কুকি উগ্ৰপন্থীয়ে ‘ইম্ফল চহৰত আক্ৰমণৰ ভাবুকি’ দিয়া বুলি ম্যানমাৰৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
মাৰ্চ 4 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
কুকি উগ্ৰপন্থীয়ে ‘ইম্ফল চহৰত আক্ৰমণৰ ভাবুকি’ দিয়া বুলি ম্যানমাৰৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

ম্যানমাৰৰ ভিডিঅ’ক মণিপুৰ সংঘাতৰ সৈতে মিছাকৈ সংযোগ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

২০২৩ ডিচেম্বৰৰ এই ভিডিঅ’টোত ম্যানমাৰৰ এটা উগ্ৰপন্থী সংগঠনে জুন্টা চৰকাৰক ভাবুকি দিয়া দেখা গৈছে।ক্লিপটোত থকা অডিঅ’টো সম্পাদনা কৰি যোগ কৰা হৈছে ।

ক্লেইম আইডি 6caef96e

দাবী কি?

হিংসা আক্ৰান্ত উত্তৰ-পূব ভাৰতৰ ৰাজ্য মণিপুৰৰ কুকি উগ্ৰপন্থীৰ দৃশ্য বন্দী হৈছে বুলি দাবী কৰি এটা ভিডিঅ’ শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে ভিডিঅ’টোত কুকি উগ্ৰপন্থীয়ে মণিপুৰৰ ৰাজধানী চহৰ  ইম্ফলত এসপ্তাহৰ ভিতৰত আক্ৰমণ কৰাৰ ভাবুকি দিয়া দেখা গৈছে।

এজন ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এক্সত ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, “ব্ৰেকিং নিউজ: #KukiMilitantএ অহা সপ্তাহৰ ভিতৰত ইম্ফল চহৰত সম্ভাৱ্য আক্ৰমণৰ সতৰ্কবাণী প্ৰদান কৰিছে। কৰ্তৃপক্ষক নিৰাপত্তা ব্যৱস্থা অধিক উন্নত কৰাৰ লগতে বাসিন্দাসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে। সজাগ হৈ থাকক আৰু যিকোনো সন্দেহজনক গতিবিধিৰ খবৰ দিয়ক। #AbrogateSoO #IndiaUnderAttack” এই পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা এটা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট)

বৃহস্পতিবাৰে মণিপুৰ বিধানসভাই মণিপুৰৰ সকলো কুকি-জো উগ্ৰপন্থী সংগঠনৰ সৈতে হোৱা Suspension of Operations (SoO) চুক্তি বাতিলৰ বাবে ভাৰত চৰকাৰক আবেদন জনোৱাৰ পিছতে ‘AbrogateSoO’ হেচটেগ থকা এই ভিডিঅ’টো প্ৰকাশ পাইছে। ২০০৮ চনৰ আগষ্ট মাহত স্বাক্ষৰিত SoO, যাক শান্তি চুক্তি বুলিও কোৱা হয়, ভাৰত চৰকাৰ আৰু মণিপুৰ চৰকাৰৰ মাজত ২৫টা সশস্ত্ৰ কুকি গোটৰ সৈতে এক সহযোগিতামূলক প্ৰচেষ্টা আছিল। ইয়াৰ ম্যাদ আৰম্ভণিৰে পৰা প্ৰতি বছৰে বৃদ্ধি কৰি থকা হৈছে।

অৱশ্যে এই ভাইৰেল ভিডিঅ’টো ম্যানমাৰৰ হয় আৰু মণিপুৰত চলি থকা সংঘাতৰ সৈতে কোনো সম্পৰ্ক নাই।

আমি কি পাইছিলোঁ?

ভিডিঅ’টোৰ কীফ্ৰেম ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাত আমাৰ ২০২৩ চনৰ ২৩ ডিচেম্বৰৰ দ্য ইৰাৱাডীৰ (ম্যানমাৰ আৰু দক্ষিণ-পূব এছিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা সংবাদ মাধ্যম) এটা পোষ্ট দৃষ্টি গোচৰ হ’ল । উক্ত পোষ্ট অনুসৰি এই ভিডিঅ’টোত ম্যানমাৰৰ সামৰিক অভ্যুত্থানৰ প্ৰতি সঁহাৰি জনাই গঠিত সশস্ত্ৰ প্ৰতিৰোধ গোট কাৰেনি নেচনেলিটিজ ডিফেন্স ফৰ্চৰ কিছু সদস্য দেখা গৈছে।

