২০১৭ চনৰ ভিডিঅ' পশ্চিমবংগত 'ৰোহিংগীয়াই হিন্দু মহিলাক বন্দী কৰা' বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

লেখক: এনেট প্ৰীতি ফুৰ্টাডো
আগষ্ট 25 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০১৭ চনৰ ভিডিঅ' পশ্চিমবংগত 'ৰোহিংগীয়াই হিন্দু মহিলাক বন্দী কৰা' বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ'টোত দেখা ঘটনা ২০১৭ চনৰ মে’ মাহত উত্তৰ প্ৰদেশত সংঘটিত হৈছিল। পশ্চিমবংগ বা "দ্য কেৰালা ষ্ট’ৰী"ৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই ।

ক্লেইম আইডি 90ae312f

পৃষ্ঠভূমি

“দ্য কেৰেলা ষ্ট’ৰী” ছবিখন মুক্তি পোৱাৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে বিভিন্ন পুৰণি ভিডিঅ' আৰু ভুৱা দাবী শ্বেয়াৰ হৈ থকা পৰিলক্ষিত হৈছে । ছবিখনত, কেৰেলাত হিন্দু মহিলাসকলক কিদৰে বলপূৰ্বকভাৱে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰকৰণ কৰাই পিছত আইছিছত ভৰ্তি কৰোৱা হয়, তাৰ সঁচা কাহিনী তুলি ধৰা হৈছে বুলি নিৰ্মাতাসকলে দাবী কৰিছে । আনহাতে, ছবিখনৰ সমালোচকৰ মতে এইয়া এক অপপ্ৰচাৰ, দুই-এটা বিক্ষিপ্ত ঘটনাৰ চিনেমাখনত দেখুওৱাৰ দৰে বৃহৎ পৰিসৰত এনে ঘটনা ঘটি থকাৰ প্ৰমাণ নাই । 

সমগ্ৰ ভাৰতত ছবিখনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ আৰম্ভ হয়, পশ্চিমবংগ চৰকাৰে ছবিখনৰ ৰাজহুৱা প্ৰদৰ্শন ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। এনেধৰণৰ কথা-বতৰাৰ মাজতে, পশ্চিমবংগত মহিলাৰ নিৰাপত্তাহীনতাৰ অভিযোগ তোলা এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ'টোত দুগৰাকী যুৱতীক শাৰীৰিক উৎপীড়ন চলোৱা কেইজনমান যুৱকৰ কবলৰ পৰা নিজক ৰক্ষা কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। ভিডিঅ’টোৰ সৈতে থকা কেপচনত এইদৰে লিখা আছে -  “এইখন হৈছে পশ্চিমবংগ ৰাজ্য, য’ত মমতা বেনাৰ্জীয়ে  #TheKeralastory-ক নিষিদ্ধ কৰিছে।” ভিডিঅ’টোত যুৱতী দুগৰাকীৰ কাবৌ-কাকূতি স্পষ্টকৈ শুনা যায়। কেপচনটোত লগতে এইদৰেও দাবী কৰা হৈছে যে "ৰহিংগীয়াসকলে হিন্দু মহিলাক প্ৰায়ে জনজাতীয় অঞ্চলত ধৰ্ষণ কৰি ধৰ্মান্তৰিত কৰে।"

অৱশ্যে, ভিডিঅ'টো প্ৰায় ছয় বছৰ পুৰণি আৰু পশ্চিমবংগ বা ৰহিংগীয়াৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই ।

প্ৰকৃত তথ্য

ভিডিঅ'টোৰ এটা কীফ্ৰেম ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি আমি উক্ত ফুটেজটো উত্তৰ প্ৰদেশৰ ৰামপুৰৰ বুলি জানিব পাৰো। ২০১৭ চনৰ ২৯ মে’ত দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এদল যুৱকে দুগৰাকী যুৱতীক ৰাজহুৱাভাৱে উৎপীড়ন চলোৱাৰ সময়ত ঘটনাটো সংঘটিত হৈছিল। আন একাংশ সংবাদ মাধ্যমে উল্লেখ কৰা মতে অভিযুক্ত কেইজনে তেওঁলোকৰ মোবাইল ফোনত উক্ত কাৰ্য্য ৰেকৰ্ড কৰি পিছত ফেচবুকত শ্বেয়াৰ কৰি দিয়ে।

ভিডিঅ'টো শীঘ্ৰে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, যাৰ ফলত ব্যাপক ক্ষোভৰ সৃষ্টি হয়। ইয়াৰ পিছতে, উত্তৰ প্ৰদেশ আৰক্ষীয়ে মূল অভিযুক্তজনক আটক কৰি আৰু ঘটনাটোৰ সৈতে জড়িত আন ১৪ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰে। 

২০১৭ চনৰ মে’ত প্ৰকাশিত দ্য টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত উল্লেখ কৰা মতে ভুক্তভোগীৰ পৰিয়ালৰ কোনো লোক আৰক্ষীক কাষ চপা নাছিল যদিও আৰক্ষীয়ে নিজাববীয়াকৈ ঘটনাৰ সৈতে জড়িত ১৪জন অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৪এ (যৌন নিৰ্যাতন), ৩৫৪বি (এগৰাকী মহিলাৰ ওপৰত আক্ৰমণ বা বল প্ৰয়োগ) তথ্য প্ৰযুক্তি আইনৰ অধীনত এখন এজাহাৰ ৰুজু কৰে।  

২০১৭ চনৰ ৩১ মে’ত হিন্দুস্তান টাইমছত প্ৰকাশিত এক বাতৰি অনুসৰি আৰক্ষীয়ে ১৪ জন অভিযুক্তৰ ১২ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। বাতৰিটোত মহিলা দুগৰাকীক দলিত সম্প্ৰদায়ৰ আৰু কমেও চাৰিজন অভিযুক্তক মুছলমান সম্প্ৰদায়ৰ বুলি চিনাক্ত কৰা হৈছে যদিও ৰোহিংগীয়াৰ কথা কোনোধৰণৰ উল্লেখ নাই। 

উত্তৰ প্ৰদেশৰ ৰামপুৰত সংঘটিত অপৰাধৰ এই ভিডিঅ'টোৰ "দ্য কেৰালা ষ্ট’ৰী" বা পশ্চিমবংগৰ সৈতে কোনো সম্পৰ্ক নাই। ৰহিংগীয়াসকলে হিন্দু মহিলাসকলক অপহৰণ কৰে, তেওঁলোকক ধৰ্মান্তৰিত হব বাধ্য কৰে, আৰু জনজাতীয় অঞ্চলত তেওঁলোকক যৌন উৎপীড়ন চলাই বুলি কেতবোৰ ভিত্তিহীন অভিযোগ আনি ভিডিঅ’টো মিছাকৈ প্ৰচাৰ কৰা হৈছে ।

সিদ্ধান্ত

ভিডিঅ'টোত দেখিবলৈ পোৱা ঘটনা ২০১৭ চনৰ মে’ মাহত উত্তৰ প্ৰদেশত সংঘটিত হৈছিল । পশ্চিমবংগত "দ্য কেৰালা ষ্ট’ৰী"ৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সৈতে ভিডিঅ'টো মিছাকৈ জড়িত কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।