ৰিকি পণ্টিঙে অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ক ‘ক্ৰিকেট মাফিয়াৰ বিৰুদ্ধে জয়’ বুলি কোৱা নাই

লেখক: উম্মে কুলচুম
নৱেম্বৰ 24 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰিকি পণ্টিঙে অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ক ‘ক্ৰিকেট মাফিয়াৰ বিৰুদ্ধে জয়’ বুলি কোৱা নাই

ৰিকি পণ্টিঙে বিচিচিআইক “ক্ৰিকেট মাফিয়া” বুলি অভিহিত কৰা বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে ভাৰত বা বিচিচিআই “ক্ৰিকেট মাফিয়া” বুলি কোনো বক্তব্য দিয়া নাই। তেওঁৰ নামত এটা মনেসজা উক্তি প্ৰচাৰ কৰা হৈছে।

ক্লেইম আইডি b2b0c8af

কি দাবী কৰা হৈছে?

আইচিচি বিশ্বকাপ ২০২৩-ত অষ্ট্ৰেলিয়াই সাব্যস্ত কৰা বিজয়ৰ পিছতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙে ভাৰত আৰু ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই)ক “ক্ৰিকেট মাফিয়া” অভিহিত কৰা বুলি ছ’চিয়েল মিডিয়াত বিভিন্নজনে দাবী কৰা দেখা গৈছে। এনে দাবীৰে এক্স (পূৰ্বৰ টুইটাৰ)-ত শ্বেয়াৰ কৰা এটা পোষ্টত পণ্টিঙৰ এখন ছবি ব্যৱহাৰ কৰা হৈছে। পোষ্টটোৰ কেপচনত লিখা আছে, “ফক্স ক্ৰিকেটত ৰিকি পণ্টিং: “এয়া ক্ৰিকেট মাফিয়াৰ বিৰুদ্ধে ন্যায়ৰ জয়।” আপোনাৰ ধন আৰু ক্ষমতাই আপোনাক এতিয়াও বিশ্বকাপ জয় কৰি দিব পৰা নাই। কিমান লজ্জাজনক।" পণ্টিঙৰ ভাৰত আৰু বিচিচিআইৰ মালিক আছিল (sic)।" উক্ত পোষ্টটোৱে এই প্ৰতিবেদনটো প্ৰকাশৰ সময়লৈকে প্ৰায় ১০ লাখ ভিউ আৰু ৬৭০০ৰো অধিক ৰিশ্বেয়াৰ লাভ কৰিছিল। পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব৷

এক্সত দিয়া উক্ত পোষ্টটোৰ স্ক্ৰীণশ্বট অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো যথেষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰি কেপচনত লিখিছিল, "এয়া ক্ৰিকেট মাফিয়াৰ বিৰুদ্ধে ন্যায়ৰ জয়। ~ ৰিকি পন্টিং।" এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব৷

ৰিকি পণ্টিঙৰ ভাষ্য বুলি দাবী কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

একেধৰণৰ দাবীৰে ফেচবুক পোষ্ট অসমীয়াতো শ্বেয়াৰ কৰা আমি দেখিবলৈ পাইছো। পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব। 

ৰিকি পণ্টিঙৰ ভাষ্য বুলি দাবী কৰা অসমীয়া ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

অৱশ্য় পন্টিঙৰ নামত এইয়া আচলতে এক মনেসজা উক্তিহে প্ৰচাৰ কৰা হৈছে। 

ৰিকি পণ্টিঙে ভাৰত বা বিচিচিআইক ‘ক্ৰিকেট মাফিয়া’ বুলি অভিহিত কৰিছিল নেকি?

