উত্তৰ প্ৰদেশৰ পুৰণি ভিডিঅ' ৰাজস্থানত বিজেপি নেতাৰ মাৰপিটৰ শেহতীয়া ঘটনা বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: ৰজনী কে জি
অক্টোবৰ 16 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
উত্তৰ প্ৰদেশৰ পুৰণি ভিডিঅ' ৰাজস্থানত বিজেপি নেতাৰ মাৰপিটৰ শেহতীয়া ঘটনা বুলি শ্বেয়াৰ কৰা হৈছে

ৰাজস্থানত দুই বিজেপি নেতাৰ মাজত মাৰপিটৰ ভিডিঅ’ বুলি মিছাকৈ দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো ২০১৯ চনৰ ভিডিঅ', ইয়াত উত্তৰ প্ৰদেশৰ দুই বিজেপি নেতাই এটা স্থানীয় প্ৰকল্পক লৈ কাজিয়া কৰা দেখা গৈছে।

ক্লেইম আইডি 97bcf45a

চলিত বৰ্ষৰ ২৫ নৱেম্বৰত ৰাজস্থানত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ৫ ডিচেম্বৰত দেশৰ আন চাৰিখন ৰাজ্যৰ সৈতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে ৰাজস্থানত যোৱা ৯ অক্টোবৰত এখন ৪১ জনীয়া প্ৰাৰ্থীৰ তালিক ঘোষণা কৰে। 

কি দাবী কৰা হৈছে?

উক্ত তালিকা প্ৰকাশ পোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত এজন লোকে এখন সভা চলি থকা অৱস্থাতে আন এজন লোকক জোতাৰে প্ৰহাৰ কৰা দেখা যায়। ভিডিঅ’টো শ্বেয়াৰ কৰি একাংশই ইয়াত টিকটৰ ভাগ-বতৰাক লৈ দুই বিজেপি সদস্যই মাৰপিটত লিপ্ত হোৱা বুলি দাবী কৰে।

এজন ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো এক্স (X) (পূৰ্বতে টুইটাৰ)ত শ্বেয়াৰ কৰি কেপচনত লিখে, "গোদি মিডিয়াই ৰাজস্থানত বিজেপিৰ দ্বাৰা এই শান্তিপূৰ্ণ টিকট বিতৰণ দেখুওৱা নাই।" (ইয়াত আৰ্কাইভ সংস্কৰণ চাব পাৰে।) ভিডিঅ'টোত এখন সভাত দুজন মানুহে প্ৰথমে তৰ্কাতৰ্কি আৰু তাৰ পিছত তেওঁলোকৰ এজনে (ৰঙা ৰঙৰ নেহৰু জেকেট পিন্ধা) আনজনক জোতাৰে প্ৰহাৰ কৰা আৰম্ভ কৰে। ভিডিঅ'টো ৰাজস্থানৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক যশৱন্ত গুৰ্জাৰেও একে ধৰণৰ দাবীৰে শ্বেয়াৰ কৰিছিল, ইয়াত পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ পোৱা যাব।

ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত )

ভাইৰেল ভিডিঅ’টো ফেচবুকতো দেখিবলৈ পোৱা যায়। এনভি লাইভ (NV Live) নামৰ এটা অসমীয়া নিউজ পৰ্টেলে ভাইৰেল ভিডিঅ’টোৰ লগতে আৰু দুটা ভিডিঅ’ ক্লিপ লগ লগাই প্ৰকাশ কৰা এটা ভিডিঅ’ প্ৰতিবেদন যোৱা ১২ অক্টোবৰত তেওঁলোকৰ ফেচবুক পেজত আপলোড কৰিছিল। ‘‘প্ৰাৰ্থী তালিকাক লৈ বিজেপিত ’খেল মহাৰণ’’ শীৰ্ষক কেপচন সহকাৰে দিয়া প্ৰতিবেদনটোত দাবী কৰা মতে ভাৰেল ভিডিঅ’টোত বগা কামিজ পৰিহিত লোকজন হৈছে বিজেপি সাংসদ দেৱজী এম পেটেল আৰু তেওঁক জোতাৰে প্ৰহাৰ কৰা লোকজন হৈছে চনচোৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক জীৱৰাম চৌধুৰী। ভিডিঅ’ প্ৰতিবেদনটো ইয়াত চাব পাৰিব। অৱশ্য়ে, প্ৰতিবেদনটোত থকা বাকী দুটা ক্লিপত টিকট বিতৰণক কেন্দ্ৰ কৰি বিজেপিত অলপতে সংঘটিত এক বিবাদৰ দৃশ্য় দেখা গৈছে।

