মুম্বাই বিজেপিৰ প্ৰচাৰ কিটত থকা সুগন্ধিৰ বটল ‘সোণৰ বিস্কুট’ বুলি ভুলকৈ দাবী কৰা হৈছে

লেখক: সোহম শ্বাহ
মে’ 17 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মুম্বাই বিজেপিৰ প্ৰচাৰ কিটত থকা সুগন্ধিৰ বটল ‘সোণৰ বিস্কুট’ বুলি ভুলকৈ দাবী কৰা হৈছে

বিজেপিৰ প্ৰচাৰ কিটত ‘সোণৰ বিস্কুট’ পোৱা গৈছে বুলি দাবী কৰা এটা পোষ্টৰ স্ক্ৰীণশ্বট । (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

আমি বিজেপিৰ কিটৰ ফটো ভালদৰে লক্ষ্য কৰি দেখিলোঁ যে উক্ত বস্তুটো এটা সৰু, পকেট আকাৰৰ প্লাষ্টিকৰ সুগন্ধিৰ বটল হয়, বহুমূলীয়া ধাতু নহয়।

ক্লেইম আইডি fd285dde

দাবী কি?

চলি থকা লোকসভা নিৰ্বাচনৰ মাজতে ছচিয়েল মিডিয়াত ভাৰতৰ শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ ল’গ’ থকা কেইটামান কিট সোমাই থকা কাৰ্টনত বিচাৰ খোচাৰ কৰি থকা অৱস্থাত আৰক্ষী জোৱান আৰু একাংশ বিষয়াৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে । উক্ত ক্লিপটো শ্বেয়াৰ কৰি কেইবাজনো ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে বিজেপিয়ে তেওঁলোকৰ প্ৰচাৰৰ সময়ত ‘সোণৰ বিস্কুট’ বিতৰণ কৰিছিল।

ভিডিঅ’টোত বিজেপিৰ কিটেৰে ভৰা কিছু বক্সত কিছু বিষয়া আৰু আৰক্ষী জোৱানক বিচাৰ খোচাৰ কৰি থকা দেখা গৈছে। সাধাৰণতে প্ৰচাৰৰ সময়ত ৰাজনৈতিক দলে ভোটাৰৰ মাজত এনে কিট বিতৰণ কৰে। ক্লিপটোত এজন বিষয়াই কিটৰ পৰা বগা আৰু সোণালী ৰঙৰ আয়তাকাৰ বস্তু এটা উলিয়াই পৰীক্ষা কৰে আৰু পটভূমিত কোনোবাই মাৰাঠী ভাষাত কয়, "এইবোৰ সোণৰ বিস্কুট।" কিটটোত আন কেইবাটাও বস্তুও দেখা যায়, যেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাস্ক, কেপ, আৰু অন্যান্য প্ৰচাৰ সামগ্ৰী।

এই ভিডিঅ’টো এতিয়া অনলাইন যোগে শ্বেয়াৰ কৰা হৈছে আৰু মুম্বাইৰ ঘাটকোপাৰত বিজেপিয়ে ভোটাৰক উৎকোচ দিবলৈ ‘সোণৰ বিস্কুট’ ব্যৱহাৰ কৰা বুলি দাবী কৰা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে, ‘মোডী আৰু অমিত শ্বাহৰ ৪০০খন আসন লাভৰ পৰিকল্পনা এয়া নেকি?’ এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব।

এনে ধৰণৰ পোষ্ট ফেচবুকত অসমীয়াটো দেখা গৈছে । এজন ইউজাৰে উক্ত ভিডিঅ’টো প্ৰচাৰ কৰি লিখিছে, "বিজেপিৰ বিদায় নিশ্চিত। সেই কথা জানিয়েই বুথ কমিটি বিলাকত সোণৰ বিস্কুট বিতৰণ কৰি জয়ী হোৱাৰ অগণতান্ত্ৰিক, অসংবিধানিক চেষ্টা।" উক্ত পোষ্টটো বৰ্তমানলৈকে ৫৪ বাৰ শ্বেয়াৰ কৰা হৈছে । আৰ্কাইভ কৰা সংস্কৰণ ইয়াত পোৱা যাব।

ভিডিঅ’টোত বিজেপিৰ প্ৰচাৰ কিটত ‘সোণৰ বিস্কুট’ দেখা গৈছে বুলি দাবী কৰা পোষ্ট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কিন্তু আমি দেখিলোঁ যে ভিডিঅ'টোত থকা বস্তুবোৰ "সোণৰ বিস্কুট" নহয়, পকেট আকাৰৰ প্লাষ্টিকৰ সুগন্ধিৰ বটলহে হয়।

সত্য কি?

