উত্তৰ প্ৰদেশৰ ধৰ্মীয় সমাৱেশৰ ভিডিঅ' ২০২৪ চনৰ কৃষক প্ৰতিবাদৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: অনুৰাগ বৰুৱা
ফেব্ৰুৱাৰী 28 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
উত্তৰ প্ৰদেশৰ ধৰ্মীয় সমাৱেশৰ ভিডিঅ' ২০২৪ চনৰ কৃষক প্ৰতিবাদৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে

শেহতীয়া কৃষকৰ প্ৰতিবাদৰ দৃশ্য বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/ইউটিউব/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ'টোত ২০২৩ চনৰ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ টুণ্ডলাত অনুষ্ঠিত এক ধৰ্মীয় সমাৱেশ দেখা গৈছে, শেহতীয়া কৃষক প্ৰতিবাদৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি 5e5c032c

কি দাবী কৰা হৈছে?

ৰাজপথত সমবেত হোৱা বৃহৎ সংখ্যক লোকৰ এক সমাগমৰ দৃশ্য একাধিক লোকে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি সেয়া দিল্লীত চলি থকা শেহতীয়া কৃষক আন্দোলনৰ দৃশ্য বুলি দাবী কৰা দেখা গৈছে।

ভিডিঅ’টো ইংৰাজীকে ধৰি অসমীয়া, তামিল, মালয়ালম, আদি কেইবাটাও ভাৰতীয় আঞ্চলিক ভাষাত ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰি কৃষক প্ৰতিবাদৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে। এনে কিছুমান আৰ্কাইভ কৰা পোষ্ট ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব৷ 

৫০ বাৰতকৈ অধিক শ্বেয়াৰ কৰা ফেচবুক ৰিল ভিডিঅ’ এটাৰ কেপচনত লিখা হৈছে: “আন্দোলন কৰাৰ সকলোৰে অধিকাৰ আছে, 'কৃষক আন্দোলন ৰুধিবলৈ ইমান কঠোৰ ব্যৱস্থা কিয়', চৰকাৰক ধমক আদালতৰ, উত্তৰ বিচাৰিলে চৰকাৰৰ পৰা। কৃষক মহাবিদ্ৰোহলৈ অভিনন্দন  আৰু শুভেচ্ছা জনালোঁ। কৃষক সকলৰ জয় হওঁক ✊ জয় কৃষাণ ✊

ভিডিঅ’টোত ২০২৪ চনৰ কৃষকৰ প্ৰতিবাদ দেখা গৈছে বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি কি বিচাৰি পালো?

ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২৩ চনৰ ১১ আগষ্টত আপলোড কৰা এটা ইউটিউব শ্বৰ্ট লাভ কৰোঁ।‘ট্ৰেভেলাৰ শচীন’ নামৰ এটা ইউটিউব একাউণ্টৰ পৰা শ্বেয়াৰ কৰা ভিডিঅ’টোৰ কেপচনত লিখা আছিল, “লাখো কি ভিৰ সড়ক পৰ কিউ য়ে গয় #narayansakarhari #bhakti #sakarhari #shorts #short #trending।"

চেনেলটোত থকা বাকী ভিডিঅ’সমূহ ভালদৰে চোৱাত আমি একেধৰণৰ দৃশ্য সম্বলিত এটা ছয় মিনিটৰ ভিডিঅ’ লাভ কৰোঁ। উক্ত ভিডিঅ’টোত উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ জিলাৰ ভিতৰৰ এখন চহৰ টুণ্ডলাত এই সমাৱেশ অনুষ্ঠিত হৈছিল বুলি উল্লেখ কৰাৰ লগতে সমাৱেশত গোট খোৱা লোকসকল ‘নাৰায়ণ সাকাৰ হৰি’ নামৰ এজন আধ্যাত্মিক নেতাৰ অনুগামী বুলি কয়।

