মোডীক সমৰ্থন কৰা বাবে চন্দ্ৰবাবু নাইডুৰ ফটো জ্বলাই দিয়া হৈছে বুলি অসংলগ্ন ভিডিঅ' শ্বেয়াৰ

লেখক: ৰজনী কে জি
জুন 7 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মোডীক সমৰ্থন কৰা বাবে চন্দ্ৰবাবু নাইডুৰ ফটো জ্বলাই দিয়া হৈছে বুলি অসংলগ্ন ভিডিঅ' শ্বেয়াৰ

ছবিখনত মোডীক সমৰ্থন কৰাৰ সিদ্ধান্তক লৈ অন্ধ্ৰপ্ৰদেশত চন্দ্ৰবাবু নাইডুৰ ফটো জ্বলাই দিয়া হৈছে বুলি দাবী কৰি আপলোড কৰা ভিডিঅ’টোৰ স্ক্ৰীণগ্ৰেব দেখুওৱা হৈছে। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ’টোত অন্ধ্ৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেলেগু দেশম পাৰ্টিৰ কৰ্মীসকলে এটা সমষ্টিৰ টিকট দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ।

ক্লেইম আইডি 07605745

দাবী কি?

ছ’চিয়েল মিডিয়াত তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৰ প্ৰতিকৃতিত আঘাত কৰি কিছু প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰাৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোৰ লগত দিয়া দাবীটোত উল্লেখ কৰা হৈছে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পাছত নৰেন্দ্ৰ মোডীক সমৰ্থন কৰি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটত যোগদান কৰি নৰেন্দ্ৰ মোডীক সমৰ্থন কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে এই প্ৰতিবাদৰ সৃষ্টি হয়।

এন ডি এ মিত্ৰজোঁটে ২৯২ খন আসন, তথা ভাৰতৰ মিত্ৰজোঁটে ২৩২ খন আসন লাভ কৰে। চৰকাৰ গঠন কৰিবলৈ দলসমূহে ২৭২খন আসনৰ সীমা অতিক্ৰম কৰিব লাগে। এন ডি এ ব্লকৰ অংশ হিচাপে টিডিপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ নেতা নাইডুৱে পুনৰ দৃঢ়তাৰে কয় যে তেওঁৰ দল মিত্ৰতাৰ সৈতে থাকিব। ২০২৪ চনৰ ৫ জুনত এন ডি এয়ে মোডীক নেতা হিচাপে নিৰ্বাচিত কৰে বুলি দ্য হিন্দুৱে প্ৰকাশ কৰিছে।

এই ৰাজনৈতিক পৰিস্থিতিৰ মাজতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰে। ক্লিপটো শ্বেয়াৰ কৰা এটা পোষ্টত কোৱা হৈছে- “মোডীক সমৰ্থন কৰাৰ বাবে অন্ধ্ৰ প্ৰদেশৰ ক্ষুব্ধ লোকসকলে চন্দ্ৰবাবু নাইডুৰ ফটো জ্বলাইছে।” এই পোষ্টটো বাতৰি লিখাৰ সময়লৈকে ১ লাখ ৮৮ হাজাৰ ২০০ ভিউ আৰু ৪ হাজাৰৰো অধিক লাইক লাভ কৰিছিল। এই পোষ্টটো ডিলিট কৰা হৈছে যদিও ইয়াত এটা আৰ্কাইভ কৰা সংস্কৰণ চাব পাৰিব। একেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াত পোৱা যাব।


অনলাইন যোগে প্ৰচাৰিত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভিডিঅ’টোত অৱশ্যে আচলতে অন্ধ্ৰপ্ৰদেশত বিধানসভা নিৰ্বাচনৰ পূৰ্বে টিডিপি কৰ্মীসকলে টিকট বিতৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা গৈছে আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ইয়াত তথ্যসমূহ উল্লেখ কৰা হৈছে

