২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰৰ ওপৰত কেৱল এখন দলং আছিল বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
ছেপ্তেম্বৰ 8 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰৰ ওপৰত কেৱল এখন দলং আছিল বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

২০১৪ চনলৈকে অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মাত্ৰ এখন দলং আছে বুলি দাবী কৰা X পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান False

২০১৪ চনলৈকে অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন নহয়, তিনিখন দলং নিৰ্মাণ কৰা হৈছিল।

ক্লেইম আইডি 623612ed

পৃষ্ঠভূমি

অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ দলং সদায় এক বিবাদিত বিষয় হৈ আহিছে, আৰু ‘সেতু ৰাজনীতি’ ৰাজ্যখনৰ ৰাজনৈতিক মহলত ক্ৰমাৎ এক সঘনে উচ্চাৰিত বিষয়ত পৰিণত হৈছে। ২০২১ চনৰ মাৰ্চ মাহত প্ৰকাশিত ইষ্টম’জো আৰু দ্য কুইণ্টৰ দুটা পৃথক ভিডিঅ’ প্ৰতিবেদনত দেখা গৈছে যে ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনৰ সময়ত ভোট বেংকৰ এজেণ্ডাৰ অংশ হিচাপে কেনেকৈ দলংক ব্যৱহাৰ কৰিছে।

শেহতীয়াকৈ এটা দাবী প্ৰচাৰ হৈছে যে ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) ক্ষমতালৈ অহালৈকে নদীখনৰ ওপৰত মাত্ৰ এখন দলং আছিল। ৭ মাৰ্চত লেখক তথা স্তম্ভলেখক অভিষেক বেনাৰ্জীয়ে টুইট কৰিছিল যে "২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে মাত্ৰ এখন দলং আছিল,"আনহাতে "আজি ৬খন দলং আছে"। তাৰ পিছত উক্ত প্লেটফৰ্মত আনসকলে প্ৰতিধ্বনিত কৰা এই দাবীয়ে এতিয়ালৈকে ১৬ হেজাৰতকৈ অধিক ৰিটুইট আৰু ৩২৬.৯ হেজাৰতকৈ অধিক দৰ্শন লাভ কৰিছে।

অৱশ্যে এই কথা সঁচা নহয়। ২০১৪ চনলৈকে নদীখনৰ ওপৰত এখন নহয় তিনিখন দলং নিৰ্মাণ কৰা হৈছিল।

প্ৰকৃত তথ্য

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা প্ৰথমখন দলং হৈছে গুৱাহাটীৰ শৰাইঘাট দলং। দ্য টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ঐতিহাসিক শৰাইঘাট যুদ্ধৰ নামেৰে নামাকৰণ কৰা 'ৰেল-কাম-ৰোড' দলংখনে ২০১২ চনৰ নৱেম্বৰ মাহত সোণালী জয়ন্তী সম্পূৰ্ণ কৰিছিল। প্ৰতিবেদনত উল্লেখ আছে যে ১৯৫৯ চনৰ পৰা ১৯৬২ চনৰ ভিতৰত এই দলংখন নিৰ্মাণ কৰা হৈছিল। গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই প্ৰকাশ কৰা এখন কিতাপ "ফৰ এভাৰ গুৱাহাটী"ত উল্লেখ আছে যে ১৯৬৩ চনৰ ৭ জুনত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল।

নদীখনৰ ওপৰত থকা দ্বিতীয়খন দলং হ'ল তেজপুৰ আৰু কলিয়াবৰ সংযোগী কলিয়া ভোমোৰা সেতু, ১৯৮৭ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে উক্ত দলংখন উদ্বোধন কৰিছিল। আহোম সেনাপতি কলিয়া ভোমোৰা ফুকনৰ নামেৰে দলংখনৰ নামকৰণ কৰা হৈছে। আঞ্চলিক দৈনিক কাকত দ্য চেণ্টিনেলে ২০২২ চনৰ নৱেম্বৰ মাহত দলংখন উদ্বোধনৰ পিছত প্ৰথমটো মেৰামতিৰ কাম চলি থকাৰ সম্পৰ্কে এক বাতৰি প্ৰকাশ কৰিছিল। প্ৰতিবেদনটোত আৰু কোৱা হৈছে যে পুৰণি ভোমোৰা সেতুৰ সমান্তৰালকৈ নতুনকৈ নিৰ্মাণ কৰা দুই লেনযুক্ত দলংখন ২০২২ চনৰ ২ নৱেম্বৰত সাময়িকভাৱে মুকলি কৰা হৈছিল, কিয়নো পুৰণি দলংখন মেৰামতিৰ কামৰ বাবে যান-বাহনৰ বাবে বন্ধ কৰি দিয়া হৈছিল।

২০১৪ চনৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা তৃতীয়খন দলং আছিল বঙাইগাঁও জিলাৰ যোগীঘোপাৰ নৰনাৰায়ণ সেতু। ১৯৯৮ চনৰ ১৫ এপ্ৰিলত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে উন্মোচন কৰা এই দলংখন ইউটিউব চেনেল WildFilmsIndiaত আপলোড কৰা এক ভিডিঅ’ ফুটেজত দেখা গৈছে য'ত বাজপেয়ীয়ে দলংখন উদ্বোধন অনুষ্ঠানত জনসাধাৰণক সম্বোধন কৰি আছে। ২.২৮৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ 'ৰেল-কাম-ৰোড' দলংখন নিৰ্মাণ কৰিছিল দ্য ব্ৰেইথৱেইট বাৰ্ন এণ্ড জেছপ কনষ্ট্ৰাকচন কোম্পানী লিমিটেডে। ফাৰ্মখনৰ ৱেবছাইটত উল্লেখ আছে যে ১৯৯৯ চনত এই দলংখন যাতায়তৰ বাবে মুকলি কৰা হৈছিল।

৪ মাৰ্চত দ্য প্ৰিণ্টে প্ৰকাশ কৰা এটা প্ৰবন্ধত ভুলকৈ উল্লেখ কৰা হৈছিল যে ২০১৪ চনলৈকে অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মাত্ৰ এখন দলং আছিল। আমি লেখাটোৰ এটা আৰ্কাইভ সংস্কৰণ পাইছো য'ত লিখা আছিল, "২০১৪ চনলৈকে অসমৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত মাত্ৰ এখন ঠেক দলং আছিল।" ইয়াৰ পিছত ৱেবছাইটটোৱে ভুলটো শুধৰণি কৰি দলঙৰ সংখ্যা তিনিখনলৈ সলনি কৰিছে ।

সিদ্ধান্ত

২০১৪ চনলৈকে অসমত ব্ৰহ্মপুত্ৰ নদীৰ বিভিন্ন স্থানত, দাবী কৰা ধৰণে এখন নহয়, তিনিখন দলং নিৰ্মাণ কৰা হৈছিল। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।