ভাইৰেল ভিডিঅ’টোত থকা মণিপুৰী মহিলা গৰাকীয়ে বিৰোধীৰ সন্মুখত চৰকাৰক প্ৰশংসা কৰা নাছিল

লেখক: অনুৰাগ বৰুৱা
আগষ্ট 28 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ভাইৰেল ভিডিঅ’টোত থকা মণিপুৰী মহিলা গৰাকীয়ে বিৰোধীৰ সন্মুখত চৰকাৰক প্ৰশংসা কৰা নাছিল

ফেক্ট চেক

ৰায়দান মিছা

এটা দীঘলীয়া ভিডিঅ’ উদ্দেশ্যপ্ৰণোদিতভাৱে ক্ৰপ কৰি ভাইৰেল ক্লিপটো তৈয়াৰ কৰা হৈছিল। মিছা দাবী কৰিবলৈ মূল ভিডিঅ’টোৰ কিছু শব্দ বাদ দিয়া হৈছিল।

ক্লেইম আইডি 429d2c23

পৃষ্ঠভূমি

মণিপুৰত মেইটেই আৰু কুকিসকলৰ মাজত চলি থকা গোষ্ঠী সংঘৰ্ষক লৈ শাসকীয় ভাৰতীয় জনতা পাৰ্টী (বিজেপি) ব্য়াপক সমালোচনাৰ সন্মুখীন হৈ আহিছে। এই সংঘৰ্ষত মৃত্যু হোৱ লোকৰ সংখ্যাই ইতিমধ্য়ে ১৮৫ অতিক্ৰম কৰিছে। যোৱা ২৯ আৰু ৩০ জুলাইত বিৰোধী সাংসদসকলৰ এক ২১ জনীয়া প্ৰতিনিধি দলে মণিপুৰৰ হিংসাপীড়িত অঞ্চলসমূহৰ লগতে সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে।

বিৰোধী সাংসদসকলৰ উক্ত ভ্ৰমণৰ পিছতে ছ’চিয়েল মিডিয়াত ২ মিনিটৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰে, ভিডিঅ’টোত এগৰাকী মণিপুৰী মহিলাই কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, ডি এম কেৰ কনিমোজি কৰুণানিধি, আৰু তৃণমূল কংগ্ৰেছৰ সুস্মিতা দেৱকে ধৰি বিৰোধী নেতাৰ সন্মুখত কথা কৈ থকা দেখা গৈছে।

একাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰিছে যে ইয়াত দেখা গৈছে যে ইয়াত এগৰাকী মেইটেই মহিলাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য় চৰকাৰক প্ৰশংসা কৰাৰ বিপৰীতে বিৰোধী প্ৰতিনিধি দলটোক কটু সমালোচনা কৰা দেখা গৈছে। ভুল তথ্য় বিয়পোৱাৰ বাবে পৰিচিত ঋষি বাগ্ৰীয়ে (যাৰ বিভিন্ন দাবী লজিকেলী ফেক্টছে ইতিমধ্য়ে খণ্ডন কৰিছে) এক্স(X)ত (পূৰ্বতে টুইটাৰ) শ্বেয়াৰ কৰা এনে এটা পোষ্টে প্ৰকাশৰ সময়ত ৪,৮৫,৪০০ ৰো অধিক দৰ্শন লাভ কৰিছিল। একেধৰণৰ দাবীৰে শ্বেয়াৰ কৰা আন এটা পোষ্টত ৩,২৭,০০০ৰো অধিক দৰ্শন আছিল।  

ভিডিঅ'টো X-ত ব্য়াপকভাৱে শ্বেয়াৰ কৰা হৈছে। (উৎস: X/@rishibagree, @MumbaichaDon/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কেইবাজনো ব্যৱহাৰকাৰীয়ে ফেচবুকতো একেধৰণৰ দাবীৰে ভিডিঅ'টো শ্বেয়াৰ কৰিছিল। 

একেধৰণৰ দাবীৰে ভিডিঅ'টো ফেচবুকতো শ্বেয়াৰ কৰা হৈছে। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্য়ে, এই দাবীটো সঁচা নহয়।

প্ৰকৃত তথ্য়

ভাইৰেল ভিডিঅ’টোত ৰিপাব্লিক টিভিৰ ল’গ’টো দেখা পোৱা যায়, যাৰ দ্বাৰা যে এটা বাতৰিৰ অংশ হয় সেই কথা জানিব পাৰি। ৰিপাব্লিক টিভিয়ে ২৯ জুলাইত নিজৰ ইউটিউব চেনেলত সম্পূৰ্ণ ভিডিঅ’ প্ৰতিবেদন, অৰ্থাৎ ভাইৰেল ক্লিপটোৰ দীঘলীয়া সংস্কৰণটো আপলোড কৰিছিল। চাৰি মিনিটতকৈও অধিক সময়ৰ ভিডিঅ’ প্ৰতিবেদনটোৰ শিৰোনাম আছিল, "মইৰাংস্থিত থকা সাহায্য় শিবিৰত মণিপুৰ হিংসাৰ ভুক্তভোগীয়ে বিৰোধী প্ৰতিনিধি দলক দুৰ্ভোগৰ কথা বৰ্ণনা কৰে।" ভিডিঅ'টোৰ বিৱৰণীত লিখা আছিল, "মইৰাং সাহায্য শিবিৰত মণিপুৰৰ হিংসাৰ প্ৰত্যক্ষদৰ্শীয়ে বিৰোধী প্ৰতিনিধি দলক চুৰাচান্দপুৰত কেনেকৈ হিংসা আৰম্ভ হৈছিল তাৰ বৰ্ণনা কৰিছে।"

