ৰাজস্থানৰ ভিডিঅ’ কেৰেলাত মুছলমানে ৰে’ল বগৰাবলৈ চলোৱা অচেষ্টাৰ দৃশ্য বুলি প্ৰচাৰিত

লেখক: চন্দন বৰগোহাঁই
এপ্ৰিল 1 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাজস্থানৰ ভিডিঅ’ কেৰেলাত মুছলমানে ৰে’ল বগৰাবলৈ চলোৱা অচেষ্টাৰ দৃশ্য বুলি প্ৰচাৰিত

কেৰেলাত মুছলমানে ৰে’ল বগৰাবলৈ চেষ্টা চলোৱা বুলি মিছাকৈ দাবী কৰি ভিডিঅ'টো শ্বেয়াৰ কৰা হৈছে। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

এইটো কেৰেলাৰ ভিডিঅ’ নহয়, বাতৰি অনুসৰি ২০২৩ চনৰ অক্টোবৰত ৰাজস্থানত দুটি নাবালকে ৰে’লপথৰ ওপৰত এইদৰে শিলগুটি ৰাখি থৈছিল।

ক্লেইম আইডি 994d5c13

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত কেইজনমান ৰে’লৱে কৰ্মচাৰীয়ে ৰে’লপথৰ পৰা শিলগুটি আৰু ৰে’লপথৰ জইণ্টত সুমুৱাই থোৱা এডাল সৰু লোহাৰ ৰড আঁতৰোৱা দেখা গৈছে। ‘আছামিছ অনলাইন’ নামৰ নিজকে নিউজ পৰ্টেল হিচাপে পৰিচয় দিয়া এটা ফেচবুক পে’জে যোৱা ২৩ মাৰ্চত এই ভিডিঅ'টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, "কেৰেলাত মুছলমানে ৰে’ল বগৰাবলৈ চেষ্টা কৰাৰ দৃশ্য।’’ উক্ত পোষ্টটোৰ লগতে একেধৰণৰ দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰা আন এটা পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

 ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা এটা ছ’চিয়েল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে একেটা ভিডিঅ’ ২৮ মাৰ্চত ফেচবুকত শ্বেয়াৰ কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) বাংলাত লিখিছিল, "এইখন দেশত এনেকুৱা বহুত (যৌনকৰ্মীক উদ্দেশ্যী কোৱা গালি) সন্তান আছে যি এইখন দেশৰ পৰা খায় কিন্তু... দেশৰ ক্ষতি কৰিবলৈও সাজু থাকে।"

অৱশ্যে এই ভিডিঅ’টো ২০২৩ চনৰ অক্টোবৰৰ হয়। বাতৰি অনুসৰি ভিডিঅ’টোত ৰে’ল কৰ্মচাৰীয়ে ৰাজস্থানত দুটা শিশুৱে ৰে’লপথত পাৰি থোৱা শিলগুটি আঁতৰোৱা দেখা গৈছে।

আমি কি বিচাৰি পালোঁ?

আমি ভিডিঅ’টোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু ২০২৩ চনৰ ২ অক্টোবৰত একেটা ক্লিপ প্ৰকাশ কৰা এনডিটিভিৰ এটা প্ৰতিবেদন লাভ কৰিলোঁ। প্ৰতিবেদনটোৰ মতে উদয়পুৰ-জয়পুৰ বন্দে ভাৰত এক্সপ্ৰেছে জয়পুৰ দিশে যাত্ৰা কৰি থকাৰ সময়ত ট্ৰেইনখনৰ চালকে ৰে’লপথৰ ওপৰত পাৰি থোৱা শিলগুটিবোৰ দেখা পায়। “ঘটনাস্থলীত ৰেকৰ্ড কৰা এটা ভিডিঅ’ত ৰে’লৱেৰ কৰ্মচাৰীয়ে ৰেলপথৰ পৰা শিল আঁতৰাই থকা দেখা গৈছে,” প্ৰতিবেদনত কোৱা হয়।

 ভাইৰেল ভিডিঅ'টো সন্নিবিষ্ট এনডিটিভিৰ প্ৰতিবেদনৰ স্ক্ৰীণশ্বট। (উৎস: এনডিটিভি/স্ক্ৰীণশ্বট)

আমি ছ'চিয়েল মিডিয়াত পোৱা ভিডিঅ'টোৰ আটাইতকৈ পুৰণি সংস্কৰণটো (ইয়াত আৰ্কাইভ কৰা হৈছে) @Railwhispers য়ে ২০২৩ চনৰ ২ অক্টোবৰত পোষ্ট কৰিছিল, য'ত লিখা আছিল, "ইউডিজেড টু জেপি আজি #ভিলৱাৰা ট্ৰেকত #বন্দেভাৰতএক্সপ্ৰেছ #দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিব লাগে!"

নিউজ ১৮ৰ মতে, ২০২৩ চনৰ ২ অক্টোবৰৰ পুৱা প্ৰায় ১০ বজাত ৰাজস্থানৰ চিত্তৰগড় জিলাৰ গংগাৰাৰ-ছোনিয়ানা অঞ্চলত এই ঘটনা সংঘটিত হৈছিল। উত্তৰ পশ্চিম ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া কেপ্তেইন শশী কিৰণৰ উদ্ধৃতি দি ৰে’লৱে সুৰক্ষা বাহিনী (আৰ পি এফ)য়ে ৰে’ল আইনৰ অধীনত গোচৰ ৰুজু কৰা বুলি প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে। 

ইয়াৰ উপৰিও আমি ২০২৩ চনৰ ৪ অক্টোবৰত প্ৰকাশিত ইণ্ডিয়া টুডেৰ এটা প্ৰতিবেদন লাভ কৰোঁ য’ত আৰক্ষীৰ ভাষ্য ব্যৱহাৰ কৰি দুটি শিশুৱে এই কাম কৰা বুলি উল্লেখ কৰা হৈছে। ‘‘গংৰাৰৰ উপ-আৰক্ষী অধীক্ষক শ্ৰৱণ দাসৰ মতে, দুটা শিশুৱে খেলি থকাৰ মাজতে ৰে’লপথত শিলগুটি আৰু লোহাৰ ৰডডাল ৰাখিছিল’’ বুলি উল্লেখ কৰি প্ৰতিবেদনটোত দুয়োজন অভিযুক্তক আৰক্ষীয়ে আটক কৰে বুলি কয়। 

যিহেতু ঘটনাটোৰ সৈতে অপ্ৰাপ্তবয়স্কৰ নাম জড়িত হৈ আছে সেয়ে ভিডিঅ’টোত সাম্প্ৰদায়িক দিশ আছে নে নাই তাক আমি নিজাববীয়াকৈ নিৰ্ণয় কৰিব পৰা নাই। অৱশ্যে এই কথা নিশ্চিত যে দাবী কৰাৰ দৰে ভিডিঅ’টো কেৰেলাৰ নহয়।

সিদ্ধান্ত

২০২৩ চনৰ অক্টোবৰৰ এই ভিডিঅ’টোত ৰাজস্থানৰ চিত্তৰগড়ত ৰে’লপথত স্থাপন কৰা শিলগুটি দেখুওৱা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি কেৰালাত মুছলমানে ৰে’ল বগৰাবলৈ অপচেষ্টা চলোৱা বুলি মিছাকৈ দাবী কৰা হৈছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।