পঞ্জাৱৰ ইউটিউবাৰৰ মুক্তিৰ দাবীত উলিওৱা সমদলৰ ভিডিঅ’ দিল্লী অভিমুখী কৃষকৰ দৃশ্য বুলি প্ৰচাৰ

লেখক: আজৰা আলী
ফেব্ৰুৱাৰী 15 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
পঞ্জাৱৰ ইউটিউবাৰৰ মুক্তিৰ দাবীত উলিওৱা সমদলৰ ভিডিঅ’ দিল্লী অভিমুখী কৃষকৰ দৃশ্য বুলি প্ৰচাৰ

পঞ্জাৱৰ ইউটিউবাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ এক পুৰণি ভিডিঅ’ চলিত কৃষক প্ৰতিবাদৰ সময়ত দিল্লী অভিমুখে আগবঢ়া কৃষক দেখা গৈছে বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট । (উৎস: লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ’টোত ইউটিউবাৰ ভানা সিদ্ধুক গ্ৰেপ্তাৰ কৰাৰ পিছত পঞ্জাৱৰ মুখ্যমন্ত্ৰী বাসগৃহ অভিমুখী প্ৰতিবাদী সমদল দেখা গৈছে।

ক্লেইম আইডি 99337df3

দাবী কি?

ট্ৰেক্টৰত অহা কিছু ব্যক্তি আৰক্ষীৰ বেৰিকেড ভাঙি আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপভাৱে প্ৰচাৰিত হৈছে। ইয়াত কৃষকসকলে দিল্লীৰ দিশে আগবাঢ়ি যোৱা দেখা গৈছে বুলি দাবী কৰা হৈছে। প্ৰাৰম্ভিক দীৰ্ঘদিনীয়া প্ৰতিবাদৰ প্ৰায় দুবছৰৰ পিছত পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশকে ধৰি ৰাজ্যৰ কৃষকসকলে নতুন দিল্লীলৈ যাত্ৰা কৰাৰ উদ্দেশ্য শেহতীয়াকৈ ঘোষণা কৰিছে। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনৰ মতে এই পদযাত্ৰাৰ উদ্দেশ্য হৈছে চৰকাৰক কৃষকসকলৰ দাবী পূৰণ কৰিবলৈ বাধ্য কৰা, য’ত তেওঁলোকৰ শস্যৰ বাবে নূন্যতম সমৰ্থন মূল্য (এম এছ পি)ৰ আইনী নিশ্চয়তা এক অন্যতম দাবী।

সংযুক্ত কিষাণ মৰ্চা (সংযুক্ত কৃষক মৰ্চা - অৰাজনৈতিক) আৰু কিষাণ মাজদুৰ মৰ্চাৰ প্ৰতিনিধিত্ব কৰা কৃষকসকলৰ মাজত, চৰকাৰৰ সৈতে হোৱা আলোচনা বিচ্ছিন্ন হোৱাৰ পিছত, অসন্তুষ্টি বৃদ্ধি পাইছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে দিল্লীৰ সীমান্তত কৃষকৰ পদযাত্ৰা বিফল কৰিবলৈ বেৰিকেড আৰু তাঁৰৰ বাধা স্থাপনকে ধৰি ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই প্ৰসংগত এজন X ব্যৱহাৰকাৰীয়ে (পূৰ্বতে টুইটাৰ নামেৰে জনাজাত) ভিডিঅ'টো শ্বেয়াৰ কৰি এটা কেপচন দিছে যাৰ অনুবাদ হৈছে, "এই বেৰিকেডবোৰে কৃষকৰ আগমনক ৰোধ কৰিব নোৱাৰে! ব্ৰেক থ্ৰু কৰি তেওঁলোকে দিল্লী অভিমুখে যাত্ৰা অব্যাহত ৰাখে।" এই পোষ্টটোৱে Xত ৩,২১,০০০ তকৈ অধিক দৰ্শন আকৰ্ষণ কৰিছে। একে ধৰণৰ পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰি।

ভাইৰেল পোষ্টবোৰৰ স্ক্ৰীণশ্বট । (উৎস: স্ক্ৰীণশ্বট/X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

শেহতীয়া কৃষকৰ প্ৰতিবাদৰ বুলি ইংগিত দি ফেচবুকতো অসমীয়াত এই ভিডিঅ’টো শ্বেয়াৰ কৰা হয়। এনে এক ফেচবুক ৰিলে এতিয়ালৈকে প্ৰায় ৮২ হাজাৰ ভিউ লাভ কৰিছে।

অৱশ্যে ভাইৰেল ভিডিঅ’টোত পাঞ্জাবী ইউটিউবাৰ ভানা সিদ্ধুক মুক্তিৰ দাবীত সাংগ্ৰুৰ অভিমুখে উলিওৱা এক সমদল দেখা গৈছে । ভিডিঅ’টোৰ স্থান হৈছে ৰাষ্ট্ৰীয় ঘাইপথ ৭ত থকা পঞ্জাৱৰ বদবাৰ টোল প্লাজা ।

আমি এই কথা কেনেকৈ পৰীক্ষা কৰিলোঁ?

