কংগ্ৰেছৰ যুৱ শাখাৰ এক প্ৰতিবাদৰ ভিডিঅ' কৃষক আন্দোলনৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে

লেখক: ৰজনী কে জি
ফেব্ৰুৱাৰী 21 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
কংগ্ৰেছৰ যুৱ শাখাৰ এক প্ৰতিবাদৰ ভিডিঅ' কৃষক আন্দোলনৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে

অনলাইন যোগে শ্বেয়াৰ কৰা ভাইৰেল ভিডিঅ'টোৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ’টোত ভূপালত বৃদ্ধি পোৱা নিবনুৱা সমস্যাক লৈ যুৱ কংগ্ৰেছৰ সদস্যই সাব্যস্ত কৰা এক প্ৰতিবাদ দেখা গৈছে । ইয়াৰ কৃষক আন্দোলনৰ সৈতে কোনো সম্পৰ্ক নাই ।

ক্লেইম আইডি abf5c6f1

কি দাবী কৰা হৈছে?

ভাৰতত কৃষক আন্দোলন চলি থকাৰ সময়তে এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে ভিডিঅ’টোত প্ৰতিবাদকাৰীক শাসকীয় ভাৰতীয় জনতা পাৰ্টি চৰকাৰে কেনেদৰে ‘দুৰ্ব্যৱহাৰ’ কৰিছে সেয়া দেখা গৈছে । এই ভিডিঅ’টোত তিনিটা ক্লিপৰ মণ্টেজত দেখা গৈছে যে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে পানী কামান প্ৰয়োগ কৰা হৈছে আৰু তেওঁলোকক বাধা দিবলৈ এক বেৰিকেড স্থাপন কৰা হৈছে। ইয়াত আৰক্ষীৰ লোকে একাংশ প্ৰতিবাদকাৰীক আটক কৰি ৰখাও দেখা গৈছে। চলি থকা কৃষকৰ প্ৰতিবাদৰ সৈতে সংযোগ কৰি ভিডিঅ’টো শ্বেয়াৰ কৰা পোষ্টৰ আৰ্কাইভ কৰা লিংক ইয়াত আৰু ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট । (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি এনে ধৰণৰ পোষ্ট, অসমীয়া ভাষাত ফেচবুকত ও প্ৰচাৰ হোৱা দেখা পালোঁ য'ত এনে কিছু দৃশ্য থকা এটা ভিডিঅ' কৃষক আন্দোলনৰ বুলি দাবী কৰা হৈছে । "আকৌ সূচনা কৃষক বিদ্ৰোহ ।বেৰিকেড ভাঙি,গজাল গচকি দিল্লী অভিমুখে হাজাৰ হাজাৰ কৃষকৰ প্ৰতিবাদ দমন কৰিবলৈ বিজেপি চৰকাৰৰ হিটলাৰী শাসন ব্যৱস্থা ৷" বুলি কেপচন সহিত, এনে ধৰণৰ এক পোষ্ট বৰ্তমানলৈকে ২৪৩ বাৰ শ্বেয়াৰ কৰা হৈছে ।

অৱশ্যে ভাইৰেল ভিডিঅ’টোত শ্বেয়াৰ কৰা ক্লিপসমূহ কংগ্ৰেছ দলে কৰা এক প্ৰতিবাদৰ হয়। ইয়াৰ লগত কৃষক আন্দোলনৰ কোনো সম্পৰ্ক নাই।

সত্য কি?

