উত্তৰ প্ৰদেশৰ ভিডিঅ’ মৰক্কো ভূমিকম্পত নৱজাত শিশুৰ উদ্ধাৰৰ দৃশ্য় বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: উম্মে কুলচুম
ছেপ্তেম্বৰ 14 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
উত্তৰ প্ৰদেশৰ ভিডিঅ’ মৰক্কো ভূমিকম্পত নৱজাত শিশুৰ উদ্ধাৰৰ দৃশ্য় বুলি শ্বেয়াৰ কৰা হৈছে

মৰক্কোৰ ভূমিকম্পৰ পৰিণতি হিচাপে ভাৰতৰ উত্তৰ প্ৰদেশত মাটিত পুতি থোৱা নৱজাত শিশুক উদ্ধাৰ কৰা এক ভিডিঅ’ শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট (উৎস: এক্স, ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

এইটো উত্তৰ প্ৰদেশৰ এখন সৰু গাঁৱৰ ভিডিঅ' হয়। মৰক্কোৰ ভূমিকম্পৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি 76a321b3

পৃষ্ঠভূমি

২০২৩ চনৰ ৮ ছেপ্টেম্বৰত মৰক্কোত সংঘটিত ৬.৮ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত এজন ব্যক্তিয়ে এটি নৱজাত শিশুক ধ্বংসাৱশেষৰ পৰা উলিয়াই অনাৰ এটা ভিডিঅ’ এক্স (X) আৰু ফেচবুককে ধৰি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে। আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত আছে। এজন X ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি এইদৰে লিখিছে- "ইয়াত ৬.৮ প্ৰাবল্যৰ ভূমিকম্পই মৰক্কোক ধ্বংস কৰাৰ পিছত এটা নৱজাত শিশুক ধ্বংসাৱশেষৰ পৰা খান্দি উলিওৱা হৈছে। এই শিশুটিৰ বাবে প্ৰাৰ্থনা কৰক।" এই প্ৰতিবেদনটো প্ৰকাশ কৰাৰ সময়লৈকে উক্ত পোষ্টটোৱে ২,৫৭,০০০তকৈ অধিক ভিউ আৰু ৩০০তকৈ অধিক শ্বেয়াৰ লাভ কৰিছে।

অনলাইন যোগে কৰা দাবীৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই ভিডিঅ’টোৰ মৰক্কোৰ ভূমিকম্পৰ সৈতে কোনো সম্পৰ্ক নাই।

প্ৰকৃত তথ্য়

লজিকেলী ফেক্টছে এটি নৱজাত শিশুৰ উদ্ধাৰৰ ১২ ছেকেণ্ডৰ এই একেটা ভিডিঅ’ হিন্দী সংবাদ প্ৰতিষ্ঠান দৈনিক ভাস্কৰত প্ৰকাশিত এটি প্ৰতিবেদনত লাভ কৰে। প্ৰবন্ধটোত উল্লেখ কৰা অনুসৰি উক্ত দৃশ্য উত্তৰ প্ৰদেশৰ কানপুৰ জিলাত সংগ্ৰহ কৰা হৈছিল। প্ৰতিবেদনটোৰ মতে ২০২৩ চনৰ ৯ ছেপ্টেম্বৰত এহাল দম্পতীয়ে মাটিত এক অদ্ভূত গতিবিধি দেখা পাইছিল। পিছত তেওঁলোকে এটি নৱজাত কেঁচুৱাক মাটিত পুতি থোৱা অৱস্থাত আৱিষ্কাৰ কৰে। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত কেঁচুৱাটো অলৌকিকভাৱে জীয়াই আছিল বুলি কোৱা হৈছিল। 

একেটা ভিডিঅ' নিউজ১৮ ইউপি উত্তৰাখণ্ডৰ ইউটিউব চেনেলত ৯ ছেপ্টেম্বৰত আপলোড কৰা এটা ভিডিঅ' প্ৰতিবেদনত প্ৰকাশ পাইছিল। প্ৰতিবেদনটোৰ শিৰোনাম আছিল, “কানপুৰৰ নিউজ: মাতৃয়ে নৱজাতকক জীৱিত অৱস্থাত সমাধিস্থ কৰে।” প্ৰতিবেদনটোৰ ১.৩৯ মিনিটত ভাইৰেল ভিডিঅ'টো দেখিবলৈ পোৱা যায়।

ভাইৰেল ভিডিঅ' সংযুক্ত ভিডিঅ' প্ৰতিবেদনৰ স্ক্ৰীণশ্বট (উৎস: নিউজ১৮, ইউপি উত্তৰ প্ৰদেশ)

হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি মুছা নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ডাঃ বিকাশ কুমাৰে উদ্ধাৰ কৰা কেঁচুৱাটো নিৰাপদ বুলি উল্লেখ কৰাৰ লগতে কেঁচুৱাটোক বিশেষ যত্নত ৰখা হৈছিল বুলি সদৰী কৰে। ঘটনা সন্দৰ্ভত মুছানগৰ আৰক্ষী থানাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল।

এই তথ্যৰ ভিত্তিত আমি কানপুৰ দেহাত আৰক্ষীৰ অফিচিয়েল X একাউণ্টতটো চোৱাত তাত ভোগনিপুৰৰ এজন ক্ষেত্ৰ বিষয়াৰ এটা ভিডিঅ’ বিবৃতি লাভ কৰোঁ। বিষয়াজনে ঘটনা সন্দৰ্ভত মন্তব্য় আগবঢ়াই কেঁচুৱাটো নিৰাপদে আছে তথা অতিৰিক্ত তদন্ত কৰা হ’ব বুলি কয়। 

 

চিএনএনৰ মতে, মৰক্কোত ৬.৮ প্ৰাবল্যৰ ভূমিকম্পত কমেও ২৮৬২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫৬২ জন লোক আঘাতপ্ৰাপ্ত হৈছে। ৰয়টাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে, মধ্য মৰক্কোৰ মুখ্য চহৰ মাৰাকেছ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত ৩,০০,০০০ ৰো অধিক লোক ভূমিকম্পৰ দ্বাৰা প্ৰভাৱিত হৈছে।

সিদ্ধান্ত

যোৱা ৮ ছেপ্টেম্বৰত মৰক্কোত সংঘটিত ভূমিকম্পৰ দৃশ্য় বুলি দাবী কৰি শ্বেয়াৰ কৰা এটি নৱজাত শিশুক মাটিৰ পৰা খান্দি উলিওৱা উক্ত ভিডিঅ’টো প্ৰকৃততে উত্তৰ প্ৰদেশৰ হয়। সেয়েহে, আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।