ভিডিঅ'টোত বিশ্বকাপ জয়ৰ পিছত লিয়’নেল মেছিয়ে সাবটি ধৰা মহিলাগৰাকী তেওঁৰ মাতৃ নহয়

লেখক: অনুৰাগ বৰুৱা
ফেব্ৰুৱাৰী 6 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
 ভিডিঅ'টোত বিশ্বকাপ জয়ৰ পিছত লিয়’নেল মেছিয়ে সাবটি ধৰা মহিলাগৰাকী তেওঁৰ মাতৃ নহয়

ফেক্ট চেক

ৰায়দান মিছা

লিয়'নেল মেছিয়ে ৰাষ্ট্ৰীয় দলৰ চেফ এণ্টনিয়া ফাৰিয়াছক সাৱটি ধৰাৰ ভিডিঅ’টো ষ্ট্ৰাইকাৰজনে নিজৰ মাতৃক সাৱটি ধৰা বুলি ভুলকৈ প্ৰকাশ পাইছিল ।

ক্লেইম আইডি 983193da

পৃষ্ঠভূমি

কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২২ৰ অন্তিমখন খেলত ফ্ৰান্সক পেনাল্টি শ্বুটআউটত পৰাস্ত কৰি আৰ্জেণ্টিনাই জয়লাভ কৰে । ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে মেচৰ পিছৰ উদযাপনৰ বিভিন্ন ভিডিঅ’ আৰু ছবি শ্বেয়াৰ কৰিছিল আৰু ফেচবুকত এনে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছিল যে এইটো চূড়ান্ত মেচৰ পিছত লিয়নেল মেছিয়ে নিজৰ মাতৃক সাৱটি ধৰা ভিডিঅ’ হয় । ভাইৰেল ভিডিঅ’টোত আৰ্জেণ্টিনাৰ জাৰ্চি পিন্ধা এগৰাকী মহিলাই মেছিৰ ফালে দৌৰি গৈ তেওঁক সাৱটি ধৰা দেখা গৈছে। উক্ত ভাইৰেল ভিডিঅ’টো এই দাবীৰে বিশ্বৰ বহু নিউজ ৱেবছাইট আৰু চেনেলেও প্ৰকাশ কৰিছিল । অৱশ্যে এই দাবী মিছা ।

প্ৰকৃত তথ্য

কেইটামান প্ৰাসংগিক কীৱৰ্ড অনুসন্ধানৰ ফলত চূড়ান্ত মেচৰ পিছত মাকৰ সৈতে মেছিৰ অফিচিয়েল ছবিবোৰ বিচাৰি পোৱা গ’ল, আৰু আমি দেখিলোঁ যে তেওঁ বগা আৰু নীলা জাৰ্চি পিন্ধা নাছিল । এই বিষয়ে ৰয়টাৰে এখন আনুষ্ঠানিক ফটো প্ৰকাশ কৰি লিখিছে, “আৰ্জেণ্টিনাৰ লিয়নেল মেছিয়ে বিশ্বকাপ জয় কৰাৰ পিছত মাতৃ চেলিয়া মাৰিয়া কুচিটিনিক সাৱটি ধৰিছে ।” 

মেছিৰ মাতৃ চেলিয়া মাৰিয়াক, ভাইৰেল ভিডিঅ’টোত মহিলাগৰাকীয়ে পিন্ধা বগা নীলা ৰঙৰ জাৰ্চিটোৰ পৰা একেবাৰে পৃথক, এক গাঢ় নীলা ৰঙৰ জাৰ্চি পিন্ধা দেখা গৈছিল । আমি চূড়ান্ত মেচৰ পৰা চেলিয়া মাৰিয়া কুচিটিনিৰ আন কেইখনমান ছবি পাইছিলোঁ, যিবোৰ গেটি ইমেজেছে প্ৰকাশ কৰিছিল । গাঢ় নীলা ৰঙৰ জাৰ্চি পিন্ধি তেওঁক মেছিৰ পত্নী এণ্টনেলা ৰ’কুজ’ৰ সৈতে থিয় হৈ থকা দেখা গৈছিল । গতিকে ভাইৰেল ভিডিঅ’টোত দেখা মহিলাগৰাকী যে মেছিৰ মাতৃ নহয় সেয়া স্পষ্ট । 

আৰ্জেণ্টিনাৰ সংবাদ প্ৰতিষ্ঠান লা নাচিয়'নৰ মতে, ভাইৰেল ভিডিঅ'টোত মেছিক সাৱটি ধৰা মহিলাগৰাকী হৈছে আৰ্জেণ্টিনাৰ জাতীয় দলৰ চেফ এণ্টনিয়া ফাৰিয়াছ । স্পেনিছ ভাষাৰ পৰা অনুবাদ কৰা প্ৰতিবেদনত লিখা আছে, "এণ্টনিঅ'ই জাৰ্চি নং ১০ দেখাৰ লগে লগে মেছিৰ ফালে দৌৰি গ'ল। তেখেতে তেওঁক বহুত আনন্দত সাৱটি ধৰিলে আৰু মেছিয়ে কাণত কেইটামান শব্দ ফুচফুচাই ক'লে ।"

আৰ্জেণ্টিনাৰ খবৰ প্ৰকাশ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডিজিটেল নিউজ প্লেটফৰ্ম ইনফ’বাইয়ে এই ভাইৰেল ভিডিঅ’টো “লিয়নেল মেছিয়ে ৰাষ্ট্ৰীয় দলৰ চেফ এণ্টনিয়াক আলিংগন কৰে” শীৰ্ষক এটা বাতৰিৰ প্ৰবন্ধত প্ৰকাশ কৰিছে । প্ৰতিবেদন অনুসৰি এণ্টনিয়া ফাৰিয়াছৰ বয়স ৪২ বছৰ আৰু তেওঁ দলটোৰ সৈতে চেফ হিচাপে এক দশক ধৰি কাম কৰি আহিছে । তেওঁ দলটোৰ পৰিচালনাত এজন অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে বিগত সময়তো ব্ৰাজিলৰ কোপা আমেৰিকা আৰু কাটাৰৰ ফিফাকে ধৰি বহু ভ্ৰমণত দলটোৰ সংগ দি আহিছে । ২০১৮ চনত ৰাছিয়াত অনুষ্ঠিত ফিফা বিশ্বকাপৰ সময়ত দলটোৱে একেলগে মেছি আৰু এণ্টনিয়াৰ জন্মদিন উদযাপন কৰিছিল। উদযাপনৰ এখন ছবিও লেখাটোত অন্তৰ্ভুক্ত কৰা হৈছে । আৰ্জেন্টিনা জাতীয় দলৰ টুইটাৰ হেণ্ডেল, 'Selección Argentina'ত ২০১৮ চনৰ ২৫ জুনত এণ্টনিয়া আৰু মেছিৰ জন্মদিন উদযাপনৰ ফটোও পোষ্ট কৰা হৈছিলসিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত মেছিক সাৱটি ধৰা মহিলাগৰাকী তেওঁৰ মাতৃ নহয় । খবৰ অনুসৰি আৰ্জেণ্টিনাৰ ষ্ট্ৰাইকাৰগৰাকীয়ে বিশ্বকাপ জয়ৰ পিছত ৰাষ্ট্ৰীয় দলৰ চেফ এণ্টনিয়া ফাৰিয়াছক সাৱটি ধৰা দেখা গৈছিল । সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো । ।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।