চীনত চৰকাৰে মছজিদ ভঙাৰ দৃশ্য বুলি তুৰস্কৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

লেখক: এনেট প্ৰীতি ফুৰ্টাডো
ফেব্ৰুৱাৰী 13 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
চীনত চৰকাৰে মছজিদ ভঙাৰ দৃশ্য বুলি তুৰস্কৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

চীন চৰকাৰে এটা মছজিদ ভাঙি পেলোৱা বুলি দাবী কৰি এটা ভিডিঅ' শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো চীনৰ ভিডিঅ’ নহয়। ইয়াত তুৰস্কৰ আদানা চহৰত প্ৰশাসনে এটা ধ্বংসপ্ৰাপ্ত মিনাৰ ভাঙি পেলোৱা দেখা গৈছে।

ক্লেইম আইডি 1fb0eb95

কি দাবী কৰা হৈছে?

চীন চৰকাৰে দেশখনত থকা এটা মছজিদৰ ওপৰত উচ্ছেদ অভিযান চলোৱাৰ দৃশ্য বুলি দাবী কৰি এটা তিনি ছেকেণ্ডৰ ক্লিপ একাধিক লোকে এক্সত ব্যাপকভাৱে শ্বেয়াৰ কৰিছে। ক্লিপটোত এখন হালধীয়া ৰঙৰ এক্সকেভেটৰ এখন পিছুৱাই যোৱাৰ সময়ত এটা মিনাৰ খহি পৰা দেখা গৈছে। ভিডিঅ’টোত দুজন ব্যক্তি দেখা গৈছে: এজনে বিষয়া-কৰ্মচাৰীয়ে পিন্ধা জেকেটৰ দৰে এটা চোলা পৰিধান কৰাৰ বিপৰীতে আনজনে নিজৰ মোবাইল ফোনেৰে মিনাৰটো ভাঙি পৰা দৃশ্যটো ৰেকৰ্ডিং কৰি আছে।

ইউৰোপৰ সংবাদ সংস্থা ভিচেগ্ৰাড ২৪-এ এক্সত এতিয়া ডিলিট কৰা এটা পোষ্টত ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছিল, "চীন চৰকাৰে আন এটা মছজিদ ধ্বংস কৰিছে। চীনৰ কমিউনিষ্ট পাৰ্টিয়ে মুছলমান উইঘুৰৰ বিৰুদ্ধে চলাই অহা দমনৰ অংশ হিচাপে মছজিদসমূহৰ ওপৰত অভিযান অব্যাহত ৰাখিছে। কিন্তু ইয়াৰ পিছতো আৰব নেতাসকলে সমালোচনাৰ নামত এটাও শব্দ উচ্চাৰণ কৰা নাই। ইহুদী নাই বাবে বাতৰিও নাই?'' 

উক্ত পোষ্টটোৱে প্ৰায় ৫৫৬,১০০ টা ভিউ লাভ কৰিছে। আন অসংখ্য ব্যৱহাৰকাৰীয়েও একেধৰণৰ কেপচনৰ সৈতে ভিডিঅ’টো শ্বেয়াৰ কৰিছিল। সেইসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব৷

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আন এজন এক্স ব্যৱহাৰকাৰীয়ে  ভিডিঅ'টোৰ কেপচনত লিখিছে, "চীন চৰকাৰে দিনৰ পোহৰতে আন এটা মছজিদৰ ওপৰত বুলডজাৰ চলায়... जिहादियों में सन्नाटा क्यों।'' আৰ্কাইভ কৰা সংস্কৰণ ইয়াত পোৱা যাব ৷ 

উল্লেখযোগ্য যে ২০১৬ চনৰ পৰা জি জিনপিঙৰ নিৰ্দেশনাত চীনৰ কমিউনিষ্ট পাৰ্টিয়ে দেশখনৰ ধৰ্মীয় আৰু জনগোষ্ঠীয় সংখ্যালঘুসকলৰ ওপৰত নিয়ন্ত্ৰণ তীব্ৰতৰ কৰি তুলিছে, বিশেষকৈ "ধৰ্মৰ চীনাকৰণ"ৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। শেহতীয়াকৈ ২০২৩ চনৰ নৱেম্বৰ মাহত চীনৰ প্ৰশাসনে জিনজিয়াঙত একেধৰণৰ অভিযানৰ অধীনত উল্লেখযোগ্য মুছলমান জনসংখ্যা থকা অঞ্চল নিংছিয়া আৰু গানছুৰ অসংখ্য মছজিদ বন্ধ কৰে নতুবা পৰিৱৰ্তন কৰে। নিংছিয়া আৰু গানছুত মছজিদৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱাৰ কথা উল্লেখ কৰা হিউমেন ৰাইটছ ৱাচ নামৰ সংস্থাৰ গৱেষকসকলৰ মতে এই পদক্ষেপ হৈছে চীনৰ ধৰ্মীয় সংখ্যালঘুসকলক আত্মীকৰণ কৰাৰ এক বৃহত্তৰ অভিযানৰ অংশ।    