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি দেখিলোঁ যে ভিডিঅ’টো ২০২৪ চনৰ মাৰ্চ মাহৰ হয়। একেটা ভিডিঅ’ তেলেগু নিউজ আউটলেট সময়ম তেলেগুৰ ইউটিউব চেনেলত (ইয়াত আৰ্কাইভ কৰা হৈছে) পোৱা গৈছিল, যিটো ২০২৪ চনৰ ২৯ মাৰ্চত "গুণ্টাকাল টিডিপিৰ নেতাসকলে চন্দ্ৰবাবুৰ ফটো জ্বলাই দিলে" কেপচন সহিত পোষ্ট কৰা হৈছিল।  

বৰ্ণনা অনুসৰি শ্ৰমিকসকলে গুম্মানুৰ জয়ৰামৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আমাৰ অনুসন্ধানৰ পৰা দেখা গ’ল যে ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টি (ৱাইএছআৰচিপি)ৰ পৰা টিডিপিত যোগদান কৰা গুম্মানুৰ জয়ৰামক গুন্তাকাল বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকট দিয়াৰ পিছত টিডিপিৰ ভিতৰত সংঘাতৰ সৃষ্টি হয়। বৰ্তমানৰ বিধায়ক জিতেন্দ্ৰ গৌড় আৰু তেওঁৰ সমৰ্থকসকলে এই সিদ্ধান্তত ক্ষোভিত হৈ প্ৰতিবাদৰ সূচনা কৰে।

সময়ম তেলেগু ইউটিউব ভিডিঅ'ৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব)

দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰি অনুসৰি টিডিপিৰ সদস্য আৰু জিতেন্দ্ৰ গৌডৰ সমৰ্থকসকলে স্থানীয় টিডিপিৰ কাৰ্যালয়ত প্ৰৱেশ কৰি প্ৰতিবাদত আচবাব ভাঙি ভাঙি পেলায়। জোতাৰে খুন্দা মাৰি নাইডুৰ এখন ছবিত জুই লগাই দিয়ে, আৰু এই ভিডিঅ’টো এতিয়া ভাইৰেল হৈ পৰিছে।

অন্ধ্ৰ প্ৰদেশৰ অন্যান্য অঞ্চলতো টিডিপিয়ে প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হয়, কাৰণ কিছুমান সমষ্টিৰ টিকট বিতৰণৰ ফলত দলৰ ভিতৰত মতানৈক্যৰ সৃষ্টি হয়। দ্য হিন্দুত প্ৰকাশিত এক প্ৰতিবেদনে এই বিষয়ে উল্লেখ কৰিছে।

লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ ২০২৪ চনৰ ১৩ মে’ত অন্ধ্ৰ প্ৰদেশত ১৭৫খন আসনৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। ভাৰতীয় নিৰ্বাচন আয়োগৰ ৱেবছাইটত প্ৰকাশ পাইছে যে টিডিপিৰ সদস্য গুম্মানুৰ জয়ৰামে গুণটকলৰ ১০১,৭০০ ভোট লাভ কৰি নিৰ্বাচনত জয়লাভ কৰিছে। বিধানসভা নিৰ্বাচনত ১৭৫খন আসনৰ ভিতৰত ১৩৫খন আসনত টিডিপিয়ে জয়লাভ কৰে ।

ইয়াৰ পৰা নিশ্চিত হৈছে যে এই ভিডিঅ’টো লোকসভা নিৰ্বাচন আৰম্ভ হোৱাৰ আগতেই ৰেকৰ্ড কৰা হৈছে, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত নহয়।

সিদ্ধান্ত

চন্দ্ৰবাবু নাইডুৱে গুম্মানুৰ জয়ৰামক গুন্তাকাল বিধানসভাৰ আসনৰ বাবে টিকট দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে টিডিপি কৰ্মীসকলে প্ৰতিবাদ কৰা দুমাহ পুৰণি ভিডিঅ’ লোকসভা নিৰ্বাচনৰ ফলাফল হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমৰ্থন কৰা বাবে নাইডুৰ বিৰুদ্ধে প্ৰতিবাদৰ দৃশ্য বুলি ভুৱা দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে ।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।