ভাইৰেল ভিডিঅ’টোৰ উল্লেখ কৰা হৈছে যে ইয়াত ভূপালৰ যুৱ কংগ্ৰেছৰ সদস্যসকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰা এক প্ৰতিবাদ দেখা গৈছে। ক্লিপটোৰ ওপৰৰ সোঁফালৰ চুকত এটা ল'গ'ত লিখা আছিল, "BHARAT JODO NYAY YATRA" (ভাৰত জোড়ো ন্যায় যাত্ৰা) আৰু "ROZGAR DO NYAY DO." (ৰোজগাৰ দ' ন্যায় দ')

আমি দেখিলোঁ যে ১৩ ফেব্ৰুৱাৰীত ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভিৰ এক্স একাউণ্টত একেটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল। তাৰ কেপচনত লিখা আছিল, "আজি নিবনুৱা সমস্যাৰ অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ প্ৰক্ৰিয়া হাজাৰ হাজাৰ ভূপালৰ যুৱ কংগ্ৰেছ কৰ্মীয়ে অব্যাহত ৰাখিছে। পানীৰ কামান ব্যৱহাৰ কৰক, লাঠি ব্যৱহাৰ কৰক কিন্তু নিবনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপন দিয়ক আৰু ন্যায় দিয়ক (হিন্দীৰ পৰা অনুবাদ কৰা)।"

(উৎস: ইনষ্টাগ্ৰাম)

মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত এই প্ৰতিবাদৰ ভিজুৱেল ভাৰতীয় যুৱ কংগ্ৰেছে ইনষ্টাগ্ৰামত আৰু নিউজ চেনেল ইণ্ডিয়া টুডেই ইউটিউবত প্ৰকাশ কৰে। এই ভিজুৱেলবোৰ ভাইৰেল ভিডিঅ’টোৰ দৃশ্যৰ সৈতে মিল আছে।

দ্য টাইমছ অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি যোৱা ১৩ ফেব্ৰুৱাৰীত ৰাজ্য বিজেপি চৰকাৰৰ নিবনুৱা সমস্যা আৰু অপূৰ্ণ ইস্তাহাৰৰ প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ কৰ্মীসকলে এই সমদল উলিয়ায়। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে বেৰিকেড আৰু পানীৰ কামান ব্যৱহাৰ কৰি বহুতক আটক কৰি ৰাখিছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত যোৱা ১৪ জানুৱাৰীৰ পৰা মণিপুৰৰ পৰা আৰম্ভ হোৱা ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ নামৰ ৰাজনৈতিক পদযাত্ৰাৰ আঁত ধৰি এই প্ৰতিবাদ অনুষ্ঠিত কৰা হয় । ৬,০০০ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ এই যাত্ৰাৰ অন্ত পৰিব মুম্বাইত।

চলি থকা কৃষকৰ প্ৰতিবাদ

দীৰ্ঘদিনীয়া প্ৰতিবাদ বন্ধ হোৱাৰ দুবছৰৰ পাছত ৰাষ্ট্ৰীয় ৰাজধানীৰ সীমান্তত কৃষকসকলে সমবেত হৈ নূন্যতম সমৰ্থন মূল্য (এম এছ পি) বৃদ্ধিৰ দাবী নবীকৰণ কৰিছে। ৰাজধানী সীমান্তত আৰক্ষীয়ে বেৰিকেড, তাঁৰ, গজাল আদি স্থাপন কৰি প্ৰতিবাদকাৰীক ৰাজধানীত প্ৰৱেশ কৰাত বাধা দিছে। পঞ্জাৱ-হাৰিয়ানা সীমান্তত যেতিয়া প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বেৰিকেড ভাঙিবলৈ চেষ্টা কৰিছিল তেতিয়া প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰিছিল বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

কৃষকৰ বিৰুদ্ধে বল প্ৰয়োগ কৰা হৈছে যদিও উক্ত ভাইৰেল ভিডিঅ’ৰ তেওঁলোকৰ প্ৰতিবাদৰ সৈতে কোনো সম্পৰ্ক নাই।

সিদ্ধান্ত

ভূপালত যুৱ কংগ্ৰেছৰ কৰ্মীসকলৰ ওপৰত আৰক্ষীয়ে পানীৰ কামান ব্যৱহাৰ কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াৰ ভিডিঅ’টোত চলি থকা কৃষক আন্দোলনৰ দৃশ্য বুলি ভুৱা দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিলোঁ।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।