শচীন নামৰ ভ্লগাৰজনে ভাইৰেল ভিডিঅ’টোত দেখা দৃশ্য ২০২৩ চনৰ ফেব্ৰুৱাৰীত টুণ্ডলাত অনুষ্ঠিত ‘সত্য কে সাথ - মংগল দিৱস’ নামৰ অনুষ্ঠানৰ বুলি উল্লেখ কৰিছে। ভিডিঅ’টোৰ ২:০৯ টাইমষ্টাম্পত অনুষ্ঠানস্থলীত পাতল সমাগম আৰু যান-জঁটৰ ভিৰ দেখা যায়।

ভাইৰেল ভিডিঅ’টো আৰু ট্ৰেভেলাৰ শচীনৰ ইউটিউব ভিডিঅ’ৰ স্ক্ৰীণশ্বটৰ মাজত তুলনা। (উৎস: স্ক্ৰীণশ্বট/ফেচবুক/ইউটিউব/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভিডিঅ’টোত সমাৱেশস্থলীৰ ভিতৰৰ ফুটেজো অন্তৰ্ভুক্ত কৰা হৈছে য’ত প্ৰস্তুতি চলাই থকা দৃশ্য দেখা যায়। ভিডিঅ’টোৰ ৫:৪৮ টাইমষ্টাম্পত একাংশ লোকে এখন দেৱালত ইউটিউব শ্বট ভিডিঅ’ৰ হেচটেগ আৰু কেপচনত পূৰ্বে ব্যৱহাৰ কৰা ‘নাৰায়ণ সাকাৰ হৰি’ৰ নাম উল্লেখিত এখন বেনাৰ আঁৰি থকা দেখিবলৈ পোৱা যায়। 

ট্ৰেভেলাৰ শচীনৰ ইউটিউব চেনেলত আপলোড কৰা ভিডিঅ'টোৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/ইউটিউব/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

লজিকেলী ফেক্টছে শচীনৰ সৈতে যোগাযোগ কৰাত তেওঁ ভিডিঅ’টো সঁচাকৈয়ে টুণ্ডলাত নাৰায়ণ সাকাৰ হৰিৰ এক অনুষ্ঠানৰ বুলি নিশ্চিত কৰে আৰু চলিত বা আগতে হৈ যোৱা কৃষক প্ৰতিবাদৰ ইয়াৰ কোনো সম্পৰ্ক নাই বুলি কয়।

আন ইউটিউব চেনেলতো টুণ্ডলাত অনুষ্ঠিত উক্ত সমাৱেশৰ সৈতে মিলা কিছু ভিডিঅ’ আপলোড কৰা আমি দেখিবলৈ পাওঁ যাৰ দ্বাৰা আমি লাভ কৰা তথ্যৰ সত্যতা প্ৰমাণিত হয়।

ইয়াৰ উপৰিও আমি ভাইৰেল ভিডিঅ’টোত দেখুওৱা স্থানখিনি যে নিশ্চিতভাৱে উত্তৰ প্ৰদেশৰ ফিৰোজপুৰ জিলাৰ টুণ্ডলা হয় সেয়া জিঅ’ল’কেট কৰিবলৈ সক্ষম হওঁ। সমাৱেশস্থলীৰ সমীপত থকা দেৱাল বিজ্ঞাপনৰ ছবিৰ জৰিয়তে উক্ত স্থানখিনি যে উত্তৰ-প্ৰদেশৰ টুণ্ডলা হয় সেয়া নিশ্চিত হোৱা যায়।

ভাইৰেল ভিডিঅ’ আৰু গুগল মেপৰ স্ক্ৰীণশ্বটৰ মাজত তুলনা। (উৎস: স্ক্ৰীণশ্বট/ফেচবুক/গুগল মেপছ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টো ২০২৩ চনৰ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ টুণ্ডলাত অনুষ্ঠিত এক ধৰ্মীয় সমাৱেশৰ সময়ত লোৱা হৈছিল, কৃষকৰ প্ৰতিবাদৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।