ভাইৰেল ফুটেজটো ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ হয় আৰু ভিডিঅ’টোত দেখা স্থান তুৰস্কৰ আদানা চহৰৰ হয়। 

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ভিডিঅ’টোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি তুৰস্কৰ ইস্তানবুলত অৱস্থিত অনলাইন কাকত গেজেট ডুভাৰৰ এটা প্ৰবন্ধ লাভ কৰোঁ। এই প্ৰতিবেদনটো ২০২৩ চনৰ ২৩ ফেব্ৰুৱাৰীত প্ৰকাশ পাইছিল, আৰু ইয়াত আউটলেটটোৰ ইউটিউব চেনেলত আপলোড কৰা একেধৰণৰ ১৯ ছেকেণ্ডৰ এটা ভিডিঅ’ অন্তৰ্ভুক্ত কৰা হৈছিল, অৱশ্যে সেই ভিডিঅ’টো এটা বেলেগ কোণৰ পৰা বন্দী কৰা হৈছিল। তুৰ্কী ভাষাত থকা ইউটিউব ভিডিঅ'টোৰ শিৰোনামৰ অনুবাদ হৈছে: "আদানাত মিনাৰ ভঙাৰ 'নিয়ন্ত্ৰিত' পদক্ষেপ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়।" 

গেজেট ডুভাৰে পোষ্ট কৰা ইউটিউব ভিডিঅ’টোৰ স্ক্ৰীণশ্বট আৰু ভাইৰেল ভিডিঅ’টোৰ মাজত তুলনা। (উৎস: এক্স/ইউটিউব/স্ক্ৰীণশ্বট)

ভিডিঅ’টোত এক্সেভেটৰে মিনাৰটো ভাঙি পেলাবলৈ লোৱাৰ সময়ত এজন লোকে নামাজ আবৃত্তি কৰা শুনা যায়। তাৰ পিছতে মিনাৰটো ভাঙি পৰা থকা দেখা যায়। ভিডিঅ'টোৰ বিৱৰণত লিখা আছে: "আদানাৰ ছেইহানত ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা গ'ক'গ্লু ​​মছজিদৰ মিনাৰটো ভঙাৰ সময়ত নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়। ভাঙি পৰা মিনাৰৰ টুকুৰাবোৰৰ বাবে আহত একাংশ লোক।"

গ’কগ্লু মছজিদ তুৰস্কৰ আদানাত অৱস্থিত 

২০২৩ চনৰ ফেব্ৰুৱাৰীত তুৰস্কৰ এটা সংবাদ মাধ্যম আয়কিৰিকম্ট্ৰেও আদানাত মছজিদৰ মিনাৰ "নিয়ন্ত্ৰিত"ভাৱে ভাঙি পেলোৱাৰ সময়ত হোৱা দুৰ্ঘটনাৰ বাতৰি প্ৰকাশ কৰিছিল। প্ৰতিবেদনটোত কোৱা হৈছিল যে সিঁচৰিত হৈ পৰা ধ্বংসাৱশেষৰ ফলত একাংশ বিষয়া আৰু প্ৰত্যদৰ্শী আহত হৈছিল। আউটলেটটোৱে এক্সত মিনাৰটো ভঙাৰ সময়ত লোৱা ৫৬ ছেকেণ্ডৰ এটা ক্লিপ পোষ্ট কৰিছিল। উক্ত ক্লিপটোৰ প্ৰথম ১৭ ছেকেণ্ডত ভাইৰেল ভিডিঅ’টোৰ সৈতে একেখিনি দৃশ্য দেখা যায়।

বৰ্ধিত সংস্কৰণটোত মিনাৰটো ভাঙি পৰাৰ পিছৰ কিছু মুহূৰ্ত ধৰি ৰখা হৈছিল। ইয়াত ভাইৰেল ভিডিঅ’টোত দেখা পোৱা ইউনিফৰ্ম পৰিহিত এজন ব্যক্তিক চাৰিজন ব্যক্তিয়ে সহায় কৰা দেখা যায়।

