ছ’চিয়েল মিডিয়াত ‘মেইটেইসকল শৰণাৰ্থী' বুলি লিখা বেনাৰৰ ভুৱা ফটো ভাইৰেল হৈছে

লেখক: বিবেক জে
আগষ্ট 17 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ছ’চিয়েল মিডিয়াত ‘মেইটেইসকল শৰণাৰ্থী' বুলি লিখা বেনাৰৰ ভুৱা ফটো ভাইৰেল হৈছে

ফেক্ট চেক

ৰায়দান মিছা

মূল বেনাৰখনত এইধৰণৰ কোনো কথা নাছিল। ইম্ফলত তথাকথিত ‘‘চিন-কুকি মাদক-সন্ত্ৰাসবাদ’’ৰ বিৰুদ্ধে অনুষ্ঠিত এক ৰেলীত এই বেনাৰখন দেখিবলৈ পোৱা গৈছিল।

ক্লেইম আইডি 56fed60f

পৃষ্ঠভূমি

মে’ মাহৰ আৰম্ভণিৰ পৰা মণিপুৰত ভয়ংকৰ হিংসাত্মক পৰিস্থিতিয়ে বিৰাজ কৰি আহিছে। মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত চলি থকা এই গোষ্ঠীসংঘৰ্ষত ৰাজ্য়খনত এতিয়ালৈকে শতাধিক লোকে প্ৰাণ হেৰোৱাব লগীয়া হৈছে। 

উচ্চতম ন্যায়ালয়ে মণিপুৰৰ পৰিস্থিতিক “সাংবিধানিক যন্ত্ৰৰ চূড়ান্ত বিফলতা” বুলি উল্লেখ কৰাৰ বিপৰীতে বিৰোধী দলসমূহে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আইন-শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে।

এনে পৰিস্থিতিত ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বিভিন্ন ভুল তথ্যই সংঘৰ্ষজৰ্জৰিত মণিপুৰত ইমান দিনে জ্বলি থকা জুইকুৰাত অধিক ইন্ধন যোগাইছে। ইয়াৰ মাজতে এক প্ৰতিবাদী কাৰ্যসূচীত ‘‘কুকিসকল বিদেশী আৰু মেইটেইসকল শৰণাৰ্থী’’ বুলি লিখা এখন বেনাৰৰ ফটো বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। 

ছ’চিয়েল মিডিয়া প্লেটফ’ৰ্ম এক্স (আগতে টুইটাৰ)-ত উক্ত ফটোখনৰ সৈতে শ্বেয়াৰ কৰা একাধিক পোষ্ট দেখিবলৈ পোৱা যায়।  তেনে এটা পোষ্টৰ কেপচনত এইদৰে লিখা আছে - ‘‘যদি কুকিসকল বিদেশী আৰু মেইটেইসকল শৰণাৰ্থী হয়, তেন্তে মণিপুৰৰ নাগৰিক প্ৰকৃততে কোন হয়??’’

অৱশ্যে এইয়া শুদ্ধ নহয়, বেনাৰখনত থকা বাক্য়শাৰীৰ এটা অংশ আচলতে ডিজিটেলভাৱে সংযোজন কৰা হৈছে।

প্ৰকৃত তথ্য়

ফটোখন ভালদৰে চালে দেখা যায় যে বেনাৰখনত থকা ‘‘মেইটেইসকল শৰণাৰ্থী’’ বুলি লিখা অংশখিনি বাক্য়শাৰীৰ বাকীখিনি অংশতকৈ অধিক গাঢ়। ‘‘কুকিসকল বিদেশী’’ আৰু ‘‘মেইটেইসকল শৰণাৰ্থী" বুলি লিখা বাক্যাংশ দুটাও দুটা বেলেগ বেলেগ ফন্টত লিখা হৈছে। উদাহৰণস্বৰূপে, 'REFUGEE' (শৰণাৰ্থী)- ৰ 'R' আখৰটো 'FOREIGNER' (বিদেশী)-ৰ 'R'তকৈ বেলেগ দেখা যায়।