এনভি লাইভৰ ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

প্ৰকৃত সত্য় কি?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ভিডিঅ’টো পুৰণি আৰু ৰাজস্থানৰ নহয় বুলি জানিব পাৰোঁ। একেটা ভিডিঅ’ৰ এটা দীঘলীয়া সংস্কৰণ টি ভি৯ ভাৰতবৰ্ষই নিজৰ ইউটিউব চেনেলত ২০১৯ চনৰ ৬ মাৰ্চত প্ৰকাশ কৰিছিল। “বিজেপি সাংসদ শৰদ ত্ৰিপাঠীৰ বিধায়ক ৰাকেশ বাঘেলক জোতাৰে আক্ৰমণ” শীৰ্ষক ইউটিউব ভিডিঅ’টোৰ ০:১৫ টাইম ষ্টাম্পত আমি ভাইৰেল ক্লিপটো দেখা পাওঁ। 

২০১৯ চনত টি ভি৯ ভাৰতবৰ্ষত প্ৰকাশিত ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: X/ইউটিউব/স্ক্ৰীণশ্বট)

২০১৯ চনৰ ১৬ মাৰ্চত হিন্দুস্তান টাইমছেও ইয়াৰ ইউটিউব চেনেলত একেটা ঘটনাৰ বেলেগ এটা দিশৰ পৰা লোৱা এটা ভিডিঅ’ প্ৰকাশ কৰিছিল। ভিডিঅ’টোৰ বৰ্ণনাত উল্লেখ কৰা মতে সন্ত কবীৰ নগৰ সোকসভা সমষ্টিৰ বিজেপি সাংসদ শৰদ ত্ৰিপাঠী আৰু মেহদাৱালৰ বিজেপি বিধায়ক ৰাকেশ সিং বাঘেলে ২০১৯ চনৰ ৬ মাৰ্চত উত্তৰ প্ৰদেশত এখন চৰকাৰী বৈঠক চলি থকাৰ মাজতে কাজিয়াত লিপ্ত হৈছিল। দ্য় কুইণ্টৰ সাংবাদিক পীয়ুষ ৰায়েও ২০১৯ চনত তেওঁৰ এক্স একাউণ্টত ঘটনাটোৰ ক্লিপ শ্বেয়াৰ কৰিছিল। 

ভাইৰেল ভিডিঅ’টো আৰু একেটাৰ ভিডিঅ’ৰ ২০১৯ চনৰ ছ’চিয়েল মিডিয়া পোষ্টৰ তুলনা। (উৎস: স্ক্ৰীণশ্বট/ইউটিউব/X/পিযুছ ৰায়) 

এনডিটিভিত প্ৰকাশিত এক বাতৰি অনুসৰি সন্ত কবিৰনগৰ অঞ্চলত অনুষ্ঠিত এখন জিলা সমন্বয় সভাত উক্ত ঘটনা সংঘটিত হৈছিল। বাতৰিটোৰ মতে মেহদাৱাল চহৰৰ এটা স্থানীয় পথৰ আধাৰশিলাত তেওঁৰ নামটো কিয় নাই বুলি ত্ৰিপাঠীয়ে প্ৰশ্ন কৰাকলৈ এই কাজিয়াৰ সূত্ৰপাত ঘটে। দুয়োজনৰ মাজত তৰ্কাতৰ্কি বাঢ়ি যায় আৰু ইয়াৰ মাজতে ত্ৰিপাঠীয়ে নিজৰ জোতাৰে বিধায়কজনৰ ওপৰত প্ৰহাৰ কৰা আৰম্ভ কৰে। পিছত, সভাত উপস্থিত আৰক্ষীৰ লোকে হস্তক্ষেপ কৰি কাজিয়া বন্ধ কৰে বুলি বাতৰিটোত লগতে কোৱা হয়।

