দক্ষিণ আফ্ৰিকাৰ চিতাবাঘৰ ভিডিঅ' ৰাজস্থানত নাহৰফুটুকী আৰু মন্দিৰৰ পুৰোহিতৰ নৈশযাপনৰ ভিডিঅ’ হিচাপে প্ৰচাৰিত

লেখক: চন্দন বৰগোহাঁই
এপ্ৰিল 19 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
দক্ষিণ আফ্ৰিকাৰ চিতাবাঘৰ ভিডিঅ' ৰাজস্থানত নাহৰফুটুকী আৰু মন্দিৰৰ পুৰোহিতৰ নৈশযাপনৰ ভিডিঅ’ হিচাপে প্ৰচাৰিত

দক্ষিণ আফ্ৰিকাৰ চিতাবাঘৰ ভিডিঅ' ৰাজস্থানত মন্দিৰৰ পুৰোহিতৰ সৈতে নাহৰফুটুকীৰ নৈশযাপন বুলি শ্বেয়াৰ কৰা হৈছে। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

এইটো ৰাজস্থানৰ ভিডিঅ’ নহয়, ২০১৯ চনৰ পৰা ইণ্টাৰনেটত উপলব্ধ এই ভিডিঅ’টো দক্ষিণ আফ্ৰিকাৰ এটা চিতাবাঘ প্ৰজনন কেন্দ্ৰৰ হয়।

ক্লেইম আইডি 6494bee5

কি দাবী কৰা হৈছে?

তিনিটা চিতাবাঘে এটা এন্ধাৰ কোঠাত গাত কম্বল মেৰিয়াই শুই থকা এজন লোকৰ সৈতে একলগে শুই থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি বহুতেই এইটো ৰাজস্থানৰ ছিৰোহীৰ পিপলেশ্বৰ মহাদেৱ মন্দিৰৰ ঘটনা বুলি দাবী কৰিছে।

যোৱা ৯ এপ্ৰিলত এক্সত (ইয়াত আৰ্কাইভ কৰা হৈছে) ভিডিঅ'টো শ্বেয়াৰ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছিল, "ৰাজস্থানৰ ছিৰোহী গাঁৱত পিপলেশ্বৰ মহাদেৱৰ মন্দিৰ এটা আছে বুলি কোৱা হয় য’ত ৰাতি নাহৰফুটুকীৰ এটা পৰিয়াল আহি পুৰোহিতৰ ওচৰত শুই থাকে। চৰকাৰী বন্যপ্ৰাণী বিভাগে যেতিয়া এই কথা গম পালে, তেতিয়া তেওঁলোকে তাত চিচিটিভি কেমেৰা লগাই দিলে। এই সুন্দৰ দৃশ্যটি আপোনালোকেও ওপভোগ কৰক (হিন্দীৰ পৰা অনূদিত)" একেধৰণৰ আন এটা পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অসম ৰিপৰ্ট ২৪ নামৰ এটা অসমীয়া সংবাদ প্ৰতিষ্ঠানে একেধৰণৰ দাবীৰে ভাইৰেল ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰিছে। ২০২৪ চনৰ ৮ এপ্ৰিলত পোষ্ট কৰা এই ভিডিঅ’টোৱে বাতৰি লিখাৰ সময়লৈকে ১৮ হাজাৰৰো অধিক ৰিয়েকচন আৰু ১৫০০ শ্বেয়াৰ লাভ কৰিছে।

ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট)

অৱশ্যে এয়া সঁচা নহয়, ভিডিঅ’টো আচলতে দক্ষিণ আফ্ৰিকাৰ ব্ল’মফণ্টেইনস্থিত চিতাবাঘৰ এটা প্ৰজনন কেন্দ্ৰতহে আৱদ্ধ কৰা হৈছিল।

আমি কিদৰে জানিব পাৰিলোঁ?

