অযোধ্যাৰ ৰাম মন্দিৰত উঠা দান-বৰঙণিৰ দৃশ্য হিচাপে ৰাজস্থানৰ ভিডিঅ' শ্বেয়াৰ কৰা হৈছে

লেখক: ৰাজেশ্বৰী পৰাশা
ফেব্ৰুৱাৰী 2 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
অযোধ্যাৰ ৰাম মন্দিৰত উঠা দান-বৰঙণিৰ দৃশ্য হিচাপে ৰাজস্থানৰ ভিডিঅ' শ্বেয়াৰ কৰা হৈছে

অনলাইন যোগে প্ৰচাৰিত ভাইৰেল দাবীৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এই ভাইৰেল ভিডিঅ’টো ৰাজস্থানৰ সাঁৱলিয়া মন্দিৰৰ হয় আৰু অযোধ্যাত ৰাম মন্দিৰ অভিষেক অনুষ্ঠানৰ কেইবাদিনো পূৰ্বে বন্দী কৰা হৈছিল।

ক্লেইম আইডি 597b8738

দাবী কি?

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত ২০২৪ চনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হোৱা অভিষেক অনুষ্ঠানৰ পিছত অযোধ্যাৰ নতুন ৰাম মন্দিৰে লাভ কৰা অনুদান দেখুওৱা বুলি দাবী কৰা হৈছে। ২০ ছেকেণ্ডৰ এই ক্লিপটোত কেইবাজনো ব্যক্তিয়ে ট্ৰাংকৰ পৰা সৰু সৰু টোপোলালৈ নগদ ধন স্থানান্তৰ কৰা দেখা গৈছে।

এক্স (পূৰ্বতে টুইটাৰ নামেৰে পৰিচিত)ৰ এজন ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো পোষ্ট কৰি কেপচন দিছে- “‘অযোধ্যা ধাম’ৰ ৰাম মন্দিৰত প্ৰথম দিনাই আধা দিনৰ ভিতৰতে দানৰ বাকচটো বেংকনোটেৰে ভৰি পৰিছিল। ₹৩ কোটি ১৭ লাখ টকাৰ সংগ্ৰহ  হ'ল। ইয়াক 'টেম্পুল ইকনমী' বুলি কোৱা হয়। কিমান বিদ্যালয় আৰু চিকিৎসালয় নিৰ্মাণ কৰিব পাৰি?"

একেধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব।

অনলাইনত যোগে প্ৰচাৰিত ভাইৰেল দাবীৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আনহাতে, অসমীয়া ৱেব পৰ্টেল টাইমছ ৮-ৰ ফেচবুক পেজত ভিডিঅ'টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, ''হৃদয় খুলি ৰাম মন্দিৰত লাখ-লাখ ভক্তই কৰিলে দান। দানপাত্ৰত প্ৰথম দিনটোতেই ৩ কোটি ১৭ লাখ টকা দান কৰিলে ভক্তই।''

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা টাইম ৮-ৰ ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই ভিডিঅ’টো অযোধ্যাৰ নহয়, বৰঞ্চ ৰাজস্থানৰহে হয়।

আমি অনুসন্ধান কৰি কি পালো?

ভিডিঅ’টোৰ কিফ্ৰেম ব্যৱহাৰ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ চলোৱাত আমি ইউটিউবত একেধৰণৰ ভিডিঅ' বিচাৰি পালোঁ, যি ইউটিউব শ্বৰ্ট হিচাপে প্ৰকাশ কৰা হৈছিল। ১৯ জানুৱাৰী, ২০২৪ তাৰিখৰ এই ভিডিঅ'টোত হিন্দী ভাষাত এটা কেপচন দিয়া হৈছে যাৰ অনুবাদ হৈছে: "চিত্তৰগড় ৰাজস্থানৰ সাঁৱলিয়া ছেঠ মন্দিৰ, আটাইতকৈ চহকী মন্দিৰ।" ইয়াৰ উপৰিও ইউটিউব ভিডিঅ’টোত ইনষ্টাগ্ৰাম একাউণ্ট ‘@Sanwaliya_seth_1007’ৰ পৰা এটা ৱাটাৰমাৰ্ক অন্তৰ্ভুক্ত কৰা হৈছে।

একাউণ্টটোৰ মালিক @Sanwaliya_seth_1007 বা নীতিন বৈষ্ণৱে নিজৰ বায়’ত ৰাজস্থানৰ সাঁৱলিয়া মন্দিৰত পুৰোহিত বুলি পৰিচয় দিছে। এই ভিডিঅ’টো তেওঁ ২০২৪ চনৰ ১৬ জানুৱাৰীত ইনষ্টাগ্ৰামত আপলোড কৰিছিল । মন্দিৰত ১২ কোটি আৰু ৬৯ লাখ টকাৰ অভিলেখকাৰী অনুদান লাভ কৰা বুলি উক্ত ভিডিঅ’ৰ কেপচনত লিখা আছিল । সাঁৱলিয়া ছেঠ মন্দিৰ ৰাজস্থানৰ চিত্তৰগড় জিলাত অৱস্থিত আৰু হিন্দু দেৱতা ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি উৎসৰ্গিত ।

লজিকেলী ফেক্টছে সাঁৱলিয়া মন্দিৰৰ প্ৰশাসনিক বিষয়া নন্দকশোৰ দৰ্জীৰ সৈতে যোগাযোগ কৰে আৰু তেওঁ নিশ্চিত কৰে যে ৰাম মন্দিৰৰ অনুদান হিচাপে প্ৰচাৰিত হোৱা ভিডিঅ’টোত প্ৰকৃততে সাঁৱলিয়া মন্দিৰৰ হয়। তেওঁ বুজাই দিলে, "আমাৰ মাহেকীয়া অনুদানৰ বাকচটো খুলি বৰঙণি গণনাৰ অনুষ্ঠানৰ সময়ত ভিডিঅ'টো ২০২৪ চনৰ ১০ জানুৱাৰীত আমাৰ মন্দিৰত বন্দী কৰা হৈছিল। এই প্ৰথা আমি অমাৱস্যাৰ এদিন আগতে প্ৰতিমাহে কৰোঁ ।"

অধিক অনুসন্ধানত এই মন্দিৰটো ভক্তৰ পৰা উল্লেখযোগ্য অনুদান লাভ কৰাৰ বাবে বিখ্যাত বুলি জানিব পৰা গৈছে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ডি এন এৰ এক প্ৰতিবেদনত আলোকপাত কৰা হৈছিল যে বৃহৎ অনুদান মন্দিৰত এক নিয়মীয়া পৰিঘটনা।

সিদ্ধান্ত

ৰাজস্থানৰ সাঁৱলিয়া মন্দিৰত চান্দা বাকচ খালী কৰা ভিডিঅ’টোক অযোধ্যাৰ ৰাম মন্দিৰলৈ আগবঢ়োৱা অনুদানৰ দৃশ্য বুলি ভুলকৈ প্ৰচাৰ কৰা হৈছে। ফলস্বৰূপে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।