পোষ্টটোত ভিডিঅ’টোত ভাষণ দিয়া ব্যক্তিজনক কাৰেনি নেচনেলিটিজ ডিফেন্স ফৰ্চৰ উপ-মুখ্য সেনাধ্যক্ষ মাৰৱী বুলি চিনাক্ত কৰা হৈছে। মাৰৱীয়ে ‘কাৰেনি ৰাজ্যৰ জুন্টা সৈন্য আৰু আৰক্ষীৰ যিকোনো এটা বিকল্প আছে: আত্মসমৰ্পণ বা ধ্বংস হোৱা’

ভিডিঅ’টোৰ অডিঅ’ৰ বিষয়ে আৰু জানিবলৈ আমি ম্যানমাৰৰ চিন ৰাজ্যৰ চিন জনগোষ্ঠীয় গৱেষক ছালাই ভান বাৱি মাঙৰ পৰামৰ্শ লৈছিলো। ভিডিঅ’টোৰ উৎপত্তি আৰু ভাষা নিশ্চিত কৰি ছালাই ভানে কয় যে, “মই ভিডিঅ’টো পৰীক্ষা কৰিলোঁ; ব্যক্তিজনে জুন্টা শাসন ব্যৱস্থাক সতৰ্কবাণী দি কয়: ‘আপোনাৰ দুটা বিকল্প আছে, হয় জনসাধাৰণৰ সৈতে থিয় হওক নহয় ধ্বংস হ’ব। আপুনি বিচৰা ধৰণে বাছি লওক; পৰাজিত হ’বলৈ সাজু থাকক।’”

অধিক অনুসন্ধানত প্ৰকাশ পাইছে যে ম্যানমাৰ নাওকে ধৰি ম্যানমাৰৰ বিভিন্ন সংবাদ মাধ্যমে ২০২৩ চনৰ ২২ ডিচেম্বৰত একেটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। উক্ত বাৰ্মিজ কেপচনৰ ইংৰাজী অনুবাদ দ্য ইৰাৱাডী আৰু মাঙে প্ৰদান কৰা তথ্যৰ সৈতে মিল আছে।

ভাইৰেল ভিডিঅ’টোৰ আৰু ম্যানমাৰ নাও ভিডিঅ’ৰ স্ক্ৰীণশ্বটৰ মাজত তুলনা। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভাইৰেল ভিডিঅ’ৰ অডিঅ’ এডিট কৰা হৈছে

ভাইৰেল ক্লিপটোক মূল ভিডিঅ’টোৰ সৈতে তুলনা কৰি দেখা গ’ল যে প্ৰথমটোত পৰিৱৰ্তিত অডিঅ’ আছে। ইম্ফলৰ এজন সাংবাদিক তথা মেইটেই ভাষীয়ে, নাম প্ৰকাশ নকৰাকৈয়ে, তৰ্জনী আঙুলি উঠাই কথা কোৱা ব্যক্তিজনে মেইটেই ভাষাত কথা কৈছে বুলি উল্লেখ কৰি কয় যে, "মুখ্যমন্ত্ৰী বীৰেণ সিং, মন কৰক, আমি ইম্ফল চহৰৰ হৃদপিণ্ড কংলা দুমাহৰ ভিতৰত দখল কৰিম (কংলা দুৰ্গ)।"

ভাইৰেল ক্লিপটোত আমি অডিঅ’টোৰ উৎপত্তিৰ উৎস সন্ধান উলিয়াব নোৱাৰিলেও এইটো স্পষ্ট যে ভিডিঅ’টোত এজন কুকি উগ্ৰপন্থীয়ে ইম্ফল আক্ৰমণৰ ভাবুকি দিয়া বুলি বিভ্ৰান্তিকৰ দাবী এটাৰ প্ৰচাৰ চলাবলৈ   ইয়াক সম্পাদনা কৰি যোগ কৰা হৈছে । 

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত প্ৰকৃততে ম্যানমাৰৰ এটা সামৰিক সংগঠনে জুন্টা চৰকাৰৰ বিৰুদ্ধে সতৰ্কবাণী জাৰি কৰা দেখা গৈছে। ভিডিঅ’টো মণিপুৰ সংঘাতৰ সৈতে মিছাকৈ সংযোগ কৰিবলৈ সম্পাদনা কৰা অডিঅ’ৰ সৈতে শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।