তুৰস্কৰ এক অট্টালিকা ভাঙি পেলোৱাৰ ভিডিঅ’ক মণিপুৰৰ হিংসাৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে

লেখক: অনুৰাগ বৰুৱা
ছেপ্তেম্বৰ 1 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
তুৰস্কৰ এক অট্টালিকা ভাঙি পেলোৱাৰ ভিডিঅ’ক মণিপুৰৰ হিংসাৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ'টো তুৰস্কৰ হাটাইৰ হয়, মণিপুৰৰ নহয়।

ক্লেইম আইডি 91d34b4b

পৃষ্ঠভূমি

মণিপুৰত এতিয়াও হিংসাত্মক পৰিস্থিতিয়ে বিৰাজ কৰি আছে আৰু ইয়াৰ সমান্তৰাকলৈ কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত অব্য়াহত গোষ্ঠীগত সংঘৰ্ষক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত মিছা তথ্য বিয়পি আছে। উল্লেখযোগ্য় যে ২০২৩ চনৰ ৩ মে’ত ‘জনজাতীয় সংহতি মাৰ্চ’ৰ পিছত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিত ১০০ জনৰো অধিক লোকৰ প্ৰাণহানি হৈছে।

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ভিডিঅ’টোত মণিপুৰত কুকিসকলে মেইটেই লোকৰ ঘৰ ধ্বংস কৰা দেখা গৈছে বুলি দাবী কৰা হৈছে। ভিডিঅ’টোত এটা ক্ষতিগ্ৰস্ত, বহুমহলীয়া অট্টালিকা ভাঙি পেলোৱা হৈছে। ‘মণিপুৰ আপডেটছ’ নামৰ এটা ফেচবুক পেজত যোৱা ১৯ জুনত এই ভিডিঅ’টো পোষ্ট কৰা হৈছিল। এই বাতৰি লিখাৰ সময়ত ভিডিঅ’টো ১৯ হাজাৰতকৈ অধিক বাৰ দৰ্শন কৰা হৈছে।

আমি জানিব পাৰিলোঁ যে ভিডিঅ’ ক্লিপটো আচলতে তুৰস্কৰহে হয়, মণিপুৰৰ নহয়।

প্ৰকৃত তথ্য

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাৰ পাছত আমি ২০২৩ চনৰ ১৩ এপ্ৰিলত ইছমাইল ফিডান নামৰ এজন টিকটক ব্যৱহাৰকাৰীয়ে আপলোড কৰা একেটা ভিডিঅ’ বিচাৰি পাওঁ। কেপচনত ভিডিঅ’টোত হাটাইৰ ডেফনেৰ এটা অট্টালিকা ভাঙি পেলোৱাৰ দৃশ্য দেখা গৈছে বুলি লিখা আছিল। একেজন ব্যৱহাৰকাৰীয়ে তেওঁৰ প্ৰফাইলত আন অট্টালিকা ভাঙি পেলোৱাৰ একেধৰণৰ ভিডিঅ’ আপলোড কৰিছিল। ইয়াৰ উপৰিও এই ব্যক্তিজনক এখন ফটোত এনে কিছু ভগ্ন অট্টালিকাৰ কাষত থিয় হৈ থকা দেখা যায়।

ইয়াৰ ভিত্তিতে আমি ফিডানৰ সৈতে যোগাযোগ কৰিলোঁ, আৰু তেওঁ উক্ত ভিডিঅ’টো তেওঁৱে শ্বুট কৰিছিল বুলি আমাক নিশ্চিত কৰে। তেওঁ লগতে জনাই যে ভিডিঅ’টো হাটাইৰ ডেফনেৰ হয় । ইয়াৰ পিছত আমি গুগল মেপত অট্টালিকাটোৰ জিঅ’ল’কেশ্যন নিৰ্ণয় কৰিলোঁ, যিয়ে আৰু নিশ্চিত কৰিলে যে অট্টালিকাটো সঁচাকৈয়ে তুৰস্কৰ হাটাই প্ৰদেশৰ ডেফনে জিলাৰ এখন চহৰ আন্টাকিয়াত অৱস্থিত।

২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত তুৰস্ক-চিৰিয়াত হোৱা ভূমিকম্পৰ ফলত যিবোৰ অট্টালিকা ক্ষতিগ্ৰস্ত হৈছিল, সেইবোৰ পিছত ভাঙি পেলোৱা বুলিও আমি একাধিক বাতৰিৰ দেখিলোঁ। ২০২৩ চনৰ ১৩ মাৰ্চত দ্য নিউয়ৰ্ক টাইমছত প্ৰকাশিত এটা প্ৰবন্ধ অনুসৰি ভূমিকম্পৰ ফলত হোৱা ক্ষতি ইমানেই ব্যাপক আছিল যে বিষয়াসকলে অনুমান কৰিছিল যে আন্টাকিয়াৰ প্ৰায় ৮০ শতাংশ অট্টালিকা ভাঙি পেলোৱাৰ প্ৰয়োজন আছে।

সিদ্ধান্ত

বহুমহলীয়া অট্টালিকাটো মণিপুৰত কুকি লোকে ধ্বংস কৰিছিল বুলি কৰা দাবীটো মিছা। আমি ভিডিঅ’টোত দেখা অট্টালিকাটোৰ জিঅ’ল’কেশ্যন নিশ্চিত কৰিলোঁ আৰু দেখিলোঁ যে ই আচলতে তুৰস্কত আছে। গতিকে আমি দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।