বাংলাদেশত ৰমজান মাহত হিন্দু মহিলাক বাছত উঠিবলৈ দিয়া নহয় বুলি স্ক্ৰিপ্টেড ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
মাৰ্চ 27 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বাংলাদেশত ৰমজান মাহত হিন্দু মহিলাক বাছত উঠিবলৈ দিয়া নহয় বুলি স্ক্ৰিপ্টেড ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

স্ক্ৰিপ্টেড ভিডিঅ’টো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

মূল ভিডিঅ'টো শ্বেয়াৰ কৰা ফেচবুক পেজটোৰ বায়ত ‘কণ্টেন্ট ক্ৰিয়েটৰ’ বুলি লিখা আছে। ভাইৰেল ক্লিপটোত দেখা পোৱা অভিনেতা দুগৰাকীক পেজটোৰ আন ভিডিঅ’টো দেখা যায়।

ক্লেইম আইডি cdb056a6

কি দাবী কৰা হৈছে?

বাছত উঠিবলৈ নিদিয়াক কেন্দ্ৰ কৰি এগৰাকী মহিলা যাত্ৰী আৰু বাছৰ পৰিচালকৰ মাজত তৰ্কাতৰ্কি লগা বুলি দাবী কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰাসকলে দাবী কৰা মতে এইটো বাংলাদেশৰ ভিডিঅ’ আৰু ইয়াত এগৰাকী হিন্দু মহিলাক ৰমজান মাহত বোৰ্খা পৰিধান নকৰাৰ বাবে বাছত উঠিবলৈ নিদিয়া দেখা গৈছে।

এক্সত ভিডিঅ’টো শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “বাংলাদেশত ৰমজানৰ সময়ত এগৰাকী মুছলমান বাছ কণ্ডাক্টৰে এগৰাকী হিন্দু মহিলাক বাছত উঠিবলৈ নিদিলে আৰু বলপূৰ্বকভাৱে বাছৰ পৰা বাহিৰ কৰি দিলে কাৰণ তেওঁ হিন্দু আৰু বোৰ্খা পিন্ধা নাছিল।” পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব৷ 

একেটা ভিডিঅ’ ফেচবুকতো অসমীয়াত (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰা হৈছিল, য’ত লিখা আছিল, “বাংলাদেশত ৰমজান মাহত বোৰ্খা নিপিন্ধা বেপৰ্দা হিন্দু মহিলাক বাছত নুঠায়।” 


স্ক্ৰিপ্টেড ভিডিঅ’টো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

অৱশ্যে, আমি ভাইৰেল ক্লিপটো এটা স্ক্ৰিপ্টেড ভিডিঅ’ৰ পৰা লোৱা হৈছে বুলি জানিব পাৰোঁ আৰু বাস্তৱ ঘটনা দেখুওৱা হোৱা নাই।

আমি কি বিচাৰি পালোঁ?

ভিডিঅ’টোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাত ‘কাৰ্টন শ্ব’ নামৰ বাংলাদেশৰ এটা ফেচবুক পেজে শ্বেয়াৰ কৰা একেটা ভিডিঅ’ৰ এটা দীঘলীয়া সংস্কৰণ লাভ কৰোঁ। একাউণ্টটোৰ প্ৰফাইল ফটোখনত ‘ভালো ২৪’ বুলি লিখা আছে।

২০২৪ চনৰ ১৪ মাৰ্চত পোষ্ট কৰা ছয় মিনিটতকৈ অধিক সময়ৰ ভিডিঅ’টোৰ (ইয়াত আৰ্কাইভ কৰা হৈছে) কেপচনত লিখা আছে, “ৰমজান মাহত বেপৰ্দা মহিলাই বাছৰ হেল্পাৰৰ সৈতে কি কৰি আছে অতঃপৰ (sic.)” মূল ভিডিঅ’টোত ভাইৰেল ক্লিপটো ২:০৫ আৰু ২:১৩ টাইমষ্টেম্পৰ মাজত আৰু তাৰ পিছত ২:৪০ ৰ পৰা ২:৫৫ টাইমষ্টেম্পৰ মাজত দেখা যায়।

২০২৩ চনৰ ১৬ মাৰ্চত সৃষ্টি হোৱা এই ফেচবুক পেজটোক ‘ভিডিঅ’ ক্ৰিয়েটৰ’ বুলি অভিহিত কৰা হৈছে আৰু পেজটোত নিয়মিতভাৱে এনেধৰণৰ স্ক্ৰিপ্টেড ভিডিঅ’ আপলোড কৰা হয়। আমি ফেচবুক পেজটোত শ্বেয়াৰ কৰা আন ভিডিঅ’সমূহ চালোঁ আৰু মন কৰিলোঁ যে বেছিভাগ ভিডিঅ’তে ভাইৰেল ভিডিঅ’টোত দেখা একে দুগৰাকী ব্যক্তিকে দেখা যায়।

ভাইৰেল ভিডিঅ’টোত দেখা মহিলা যাত্ৰী আৰু বাছ কণ্ডাক্টৰজনক ফেচবুক পেজটোত উপলব্ধ আন কেইবাটাও স্ক্ৰিপটেড ভিডিঅ’তো দেখা যায়। (উৎস: ফেচবুক/কাৰ্টন শ্ব’/স্ক্ৰীণশ্বট)

আমি ‘ভালো ২৪’ নামৰ এটা ইউটিউব চেনেল বিচাৰি পাওঁ য’ত ভিডিঅ’ বনোৱা একেই ব্যক্তি কেইগৰাকী দেখা যায়। চেনেলটোৰ ‘এবাউট’ত ইয়াত আপলোড কৰা সকলো বিষয়বস্তু “আমাৰ জীৱনত ঘটা ঘটনাৰ শিক্ষামূলক চুটি ছবি” বুলি উল্লেখ কৰাৰ লগতে কাল্পনিক বুলি কোৱা হৈছে। “গতিকে যদি আমাৰ কাহিনী কাৰোবাৰ জীৱনৰ লগত মিলি যায় তেন্তে তাৰ বাবে আমি তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছো। আমাৰ সকলো কাহিনী আপোনালোকক মনোৰঞ্জন দিবলৈ সৃষ্টি কৰা হৈছে (sic),” চেনেলটো পেজত এটা ডিচক্লেইমাৰত লিখা আছে।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টো স্ক্ৰিপ্টেড আৰু ইয়াত কোনো বাস্তৱ ঘটনা দেখুওৱা হোৱা নাই। তদুপৰি মূল ভিডিঅ’টো শ্বেয়াৰ কৰা ফেচবুক পেজটোত উপলব্ধ আন ভিডিঅ’সমূহত মহিলা যাত্ৰী আৰু বাছ পৰিচালকৰ চৰিত্ৰত অভিনয় কৰা শিল্পী দুগৰাকীক বিভিন্ন চৰিত্ৰত অভিনয় কৰা দেখা যায়। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।