আমি ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেম ব্যৱহাৰ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। ইয়াৰ ফলত আমি পঞ্জাৱৰ জলন্ধৰত অৱস্থিত আঞ্চলিক ডিজিটেল সংবাদ মাধ্যম গেম টিভিৰ ইউটিউব চেনেলত একেটা ভিডিঅ’ ২০২৪ চনৰ ৩ ফেব্ৰুৱাৰীত আপলোড কৰা পালোঁ । ভিডিঅ’টোৰ বৰ্ণনাত কোৱা হৈছে, “সাংগ্ৰুৰৰ সমীপৰ পঞ্জাৱ আৰক্ষীৰ বাধা ট্ৰেক্টৰে পাৰ হৈ যোৱাৰ সময়ত ভানা সিদ্ধু আৰু লখা সিদ্ধানাৰ সমৰ্থকসকলৰ আজিৰ প্ৰতিবাদৰ শেহতীয়া ভিজুৱেল।” ২০২৪ চনৰ ৩ ফেব্ৰুৱাৰীত পোষ্ট কৰা ভানা সিদ্ধুৰ অফিচিয়েল ফেচবুক পেজতো আমি ভিডিঅ’টো পাইছিলোঁ, য’ত লিখা আছিল “পাঞ্জাব।”

ভানা সিদ্ধু আৰু লখা সিদ্ধানাৰ সমৰ্থকসকলে ট্ৰেক্টৰে সাংগুৰুৰ ওচৰৰ পঞ্জাৱ আৰক্ষীৰ বাধা অতিক্ৰম কৰে।” ২০২৪ চনৰ ৩ ফেব্ৰুৱাৰীত পোষ্ট কৰা ভানা সিদ্ধুৰ অফিচিয়েল ফেচবুক পেজতো আমি ভিডিঅ’টো পাইছিলোঁ, য’ত লিখা আছিল “পাঞ্জাব।” 

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত কোৱা হৈছে যে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বাসগৃহত উপস্থিত হ’বলৈ যুৱক-যুৱতী আৰু কৃষককে ধৰি বহু প্ৰতিবাদকাৰীয়ে সংগ্ৰুৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। সিদ্ধুৰ সমৰ্থকে বেৰিকেড ভাঙি আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ পিছতে প্ৰতিবাদ তীব্ৰতৰ হৈ পৰে। ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সিদ্ধুক মুকলি কৰি দিয়া হ’ব বুলি চৰকাৰে আশ্বাস দিয়াৰ পিছত অৱশেষত ধৰ্ণা কাৰ্যসূচী উঠাই লোৱা হয়। অৱশেষত ১২ ফেব্ৰুৱাৰীত সিদ্ধুক মুকলি কৰি দিয়া হয় বুলি বাতৰি প্ৰকাশ পাইছে।

অতিৰিক্ত পৰীক্ষণৰ বাবে আমি জেম টিভিৰ সৈতে যোগাযোগ কৰিলোঁ, যিয়ে আমাক ফুটেজটো বন্দী কৰা ফ্ৰীলান্স সাংবাদিকজনৰ ঠিকনা দিলে। নাম প্ৰকাশ নকৰাকৈয়ে সাংবাদিকগৰাকীয়ে নিশ্চিত কৰে যে ভিডিঅ’টোত পঞ্জাৱ আৰক্ষীৰ বেৰিকেড দেখুওৱা হৈছে, যাৰ ফলত দিল্লী-এনচিআৰ সীমান্তত ইয়াৰ চিত্ৰগ্ৰহণৰ সম্ভাৱনা বাদ পৰিছে। প্ৰকৃত স্থানটো পঞ্জাৱৰ বৰ্ণালাৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথ ৭ৰ বদবৰ টোল প্লাজা বুলি চিনাক্ত কৰা হৈছে। ফুটেজটোত দেখা গৈছে যে ২০২৪ চনৰ ৩ ফেব্ৰুৱাৰীত ভানা সিদ্ধুৰ সমৰ্থকসকলে ট্ৰেক্টৰত উঠি সংগ্ৰুৰলৈ যোৱাৰ ফলত টোল প্লাজাত যাতায়ত যথেষ্ট ব্যাঘাত জন্মিছিল আৰু পঞ্জাৱ আৰক্ষীৰ সৈতে সংঘাতৰ সৃষ্টি হৈছিল বুলিও তেওঁ লগতে কয়।

মন কৰিবলগীয়া যে ২০২০-২০২১ বৰ্ষত কৃষকসকলে এতিয়া বাতিল হোৱা তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ সময়ত সিদ্ধুৱে কৃষক সংঘৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছিল। শেহতীয়াকৈ তেওঁৰ মুক্তিৰ দাবীত এই সংগঠনসমূহৰ সদস্যসকলে আন্দোলনত অংশগ্ৰহণ কৰিছিল। ভাৰতীয় কিষাণ সংঘ (ভাৰতীয় কৃষক সংঘ)ৰ এখন পতাকা ভিডিঅ’টোত ০.৪০ ছেকেণ্ডত দেখা গৈছে। কিন্তু এই ভিডিঅ’টোক ভুলকৈ কৃষকৰ নতুন দিল্লীলৈ যোৱা পদযাত্ৰাৰ সৈতে জড়িত কৰা হৈছে। ভিডিঅ’টোত থকা কৃষকসকলৰ প্ৰকৃত উদ্দেশ্য আছিল ২০২৪ চনৰ ৩ ফেব্ৰুৱাৰীত পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ সংগ্ৰুৰৰ বাসগৃহলৈ গৈ ভানা সিদ্ধুৰ মুক্তি বিচৰা।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত ২০২৪ চনৰ ৩ ফেব্ৰুৱাৰীত পঞ্জাৱৰ সংগ্ৰুৰলৈ ইউটিউবাৰ ভানা সিদ্ধুক মুক্তিৰ দাবীত উলিওৱা এক প্ৰতিবাদী সমদল বন্দী কৰা হৈছে। ইয়াত শেহতীয়াকৈ কৃষকসকলে দিল্লী অভিমুখে কৰা সমদল চিত্ৰিত হোৱা নাই। সেয়েহে আমি ভাইৰেল দাবীটোক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।