বাংলাদেশত সাগৰৰ পাৰত মহিলা পৰ্যটকক স্থানীয় লোকে জুম বান্ধি চাই থকা এটা ভিডিঅ' ভাৰতৰ বুলি প্ৰচাৰিত

লেখক: এনেট প্ৰীতি ফুৰ্টাডো
মাৰ্চ 12 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বাংলাদেশত সাগৰৰ পাৰত মহিলা পৰ্যটকক স্থানীয় লোকে জুম বান্ধি চাই থকা এটা ভিডিঅ' ভাৰতৰ বুলি প্ৰচাৰিত

ভাৰতত সাগৰৰ পাৰত একাধিক লোকে এগৰাকী যুৱতীক জুম বান্ধি চাই থকা বুলি দাবী কৰি শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

বাংলাদেশৰ সাগৰৰ পাৰত এগৰাকী মহিলা পৰ্যটকক একাধিক পুৰুষে জুম বান্ধি চাই থকা এটা ভিডিঅ' ভাৰতৰ বুলি মিছাকৈ দাবী কৰি প্ৰচাৰ কৰা হৈছে।

ক্লেইম আইডি 79c0f174

২০২৪ চনৰ ১ মাৰ্চত ঝাৰখণ্ডৰ ডুমকাত স্ৱামীৰ সৈতে ভাৰত ভ্ৰমণলৈ অহা স্পেইনৰ এগৰাকী ২৮ পৰ্যটকক সাতজনীয়া এটা দলে দলবদ্ধ ধৰ্ষণ কৰিছিল। ভুক্তভোগী মহিলাগৰাকীয়ে ইনষ্টাগ্ৰামত তেওঁৰ সৈতে সংঘটিত উক্ত ভয়ংকৰ ঘটনা বৰ্ণনা কৰি ১ মাৰ্চত ৭-৮ জন লোকে তেওঁক আক্ৰমণ কৰিছিল বুলি কয়। আৰক্ষীয়ে পিছত উক্ত কাণ্ডৰ সৈতে জড়িত ৮জন লোকক গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ পিছত ছ’চিয়েল মিডিয়াত ভাৰত ভ্ৰমণলৈ অহা পৰ্যটকে তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰা বুলি দাবী কৰা বিভিন্ন ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এনে এটা ভিডিঅ’ত ভাৰতৰ এখন সমুদ্ৰ তীৰত এগৰাকী মহিলা পৰ্যটকক স্থানীয় লোকে ঘেৰি লৈ চাই থকা দেখা গৈছে বুলি দাবী কৰা হৈছে। আঠ ছেকেণ্ডৰ এই ক্লিপটোত মহিলাগৰাকীয়ে কোৱা শুনা গৈছে, "মই বীচত আছো আৰু আপোনালোকক এই ধুনীয়া দৃশ্যটো দেখুৱাব বিচাৰিছো।" তাৰ পিছত তেওঁ কেমেৰাটো ঘূৰাই দিয়াত একাধিক পুৰষে ঘৰি তেওঁৰ পিনে চাই থকা দেখা যায়। চুটি ক্লিপটোৰ ওপৰত "থ্ৰ'বেক টু মাই ভিজিট টু ইণ্ডিয়া" আৰু "কোনোবাই অনুগ্ৰহ কৰি এইয়া বুজাব পাৰিব নেকি?" বুলি লিখা আছে।

ভিডিঅ'টো শ্বেয়াৰ কৰা এটা এক্স পোষ্টৰ কেপচনত লিখা আছে, "ছুটীত ভাৰতলৈ ফুৰিবলৈ অহা এগৰাকী যুৱতীয়ে সাগৰ পাৰলৈ গৈ এয়া দেখিছিল।" পোষ্টটোৱে ২০৪.৩ হাজাৰ ভিউ লাভ কৰে। পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব ।

এটা এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইয়াৰ উপৰি একেটা ফুটেজ ইউটিউবত হাঁহি থকা ইমোজিৰ সৈতে প্ৰচাৰ কৰি কেপচনত এগৰাকী "বগী ছোৱালী"য়ে ভাৰতৰ বীচত সন্মুখীন হোৱা অভিজ্ঞতাৰ হিচাপে দেখুওৱা হৈছে। এনে ভিডিঅ' পোষ্টসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব ।

ইউটিউব ভিডিঅ'ৰ স্ক্ৰীণশ্বট। (উৎস:ইউটিউব/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, অধিক অনুসন্ধানত এইটো ২০১৯ চনত বাংলাদেশত চিত্ৰগ্ৰহণ কৰা ভিডিঅ’ বুলি জানিব পৰা যায় আৰু ভাৰতৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

প্ৰকৃত সত্য কি?

