‘বেশৰম ৰং’ গীতটোত নৃত্য় কৰি থকা এই লোকজনক বিলাৱাল ভুট্টো জৰ্দাৰী বুলি মিছাকৈ দাবী কৰা হৈছে

লেখক: অনুৰাগ বৰুৱা
ফেব্ৰুৱাৰী 8 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
 ‘বেশৰম ৰং’ গীতটোত নৃত্য় কৰি থকা এই লোকজনক বিলাৱাল ভুট্টো জৰ্দাৰী বুলি মিছাকৈ দাবী কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ’টোত এক হিন্দী গীতত নাচি থকা মানুহজন বিলাৱাল ভুট্টো জৰ্দাৰী নহয় বৰঞ্চ কৰাচীৰ 'ইকৰা বিশ্ববিদ্যালয়'ৰ 'মেহৰোজ বেইগ' নামৰ এজন ছাত্ৰ হয় ।

ক্লেইম আইডি ef7aedd5

পৃষ্ঠভূমি

ছুইজাৰলেণ্ডৰ ডাভ'ছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক বৈঠকত পাকিস্তানৰ বিদেশ মন্ত্ৰী বিলাৱাল ভুট্টো জৰ্দাৰীয়ে নিজৰ দেশক প্ৰতিনিধিত্ব কৰাৰ কিছুদিন পাছতে ছ’চিয়েল মিডিয়াত ৩৪ বছৰীয়া ৰাজনীতিবিদগৰাকীৰ বিষয়ে পোষ্টৰ উজান উঠিছিল। কেইবাটাও পোষ্টত এই সম্পৰ্কত জাৰ্দাৰীয়ে কৰা মন্তব্যক পাকিস্তানত চলি থকা অৰ্থনৈতিক সংকট আৰু “নতুন বিশ্ব ব্যৱস্থা” ষড়যন্ত্ৰ যুক্তিৰ সৈতে সংপৃক্ত কৰা হৈছে। ২২ জানুৱাৰীত টুইটাৰ ব্যৱহাৰকাৰী @kakar_harsha (অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল হৰ্ষ কাকাৰ)ই পাঠান ছবিৰ ‘বেশৰম ৰং’ নামৰ হিন্দী গীতটোত এজন পুৰুষ আৰু এগৰাকী মহিলাৰ নৃত্যৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল। এতিয়ালৈকে ১২০০ৰো অধিক লাইক লাভ কৰা এটা পোষ্টত এজন লোকে লিখিছে যে ভিডিঅ’টোত নাচি থকা মানুহজন হৈছে জৰ্দাৰী, আৰু পাকিস্তানৰ মন্ত্ৰীগৰাকীক উপহাস কৰি তেওঁ লিখিছিল যে তেওঁ “নিজৰ দেশ দেউলীয়া হ’বলৈ ওলোৱাৰ সময়ত নিজৰ নাৰীসুলভ ধৰণ কৰণ প্ৰদৰ্শন কৰিছে”। সাংবাদিক ৰোহন দুৱাই সেইদিনা নিজৰ ভেৰিফাইড টুইটাৰ একাউণ্টৰ পৰা পাকিস্তানী মন্ত্ৰীগৰাকীৰ ‘যোগ্যতা’ৰ ওপৰত 'পটশ্বট' লোৱা ভিডিঅ’টো শ্বেয়াৰ কৰে। ১৬ লাখতকৈ অধিক ভিউজ লাভ কৰা টুইটটোত দুৱাই জাৰ্দাৰীৰ নৃত্য দক্ষতাকো “ভয়ংকৰ” বুলি অভিহিত কৰিছে। জৰ্দাৰীক উপহাস কৰা একেধৰণৰ দাবী ভাৰতীয় ছ’চিয়েল মিডিয়া এপ কু'তো ভিডিঅ’টোৰে ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছিল। আনকি কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছিল যে পাকিস্তানে অভূতপূৰ্ব অৰ্থনৈতিক সংকটত ভুগি থকা সময়ত ৰাজনীতিবিদগৰাকীয়ে নিজৰ “প্ৰতিভা” দেখুৱাবলৈ “যি সৰ্বোত্তমভাৱে কৰে তাকেই কৰি” ব্যস্ত হৈ পৰিছে । এনে ধৰণৰ পোষ্ট অসমতো News NE7 নামৰ ফেচবুক পেজটোত আপলোড কৰা দেখা গ'ল ।

