চুডানৰ সেনাই ইন্ধন টেংকত কৰা আক্ৰমণৰ ভিডিঅ’ গাজাৰ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে

লেখক: উম্মে কুলচুম
অক্টোবৰ 26 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
চুডানৰ সেনাই ইন্ধন টেংকত কৰা আক্ৰমণৰ ভিডিঅ’ গাজাৰ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে

পূব গাজাৰ পানীৰ টেংকৰ ওচৰত ইজৰাইলী বাহিনীয়ে পেলেষ্টাইনী শিশুৰ ওপৰত বোমা বিস্ফোৰণ কৰা বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এই ভিডিঅ'টো চুডানৰ সেনাই ৰেপিড চাপৰ্ট ফৰ্চক লক্ষ্য কৰি কৰা আক্ৰমণৰ হয় । শেহতীয়াকৈ ইজৰাইল-হামাছ যুদ্ধৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি 329b33a8

কি দাবী কৰা হৈছে?

ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধই তৃতীয় সপ্তাহত ভৰি দিয়াৰ লগে লগে গাজা ষ্ট্ৰিপত চলি থকা আক্ৰমণৰ মাজতে বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা ভিডিঅ' ব্যাপকভাৱে প্ৰচাৰিত হৈছে। ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা এজন ফেচবুক ব্যৱহাৰকাৰীয়ে আৰবী ভাষাত (ইংৰাজীলৈ অনুবাদ কৰা) লিখিছে, “#গাজাত তেওঁলোকে পান কৰিবলৈ পানী ভৰাই থাকোঁতে সন্ত্ৰাসবাদী জায়নিষ্টসকলে কাপুৰুষৰ দৰে অসহায় নিৰীহ লোকৰ ওপৰত বোমা আৰু মিছাইল নিক্ষেপ কৰে।” এই কাহিনীটো লিখাৰ সময়ত পোষ্টটোৱে ৯ হাজাৰৰো অধিক ভিউ আৰু ২০০ প্ৰতিক্ৰিয়া লাভ কৰিছিল (ইয়াত আৰ্কাইভ চাব পাৰিব)।

একেটা ভিডিঅ’ এক্স (পূৰ্বে টুইটাৰ)তো ভাইৰেল হৈ পৰিছে। এজন ব্যৱহাৰকাৰীয়ে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি কেপচন দিছিল, “এয়া আজি অলপ পূৰ্বে, পেলেষ্টাইনীসকলে গাজাত পানী পাবলৈ চেষ্টা কৰিছে, ইজৰাইলী সন্ত্ৰাসবাদী।" পোষ্টবোৰৰ আৰ্কাইভ সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব।

অনলাইন যোগে কৰা দাবীৰ স্ক্ৰীণশ্বট (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে ইজৰাইল-হামাছৰ মাজত চলি থকা সংঘাতৰ সৈতে ভাইৰেল ভিডিঅ’টোৰ কোনো সম্পৰ্ক নাই।

আমি কি পাইছিলোঁ

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলে ১২ অক্টোবৰত প্ৰকাশিত চুডান নিউজৰ এটা এক্স পোষ্ট পোৱা গ’ল। পোষ্টটোত ভাইৰেল ভিডিঅ’টোৰ এক দীঘলীয়া সংস্কৰণ আছিল আৰু আৰবী ভাষাত কেপচনত লিখা আছিল যে এই ভিডিঅ’টোত চুডানৰ সেনাই ৰেপিড চাপৰ্ট ফৰ্চৰ এটা দলক লক্ষ্য কৰি লোৱা দেখা গৈছে। অনুবাদ কৰা কেপচনত লিখা আছিল, “ৰেপিড চাপৰ্ট মিলিচীয়াৰ এটা দলক, যিসকলে নিজৰ মটৰ চাইকেলত ইন্ধন ভৰোৱাৰ বাবে গোট খাইছিল, লক্ষ্য কৰি চুডানৰ সেনাৰ আক্ৰমণ।"

আমি ভিডিঅ’টো আল জাজীৰা - চুডানে ১২ অক্টোবৰত তেওঁলোকৰ ফেচবুক পেজত পোষ্ট কৰা বিচাৰি পালোঁ। কেপচনটোত আৰবী ভাষাত লিখা আছিল, “চুডানৰ সেনায়ে খাৰ্টুমত ৰেপিড চাপৰ্ট ফৰ্চৰ এটা ইন্ধন টেংকত বোমা বিস্ফোৰণ ঘটাইছিল ।”

আমি স্থানীয় বাতৰি ৱেবছাইট চুডান আখবাৰে প্ৰকাশ কৰা স্থানীয় প্ৰতিবেদন এটাও পাইছিলোঁ, য’ত লিখা আছিল যে এই আক্ৰমণ ৰাজধানী খাৰ্টুমত সংঘটিত হৈছিল।

আল জাজিৰাৰ প্ৰতিবেদনৰ স্ক্ৰীণশ্বট (উৎস: ফেচবুক/আল জাজিৰা - চুডান)

আমি সেই ঠাইখন চুডানৰ খাৰ্টুম বিমানবন্দৰৰ ওচৰত অৱস্থিত জেট ইন্ধন ডিপো এটা হয় বুলি জিঅ’ল’কেশ্যন কৰি নিৰ্ণয় কৰিবলৈ সক্ষম হলোঁ৷

গুগল আৰ্থৰ ছবি আৰু ভাইৰেল ভিডিঅ’ৰ তুলনা (উৎস: গুগল আৰ্থ/এক্স/স্ক্ৰীণশ্বট)

২০২৩ চনৰ এপ্ৰিল মাহৰ মাজভাগৰ পৰা চুডান সেনা আৰু আৰএছএফ সংঘাতত লিপ্ত হৈ আছে। এপিৰ এক প্ৰতিবেদন অনুসৰি সশস্ত্ৰ বাহিনীৰ অধিনায়ক জেনেৰেল আব্দেল-ফাত্তহ বুৰহান আৰু ৰেপিড চাপৰ্টৰ অধিনায়ক জেনেৰেল মহম্মদ হামদান ডাগালোৰ মাজত জাতি আৰু ইয়াৰ সম্পদৰ ওপৰত নিয়ন্ত্ৰণ বাবে সংঘাতৰ সৃষ্টি হৈছিল।"

ৰাষ্ট্ৰসংঘৰ অনুমান অনুসৰি সেনা আৰু আৰ এছ এফৰ মাজত হোৱা গৃহযুদ্ধত এতিয়ালৈকে ৫৬ লাখতকৈ অধিক লোকক ঘৰৰ পৰা খেদি পঠিওৱা হৈছে, আৰু প্ৰায় ৯ হাজাৰ লোকৰ মৃত্যু হৈছে ।

সিদ্ধান্ত

এই ভিডিঅ’টো চলি থকা ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ নহয় আৰু ইয়াত ইজৰাইলী বাহিনীয়ে পূব গাজাত এক পানীৰ টেংকত বোমা বিস্ফোৰণ ঘটোৱা দেখা যোৱা নাই। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।