ইউক্ৰেইনৰ ভিডিঅ' গাজাত ইজৰাইলৰ ৰাসায়নিক অস্ত্ৰৰ আক্ৰমণৰ দৃশ্য় বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: ছেম ড'ক
নৱেম্বৰ 10 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ইউক্ৰেইনৰ ভিডিঅ' গাজাত ইজৰাইলৰ ৰাসায়নিক অস্ত্ৰৰ আক্ৰমণৰ দৃশ্য় বুলি শ্বেয়াৰ কৰা হৈছে

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণৰ ভিডিঅ' বুলি শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো ইউক্ৰেইনৰ ভিডিঅ’ হয় আৰু ইজৰাইল আৰু গাজাত শেহতীয়াকৈ চলি থকা সংঘৰ্ষৰ কেইবা মাহ পূৰ্বৰে পৰা ইন্টাৰনেটত উপলব্ধ।

ক্লেইম আইডি 68a2ab91

পৃষ্ঠভূমি

২০২৩ চনৰ ৭ অক্টোবৰত হামাছ আৰু পেলেষ্টাইনী ইছলামিক জেহাদৰ সৈতে জড়িত উগ্ৰপন্থীয়ে ইজৰাইলৰ অধীনস্থ ভূখণ্ডত আক্ৰমণ চলায় আৰু ইয়াৰ পিছতে দেশখনে গাজাৰ ভয়ংকৰ আক্ৰমণ আৰম্ভ কৰে। এটা মাহ অতিক্ৰম কৰা এই সঘৰ্ষত এতিয়ালৈকে কেইবা সহস্ৰাধিক লোকৰ মৃত্য়ু হৈছে। 

ইজৰাইল আৰু গাজাত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে ইন্টাৰনেটত বিভিন্ন অসংলগ্ন আৰু ভুৱা ভিডিঅ' ব্যাপকভাৱে প্ৰচাৰিত হৈ থকা দেখিবলৈ পোৱা গৈছে। এনে এটা ভাইৰেল ক্লিপত এখন চহৰত আকাশৰ পৰা উজ্জ্বল জ্বলন্ত সামগ্ৰী পৰি থকা দেখা গৈছে। একাধিক ব্যৱহাৰকাৰীয়ে উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰি ইয়াত ইজৰাইলী বাহিনীয়ে ৰাসায়নিক ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা দেখা গৈছে বুলি দাবী কৰে। ইয়াত আৰ্কাইভ কৰা সংস্কৰণটো চাব পাৰে। 

একেটা ভিডিঅ’ অসমৰ নিউজ পৰ্টেল টাইম৮ৰ এটা প্ৰতিবেদনতো ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। যোৱা ১১ অক্টোবৰত প্ৰকাশিত প্ৰতিবেদনটোত ইজৰাইলৰ বিৰুদ্ধে উত্থাপিত পেলেষ্টাইনৰ ওপৰত ফছফৰাছ বোমা নিক্ষেপৰ অভিযোগৰ কথা কোৱা হৈছে। অৱশ্য়ে এই প্ৰতিবেদনটোত ভিডিঅ’টোৰ সম্পৰ্কে কোনো স্পষ্ট দাবী কৰা নাই। 

টাইম৮-ৰ ফেচবুক পে'জত উপলব্ধ ভিডিঅ' প্ৰতিবেদনৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/টাইম৮/স্ক্ৰীণশ্বট)

একাধিক ব্যৱহাৰকাৰীয়ে এই ফুটেজটো গাজাৰ ভিডিঅ’ বুলি দাবী কৰি শ্বেয়াৰ কৰা দেখা গৈছে যদিও লজিকেলী ফেক্টছে এই ভিডিঅ’টো ইউক্ৰেইনত ৰেকৰ্ড কৰা হৈছিল বুলি নিশ্চিত কৰিছে। 

প্ৰকৃত তথ্য়

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলে দেখা যায় যে এই ফুটেজটো ২০২৩ চনৰ ১২ মাৰ্চত দ্য মিৰৰে প্ৰকাশ কৰা এক প্ৰতিবেদনত ব্যৱহাৰ কৰা হৈছে। প্ৰতিবেদনটোৰ মতে ইয়াত ইউক্ৰেইনৰ ৱুহলেডাৰ চহৰত ৰাছিয়াৰ সেনা বাহিনীয়ে থাৰ্মাইটৰ ব্যৱহাৰ কৰা দেখা গৈছে। টেলিগ্ৰাফে প্ৰকাশ কৰা এটা ইউটিউব ভিডিঅ’ত একেখিনি তথ্য ব্যক্ত কৰা হৈছে।

দ্য টেলিগ্ৰাফ বা দ্য মিৰৰে তেওঁলোকৰ প্ৰতিবেদনত এনে বিৱৰণ দিয়া নাই যিয়ে এই ভিডিঅ’টো ৱুহলেডাৰত ৰেকৰ্ডিং কৰা বুলি নিশ্চিতভাৱে প্ৰমাণ কৰে। অৱশ্যে ছ’চিয়েল মিডিয়াত এই ঘটনাক লৈ হোৱা আলোচনাৰ সন্ধান কৰিলে দেখা যায় যে জিঅ’কনফাৰ্মড প্ৰকল্পৰ স্বেচ্ছাসেৱক তথা অডিটৰ ৱাইএ নামৰ এজন এক্স ব্যৱহাৰকাৰীয়ে ফুটেজটোক চহৰখনৰ উত্তৰ দিশৰ ডেছাণ্টনিকিভ ষ্ট্ৰীটৰ বুলি  জিঅ’লকেট কৰিছিল।

এই ভিডিঅ'টোত গাজাত ৰাসায়নিক অস্ত্ৰৰ ব্যৱহাৰ দেখুওৱা হোৱা নাই। এইটো ইউক্ৰেইনৰ ভিডিঅ’ আৰু ইয়াত দেশখনৰ ভুহেলেদাৰত ৰাছিয়াৰ সেনা বাহিনীৰ আক্ৰমণৰ দৃশ্য দেখা গৈছে। সেয়েহে, এই দাবীটো আমি মিছা বুলি চিহ্নিত কৰিছো। 

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , Dansk

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।