ইজৰাইল-হামাছৰ সংঘৰ্ষৰ মাজত পেলেষ্টাইনী লোকে ভুৱা শৱযাত্ৰা উলিওৱা বুলি পুৰণি ভিডিঅ’ ভাইৰেল

লেখক: ছেম ড'ক
অক্টোবৰ 18 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ইজৰাইল-হামাছৰ সংঘৰ্ষৰ মাজত পেলেষ্টাইনী লোকে ভুৱা শৱযাত্ৰা উলিওৱা বুলি পুৰণি ভিডিঅ’ ভাইৰেল

পেলেষ্টাইনী লোকে ভুৱা শৱযাত্ৰা উলিওৱা বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো এটা ২০২০ চনৰ ভিডিঅ'। ইয়াত জৰ্ডানৰ এদল লোকে কোভিড-১৯ৰ সময়ৰ নিষেধাজ্ঞাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে।

ক্লেইম আইডি fbf9d9e9

পৃষ্ঠভূমি

৭ অক্টোবৰত হামাছৰ নেতৃত্বত পেলেষ্টাইনৰ সশস্ত্ৰ গোটে ইজৰাইল অধিকৃত অঞ্চলত ভয়ংকৰ আক্ৰমণ চলাইছিল, প্ৰত্য়ুত্তৰত ইজৰাইলে যুদ্ধ ঘোষণা কৰে আৰু গাজা ষ্ট্ৰীপত বিমান আক্ৰমণ আৰম্ভ কৰে। শেহতীয়া প্ৰতিবেদন অনুসৰি ১৬ অক্টোবৰলৈকে এই সংঘৰ্ষত দুয়োপক্ষৰ ৪ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে।

গাজাত চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে এটা ভিডিঅ’ যথেষ্ট ভাইৰেল হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি একাংশই এইটো পেলেষ্টাইনীসকলে যুদ্ধৰ হতাহতৰ ছবি দেখুওৱাবলৈ উলিওৱা এটা শৱযাত্ৰাৰ ভিডিঅ’ বুলি দাবী কৰে। দূৰৰ পৰা কেমেৰাত বন্দী কৰা ভিডিঅ’টোত এদল লোকে ষ্ট্ৰেচাৰত এটা মৃতদেহ কঢ়িয়াই নিয়া যেন লাগে আৰু ছাইৰেন বজাৰ লগে লগে মানুহবিলাকে ষ্ট্ৰেচাৰখন ঠাইতে এৰি তাৰ পৰা দৌৰ মাৰে। আনহাতে, ষ্ট্ৰেচাৰখনত তুলি নিয়া ল'ৰাজনে ষ্ট্ৰেচাৰখনৰ পৰা নামি তাৰ পৰা আঁতৰি যায়। 

যোৱা ১১ অক্টোবৰত ১ লাখ ১০ হাজাৰতকৈ অধিক অনুগামী থকা এজন ‘ভেৰিফাইড’ এক্স(X) ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছিল, “@AlJazeera ৰ নিৰ্দেশনাত পেলেষ্টাইনীয়ে বিশ্বৰ বাবে #Israel-এ হত্যা কৰা এজন ল’ৰাক তেওঁলোকে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে কঢ়িয়াই নিছে বুলি দেখুওৱাবলৈ এটা ভুৱা ভিডিঅ’ শ্বুট কৰিছিল। ভিডিঅ'টো শেষলৈকে চাওক, চাইৰেন বজাৰ লগে লগে ল'ৰাটোক কঢ়িয়াই নিয়া পেলেষ্টাইনীবোৰ পলাই যায় আৰু মৃত ল'ৰাটোৱে সাৰ পাই ঘৰৰ ফালে দৌৰি যায়।” একেধৰণৰ দাবীৰে এই ভিডিঅ’টো শেহতীয়াকৈ টিকটকতো শ্বেয়াৰ কৰা হৈছে।

