ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধৰ বুলি বিমান আক্ৰমণৰ পুৰণি ভিডিঅ' প্ৰচাৰ কৰা হৈছে

লেখক: ছেম ড'ক
অক্টোবৰ 12 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধৰ বুলি বিমান আক্ৰমণৰ পুৰণি ভিডিঅ' প্ৰচাৰ কৰা হৈছে

ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধৰ দৃশ্য় বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

উক্ত বিমান আক্ৰমণটো ২০২৩ চনৰ মে’ মাহত সংঘটিত হৈছিল, ইজৰাইল-হামাছৰ মাজত চলি থকা শেহতীয়া যুদ্ধৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

ক্লেইম আইডি 64d3fc8c

পৃষ্ঠভূমি

২০২৩ চনৰ ৭ অক্টোবৰত হামাছ আৰু পেলেষ্টাইনৰ ইছলামিক জেহাদৰ সৈতে জড়িত যুঁজাৰুসকলে ইজৰাইলৰ সীমান্তত এক বহুমুখী আক্ৰমণ কৰে। এই আক্ৰমণত উগ্ৰপন্থীয়ে প্ৰতিৰক্ষা বেহু ভেদি অসামৰিক দখলত থকা অঞ্চলত প্ৰৱেশ কৰে। বিষয়াসকলে জনোৱা মতে, ৯ অক্টোবৰলৈকে, ৯০০ৰো অধিক ইজৰাইলী নিহত হৈছে, যি মূলতঃ সাধাৰণ নাগৰিক হয়। প্ৰতিশোধমূলক আক্ৰমণৰ ফলত হোৱা ক্ষতিৰ বিষয়ে আলোচনা কৰি পেলেষ্টাইন স্বাস্থ্য কৰ্তৃপক্ষই প্ৰকাশ কৰিছে যে গাজাত ইজৰাইলৰ আক্ৰমণত ৬০০ৰো অধিক লোকৰ মৃত্যু হৈছে।

পৰিস্থিতি হিংসাত্মক ৰূপ লোৱাৰ লগে লগে চহৰ অঞ্চলৰ এটা অট্টালিকাক লক্ষ্য কৰি বিমান আক্ৰমণৰ এটা ভিডিঅ’ ব্যাপকভাৱে শ্বেয়াৰ কৰা হয়। এই ভিডিঅ’টোৱে বিশেষভাৱে ভাইৰেল হৈ পৰিছিল কাৰণ, বিভিন্ন হাই-প্ৰফাইল বাতৰি অনুষ্ঠানৰ সময়ত প্ৰায়ে মন্তব্য আগবঢ়োৱা ছ’চিয়েল মিডিয়া ব্যক্তিত্ব, মাৰিঅ’ নাউফুলে শ্বেয়াৰ কৰা এক ভিডিঅ’ সংকলনৰ ই প্ৰথমটো ভিডিঅ’ আছিল। এক্স (পূৰ্বে টুইটাৰ)ৰ মেট্ৰিক্স অনুসৰি, বিগত সময়ত উক্ত ভিডিঅ’টো ভুল কেপচন সহিত, নাউফুলে শ্বেয়াৰ কৰা এই পোষ্টটোৱে ১৯ লাখ ভিউ লাভ কৰিছিল।

লজিকেলী ফেক্টছে নিৰ্ধাৰণ কৰিছে যে ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ সময়ত উক্ত ভিডিঅ’টো ৰেকৰ্ড কৰা হোৱা নাছিল।

আমি কি বিচাৰি পালোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলে দেখা যায় যে এই ভিডিঅ’টো ২০২৩ চনৰ মে’ মাহৰ পৰা এক্সত উপলব্ধ আছে। ১৩ মে’ত এজন X ব্যৱহাৰকাৰীয়ে ইয়াক পোষ্ট কৰিছিল আৰু কেপচন দিছিল, “দখলকাৰী সকলে উত্তৰ গাজা ষ্ট্ৰিপৰ বেইট হানৌনত থকা জা’আনিন পৰিয়ালৰ ঘৰটো ধ্বংস কৰি পেলায়।” (অসমীয়ালৈ অনুবাদিত) 

এই পোষ্টটোত বৰ্ণনা কৰা স্থানৰ সঠিকতা পৰীক্ষা কৰিবলৈ লজিকেলী ফেক্টছে এই সম্পৰ্কীয় এক অনুসন্ধান কৰিছিল। আমি জানিব পাৰিলোঁ যে উক্ত অঞ্চলত প্ৰায়ে জিঅ’ল’কেটিং কৰা বাবে জনাজাত, অ'পেন চৰ্চ অনুসন্ধানকাৰী, ক্ৰীছ অ’চিকে এক্সত এই সম্পৰ্কে ২০ মে’ত এক পোষ্ট কৰিছিল । তেওঁ উক্ত অট্টালিকাটোৰ স্থান গাজাৰ বেইট হানৌনত নিৰ্ণয় কৰিছিল। অচিকৰ মতে, গেট্টি ইমেজত উপলব্ধ এখন ছবিয়ে ভিডিঅ’টোত দেখুওৱা স্থানক এই অঞ্চলৰ সৈতে সঠিক ভাবে তুলনা কৰাটো সম্ভৱ কৰি তোলে।

উৎস: স্ক্ৰীণশ্বট/এক্স, ফটো/গেট্টি ইমেজ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত

অ’চিকৰ তথ্যসমূহ স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিবলৈ লজিকেলী ফেক্টছে উক্ত ছবিখনক উক্ত ভাইৰেল ফুটেজৰ সৈতে তুলনা কৰিছিল। গ্ৰেফিটি, কাৰ্ব মাৰ্কিং, আৰু দুৱাৰমুখকে ধৰি সবিশেষ তথ্যই নিশ্চিত কৰে যে ভাইৰেল ভিডিঅ'টোত দেখা স্থান এইটোৱেই হয়।

সিদ্ধান্ত

এই ভিডিঅ’টো গাজাৰ বেইট হানৌনত চিত্ৰগ্ৰহণ কৰা হৈছে। এই ঘটনাটো ২০২৩ চনৰ মে’ মাহত সংঘটিত হৈছিল, যি ৭ অক্টোবৰত হিংসাত্মক পৰিস্থিতিৰ প্ৰাদুৰ্ভাৱৰ কেইমাহমান আগত হয়। সেয়েহে এই দাবীক মিছা বুলি চিহ্নিত কৰা হৈছে।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।