স্ক্ৰিপ্টেড ভিডিঅ' শ্বেয়াৰ কৰি তৰমুজত 'ৰাসায়নিক দ্ৰব্য' মিহলাই থকা এজন লোকক ‘আৰক্ষীয়ে আটক কৰা’ বুলি দাবী কৰা হৈছে

লেখক: ৰাজেশ্বৰী পৰাশা
মে’ 27 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
স্ক্ৰিপ্টেড ভিডিঅ' শ্বেয়াৰ কৰি তৰমুজত 'ৰাসায়নিক দ্ৰব্য' মিহলাই থকা এজন লোকক ‘আৰক্ষীয়ে আটক কৰা’ বুলি দাবী কৰা হৈছে

তৰমুজত 'ৰাসায়নিক দ্ৰব্য' প্ৰয়োগ কৰা এজন লোকক আটক বুলি দাবী কৰি ভাইৰেল ভিডিঅ' শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো সজাগতা সৃষ্টিৰ বাবে নিৰ্মাণ কৰা এটা স্ক্ৰিপ্টেড ভিডিঅ’ বুলি ডিচক্লেইমাৰসহ ‘ছ’চিয়েল মেছেজ’ নামৰ এটা ফেচবুক পেজে মূল ভিডিঅ’টো শ্বেয়াৰ কৰিছিল।

ক্লেইম আইডি a8f72ad5

কি দাবী কৰা হৈছে?

কৃত্ৰিমভাৱে পকাবলৈ চিৰিঞ্জেৰে এটা তৰমুজত ৰাসায়নিক দ্ৰব্য সুমুৱাই থকা অৱস্থাত আৰক্ষীয়ে এজন লোকক আটক বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এটা  ভিডিঅ’ শ্বেয়াৰ কৰি থকা হৈছে।

ভাইৰেল ভিডিঅ’টোত এজন লোকক কাষত তৰমুজ, চিৰিঞ্জ, বটল আদি লৈ ৰুমালেৰে মুখখন ঢাকি মজিয়াত বহি থকা দেখা যায়। এনেতে আমি, ভিডিঅ’টোত দেখা নোপোৱা এজন লোকে বেকগ্ৰাউণ্ডৰ পৰা মানুহজনক ফল-মূলত কিয় কৃত্ৰিম ৰং প্ৰয়োগ কৰিছে বুলি জেৰা কৰা শুনিবলৈ পাওঁ। ইয়াৰ পিছত তেওঁ কাৰোবাক ফোন কৰি এজন লোকক ‘আটক’ কৰা বুলি কয় আৰু লোকজনক নিবলৈ বাহন প্ৰেৰণ কৰিবলৈ কয়। তেতিয়া ভিডিঅ’টোত দেখা মানুহজনে ভুল কৰা নাই বুলি কৈ তেওঁৰ পৰা ক্ষমা বিচাৰে, আনকি তথাকথিত আৰক্ষী বিষয়াজনক উৎকোচ দিবলৈ চেষ্টা কৰাও দেখা দিয়ে।

ফল পকাবলৈ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাসকলৰ ওপৰত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থা দেখুওৱা বুলি দাবী কৰি ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব। একেটা ভিডিঅ’ ফেচবুকত শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে অসমীয়াত লিখিছে, ‘‘ফল খায় ভাল পাই নেকি এতিয়াৰ পৰা সাৱধান হওক ,লৰা ছোৱালী ক টো আৰু নোখোৱাব।’’ ইয়াত আৰ্কাইভ কৰা হৈছে।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এইটো এটা স্ক্ৰিপ্টেড ভিডিঅ’হে, ইয়াত সঁচাসচিকৈ কৃত্ৰিমভাৱে ফল পকাবলৈ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা ব্যক্তিক আৰক্ষীয়ে আটক কৰা দেখুওৱা হোৱা নাই।

প্ৰকৃত তথ্য কি?