প্ৰকৃত তথ্য

ভিডিঅ’টো নিজেই ক্ষন্তেক চালেই দেখা যায় যে ইয়াত নাচি থকা মানুহজন বিলাৱাল ভুট্টো জৰ্দাৰী নহয়, বৰঞ্চ তেওঁৰ লগত সামান্য সাদৃশ্য থকা অন্য এজন ব্যক্তি হে হয় ।

ৰিভাৰ্ছ ইমেজ ছাৰ্চ ব্যৱহাৰ কৰি আমি দেখিলোঁ যে ভাইৰেল ক্লিপটোত দেখাৰ দৰে দুজন ব্যক্তিয়ে ‘বেশৰম ৰং’ত নাচি থকা ফুটেজ ইনষ্টাগ্ৰামত আপলোড কৰা আন এটা ভিডিঅ’ত বন্দী হৈছে। ভিন্ন কোণৰ পৰা লোৱা আৰু ভাইৰেল ক্লিপতকৈ দীঘলীয়া ভিডিঅ’টো ইনষ্টাগ্ৰামত inayakhan0fficial (ইনায়া খান) আৰু mehrozbaigofficial (মেহৰোজ বাইগ) নামৰ দুজন ব্যৱহাৰকাৰীয়ে যুটীয়াভাৱে শ্বেয়াৰ কৰিছিল । ২০২৩ চনৰ ১৩ জানুৱাৰীত এই ভিডিঅ’টো আপলোড কৰা হৈছিল ।

'লজিকেলি'য়ে মেহৰোজ বেইগৰ লগত এই সম্পৰ্কে যোগাযোগ কৰিছিল যি স্পষ্ট কৰিছিল যে সঁচাকৈয়ে সেই ভিডিঅ’টোত নাচি থকা ব্যক্তিজন তেওঁ হয়। তেওঁ লগতে কয় যে ক্লিপটোত তেওঁৰ লগত বন্ধু ইনায়া খান আছিল যি এক ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আৰু অভিনেত্ৰী আৰু তেওঁ ৮ জানুৱাৰীত কৰাচীত অনুষ্ঠিত হোৱা খানৰ ভগ্নীৰ বিয়াত নৃত্য কৰা সময়ত সেই ভিডিঅ’টো বন্দী কৰা হৈছিল । নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত বেইগে ভাইৰেল ভিডিঅ’টোৰ আঁৰৰ সত্য সন্দৰ্ভত হিন্দুস্তান টাইমছ, দ্য ইকনমিক টাইমছ, আৰু অন্যান্য সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰিও শ্বেয়াৰ কৰিছিল। এই সকলোবোৰ বাতৰিত উল্লেখ কৰা হৈছিল যে জনপ্ৰিয় গীতটোত নৃত্য কৰা অৱস্থাত ভিডিঅ’টোত বেইগক দেখা গৈছে, জৰ্দাৰীক নহয়। সোঁপন্থী সংগঠনসমূহে ইয়াৰ কিছুমান ভিজুৱেলে তেওঁলোকৰ ধৰ্মীয় আৱেগক আঘাত কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে ভাৰতত এই গীতটো নিজেই বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ।

জৰ্দাৰীয়ে ২০০২ চনৰ হিংসাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক “গুজৰাটৰ কসাই” বুলি অভিহিত কৰি ডিচেম্বৰ মাহত ভাৰতত শিৰোনাম দখল কৰিছিল। এই মন্তব্যই ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা চোকা ভৰ্ৎসনা লাভ কৰিছিল আৰু জৰ্দাৰীৰ মন্তব্যক “কুৎসিত, অসভ্য আৰু লজ্জাজনক” বুলি অভিহিত কৰিছিল। দ্য হিন্দুৱে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি ভাৰতৰ বিদেশ মন্ত্ৰী এছ. জয়শংকৰে পাকিস্তানক “সন্ত্ৰাসবাদৰ কেন্দ্ৰবিন্দু” বুলি অভিহিত কৰাৰ পিছতে ভুট্টোয়ে এই মন্তব্য কৰিছিল ।

সিদ্ধান্ত

কৰাচীৰ ছাত্ৰ মেহৰোজ বেইগে এখন বিয়াত ‘বেশৰম ৰঙ'ত নৃত্য কৰা এটা ক্লিপ বিলাৱাল ভুট্টো জৰ্দাৰীৰ ভিডিঅ’ বুলি ত্ৰুটিপূৰ্ণভাৱে শ্বেয়াৰ কৰা হৈছে। গতিকে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো । 

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।