ছিৰিয়াৰ ভিডিঅ’ মণিপুৰৰ হিংসাৰ ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: বিবেক জে
ছেপ্তেম্বৰ 25 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ছিৰিয়াৰ ভিডিঅ’ মণিপুৰৰ হিংসাৰ ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে

ছিৰিয়াৰ ভিডিঅ’ মণিপুৰৰ হিংসাৰ ভিডিঅ’ বুলি দাবী কৰা X পোষ্টৰ স্ক্ৰীণশ্বট । (উৎস: X/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

এই ভিডিঅ’টোৰ মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ সৈতে সম্পৰ্ক নাই। এইটো ২০২৩ চনৰ জুনত ছিৰিয়াৰ গোলান হাইটছ অঞ্চলত হোৱা প্ৰতিবাদৰ সময়ৰ ভিডিঅ’ হয়।

ক্লেইম আইডি 4228b942

পৃষ্ঠভূমি

গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰত  হিংসাত্মক ঘটনাত এই পৰ্যন্ত প্ৰায় ১৭৫ জন লোকৰ মৃত্যু হোৱাৰ উপৰি  ৪৭০০ৰো অধিক ঘৰত অগ্নি সংযোগ আৰু ৩৮৬টা উপাসনাস্থলী ভাঙি পেলোৱা হৈছে।

এনে প্ৰেক্ষাপতত উক্ত হিংসাক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত বিভিন্ন লোকে অসংলগ্ন ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰি ভূৱা বাতৰি বিয়পাই থকা দেখা গৈছে। 

X (এক্স - পূৰ্বে টুইটাৰ)ত এনে এটা ভিডিঅ’ শ্বেয়াৰ কৰি  হিংসা জৰ্জৰিত ৰাজ্যখনত ‘‘ভাৰতীয় জনতা পাৰ্টি সমৰ্থিত উগ্ৰপন্থী’’ৰ আক্ৰমণৰ পৰা বাচিবলৈ একাংশ জনজাতীয় লোকে হাবিৰ মাজলৈ পলাই যোৱা দেখিবলৈ পোৱা গৈছে বুলি দাবী কৰা হৈছে। ভিডিঅ’টোৰ সৈতে হিন্দীত লিখিত কেপচনত এইবুলি কোৱা হৈছে - ‘‘#মণিপুৰ ভাজপা সমৰ্থিত উগ্ৰপন্থীয়ে পুনৰ জনজাতীয় অঞ্চলসমূহত ভীষণ বোমাবর্ষণ চলায়। আদিবাসী লোকসকলে তেওঁলোকৰ জীৱন ৰক্ষা কৰিবলৈ হাবিৰ ফালে পলাই গৈছিল।" একেটা ভিডিঅ' একেধৰণৰ বৰ্ণনাৰে ফেচবুকতো শ্বেয়াৰ কৰা হৈছিল। (ইয়াত আৰু ইয়াত আৰ্কাইভ সংস্কৰণ চাওক)

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট (উৎস: এক্স/স্ক্ৰীণশ্বট)

অৱশ্যে, এই ভিডিঅ'টো মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ সৈতে সম্পৰ্কিত নহয়। 

প্ৰকৃত তথ্য

আমি ভিডিঅ'টোৰ একাংশ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰোঁ আৰু ২২ জুনত "আল-জাৰ্মাক নিউজ" নামৰ এটা আৰবী বাতৰি ৱেবছাইটত প্ৰকাশিত এটা প্ৰতিবেদন বিচাৰি পাওঁ। প্ৰতিবেদনটোত ভাইৰেল ভিডিঅ'টোত দেখা একেখন ফটো দেখিবলৈ পোৱা যায়। উক্ত প্ৰতিবেদনটো গোলান হাইটছ অঞ্চলত কৃষক আৰু ইজৰাইলী বাহিনীৰ মাজত সংঘটিত সংঘৰ্ষ সম্পৰ্কীয় আছিল। 

