চীনৰ ভিডিঅ’ মণিপুৰৰ শেহতীয়া শিলাবৃষ্টিৰ দৃশ্য হিচাপে প্ৰচাৰিত

লেখক: চন্দন বৰগোহাঁই
মে’ 9 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
চীনৰ ভিডিঅ’ মণিপুৰৰ শেহতীয়া শিলাবৃষ্টিৰ দৃশ্য হিচাপে প্ৰচাৰিত

ছ’চিয়েল মিডিয়াত মণিপুৰৰ শেহতীয়া শিলাবৃষ্টিৰ দৃশ্য বুলি চীনৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

ভাইৰেল ভিডিঅ'টো চীনৰ গুয়াংঝু অঞ্চলৰ বুলি জানিব পৰা গৈছে আৰু মণিপুৰৰ শেহতীয়া শিলাবৃষ্টিৰ আগৰে পৰা ভিডিঅ'টো ইণ্টাৰনেটত উপলব্ধ।

ক্লেইম আইডি fef0903d

কি দাবী কৰা হৈছে?

যোৱা ৫ মে’ত মণিপুৰত প্ৰচণ্ড বৰষুণ আৰু শিলাবৃষ্টিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰি ঘৰ-দুৱাৰ আৰু যান-বাহনৰ ক্ষতিসাধন কৰে। ৰাজ্য চৰকাৰে শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ৬.৯০ কোটি টকাৰ সাহায্য পেকেজ ঘোষণা কৰে। ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত মণিপুৰত প্ৰচণ্ড শিলাবৃষ্টিৰ দৃশ্য বুলি দাবী কৰা এটা ভিডিঅ’ ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে।

এক্সত ক্লিপটো শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ইয়াত ৰাজ্যখনত অহা ‘‘নেৰানেপেৰা বৰষুণ আৰু প্ৰচণ্ড শিলাবৃষ্টিৰ’’ দৃশ্য দেখা গৈছে, ভিডিঅ’টোৰ সৈতে তেওঁ ৰাজ্যখনত শিলাবৃষ্টিৰ ফলত হোৱা ক্ষতিসাধনৰ দুখন ফটোও শ্বেয়াৰ কৰিছে। ৫ আৰু ৬ মে'ত এক্স আৰু ফেচবুকত ভাইৰেল ক্লিপটো শ্বেয়াৰ কৰা এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

অৱশ্যে এই ভিডিঅ’টো মণিপুৰৰ নহয়, বৰঞ্চ ইয়াত যোৱা ২৭ এপ্ৰিলত চীনৰ গুৱাংঝু অঞ্চলত হোৱা শিলাবৃষ্টিৰ দৃশ্যহে দেখা গৈছে বুলি জানিব পৰা গৈছে।

আমি কি বিচাৰি পাওঁ?

ভিডিঅ'টোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি যোৱা ২৭ এপ্ৰিলত ‘ছিভিয়াৰ ৱেদাৰ ইউৰোপ’ নামৰ ৱেবছাইটৱে শ্বেয়াৰ কৰা এটা এক্স পোষ্ট লাভ কৰোঁ (ইয়াত আৰ্কাইভ কৰা হৈছে) য'ত লিখা আছিল, "এই সপ্তাহত চীনৰ গুৱাংছিত অদ্ভুত প্ৰকাণ্ড শিলাবৃষ্টিৰ ভিডিঅ'। ভিডিঅ'টো @yangyubin1998-এ পোষ্ট কৰিছিল।"

আমি ‘ছিভিয়াৰ ৱেদাৰ ইউৰোপ’-এ উল্লেখ কৰা এক্স ব্যৱহাৰকাৰী গৰাকীয়ে ২৭ এপ্ৰিলত শ্বেয়াৰ কৰা মূল ক্লিপটো বিচাৰি উলিয়ালোঁ (ইয়াত আৰ্কাইভ কৰা হৈছে), উক্ত ক্লিপটোৰ সৈতে তেওঁ পোষ্টটোত প্ৰচণ্ড বৰষুণ আৰু শিলাবৃষ্টি ধুমুহা দেখুওৱা আন এটা ক্লিপো শ্বেয়াৰ কৰিছে। পোষ্টটোৰ কেপচনত লিখা আছে, "এই দুদিন চীনৰ গুৱাংডং আৰু গুৱাংছিত শিলাবৃষ্টি।"