গুগল চাৰ্চ ব্যৱহাৰ কৰি আমি ১০ মে’ত স্থানীয় সংবাদ সংস্থা মুম্বাই টিভিয়ে ইউটিউবত (আৰ্কাইভ) আপলোড কৰা এটা ভিডিঅ’ ৰিপ’ৰ্ট পাইছিলোঁ, য’ত ভাইৰেল ক্লিপটোৰ বৰ্ধিত সংস্কৰণ আছিল। এই ভিডিঅ’টোত উত্তৰ-মধ্য মুম্বাইৰ পৰা বিজেপিৰ জিলা উপ-সভাপতি অজয় বদগুজাৰে বিজেপি কৰ্মীয়ে ঘেৰি ধৰাৰ সময়ত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ ফুটেজও সন্নিবিষ্ট কৰা হৈছে। এই সন্দৰ্ভত মন্তব্য কৰি বদগুজাৰে দৃঢ়তাৰে কয় যে কিটসমূহত কোনো ধৰণৰ সোণ বা ধন পোৱা নগ’ল। ভিডিঅ’টো ভালদৰে চালে দেখা যায় যে প্ৰশ্ন কৰা বস্তুটো সোণৰ বিস্কুট নহয়, পকেট আকাৰৰ সৰু প্লাষ্টিকৰ সুগন্ধিৰ বটল যেন লাগে।

এই বিষয়ে সবিশেষ নিশ্চিত কৰিবলৈ লজিকেলী ফেক্টছে আফজল শ্বেইখৰ সৈতে যোগাযোগ কৰে, যিয়ে মুম্বাই টিভিৰ বাবে এই ঘটনাৰ বাতৰি দিছিল। ঘাটকোপাৰৰ বিধায়ক বিজেপি নেতা ৰাম কদমৰ কার্যালয়ৰ পৰা কেশৰ দলে বিতৰণ কৰা কিটৰ সুকীয়া ফটো শ্বেইখে লাভ কৰিবলৈ সক্ষম হয়৷ এই ফটোবোৰে প্ৰতিষ্ঠা কৰে যে ভাইৰেল ভিডিঅ’টোত দেখা পোৱা বগা আৰু সোণালী বস্তুবোৰ সঁচাকৈয়ে সুগন্ধিৰ বটল আছিল। এই ফটোবোৰত বটলবোৰৰ নজেলটোও দেখা গৈছে, যিয়ে নিশ্চিত কৰিছে যে সেইবোৰ "সোণৰ বিস্কুট" নহয়।

বিজেপিৰ প্ৰচাৰ কিটৰ অংশ, চাৰ্ট আৰু পাৰফিউমৰ বটল। (উৎস: লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

বগা ৰঙৰ বটলত এটা সোণালী ষ্টীকাৰো আঁকি থোৱা আছে, এফালে ভাৰতৰ প্ৰধানমন্ত্ৰী তথা বিজেপি নেতা নৰেন্দ্ৰ মোডী আৰু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনবিছৰ ফটো আৰু আনফালে বিজেপিৰ পদুমৰ প্ৰতীক।

ভাইৰেল ভিডিঅ’টোৰ এটা স্ক্ৰীনশ্বট আৰু প্ৰচাৰ কিটৰ পাৰফিউমৰ ফটোৰ মাজত তুলনা। (উৎস:ইউটিউব/মুম্বাই টিভি, লজিকেলী ফেক্টছৰ দ্বাৰা পৰিবৰ্তিত)

