২০১১ চনৰ ছুনামীৰ ভিডিঅ’ ২০২৪ চনৰ ডুবাইৰ বানপানীৰ ভিজুৱেল হিচাপে শ্বেয়াৰ কৰা হৈছে

লেখক: অনুৰাগ বৰুৱা
এপ্ৰিল 26 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০১১ চনৰ ছুনামীৰ ভিডিঅ’ ২০২৪ চনৰ ডুবাইৰ বানপানীৰ ভিজুৱেল হিচাপে শ্বেয়াৰ কৰা হৈছে

ভিডিঅ’টোত ২০২৪ চনৰ ডুবাইৰ বানপানীৰ দৃশ্য দেখা গৈছে বুলি মিছাকৈ দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এই ভিডিঅ’টোত ২০১১ চনত জাপানৰ ৯.০ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত হোৱা ছুনামীৰ ভিজুৱেল দেখা গৈছে।

ক্লেইম আইডি 570abec0

দাবী কি?

১৫ এপ্ৰিলত সংযুক্ত আৰব এমিৰেটছত (ইউ এ ই) ৭৫ বছৰৰ ভিতৰত সৰ্বাধিক বৰষুণৰ ফলত ডুবাই আৰু দেশৰ অন্যান্য অঞ্চলত অভূতপূৰ্ব বানপানীৰ সৃষ্টি হয়। ইয়াৰ পাছতেই ছ’চিয়েল মিডিয়াত বানপানীৰ পানীক চিত্ৰিত কৰা ফটো আৰু ভিডিঅ’ৰে ভৰি পৰিছিল, ব্যৱহাৰকাৰীসকলে দাবী কৰিছিল যে এই বোৰ ২০২৪ চনৰ ডুবাইৰ বানপানীৰ ভিজুৱেল হয়।

তেনে এটা নাটকীয় ভিডিঅ’ত দেখা গৈছে যে গাড়ী, ঘৰ আৰু অন্যান্য বস্তু পানীৰ প্ৰচণ্ড সোঁতে উটুৱাই লৈ গৈছে। ভিডিঅ’টো এক ওখ ঠাইৰ পৰা ৰেকৰ্ড কৰা হৈছে য’ত আন কিছু স্তম্ভিত লোকক দেখা যায়। ফেচবুক আৰু এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টৰ পৰা ২০২৪ চনৰ ডুবাইৰ বানপানীৰ সৈতে সংযোগ কৰা কেপচন সহিত ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে। এনে ধৰণৰ পোষ্ট অসমীয়াতো দেখা গৈছে ।

এজন এক্স ব্যৱহাৰকাৰীয়ে দাবী কৰে যে ভিডিঅ’টোত ডুবাইৰ বানপানীৰ দৃশ্য দেখা গৈছে আৰু এই বানপানীৰ গাজাৰ শিশু আৰু মানুহৰ দুখ-কষ্টৰ ফল বুলি তেওঁ অভিযোগ কৰিছে। এই বিশেষ পোষ্টটো এতিয়ালৈকে এক লাখতকৈ অধিক বাৰ দৰ্শন কৰা হৈছে। পোষ্টবোৰৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, আৰু ইয়াত চাব পাৰিব।

ভাইৰেল এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কিন্তু এই ভিডিঅ’টো ২০১১ চনৰ ১১ মাৰ্চত জাপানত ৯.০ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত অহা ছুনামীৰ দৃশ্য হয়।

আমি কেনেকৈ উৎস বিচাৰি পালোঁ?

ভিডিঅ'টোৰ কীফ্ৰেম ব্যৱহাৰ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাত আমি জাপান নিউজ নেটৱৰ্কৰ FAST (Free Ad-Supported Streaming TV - বিনামূলীয়া বিজ্ঞাপন সমৰ্থিত ষ্ট্ৰীমিং টিভি) নিউজ চেনেল TBS News Dig (টিবিএছ নিউজ ডিগ) (ইয়াত আৰ্কাইভ)ৰ অফিচিয়েল ইউটিউব চেনেলত ফেব্ৰুৱাৰী ২৫, ২০২১ তাৰিখে আপলোড কৰা এটা বৰ্ধিত সংস্কৰণৰ ভিডিঅ’ বিচাৰি পালোঁ ।