(উৎস: ইউটিউব/ৰিপাব্লিক টিভি)

ভাইৰেল ভিডিঅ'টো ৰিপাব্লিক টিভিৰ উক্ত প্ৰতিবেদনটোৰ প্ৰায় ১:৫১ টাইমষ্টাম্পৰ সমীপৰ এটা অংশ ক্ৰপ কৰি প্ৰস্তুত কৰা হৈছিল। ভিডিঅ'টো ক্ৰপ কৰাৰ সময়ত, "নহয়" শব্দটো আঁতৰাই দিয়া হৈছে যাতে এনে লাগে যেন মেইটেই মহিলাগৰাকীয়ে বিজেপি চৰকাৰক প্ৰশংসা কৰি "চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা (পদক্ষেপ)" বুলি কৈছিল। অৱশ্যে, মূল ভিডিঅ'টো চালে ১:৪৯ টাইমষ্টাম্পৰ ওচৰত আৰম্ভ হোৱা তেওঁৰ সম্পূৰ্ণ বাক্যটো শুনা যায়, তাত তেওঁ স্পষ্টকৈ এইদৰে কোৱা শুনা যায়- "চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে কোনো কাৰ্যকৰী পদক্ষেপ লোৱা নাছিল..."

বিভিন্ন ছ’চিয়েল মিডিয়া পোষ্টত ইংগিত দিয়াৰ দৰে ভিডিঅ'টোত ক'তো মহিলাগৰাকীয়ে বিজেপি চৰকাৰ বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মণিপুৰৰ জনসাধাৰণৰ বাবে 'সকলো' কৰিছিল কোৱা নাছিল। বৰঞ্চ তেওঁ মণিপুৰত সংঘটিত হিংসাৰ প্ৰতি সময়মতে গুৰুত্ব দিয়াৰ পৰিৱৰ্তে 'মণিপুৰ ভাইৰেল ভিডিঅ' কাণ্ডৰ পিছতহে প্ৰধান মন্ত্ৰীয়ে বিষয়টো উত্থাপন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক সমালোচনা হে কৰিছিল। তেওঁ সংঘৰ্ষৰ সময়ত মহিলাৰ ওপৰত হোৱা আন আন হিংসাত্মক ঘটনাৰ উদাহৰণ দিছিল, যিবোৰ চৰকাৰে উপেক্ষা কৰিছিল বুলি অভিযোগ উঠিছে।

(উৎস: X/ইণ্ডিয়া টুডে)

২০২৩ চনৰ ৩১ জুলাইত X-ত প্ৰকাশিত ইণ্ডিয়া টুডেৰ এটা পোষ্টত ভাইৰেল ভিডিঅ’টোৰ আন এটা দীঘলীয়া সংস্কৰণো প্ৰকাশ কৰা হৈছিল। বেলেগ দিশৰ পৰা লোৱা এই ভিডিঅ’টোত একেগৰাকী মহিলাই বিৰোধী নেতাসকলৰ সৈতে কথা পাতি থকা দেখা গৈছে। এই ভিডিঅ’টোৰ ৩:০৫ টাইমষ্টাম্পৰ ওচৰত ভাইৰেল অংশটো আৰম্ভ হয়, যাৰ দ্বাৰা এইটো পুনৰ স্পষ্ট হয় যে অসত্য় দাবী কৰাৰ উদ্দেশ্য়ে মহিলাগৰাকীৰ বক্তব্যৰ কিছু অংশ আঁতৰাই দিয়া হৈছিল। ইণ্ডিয়া টুডেৰ ভিডিঅ’টোত কংগ্ৰেছ নেতা চৌধুৰীয়ে মহিলাগৰাকীৰ সৈতে কথা পাতি থকা আৰু আন বিৰোধী সদস্য়সকলৰ লগতে সৈতে তেওঁক সান্ত্বনা দিবলৈ চেষ্টা কৰা দেখা যায়।   

সিদ্ধান্ত

ভাইৰেল ক্লিপটো এটা দীঘল ভিডিঅ’ৰ পৰা লোৱা হৈছে য’ত স্পষ্টকৈ দেখা গৈছে যে মহিলাগৰাকীয়ে মণিপুৰত সংঘটিত হিংসাৰ প্ৰতি সময়মতে গুৰুত্ব নিদিয়াৰ বাবে বিজেপি চৰকাৰক সমালোচনা কৰিছিল। সেয়েহে, আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।