আনহাতে, ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী ব্য়ৱহাৰকাৰীয়ে কেপচনত অসমীয়াত লিখিছে, “"Victim Card" খেলাৰ বাবে পেলেষ্টাইনীয়ে এটা শিশুৰ মৃতদেহ লৈ গৈ আছে//ইজৰাইলৰ আক্ৰমণত মৃত্যু হোৱা বুলি প্ৰচাৰ কৰাটো আছিল পেলেষ্টাইনীৰ উদ্দেশ্য এনেতে চাইৰেণ বজাৰ লগে জেহাদীৰ উদ্দেশ্য গোমৰ ফাক হৈ পৰিল।” উল্লেখযোগ্য় যে উক্ত ব্য়ৱহাৰকাৰীজনে শ্বেয়াৰ কৰা ভিডিঅ’টোৰ স্ক্ৰীণত অসমীয়াত গ্ৰাফিক্স আকাৰে একেখিনি কথা ব্য়ৱহাৰ কৰা হৈছে। আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা এটা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

যথেষ্ট সংখ্যক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টোত দেখা দৃশ্য়টো শেহতীয়া সংঘৰ্ষৰ সময়ত পেলেষ্টাইনীসকলে উলিওৱা এটা ভুৱা শৱযাত্ৰাৰ বুলি বিশ্বাস কৰা দেখা গৈছে যদিও লজিকেলী ফেক্টছে এইয়া সঁচা নহয় বুলি নিৰ্ণয় কৰিছে। 

প্ৰকৃত তথ্য়

গুগলত সন্ধান কৰিলে দেখা যায় যে এই ভিডিঅ’টোৱে ইয়াৰ পূৰ্বেও সংবাদ মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছিল। ২০২১ চনৰ ১৩ মে’ত প্ৰকাশিত ৰয়টাৰৰ এটা প্ৰবন্ধত কোৱা হৈছে যে সময়ত বৃদ্ধি পোৱা হিংসা দেখুৱাবলৈ ‘‘হাম্মাছৰ দ্বাৰা টিভি আৰু মিডিয়াৰ বাবে ভুৱা অন্ত্যেষ্টিক্ৰিয়া’’ বুলি মিছাকৈ দাবী কৰি ইয়াক শ্বেয়াৰ কৰা হৈছিল।

ৰয়টাৰত উল্লেখ কৰা মতে এই ভিডিঅ’টো ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ইন্টাৰনেটত উপলব্ধ, সেই সময়ত জৰ্ডানৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ভিডিঅ’টো ব্যাপকভাৱে শ্বেয়াৰ কৰিছিল। সংবাদ সংস্থাটোৰ মতে, ইয়াত জৰ্ডানৰ লোকসকলে ক’ভিড-১৯ মহামাৰীৰ বাবে আৰোপ কৰা নিষেধাজ্ঞাৰ প্ৰতি প্ৰতিক্ৰিয়া জনোৱা দেখা গৈছে।

সেই সময়ত আৰবী ভাষাৰ ‘24.ae’ নামৰ এটা নিউজ আউটলেটে এই ক্লিপটো X-ত পোষ্ট কৰি কেপচনত লিখিছিল, “ধেমেলীয়া কথা #كورونا ... জৰ্ডানৰ ল’ৰাবোৰে ঘৰৰ পৰা ওলাই যাবলৈ এটা কৌশল উদ্ভাৱন কৰিছিল, সেয়ে তেওঁলোকে তেওঁলোকৰ বন্ধুৰ ভুৱা শৱযাত্ৰা উলিয়াইছিল.. চাইৰেন শুনাৰ লগে লগে তেওঁলোকৰ লগতে এনেকুৱা ঘটে।” অৰিয়েণ্ট আৰু ৰ’য়া নিউজকে ধৰি আন আন আউটলেটসমূহেও সেই সময়ত একেধৰণৰ বৰ্ণনা আগবঢ়াইছিল।

সিদ্ধান্ত

এই ভিডিঅ'টো ২০২০ চনৰ আৰু ইয়াত জৰ্ডানৰ লোকে ক'ভিড-১৯ৰ নিষেধাজ্ঞাৰ প্ৰতি প্ৰতিক্ৰিয়া জনোৱা দেখা গৈছে। ইজৰাইল আৰু হামছৰ মাজত বৰ্তমান চলি যুদ্ধৰ সময়ত ইয়াৰ দৃশ্য়গ্ৰহণ কৰা হোৱা নাছিল। সেয়েহে, এই দাবীটোক আমি মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।