আহমেদাবাদত অনুষ্ঠিত বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত পণ্টিঙে তেনে কোনো বক্তব্য প্ৰদান কৰা নাছিল বুলি লজিকেলী ফেক্টছে জানিব পাৰিছে।

আমাৰ অনুসন্ধানত আমি ‘ফক্স স্পৰ্টছ’ৰ সৈতে হোৱা পণ্টিঙৰ শেহতীয়া সাক্ষাৎকাৰটোৰ পৰ্যালোচনা কৰোঁ। যোৱা ২০ নৱেম্বৰত 'www.foxsports.com.au'-ত প্ৰকাশিত এক প্ৰতিবেদন লাভ কৰোঁ য’ত পণ্টিঙে আহমেদাবাৰ পিটছখন লৈ মন্তব্য কৰিছে। কিন্তু প্ৰতিবেদনটোত ছ’চিয়েল মিডিয়াত দাবী কৰাৰ দৰে তেওঁ ভাৰত বা বি চি চি আইক ‘ক্ৰিকেট মাফিয়া’ বুলি অভিহিত কৰাৰ দৰে কোনোধৰণৰ কথা উল্লেখ নাই।

ফক্সৰ লেখাটোত পণ্টিঙৰ উদ্ধৃতি দি ফাইনেল খেলখনৰ পিটছৰ বিষয়ে কোৱা হৈছিল আৰু ফাইনেলত ভাৰতৰ প্ৰদৰ্শনৰ ওপৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ পিটছখনৰ বিৰূপ প্ৰভাৱ পৰিছিল বুলি কোৱা হৈছিল। লেখাটোৰ মতে, "অষ্ট্ৰেলিয়াৰ ক্ৰিকেট আইকন ৰিকি পণ্টিঙে পিটছখনে "ভাৰতক বেকফায়াৰ" কৰা বুলি কৈছিল।’’ মন কৰিবলগীয়া যে উক্ত মনেসজা উদ্ধৃতিটোৱে পিটছখনৰ অৱস্থাৰ ওপৰত তেওঁ কৰা মন্তব্যক ঢাকি ৰাখি ফক্সৰ প্ৰতিবেদনটোক ভুলকৈ উপস্থাপন কৰিছে। 

আমি ফক্স ক্ৰিকেটৰ ছ’চিয়েল মিডিয়া একাউণ্টসমূহো চাওঁ যদিও ভাইৰেল দাবীটোত উল্লেখ কৰাৰ দৰে পণ্টিঙৰ কোনো ভিডিঅ’, কোনো ভিজুৱেল, বা মন্তব্য লাভ কৰা নগ’ল।

আমি এইটোও জানিব পাৰোঁ যে ভাইৰেল টুইটটোত ব্যৱহাৰ কৰা ৰিকি পণ্টিঙৰ প্ৰতিনিধিত্বমূলক ফটোখন ২০১৯ চনত অনুষ্ঠিত এখন সংবাদমেলৰ সময়ত লোৱা হৈছিল। ২০১৯ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ক্ৰিকেট টুৰ্ণামেণ্ট আৰম্ভ হোৱাৰ পূৰ্বে ২০১৯ চনৰ ১৯ ​​মাৰ্চত দিল্লীত উক্ত সংবাদমেলখন আয়োজন কৰা হৈছিল। ফটোখনত পণ্টিঙে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ সৈতে কথা পাতি থকা দেখা যায়। ইএছপিএনৰ এটা প্ৰতিবেদনত পণ্টিং আৰু গাংগুলীক দেখুওৱা মূল ফটো আছে। প্ৰতিবেদনটোত নিউজ এজেন্সী প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াক উক্ত ফটোখনৰ কৃতিত্ব দিয়া হৈছিল।

মূল ফটোখনৰ স্ক্ৰীণশ্বট ,য'ত ২০১৯ চনৰ এক সংবাদমেলত সৌৰৱ গাংগুলীৰ সৈতে ৰিঙি পণ্টিঙক দেখা গৈছে। (উৎস: ইএছপিএন) 

দ্য টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতৰ পৰাজয়ৰ পিছত ৰিকি পন্টিংয়ে পেট কামিন্সক তেওঁৰ "ত্ৰুটিহীন অধিনায়কত্ব"ৰ বাবে প্ৰশংসা কৰে। 

সিদ্ধান্ত

ভাইৰেল উদ্ধৃতিটোৰ জৰিয়তে পন্টিঙে বিচিচিআইক "ক্ৰিকেট মাফিয়া" বুলি অভিহিত কৰা বুলি মিছাকৈ অভিযোগ কৰা হৈছে। পন্টিঙে ‘ফক্স ক্ৰিকেট’ক তেনে কোনো বিবৃতি দিয়া নাছিল। সেয়েহে, আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।