বৰ্ণনাত ২০১১ চনৰ ১১ মাৰ্চত দেশখনত হোৱা প্ৰৱল ভূমিকম্পৰ পিছত জাপানক বুৰাই পেলোৱা ভয়ংকৰ চুনামী অহা কথা কোৱা হৈছে। ইয়াৰ উপৰিও ইউটিউব ভিডিঅ’টোত ছুনামীৰ সময়ত ইৱাটে প্ৰিফেকচাৰৰ মিয়াকো চহৰৰ উপকূলত গাড়ী আৰু কণ্টেইনাৰ, আদি উটুৱাই নিয়া দেখা গৈছে বুলি কোৱা হৈছে।

ভাইৰেল ভিডিঅ’ ক্লিপটো ইউটিউব ভিডিঅ’টোৰ প্ৰায় ১:৫৭ৰ পৰা আৰম্ভ হয় আৰু এক্সত শ্বেয়াৰ কৰা দাবীৰ এটা সংস্কৰণত প্ৰায় ৩:০৭ বজাত শেষ হয়। ফেচবুকত এই দাবী কৰিবলৈ ব্যৱহাৰ কৰা ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণ ১:৫৭ টাইমষ্টেম্পৰ পৰা আৰম্ভ হৈ ইউটিউব ভিডিঅ’টোৰ শেষলৈকে সম্প্ৰসাৰিত হৈছিল।

ভিডিঅ'টোত দেখা অঞ্চলৰ স্থান নিৰ্ণয় 

আমি ঠাইখনৰ জিঅ’লকেশ্যন কৰিবলৈ দীঘলীয়া আৰু তুলনামুলক ভাৱে স্পষ্ট ইউটিউব ভিডিঅ’টোত দেখা যোৱা বিভিন্ন চিনাক্তকৰণ মাৰ্কাৰ বিচাৰিলোঁ। ইউটিউব ভিডিঅ’টোত দিয়া তথ্যৰ পৰাও আমি কিছু ইংগিত লৈছিলো।

আমি ভাইৰেল ভিডিঅ’, ইউটিউব ভিডিঅ’, আৰু গুগল মেপত দেখা কিছু অট্টালিকাৰ মাজত সফলতাৰে তুলনা কৰি নিশ্চিত কৰিবলৈ সক্ষম হৈছিলো যে ভিজুৱেলসমূহত জাপানৰ ইৱাটে প্ৰিফেকচাৰৰ মিয়াকোৰ ৰিংকোড’ৰি, মিয়াকোত অৱস্থিত মিয়াকো মাছ বজাৰৰ আশে-পাশে থকা অঞ্চলটো দেখা গৈছে।

ভাইৰেল ভিডিঅ’, ইউটিউব ভিডিঅ’, আৰু গুগল মেপৰ স্ক্ৰীণশ্বটৰ মাজত তুলনা। (উৎস: স্ক্ৰীণশ্বট/এক্স/জেএনএন/গুগল মেপছ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

২০১১ চনৰ চুনামীৰ সময়ত মিয়াকোৰ মাছৰ বজাৰ

জাপান চৰকাৰৰ অফিচিয়েল ৱেবছাইটে প্ৰকাশ কৰা এক প্ৰতিবেদনত ২০১১ চনৰ চুনামীৰ ফলত চহৰখনৰ মাছ ধৰা উদ্যোগৰ ওপৰত প্ৰভাৱৰ বিষয়ে আলোচনা কৰাৰ সময়ত মিয়াকোৰ মাছৰ বজাৰৰ কথা উল্লেখ কৰা হৈছে। প্ৰতিবেদনত আৰু উল্লেখ কৰা হৈছে যে চুনামীয়ে মাছৰ বজাৰখন প্ৰায় ছাদলৈকে প্লাৱিত কৰি পেলাইছিল,  আৰু ইয়াত বানপানীত বুৰ যোৱা মিয়াকো বজাৰৰ এখন ছবিও অন্তৰ্ভুক্ত কৰা হৈছে যিখন আমি ভাইৰেল ভিডিঅ’ আৰু ইউটিউব ভিডিঅ’ত দেখা ভিজুৱেলৰ সৈতে মিল থকা দেখিছিলো।

জাপান চৰকাৰৰ অফিচিয়েল ৱেবছাইটৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/জাপান চৰকাৰ)

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত আচলতে ২০১১ চনৰ ১১ মাৰ্চত দেশখনত হোৱা ৯.০ ভূমিকম্পৰ প্ৰাবল্যৰ পিছত জাপানত হোৱা ছুনামীৰ দৃশ্য দেখা গৈছে। ২০২৪ চনৰ ডুবাইৰ বানপানীৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। সেয়েহে আমি দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।