টাইৱানৰ ভিডিঅ’ গুজৰাটৰ আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

লেখক: অনুৰাগ বৰুৱা
ফেব্ৰুৱাৰী 7 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
 টাইৱানৰ ভিডিঅ’ গুজৰাটৰ আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

এই ভিডিঅ’টো টাইৱানৰ চিলা মহোৎসৱৰ এক ঘটনাৰ হে হয় । গুজৰাট বা তাত শেহতীয়াকৈ অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই ।

ক্লেইম আইডি 94fe3e65

পৃষ্ঠভূমি

সম্প্ৰতি ছ’চিয়েল মিডিয়াত এখন বিশাল চিলাই এটি শিশুক আকাশলৈ উৰুৱাই নিয়াৰ এক ভিডিঅ’ গুজৰাটৰ বুলি এক দাবীৰে ভাইৰেল হৈ পৰিছে । এই ভিডিঅ’টো নিউজ লাইভ নামৰ অসমীয়া চেটেলাইট নিউজ চেনেলটোৱে ২০২৩ চনৰ ১৭ জানুৱাৰীত নিজৰ ফেচবুক পেজত গুজৰাটত শ্বুট কৰা বুলি দাবী কৰি (মূলতঃ অসমীয়াত লিখা) পোষ্ট কৰিছিল । আহমেদাবাদত অনুষ্ঠিত ৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱ সমাপ্ত হোৱাৰ কিছুদিনৰ ভিতৰতে এই দাবী উত্থাপন হৈছে। এই ভিডিঅ’টোৱে এই পৰ্যন্ত প্ৰায় ১৫ লাখ ভিউজ লাভ কৰিছে । আন কেইবাজনো ফেচবুক আৰু টুইটাৰ ব্যৱহাৰকাৰীয়েও এই ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰিছে যে এই ভিডিঅ’টো গুজৰাটৰ আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱৰ। 'দ্য ইণ্ডিয়ান এক্সপ্ৰেছ'ৰ মতে, ৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই চিলা উৎসৱ ১৪ জানুৱাৰীত সমাপ্ত হোৱাৰ পূৰ্বে ইয়াত ৫৩খন দেশৰ ১২৬ জন লোকে অংশগ্ৰহণ কৰে ।

প্ৰকৃত তথ্য

কী-ৱৰ্ড ছাৰ্চ কৰাৰ পাছত আমি একেটা ভিডিঅ’ৰ চুটি সংস্কৰণ 'দ্য এছ’চিয়েটেড প্ৰেছ'ৰ ৱেবছাইটত ২০২০ চনৰ ৩০ আগষ্টৰ এক প্ৰতিবেদনৰ অংশ হিচাপে প্ৰকাশ হোৱা দেখা পালোঁ । প্ৰতিবেদন অনুসৰি, সেই ঘটনাটোত, এগৰাকী ৩ বছৰীয়া কিশোৰী চিলাৰ ৰছীত আবদ্ধ হৈ পৰাৰ ফলত বতাহত কেইবা মিটাৰ ওপৰলৈ চিলাখনৰ সৈতে উৰি যায় । প্ৰতিবেদনত আৰু কোৱা হৈছে যে এই ঘটনা টাইৱানৰ সাগৰৰ পাৰৰ চহৰ নানলিঅ’আওত এক চিলা উৎসৱৰ সময়ত সংঘটিত হয় । 

'চাউথ চাইনা মৰ্নিং পোষ্টে'ও ২০২০ চনৰ ৩১ আগষ্টত নিজৰ ইউটিউব চেনেলত ভিডিঅ’টো শ্বেয়াৰ কৰিছিল, যাৰ শিৰোনাম আছিল, “টাইৱানৰ এজনী ৩ বছৰীয়া ছোৱালীক এখন বিশাল চিলাই আকাশলৈ উৰুৱাই নিয়ে”। ভিডিঅ’ প্ৰতিবেদনত ইয়াৰ উৎস হিচাপে 'এপি নিউজ'ক কৃতিত্ব দিয়া দেখা গৈছে আৰু বৰ্ণনাত এজন চৰকাৰী বিষয়াৰ উদ্ধৃতি দি কোৱা হৈছে যে হঠাৎ অহা এজাক বতাহৰ ফলত চিলাখনে শিশুটিক মেৰিয়াই লৈছিল, আৰু তাৰ পাছত তাইক আকাশলৈ উৰুৱাই নিছিল । প্ৰতিবেদনত আৰু কোৱা হৈছে যে ২০২০ চনৰ ৩০ আগষ্টত এই ঘটনা সংঘটিত হৈছিল । আটাইকেইটা ভিডিঅ’তে এখন বিশাল গেৰুৱা ৰঙৰ চিলাই এটি শিশুক উৰুৱাই নিয়া দেখা গৈছে আৰু লগতে বহুতো মানুহক আতংকিত হৈ চিঞৰা শুনা গৈছে । 

একেটা ঘটনা সন্দৰ্ভত ২০২০ চনৰ ৩১ আগষ্টত প্ৰকাশিত 'ৰয়টাৰ'ৰ এক প্ৰবন্ধত উল্লেখ কৰা হৈছে যে উক্ত ঘটনাটোত শিশুটি সামান্য মাত্ৰ আঘাত পাই দৈবক্ৰমে ৰক্ষা পৰে । শিশুটি বতাহত ভাঁহি থকা এখন ফটো প্ৰকাশ কৰা সেই প্ৰতিবেদনত আৰু কোৱা হৈছে যে এই কাণ্ডৰ ফলত উত্তৰ-পশ্চিম টাইৱানৰ ছিঞ্চু চহৰত অনুষ্ঠিত হোৱা এই উৎসৱটো আয়োজকসকলে আধাতেই বন্ধ কৰি দিয়ে । তদুপৰি উল্লেখযোগ্য যে, 'লজিকেলি'য়ে আচলতে ২০২০ চনতেই নিশ্চিত কৰিছিল যে উক্ত ভিডিঅ’টো টাইৱানৰ 'ওপৰত উল্লেখিত' ঘটনাটোৰে হয়

সিদ্ধান্ত

ভিডিঅ’টো সঁচাকৈয়ে এক চিলা মহোৎসৱৰ হয় যদিও শেহতীয়াকৈ গুজৰাটত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই । এইটো আচলতে ২০২০ চনত টাইৱানত অনুষ্ঠিত হোৱা এক চিলা মহোৎসৱৰ পুৰণি ভিডিঅ' হে হয় । সেয়েহে আমি এই দাবী মিছা বুলি চিহ্নিত কৰিছো ।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।