আমি একাধিক কীৱৰ্ড চাৰ্চৰ জৰিয়তে আল-জাৰ্মাকত প্ৰকাশ পোৱাৰ দৰে ইন্টাৰনেটত ইজৰাইল-শাসিত গোলান হাইটছত বায়ু টাৰ্বাইন নিৰ্মাণক লৈ সংঘটিত ঘটনাৰ প্ৰতিবেদন বিচাৰিছিলো। ১৯৬৭ চনত ছয় দিনীয়া যুদ্ধৰ সময়ত ইজৰাইলে গোলান হাইটছত চিৰিয়াৰ কিছু অংশ সংযোজন কৰে। আমি চলিত বৰ্ষৰ ২১ আৰু ২২ জুনত প্ৰকাশিত ভিডিঅ’ত দেখা উক্ত ঘটনাৰ একাধিক বাতৰি প্ৰতিবেদন লাভ কৰোঁ।

ভাইৰেল ভিডিঅ'ৰ মূল ভিডিঅ'ৰ সৈতে তুলনা । (উৎস: X (বাওঁফালে)/অৰিয়েণ্ট টিভি (সোঁফালে)/স্ক্ৰীণশ্বট)

যোৱা ২১ জুনত তুৰ্কীস্থিত অৰিয়েণ্ট টিভিৰ ইউটিউব চেনেলত আপলোড কৰা গোলান হাইটছত সংঘটিত সংঘৰ্ষৰ এক প্ৰতিবেদনত একেখিনি দৃশ্য দেখিবলৈ পোৱা যায়। এই ইউটিউব ভিডিঅ'টোৰ শিৰোনামটোত লিখা আছিল, "একেৰাহে দ্বিতীয়টো দিনৰ বাবে ইজৰাইলী দখলকাৰী বাহিনীয়ে অধিকৃত চিৰিয়ান গোলানৰ হাফায়েৰ অঞ্চলৰ লোকসকলক আক্ৰমণ কৰিছিল কিয়নো তেওঁলোকে নিজৰ ভূমিত বিদ্যুৎ উৎপাদনকাৰী গোট (বায়ু শক্তি ফেন) নিৰ্মাণ প্ৰতিহত কৰিবলৈ প্ৰতিবাদৰ কৰিছিল।" 

২১ জুনত স্কাই নিউজ আৰবিয়াৰ ইউটিউব চেনেলত প্ৰকাশিত আন এক প্ৰতিবেদনত একে দৃশ্য ব্যৱহাৰ কৰাৰ লগতে ভিডিঅ'টোত থকা লোকসকল চিৰিয়াৰ কৃষক বুলি দাবী কৰা হৈছিল। 

আৰব নিউজৰ প্ৰতিবেদন অনুসৰি কৃষকসকলৰ সন্মতি অবিহনে টাৰ্বাইন স্থাপনৰ বাবে বায়ু টাৰ্বাইন স্থাপনকাৰী কোম্পানী এটাই তেওঁলোকৰ ভূমি ব্যৱহাৰ কৰা অনা অভিযোগৰ পিছতে ইজৰাইলী নিৰাপত্তা বাহিনী আৰু গোলান হাইটছৰ দ্ৰুজ সম্প্ৰদায়ৰ কৃষকসকলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়৷ এই সংঘৰ্ষৰ বিষয়ে ৰয়টাৰ আৰু এপি নিউজেও একে ধৰণৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল৷

সিদ্ধান্ত

উগ্ৰপন্থীৰ আক্ৰমণৰ পৰা বাচিবলৈ মণিপুৰৰ জনজাতীয় লোকে হাবিৰ মাজলৈ পলাই যোৱা বুলি দাবী কৰা ভিডিঅ'টোৰ হিংসাজৰ্জৰিত ৰাজ্যখনৰ সৈতে সম্পৰ্কিত নহয়। এই ভিডিঅ'টো ইজৰাইল আৰু চিৰিয়াৰ সীমান্তৱৰ্তী গোলান হাইটছৰ বিবাদমান অঞ্চলৰ, য'ত কিছুমান বায়ু টাৰ্বাইন স্থাপনক লৈ প্ৰতিবাদ হৈছিল। সেয়েহে, আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।