চীনৰ গুৱাংঝুত প্ৰতিকূল বতৰ, ঘূৰ্ণিবতাহ

এই সন্দৰ্ভত বাতৰি পৰিৱেশন কৰা কেইবাটাও স্থানীয় সংবাদ মাধ্যমে শিলাবৃষ্টিৰ আৰু প্ৰতিকূল বতৰৰ ফলত হোৱা ক্ষতিৰ ফটো শ্বেয়াৰ কৰিছে। ছাউথ চাইনা মৰ্নিং পোষ্টৰ মতে, বৰষুণ আৰু শিলাবৃষ্টিৰ লগতে প্ৰচণ্ড ঘূৰ্ণিবতাহে ২৭ এপ্ৰিলত দক্ষিণ চীনৰ গুৱাংঝু মহানগৰত ব্যাপক ক্ষতিসাধন কৰাৰ লগতে পাঁচজন লোকৰ মৃত্যু হয়।

ভাইৰেল ক্লিপটো বতৰ সম্পৰ্কীয় ভিডিঅ’ শ্বেয়াৰ কৰা ‘ডিজাষ্টাৰ কম্পাইলেচনছ’ নামৰ এটা ইউটিউব চেনেলত আপলোড কৰা (ইয়াত আৰ্কাইভ কৰা হৈছে) ‘‘দক্ষিণ চীনত প্ৰকাণ্ড শিলাবৃষ্টি - এপ্ৰিল ২৭ / ৩০,২০২৪ 中国的冰雹" শীৰ্ষক এটা ভিডিঅ’তো দেখা যায়। ভিডিঅ’টোৰ ০:০১ৰ পৰা ০:৩৩ টাইমষ্টাম্পত ভাইৰেল ক্লিপটো দেখিবলৈ পোৱা যায়। ভিডিঅ’টোৰ বৰ্ণনা অনুসৰি যোৱা ২৭ এপ্ৰিলৰ আবেলি গুৱাংঝুত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি হৈছিল। গুৱাংঝু হৈছে দক্ষিণ চীনৰ গুৱাংডং প্ৰদেশৰ ৰাজধানী।

চীনৰ এজন নাগৰিক সাংবাদিক ঝাও লাঞ্জিয়ানে গুৱাংঝুত বন্দী কৰা ভিডিঅ’ হিচাপে ২৭ এপ্ৰিলত এক্সত একেটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। 

লজিকেলী ফেক্টছে ভাইৰেল ভিডিঅ’টোৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে ‘টাইৱান ফেক্টচেক চেণ্টাৰ’ৰ সৈতে যোগাযোগ কৰাত তেওঁলোকৰ পৰা গুৱাংঝুত হোৱা ঘূৰ্ণিবতাহ আৰু শিলাবৃষ্টিৰ এটা ভিডিঅ’ লাভ কৰে, যিটো ২৭ এপ্ৰিলত চীনৰ অফিচিয়েল মিডিয়া এজেন্সী ছিনহুয়াই পোষ্ট কৰিছিল। ভাইৰেল ক্লিপটো এই ভিডিঅ'টোৰ ০০:১১ টাইমষ্টাম্পত দেখা যায়।

আমি নিজাববীয়াকৈ ভিডিঅ’টোৰ সঠিক স্থান নিৰ্ণয় কৰিব নোৱাৰিলো যদিও সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি, আৰু ছ’চিয়েল মিডিয়া পোষ্টৰ পৰা অনুমান কৰিব পাৰি যে ইয়াত দক্ষিণ চীনৰ গুৱাংঝু চহৰত হোৱা শিলাবৃষ্টিৰ দৃশ্য দেখা গৈছে। তদুপৰি, মণিপুৰত শিলাবৃষ্টি ৫ মে’ত হোৱাৰ বিপৰীতে ভাইৰেল ক্লিপটো ২৭ এপ্ৰিলৰ পৰা ইণ্টাৰনেটত উপলব্ধ, ইয়াৰ দ্বাৰা স্পষ্টকৈ বুজা যায় যে ভাইৰেল ভিডিঅ’টোৰ মণিপুৰৰ সৈতে কোনো সম্পৰ্ক নাই। 

আনহাতে ভাইৰেল ক্লিপটোৰ সৈতে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা আন দুখন ফটো ৫ মে’ত মণিপুৰত হোৱা প্ৰচণ্ড বৰষুণ আৰু শিলাবৃষ্টিকলৈ প্ৰকাশিত বাতৰিত প্ৰকাশ পাইছে।

সিদ্ধান্ত

২৭ এপ্ৰিলৰ পৰা ইণ্টাৰনেটত উপলব্ধ ভাইৰেল ভিডিঅ’টো মণিপুৰত হোৱা শেহতীয়া শিলাবৃষ্টিৰ আগৰ হয় আৰু সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে ইয়াত চীনত হোৱা শিলাবৃষ্টিৰ দৃশ্য দেখা গৈছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।