পশ্চিমবংগত মহিলাক উলংগ কৰি প্ৰহাৰ কৰা ভিডিঅ' মণিপুৰৰ বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
আগষ্ট 16 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
পশ্চিমবংগত মহিলাক উলংগ কৰি প্ৰহাৰ কৰা ভিডিঅ' মণিপুৰৰ বুলি শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ’টোত বন্দী হোৱা এই ঘটনা পশ্চিমবংগৰ মালদাত সংঘটিত হৈছে য’ত এটা দলে দুগৰাকী জনজাতীয় মহিলাক আক্ৰমণ কৰে । ভিডিঅ’টোৰ মণিপুৰৰ লগত কোনো সংযোগ নাই।

ক্লেইম আইডি 3a969661

(সতৰ্কবাণী: এই লেখাটোত দুখজনক দৃশ্যৰ বৰ্ণনা আৰু যৌন নিৰ্যাতনৰ উল্লেখ আছে। পাঠকক বিবেচনা কৰি পঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে)

পৃষ্ঠভূমি

যোৱা সপ্তাহত ভাৰতৰ সংঘাতপূৰ্ণ ৰাজ্য মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰি কেইবাজনো পুৰুষে যৌন নিৰ্যাতন চলোৱাৰ এক ভিডিঅ’ অনলাইনত প্ৰকাশ পাইছিল, যাৰ ফলত ব্যাপক হুলস্থুল হৈছিল আৰু সকলোৱে ইয়াক এক মুখে নিন্দা কৰিছিল। বাতৰি অনুসৰি, উত্তৰ-পূবৰ ৰাজ্যখনত গোষ্ঠীগত সংঘৰ্ষৰ মাত্ৰ কেইদিনমান পিছতে ৪ মে’ত সংঘটিত হোৱা এই ভয়ানক কাণ্ডৰ সৈতে জড়িত থকা এতিয়ালৈকে ৬ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।

উক্ত ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে অসংলগ্ন ঘটনাৰ ভিজুৱেল শ্বেয়াৰ কৰি মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত কৰি আহিছে । তেনে এটা ভিডিঅ’ত একাংশ ক্ষুব্ধ লোকে দুগৰাকী মহিলাক কোবাই কাপোৰ খুলি পেলোৱা দেখা যায়। এই দুখজনক ভিডিঅ’টো এক্স (আগতে টুইটাৰ)ত শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "#ManipurBurning Need Justice for Manipur Violence," আৰু লগতে মণিপুৰৰ সৈতে সম্পৰ্ক থকা কেইবাটাও হেচটেগ উল্লেখ কৰে। ২৩ জুলাইত শ্বেয়াৰ কৰা এই পোষ্টটো প্ৰকাশৰ সময়ত ৪৬ হাজাৰৰো অধিক দৰ্শন লাভ কৰিছিল।

অৱশ্যে ভিডিঅ’টো মণিপুৰৰ নহয়।

প্ৰকৃত তথ্য

২২ জুলাইত নিউজ১৮য়ে ভিডিঅ’টোত বন্দী হোৱা এই ঘটনাৰ এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। ভাইৰেল ভিডিঅ’টোৰ দুটা অস্পষ্ট স্ক্ৰীণশ্বট সংলগ্ন থকা আৰু ভিডিঅ’টোৰ এক বৰ্ধিত আৰু অস্পষ্ট সংস্কৰণ থকা এক পোষ্টৰ আধাৰত প্ৰকাশিত এই প্ৰতিবেদন অনুসৰি পশ্চিমবংগৰ মালদা জিলাত দুগৰাকী জনজাতীয় মহিলাক উলংগ কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

২২ জুলাইৰ এই ঘটনা সন্দৰ্ভতো দা ৱায়াৰে এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট ব্যৱহাৰ কৰা এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ১৮ জুলাইত মালদাৰ পাকুৱাহাটৰ ৰাতুৱাচাকৰ সমীপত এই ঘটনা সংঘটিত হৈছিল যদিও ২২ জুলাই, শনিবাৰেহে, ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত, এই ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।  প্ৰতিবেদন অনুসৰি মালদাৰ আৰক্ষী অধীক্ষক প্ৰদীপ কুমাৰ যাদৱে সাংবাদিকৰ আগত কয় যে স্থানীয় ৰাইজে অন্য মহিলাৰ পৰা ধন চুৰি কৰা বুলি সন্দেহ কৰি মহিলা দুগৰাকীক আক্ৰমণ কৰে।

২২ জুলাইতো প্ৰকাশিত এই কাণ্ডৰ আন এক প্ৰতিবেদনত দ্য ইণ্ডিয়ান এক্সপ্ৰেছত উল্লেখ কৰা হৈছে যে স্থানীয় লোকে অভিযোগ কৰিছে যে মালদাৰ মাণিকচাক অঞ্চলৰ পাঁচগৰাকী জনজাতীয় মহিলাই আন মহিলাৰ পৰা চুৰি কৰি ধৰা পৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰে তিনিগৰাকীয়ে পলায়ন কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে দুগৰাকী মহিলাক ধৰি লৈ মাৰপিট কৰা হয় বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইয়াত লগতে কোৱা হৈছে যে আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰি বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে।

আমি এইটোও দেখিলোঁ যে একেটা ভিডিঅ’ পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টিৰ স্থানীয় নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বীতা আগবঢ়োৱা দুগৰাকী মহিলাক মাৰপিট কৰি উলংগ কৰাই পেৰেড কৰোৱা গৈছে বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছিল।

লজিকেলী ফেক্টচে এই ঘটনা সন্দৰ্ভত অধিক জানিবলৈ মালদা জিলাৰ বামংগোলা থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক জয়দীপ চক্ৰৱৰ্তীৰ সৈতে যোগাযোগ কৰে। চক্ৰৱৰ্তীয়ে কয়, "এই ভিডিঅ'টো মণিপুৰৰ নহয় বা ভুক্তভোগী দুজন স্থানীয় নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থীও নাছিল। ই চুৰিৰ অভিযোগৰ গোচৰ আছিল, আৰু সন্দেহৰ ভিত্তিত এদল মহিলাই ভুক্তভোগীক মাৰপিট কৰিছিল। আমি ছয়জনক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিছো।" ভিডিঅ’টো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ বাবে আমি তথ্য প্ৰযুক্তি (আই টি) আইনখনো চাৰ্জশ্বীটত অন্তৰ্ভুক্ত কৰিছো। ছ'চিয়েল মিডিয়াত কৰা দাবীসমূহ মিছা।"

সিদ্ধান্ত

মণিপুৰৰ সাম্প্ৰতিক অশান্তিময় পৰিস্থিতিৰ সৈতে এই ভিডিঅ’টো মিছাকৈ জড়িত কৰা হৈছে। বিশ্বাসযোগ্য সংবাদ প্ৰতিষ্ঠান আৰু আৰক্ষী বিষয়াৰ বাতৰিয়ে নিশ্চিত কৰিছে যে ভিডিঅ’টোত বন্দী হোৱা এই ঘটনাটো পশ্চিম বংগৰ মালদাত সংঘটিত হৈছে । গতিকে আমি দাবীটো মিছা বুলি চিহ্নিত কৰোঁ।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।