱেলৰ সৈতে মিলে।

ভাইৰেল ফটো আৰু মালদ্বীপৰ চেণ্টাৰা গ্ৰেণ্ড আইলেণ্ড ৰিজৰ্ট এণ্ড স্পাৰ গুগল মেপৰ ছবিৰ মাজত তুলনা। (উৎস: গুগল মেপছ, এক্স)

তৃতীয়খন ফটোৰ সৈতে সাদৃশ্য থকা এখন ফটো আমি ২০১৭ চনৰ ফৰ্বছত প্ৰকাশিত এটা প্ৰতিবেদনত দেখিবলৈ পাওঁ, উক্ত প্ৰতিবেদনটোত ফটোখন বাৰোছ মালদ্বীপ ৰিজ’ৰ্টৰ বুলি উল্লেখ কৰা হৈছিল।

গুগল মেপছত দ্বীপ ৰিজ’ৰ্টখনৰ শেহতীয়া ভিজুৱেলবোৰ ক্ৰছ-চেক কৰাৰ পিছত আমি দেখিলোঁ যে দ্বীপটোৰ আকৃতি আৰু অন্যান্য ভৌগোলিক বৈশিষ্ট্যসমূহৰো মিল আছে, অৱশ্যে তাত থকা চালি ঘৰৰ সংখ্যা বৃদ্ধি পাইছে আৰু সেইমসূহৰ বিন্যাস সলনি হৈছে।

ভাইৰেল ফটো আৰু ফৰ্বছ আলোচনীয়ে শ্বেয়াৰ কৰা বাৰোছ মালদ্বীপ ৰিজৰ্টৰ ছবিৰ মাজত তুলনা। (উৎস: ফৰ্বচ, এক্স)

পোষ্টটোত থকা চতুৰ্থ ছবিখন আমি ডব্লিউ মালদ্বীপ, ফেচডু দ্বীপ উত্তৰ আৰি এটল বুলি জিঅ’ল’কেট কৰিবলৈ সক্ষম হ’লোঁ। এইবাৰো দ্বীপটোৰ লগতে ৰিজ’ৰ্টখনৰ সমুদ্ৰ ভিলাবোৰৰ সুকীয়া বিন্যাস গুগল মেপছৰ ভিজুৱেলৰ সৈতে একে৷

ভাইৰেল ফটো আৰু ডব্লিউ মালদ্বীপৰ গুগল মেপৰ ছবিৰ মাজত তুলনা। (উৎস:এক্স, গুগল মেপছ)

কেন্দ্ৰীয় ভূবিজ্ঞান মন্ত্ৰী কিৰেন ৰিজিজুৱেও #ExploreIndianIslands "#Lakshdweep" #DekhoApnaDesh, আৰু #IncredibleIndia হেচটেগৰ সৈতে দুখন ফটো শ্বেয়াৰ কৰি এটা পোষ্ট দিছিল। অৱশ্যে ইয়াৰে এখন ফ্ৰেঞ্চ পলিনেছিয়াৰ বৰা বৰাৰ ফটো হোৱাৰ বিপৰীতে আনখন ফটো মালদ্বীপৰ বুলি কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে আঙুলিয়াই দিয়ে। তাৰ পিছতে ৰিজিজুৱে নিজৰ পোষ্টটো ডিলিট কৰে যদিও ইয়াত আৰ্কাইভ কৰা সংস্কৰণটো চাব পাৰিব।

সিদ্ধান্ত

আমাৰ অনুসন্ধানৰ পৰা দেখা গৈছে যে লক্ষদ্বীপ বা ভাৰতৰ অন্যান্য স্থানৰ ভিজুৱেল হিচাপে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা একাধিক ফটো আচলতে মালদ্বীপৰহে হয়। সেয়ে এই ফটোবোৰত ভাৰতৰ ঠাই দেখা গৈছে বুলি কৰা দাবীক আমি মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।