এনভি লাইভে ভাইৰল ভিডিঅ’টোত বগা কামিজ পৰিধান কৰা লোকজনক বিজেপি সাংসদ দেৱজী এম পেটেল বুলি দাবী কৰিছে। কিন্তু আমি ইতিমধ্য়ে উল্লেখ কৰা প্ৰতিবেদনসমূহৰ মতে তেওঁ উত্তৰ প্ৰদেশৰ বিজেপি বিধায়ক ৰাকেশ বাঘেল হে হয়। আমি ভিডিঅ’টোত দেখা লোকজনৰ সৈতে পাটেল আৰু বাঘেলৰ ফটোৰ তুলনা কৰি এই কথা নিশ্চিত হওঁ।

ভাইৰেল ভিডিঅ’টোৰ সৈতে ৰাকেশ বাঘেল আৰু দেৱজী পেটেলৰ ফটোৰ তুলনা। (উৎস: ফেচবুক/ উত্তৰ প্ৰদেশ বিধানসভা/দেৱজী এম পেটেলৰ ফেচবুক পেজ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

বাকী দুটা ক্লিপত কি দেখুওৱা হৈছে?

২০২৩ চনৰ ১২ অক্টোবৰত দ্য় টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি যোৱা ১১ অক্টোবৰত পেটেল এক হিংসাত্মক প্ৰতিবাদৰ সন্মুখীন হৈছিল, য’ত তেওঁৰ গাড়ীৰ উদ্দেশ্য়ী পাথৰ নিক্ষেপ কৰাৰ লগতে বাহনৰ ক্ষতিসাধন কৰা হৈছিল। প্ৰতিবেদনটোৰ মতে পেটেলৰ নাম চনচোৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন হোৱাক কেন্দ্ৰ কৰি দলটোৰ এজন স্থানীয় টিকত প্ৰত্য়াশীৰ একাংশ ক্ষুব্ধ সমৰ্থকে তেওঁৰ ওপৰত এই আক্ৰমণ চলায়। প্ৰতিবেদনটোত ১:৪৫ৰ পৰা ২:০৯ টাইমষ্টাম্পলৈ একাধিক প্ৰতিবাদকাৰীক হাতত ক’লা পতাকা আৰু প্লেকাৰ্ড লৈ পথমেড়াৰ পৰা ঘৰলৈ আহি থকা পেটেলৰ কনভয় আগভেটি ধৰা দেখা যায়। আনহাতে ২:০৯ৰ পৰা ৩:০৬ টাইমষ্টাম্পৰ ক্লিপটোত পেটেলে সংবাদ মাধ্য়মৰ আগত তেওঁৰ ওপৰত সংঘটিত আক্ৰমণ কৰা কৈ থকা দেখা যায়। 

প্ৰতিবেদনটোত ব্য়ৱহাৰ কৰা এই দুটা ক্লিপ বিজেপিত টিকত বিতৰণক কেন্দ্ৰ কৰি অলপতে সংঘটিত এক বিবাদৰ দৃশ্য় দেখা গৈছে যদিও প্ৰতিবেদনটোত থকা মূল আৰু দীঘল ক্লিপটোৰ ৰাজস্থানৰ আগন্তুক নিৰ্বাচন সৈতে সম্পৰ্ক নাই, এইটো ২০১৯ চনত উত্তৰ-প্ৰদেশত সংঘটিত এক ঘটনাৰ ভিডিঅ’।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত উত্তৰ প্ৰদেশৰ এজন বিজেপি সাংসদ আৰু দলটোৰ এজন বিধায়কৰ মাজত কাজিয়া লগা দেখা গৈছে। ২০১৯ চনৰ এই ভিডিঅ’ আগন্তুক বিধানসভা নিৰ্বাচনৰ টিকেট বিতৰণক লৈ ৰাজস্থানত বিজেপি সদস্য়ৰ মাজত মাৰপিট লগা বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছোঁ।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।