আমি এনডিটিভিৰ এটা প্ৰতিবেদনও পাইছিলোঁ (ইয়াত আৰ্কাইভ কৰা হৈছে) য’ত সাংবাদিক সুনীলকুমাৰ সিঙে বদগুজাৰৰ সাক্ষাৎকাৰ লৈছে, যাৰ পৰিয়ালৰ গাড়ীৰ পৰা উক্ত কিটবোৰ উদ্ধাৰ কৰা হৈছিল। নিউজ চেনেলটোৰ সৈতে হোৱা কথা-বতৰাত বদগুজাৰে কয় যে ভাইৰেল ভিডিঅ’টোত দেখাৰ দৰে কিটৰ পৰা সুগন্ধিৰ বটলবোৰ উলিয়াই লোৱাৰ সময়ত তেওঁৱেই কৈছিল “এইবোৰ সোণৰ বিস্কুট” (উপলুঙাৰ সুৰত)।

ঘটনাৰ বিষয়ে অধিক বিশদভাৱে ব্যাখ্যা কৰি বদগুজাৰে কয় যে তেওঁ পৰিয়াল নিশা গাড়ীৰে যাত্ৰা কৰি থকা অৱস্থাত নিৰ্বাচনী বিষয়াৰ দল এটাই তেওঁলোকক ৰখাই আৰু এখন থানালৈ লৈ যায়। তেওঁ লগতে কয় যে তেওঁক পুলিচ ষ্টেচনত পৰিয়ালৰ লোকৰ সৈতে যোগ দিবলৈ কোৱা হৈছিল, তেওঁ আৰু অভিযোগ কৰিছিল যে তেওঁলোকক তিনি ঘণ্টাৰো অধিক সময় ষ্টেচনত বহিবলৈ দিয়া হৈছিল, যিয়ে তেওঁক হতাশ কৰিছিল আৰু তাৰ পিছত তেওঁ উক্ত মন্তব্য কৰিছিল।

এই সাক্ষাৎকাৰত বদগুজাৰে ভাইৰেল ভিডিঅ’টোত দেখাৰ দৰেই এটা বাকচ খুলিছে, য’ত বিজেপিৰ অনুৰূপ বিতৰণ কিট আছে। তেওঁ কিটত ৰখা বস্তুবোৰ দেখুৱাই আৰু লগতে সোণৰ বিস্কুট বুলি অভিযোগ কৰা আয়তাকাৰ বস্তুটোও উলিয়াই আনে আৰু স্পষ্ট কৰি দিয়ে যে সেইটো এটা সুগন্ধিৰ বটল। আনকি তেওঁ নিজৰ কথা প্ৰমাণ কৰিবলৈ কেমেৰাত কিছু সুগন্ধি স্প্ৰে কৰে।

বদগুজাৰে এনডিটিভিক পাৰফিউমৰ বটল দেখুৱাই। (উৎস: এনডিটিভি)

ভিডিঅ’টোৰ শেষৰ ফালে ৰিপ’ৰ্টাৰজনে নিজেই প্লাষ্টিকৰ পাৰফিউমৰ বটলটো ধৰি টিপি দেখুৱাইছে যে ইয়াৰ পৰা পাৰফিউম ওলাইছে।

বদগুজাৰে লগতে কয় যে ভাইৰেল ভিডিঅ’টো প্ৰথমে তেওঁৰ নিজৰ কন্যা ট্ৰুপ্টিয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰিছিল। মাৰাঠী কাকত লোকমতৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে মহাৰাষ্ট্ৰৰ আৰক্ষী উপ আয়ুক্ত পুৰুষশত্তম কাৰাদে নিশ্চিত কৰিছে যে অনুসন্ধানৰ সময়ত কেৱল প্ৰচাৰ সামগ্ৰীহে পোৱা গৈছে, সোণৰ বিস্কুট নহয়।

সিদ্ধান্ত

আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো, কিয়নো ভাইৰেল ভিডিঅ’টোত দেখা পোৱা বস্তুটো এক পকেট পাৰফিউমৰ বটল হয়, ‘সোণৰ বিস্কুট’ নহয়।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।