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি যোৱা ২৯ এপ্ৰিলত 'ছ'চিয়েল মেছেজ' নামৰ এটা ফেচবুক পেজত আপলোড কৰা ৭:৩০ মিনিটৰ মূল ভিডিঅ'টো (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ। ভিডিঅ’টোৰ ফ্ৰেম আৰু অডিঅ’ ভাইৰেল ক্লিপটোৰ সৈতে মিলে। ভিডিঅ’টো শ্বেয়াৰ কৰা পোষ্টটোৰ হিন্দী কেপচনত লিখা আছে, “তৰমুজ খোৱাসকলে নিশ্চয় চাব, আপোনাৰ স্বাস্থ্যৰ লগত কেনেকৈ খেলা হৈছে, সাৱধান হওক!” ভিডিঅ’টোৰ বিভিন্ন অংশ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ইয়াত কৃত্ৰিমভাৱে ফল পকোৱা অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা লৈছে তাক দেখুওৱা হৈছে বুলি দাবী কৰা হৈছে।

অৱশ্যে, মূল ভিডিঅ’টোৰ ০:২৮ টাইমষ্টেম্পত প্ৰায় এক-দুই ছেকেণ্ডৰ বাবে এটা ডিচক্লেইমাৰ দেখা যায়। ডিচক্লেইমাৰটোত কোৱা হৈছে, “এই ভিডিঅ’টো সম্পূৰ্ণ কাল্পনিক, ভিডিঅ’টোত দেখুওৱা সকলো ঘটনা স্ক্ৰিপ্টেড আৰু কেৱল সজাগতাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে, ইয়াৰ দ্বাৰা কোনো ধৰণৰ কাৰ্যৰ প্ৰচাৰ বা কোনো ধৰণৰ অনুষ্ঠানক বদনাম কৰা হোৱা নাই। কোনো বাস্তৱ ঘটনা বা ব্যক্তিৰ, জীৱিত বা মৃত, সৈতে ইয়াৰ কিবা সাদৃশ্য থাকিলে সেয়া সম্পূৰ্ণ কাকতলীয়া (sic)।” ভাইৰেল দাবীসমূহত শ্বেয়াৰ কৰা চুটি ভিডিঅ’বোৰত এই ডিচক্লেইমাৰটো নাই। 

মূল ফেচবুক ভিডিঅ’টোত উল্লেখ কৰা ডিচক্লেইমাৰৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/ছ'চিয়েল মেছেজ)

তদুপৰি ‘ছ’চিয়েল মেছেজ’ নামৰ ফেচবুক পেজটোৰ বায়’ত এইদৰে লিখা আছে- “এই পেজটোৰ একাধিক ভিডিঅ’ স্ক্ৰিপ্টেড হয়, সজাগতা সৃষ্টি আৰু মনোৰঞ্জনৰ বাবে এইসমূহ নিৰ্মাণ কৰা হৈছে (হিন্দীৰ পৰা অনুদিত)।”

আমি ফেচবুক পেজটো ভালদৰে চাই দেখিলোঁ যে ইয়াত পূৰ্বেও বহুতো ভাৰতভিত্তিক স্ক্ৰিপ্টেড ভিডিঅ’ আপলোড কৰা হৈছে ৷ আমি তৰমুজৰ ভিডিঅ'টোৰ সন্দৰ্ভত অধিক জানিবলৈ পেজটোৰ এডমিনৰ সৈতে যোগাযোগ কৰিছো, তেওঁলোকৰ সঁহাৰি লাভ কৰিলে প্ৰতিবেদনটো আপডেট কৰা হ'ব।

মন কৰিবলগীয়া শেহতীয়াকৈ প্ৰকাশিত একাংশ বাতৰি প্ৰতিবেদন অনুসৰি কৃত্ৰিমভাৱে পকাবলৈ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰাৰ অভিযোগত ভাৰতৰ কিছু-কিছু ঠাইত আৰক্ষীয়ে ফলমূল ব্যৱসায়ীৰ পৰা তৰমুজকে ধৰি বিভিন্ন ফলমূল জব্দ কৰিছিল। অৱশ্যে ভাইৰেল ভিডিঅ’টোত কোনো সঁচা ঘটনা দেখুওৱা হোৱা নাই।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টো এটা স্ক্ৰিপ্টেড ভিডিঅ’ হয়, মূল ভিডিঅ’টোত এইটো সজাগতামূলক উদ্দেশ্যৰে বনোৱা এটা স্ক্ৰিপ্টেড ভিডিঅ’ বুলি ডিচক্লেইমাৰ দিয়া আছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।