দৃশ্যমান ইংগিত

গেজেট ডুভাৰে পোষ্ট কৰা ইউটিউব ভিডিঅ'টোত এক্সকেভেটৰখনত "কুমচু আলী ইনছাট এণ্ড হাফ্ৰিয়াত ০৫৫২ ৮০১ ৭৬ ৪৬" বুলি লিখা আছে। 

গেজেট ডুভাৰে পোষ্ট কৰা এটা ভিডিঅ’ৰ পৰা লোৱা স্ক্ৰীণশ্বটত কুমচু আলী ইনছাত এণ্ড হাফ্ৰিয়াত ০৫৫২ ৮০১ ৭৬ ৪৬ এস্কেলেটৰখনৰ পিছফালে স্পষ্টভাৱে দেখা পোৱা যায়। (উৎস: ইউটিউব/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

গুগলত ফোন নম্বৰটো চাৰ্চ কৰি আমি নিৰ্মাণ কোম্পানীটোৰ সৈতে জড়িত ছ’চিয়েল মিডিয়া একাউণ্টসমূহ বিচাৰি উলিয়াওঁ। আমি এই একাউণ্টসমূহে "#adana" ব্যৱহাৰ কৰি শ্বেয়াৰ কৰা একাধিক পোষ্ট পাইছিলোঁ যাৰ দ্বাৰা এয়া নিশ্চিত হোৱা যায় যে কোম্পানীটোৱে তুৰস্কৰ আদানা অঞ্চলত কাম কৰে। লজিকেলী ফেক্টছে উক্ত কোম্পানীটোৰ সৈতে যোগাযোগ কৰিছে, তেওঁলোকৰ পৰা কোনোধৰণৰ সঁহাৰি পালে এই ফেক্ট চেকটো আপডেট কৰা হ'ব।  

গুগল মেপত আমি তুৰস্কৰ আদানাৰ গ’ক’গ্লু মছজিদৰ নিকটতম ষ্ট্ৰীট ভিউ স্থান নিৰ্ণয় কৰিবলৈ সক্ষম হওঁ আৰু মছজিদটোৰ মিনাৰটো দেখা পালোঁ। ভাইৰেল ভিডিঅ’টোত দেখাৰ দৰেই আমি সুকীয়া বগা চূড়াটো ধৰা পেলাওঁ৷ 

গুগল মেপত তুৰস্কৰ ষ্ট্ৰীট ভিউৰ সৈতে ভাইৰেল ভিডিঅ’টোত দেখুওৱা মিনাৰটোৰ তুলনা । (উৎস: এক্স/গুগল মেপ/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভূমিকম্পৰ পিছত ভাঙি পেলোৱা হৈছিল

তুৰস্কৰ প্ৰতিবেদনসমূহত উল্লেখ কৰা হৈছিল যে ২০২৩ চনৰ ফেব্ৰুৱাৰীত মাৰাছৰ পাজাৰচিক আৰু এলবিষ্টান জিলাক কেন্দ্ৰ কৰি ৭.৭ আৰু ৭.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ সময়ত আদানা চহৰৰ মাজমজিয়াত বহু মছজিদৰ মিনাৰ আৰু অসংখ্য অট্টালিকা ভাঙি পৰিছিল। 

পৰৱৰ্তী সময়ত দেখা গ’ল যে ইতিমধ্যে ভাঙি পৰা মিনাৰসমূহক বাদ দি ১৪৬টা মিনাৰৰ ক্ষতিসাধন হৈছিল। ইয়াৰ পিছত জিলা পৌৰসভাসমূহে ভৱিষ্যতে আকৌ ভূমিকম্প আহিলে ওচৰত থকা ঘৰ-দুৱাৰ সমূহৰ বিপদ হ’ব পৰা ক্ষতিগ্ৰস্ত মিনাৰসমূহৰ ব্যৱস্থাগ্ৰহণৰ প্ৰচেষ্টা আৰম্ভ কৰে। ইয়াত প্ৰকাশ কৰা অনুসৰি অভিযানকাৰী দলসমূহে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰি ক্ষতিগ্ৰস্ত মিনাৰসমূহৰ ভিতৰত ৭৮টা মিনাৰ ভাঙি পেলায়।

সিদ্ধান্ত

চীন চৰকাৰে এটা মছজিদ ভাঙি পেলোৱা বুলি দাবী কৰি প্ৰচাৰিত এই ভিডিঅ’টো সঁচা নহয়। ভিডিঅ’টো তুৰস্কৰ আদানা চহৰৰ হয়, আৰু ইয়াত ভূমিকম্পৰ সময়ত ক্ষতিগ্ৰস্ত মিনাৰ এটা ভাঙি পেলোৱাৰ দৃশ্য দেখা গৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।