ম্যানমাৰত সংঘটিত ঘূৰ্ণিবতাহৰ ভিডিঅ' অসমৰ তিনিচুকীয়া বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
আগষ্ট 23 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ম্যানমাৰত সংঘটিত ঘূৰ্ণিবতাহৰ ভিডিঅ' অসমৰ তিনিচুকীয়া বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

বিশ্বাসযোগ্য সংবাদ প্ৰতিবেদনে নিশ্চিত কৰিছে যে ভিডিঅ'টোত ২১ এপ্ৰিলত ম্যানমাৰৰ ৰাজধানী চহৰ নেপিটাওৰ সমীৰত সংঘটিত এক ভয়ংকৰ ঘূৰ্ণিবতাহৰ দৃশ্য় দেখা গৈছে।

ক্লেইম আইডি 7cc98f0c

পৃষ্ঠভূমি

যোৱা এপ্ৰিল মাহৰ ২২ তাৰিখৰ নিশা তিনিচুকীয়া জিলাত অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত য'ত দুজনকৈ লোকে মৃত্যুক সাবটিব লগীয়া হৈছিল। ইষ্টমোজোৰ এক প্ৰতিবেদন অনুসৰি, শিলাবৃষ্টিৰ ফলত জিলাখনৰ বিভিন্ন ঠাইত বহু ঘৰ-দুৱাৰৰ ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে গছ-গছনি আৰু বিদ্যুতৰ খুঁটা উভালি পৰিছিল। এ এন আইৰ এক বাতৰি অনুসৰি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২৪ এপ্ৰিলত জিলা প্ৰশাসনে সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছিল। 

ইয়াৰ কিছু দিনৰ পিছতে মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত এজাক প্ৰচণ্ড ধুমুহাই ঘৰ-দুৱাৰ আৰু গছ-গছনি মহটিয়াই নিয়া দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰাসকলে দাবী কৰা মতে এইয়া তিনিচুকীয়াৰ মাজেৰে পাৰ হৈ যোৱা ধুমুহাজাকৰ দৃশ্য়। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "তিনিচুকীয়াত প্ৰথমবাৰৰ বাবে বতৰৰ এনে ৰূপ দেখিবলৈ পোৱা গৈছে সকলো নিৰাপদে থাকক।" অসমৰ নিউজ চেনেল প্ৰতিদিন টাইমেও ভিডিঅ’টো তিনিচুকীয়াত শেহতীয়াকৈ অহা ধুমুহাৰ সময়ৰ বুলি দাবী কৰি বাতৰি সম্প্ৰচাৰ কৰা দেখা গৈছে। 

অৱশ্যে এইয়া সঁচা নহয়; ভিডিঅ'টোত দেখা দৃশ্য় প্ৰকৃততে কিছুদিন পূৰ্বে মধ্য ম্যানমাৰত অহা ঘূৰ্ণিবতাহৰ সময়ৰহে।  

প্ৰকৃত তথ্য়

আমি ভিডিঅ’টোৰ এটা স্ক্ৰীণশ্বটত ৰিভাৰ্ছ ইমেজ কৰোঁ আৰু ২০২৩ চনৰ ২২ এপ্ৰিলত ইউটিউবত আপলোড কৰা এটা ভিডিঅ’ দেখিবলৈ পাঁও। ভিডিঅ’টোৰ সৈতে থকা বিৱৰণ অনুসৰি এইয়া ম্য়ানমাৰৰ ৰাজধানী চহৰ নেইপিটাওৰ সমীপৰ দুখন গাঁৱত ঘূৰ্ণিবতাহে চলোৱা তাণ্ডৱৰ দৃশ্য়। যোৱা ২১ এপ্ৰিলৰ সন্ধিয়া ঘূৰ্ণিবতাহে নাইপিটাওৰ দক্ষিণ উপকণ্ঠ অঞ্চলত ব্যাপক ধ্বংসলীলা চলাইছিল বুলি ইয়াত লগতে কোৱা হয়।

ভাইৰেল ভিডিঅ’টো আমি ‘দ্য ৱেদাৰ চেনেল’ত প্ৰকাশিত এটা প্ৰতিবেদনটো দেখিবলৈ পাওঁ। প্ৰতিবেদনটোত উল্লেখ কৰা মতে যোৱা ২১ এপ্ৰিলত ম্যানমাৰৰ ৰাজধানী অঞ্চলত উক্ত ঘূৰ্ণিবতাহৰ ফলত একাধিক লোকৰ প্ৰাণহানি হোৱাৰ লগতে শ শ ঘৰ-দুৱাৰৰ ক্ষতিসাধন হৈছিল। ‘এপি নিউজ’-ৰ মতে ঘূৰ্ণিবতাহৰ ফলত ম্যানমাৰত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০০-তকৈ অধিক ঘৰ-দুৱাৰ বিধ্বস্ত কৰে। ‘‘ৰাজধানী নেপিটাওৰ সমীপৰ মধ্য ম্যানমাৰৰ দুখন গাঁৱত সংঘটিত ঘূৰ্ণিবতাহত আঠজন লোকৰ মৃত্যু হয় আৰু ২০০ তকৈও অধিক ঘৰ-দুৱাৰ ধ্বংস হয়, এজন উদ্ধাৰকাৰী কৰ্মীয়ে শনিবাৰে কয়,’’ প্ৰতিবেদনটোত কোৱা হয়।

ইয়াৰ উপৰিও প্ৰতিবেদনটোত লগতে কোৱা হৈছে যে চৰকাৰী টেলিভিছন চেনেল এম আৰ টিভিৰ তথ্য অনুসৰি ম্যানমাৰৰ সামৰিক চৰকাৰৰ মুৰব্বী, জ্যেষ্ঠ সেনাপ্ৰধান মিন আং হ্লেইঙে (Min Aung Hlaing) শনিবাৰে অঞ্চলটো পৰিদৰ্শন কৰি বাসিন্দাসকলক সাহায্য প্ৰদান কৰে। 

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টো যোৱা ২২ এপ্ৰিলত তিনিচুকীয়াত সংঘটিত ধুমুহা-শিলাবৃষ্টিৰ সময়ৰ নহয়। বিশ্বাসযোগ্য সংবাদ প্ৰতিষ্ঠানত প্ৰকাশিত প্ৰতিবেদনে নিশ্চিত কৰিছে যে ভিডিঅ'টোত ২১ এপ্ৰিলত ম্যানমাৰৰ ৰাজধানী নেপিটাওৰ দক্ষিণ প্ৰান্তত সংঘটিত এক ভয়ংকৰ ঘূৰ্ণিবতাহৰ দৃশ্য় দেখা গৈছে। গতিকে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছোঁ।

(চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।