ভিডিঅ’টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখা গ’ল যে AsoOmii Jay নামৰ কানাডাৰ এগৰাকী ষ্টাইলিষ্ট আৰু উদ্যোগীয়ে ২০১৯ চনৰ ১১ মাৰ্চত পোনপ্ৰথমে ফেচবুকত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল য’ত তেওঁ এইটো বাংলাদেশৰ বুলি উল্লেখ কৰিছিল। ভিডিঅ’টোৰ সৈতে থকা কেপচনত তেওঁ ধেমেলিয়াকৈ নিজকে "চিৰিয়াখানাৰ প্ৰাণী" বুলি উল্লেখ কৰি স্থানীয় লোকে চেলফিৰ অনুৰোধ কৰা অভিজ্ঞতাৰ কথা কৈছিল আৰু এতিয়া বাংলাদেশত তেওঁৰ অসংখ্য প্ৰেমিক আছে বুলি কৈ ধেমালি কৰিছিল। স্থানীয় লোকৰ আতিথ্যৰ প্ৰশংসা কৰি তেওঁ পুনৰ ভালদৰে বাংলাদেশ ভ্ৰমণ কৰাৰ আগ্ৰহ প্ৰকাশ কৰে।

একেধৰণৰ কেপচনৰ সৈতে তেওঁ ভিডিঅ’টো নিজৰ ইনষ্টাগ্ৰামতো আপলোড কৰিছিল আৰু ‘Neezo (ⵏⵉⵣⴰⵔ) ⵣ 🇱🇾 🏴 🇵🇸,’ নামৰ এগৰাকী ডিজিটেল ক্ৰিয়েটৰে সন্মুখীন হোৱা একেধৰণৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰিছিল। উল্লেখযোগ্য যে ফেচবুক আৰু ইনষ্টাগ্ৰামত থকা মূল ভিডিঅ’ দুটাত ভাইৰেল সংস্কৰণত দেখা পোৱা গ্ৰাফিক্স ব্যৱহাৰ কৰা হোৱা নাই।

দৃশ্যমান ইংগিত

জেইয়ে বাংলাদেশৰ একেটা স্থানৰ পৰা ফেচবুকত ৭ মিনিট ১ ছেকেণ্ডৰ আন এটা একেধৰণৰ ভিডিঅ’ পোষ্ট কৰি ২০১৯ চনৰ ১ মাৰ্চত কক্স বজাৰৰ এখন বীচত ভিডিঅ’টো কেমেৰাত বন্দী কৰা হৈছিল বুলি স্পষ্টকৈ উল্লেখ কৰিছে।

উক্ত ভিডিঅ’টোত জেইয়ে বীচখনৰ ঘূৰি বিভিন্ন দৃশ্য দেখুৱাইছিল। ভিডিঅ’টোৰ ১:০২ টাইমষ্টেম্পত আমি পিছফালে এটা ৰঙা আৰু বগা ৰঙৰ বিল্ডিং দেখা পাওঁ।

ফেচবুকত AsoOmii Jay এ পোষ্ট কৰা ভিডিঅ’টোৰ স্ক্ৰীণশ্বটত ৰঙা-বগা ৰঙৰ বিল্ডিংটো স্পষ্টভাৱে দেখা যায়। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি গুগল মেপত বিল্ডিংটো জিঅ’ল’কেশ্যন নিৰ্ণয় কৰিবলৈ সক্ষম হওঁ আৰু এইটো বাংলাদেশৰ কক্স বজাৰত সুঘন্ধা বীচৰ ফালে মুখ কৰি থকা ছি প্ৰিন্সেছ হোটেল বুলি নিশ্চিত হওঁ।

ফেচবুক ভিডিঅ’টোত উল্লেখ কৰা বিল্ডিংটো আৰু বাংলাদেশৰ কক্স বজাৰত অৱস্থিত ছি প্ৰিন্সেছ হোটেলৰ গুগল মেপৰ পৰা লোৱা এখন ফটোৰ তুলনা। (উৎস: ফেচবুক/গুগল মেপ/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

লজিকেলী ফেক্টছে জেইৰ সৈতে যোগাযোগ কৰিছে, তেওঁৰ পৰা সঁহাৰি লাভ কৰিলে এই ফেক্ট চেকটো আপডেট কৰা হ’ব।

সিদ্ধান্ত

সাগৰৰ পাৰত একাংশ লোকে এগৰাকী যুৱতীক ঘেৰি লৈ তেওঁৰ ফালে চাই থকা ভাইৰেল ভিডিঅ’টো ভাৰতৰ নহয়; বৰঞ্চ এইটো বাংলাদেশৰ ভিডিঅ’। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।