আমি ভিডিঅ’টোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি ২০২০ চনৰ ১০ জুনত আইএফএছ বিষয়া প্ৰবীণ কাছৱানৰ এটা পোষ্ট লাভ কৰোঁ য’ত একেটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল। কাছৱানে তেওঁৰ এক্স পোষ্টটোত ডলফ চি ভলকাৰক ভিডিঅ’টোৰ কৃতিত্ব দি লিখিছে, “তেন্তে এটা #চিতায়ে কি পছন্দ কৰে? কঠিন কংক্ৰিট বা গৰম কাপোৰ। এইটো এটা আৱেষ্টনীৰ হয়। আটাইকে কিন্তু মৰম লাগিছে। ভিচি ডলফ চি ভলকাৰ (sic)।” 

ইয়াৰ ভিত্তিত আমি কীৱৰ্ড চাৰ্চ কৰিলোঁ আৰু ২০১৯ চনৰ ২১ জানুৱাৰীত ডলফ চি ভলকাৰে ইউটিউবত আপলোড কৰা ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণ লাভ কৰোঁ। ভিডিঅ’টোৰ বিৱৰণি অনুসৰি এইটো দক্ষিণ আফ্ৰিকাৰ চিতা এক্সপিৰিয়েন্স নামৰ এটা চিতাবাঘ প্ৰজনন কেন্দ্ৰত চিত্ৰগ্ৰহণ কৰা হৈছিল, য’ত ভলকাৰক বাঘকেইটাৰ সৈতে কেইটামান নিশা কটাবলৈ বিশেষ অনুমতি দিয়া হৈছিল। ‘‘তিনিওটাৰ সৈতে ৰাতি কটাবলৈ মোক বিশেষ অনুমতি দিয়া হৈছিল কাৰণ মই সিহঁতে ডাঙৰ হোৱা দেখিছিলো আৰু আগতে কৰা স্বেচ্ছাসেৱামূলক কামৰ সময়ত সিহঁতৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিলোঁ।’’ তেওঁ লিখে।

ইউটিউব চেনেলৰ বায়’ত ভলকাৰে নিজকে পশুৰ অধিকাৰৰ সপক্ষে মাত মতা এজন উৎসাহী প্ৰাণীবিজ্ঞানৰ ডিগ্ৰীধাৰী বুলি পৰিচয় দিছে। একেটা ভিডিঅ’ তেওঁ এক্স আৰু ‘দ্য চিতা হুইছপাৰাৰ’ নামৰ তেওঁৰ ফেচবুক একাউণ্টটো শ্বেয়াৰ কৰিছিল।

আনহাতে, চিতা এক্সপিৰিয়েন্সৰ ৱেবছাইটৰ মতে উক্ত প্ৰজনন কেন্দ্ৰটো প্ৰথমে দক্ষিণ আফ্ৰিকাৰ ব্লুমফণ্টেইনত আছিল যদিও ২০২১ চনৰ মাৰ্চত ইয়াক দক্ষিণ আফ্ৰিকাৰ লিম্পোপোৰ বেলা বেলালৈ স্থানান্তৰিত কৰা হয়। উক্ত কেন্দ্ৰটোত চিতা, নাহৰফুটুকী, প্ৰজনন নকৰা মতা সিংহ, চেৰ্ভাল, কেৰাকেল, আফ্ৰিকান বনৰীয়া মেকুৰী, পহু, মিৰকেট, আৰু এটা চাইবেৰিয়ান বাঘকে ধৰি কেইবাটাও বিপন্ন আৰু বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণী আছে।

তদুপৰি ভলকাৰৰ ইউটিউব ভিডিঅ’টোৰ ৩:৪০ টাইমষ্টেম্পত ‘জুনো’ নামৰ এটা চিতাবাঘৰ নাম লোৱা হয় যিটো চিতাবাঘৰ কথা ‘চিতা এক্সপিৰিয়েন্স’ ৱেবছাইটোত তেওঁলোকৰ প্ৰজনন কেন্দ্ৰটোত থকা ‘অন্যতম কনিষ্ঠ চিতা’ বুলিও উল্লেখ কৰা হৈছে।

লজিকেলী ফেক্টছে এই সন্দৰ্ভত এক মন্তব্যৰ বাবে ‘চিতা এক্সপিৰিয়েন্স’ সৈতে যোগাযোগ কৰিছে। তেওঁলোকৰ পৰা সঁহাৰি পালে এই প্ৰতিবেদনটো আপডেট কৰা হ’ব।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টো দক্ষিণ আফ্ৰিকাৰ চিতা প্ৰজনন কেন্দ্ৰৰ হয় আৰু ২০১৯ চনৰ জানুৱাৰীৰ পৰা এইটো ইণ্টাৰনেটত উপলব্ধ। একাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো ৰাজস্থানৰ এটা মন্দিৰৰ বুলি মিছাকৈ অভিহিত কৰিছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।