আমি বাক্য়াংশ দুটাত পৃথক ফণ্টৰ ব্য়ৱহাৰ লক্ষ্য় কৰোঁ (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

পিছত আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি চাওঁ আৰু ফেচবুকত একেধৰণৰ এখন ফটো লাভ কৰোঁ, অৱশ্য়ে ইয়াত বেনাৰত লিখি থোৱা বাক্য়শাৰী একে নহয়। 'খা-পোটছাংবাম টাইমছ' (Kha-Potshangbam Times) নামৰ একাউণ্টৰ পৰা শ্বেয়াৰ কৰা ফটোখনত বেনাৰত এইদৰে লিখা আছে -"মণিপুৰ অধ্য়ায়ত কুকিসকল বিদেশী" (KUKI ARE FOREIGNER IN MANIPUR CHAPTER)। জানিব পৰা মতে মণিপুৰৰ ৰাজধানী ইম্ফলত অনুষ্ঠিত এখন সমাৱেশৰ সময়ত তোলা উক্ত ফটোখনৰ সৈতে আন কেইবাখনো ফটোও শ্বেয়াৰ কৰা হৈছিল।

মূল  ফটো আৰু সম্পাদিত ফটোখনৰ এক তুলনা

আমাৰ অনুসন্ধানৰ পৰা দেখা গৈছে যে এই ফটোসমূহ ২৯ জুলাইত ইম্ফলত "চিন-কুকি নাৰ্কো-টেৰৰিজম"ৰ বিৰুদ্ধে অনুষ্ঠিত এক সমাৱেশৰ সময়ত তোলা হৈছিল। মেইটেইসকলে দীৰ্ঘদিন ধৰি মণিপুৰৰ কুকি প্ৰধান পাহাৰবিলাকত "অবৈধ কুকি চিন প্ৰব্ৰজনকাৰী" আৰু "চুবুৰীয়া ম্যানমাৰৰ পৰা অহা সশস্ত্ৰ  উগ্ৰপন্থী" পপি খেতিত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি আহিছে।

কুকি বিৰোধী সমাৱেশৰ ফটো আৰু ভিডিঅ’ মণিপুৰৰ কেইবাটাও সংবাদ-সংবাদ মাধ্যমে পোষ্ট কৰিছিল। ‘টম টিভি’য়ে ইউটিউবত আপলোড কৰা উক্ত ৰেলীৰ ৬০ মিনিটৰ এটা ভিডিঅ’ত ১৭:৪০ টাইমষ্টেম্পত একেখন বেনাৰৰ ভিজুৱেল দেখা যায়। বেনাৰখনত এইদৰে লিখা আছে- "মণিপুৰ অধ্য়ায়ত কুকিসকল বিদেশী" (KUKI ARE FOREIGNER IN MANIPUR CHAPTER)।  ভিডিঅ’টোত এটা মানৱ শৃংখলত থিয় হৈ থকা কেইবাগৰাকী মহিলাই দীঘল বেনাৰখন ধৰি থকা দেখা যায়। 

ভাইৰেল ফটোখনত "টেকিং" (TAKING) শব্দটো আৰু "এডিইআৰএছ?" (ADERS?) আখৰকেইটা বেনাৰখনৰ বাওঁফালে দেখিবলৈ পোৱা যায়। ইউটিউব ভিডিঅ'টোৰ দ্বাৰা এইটো নিশ্চিত হয় যে ফটোখনত দেখিবলৈ পোৱা "TAKING" আৰু  "ADERS?" শব্দদুটা আন এখন বেনাৰত লিখা এটা বাক্য়ৰ অংশ হয়। সম্পূৰ্ণ বাক্য়শাৰী এনেধৰণৰ - "ভাৰত চৰকাৰে কুকি আক্ৰমণকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কিয়?" (WHY GOVERNEMNT OF INDIA NOT TAKING ANY ACTION AGAINST KUKI INVADERS?)

ইয়াৰ দ্বাৰা এইটো স্পষ্ট হৈছে যে কুকিসকলে পপি খেতি চলাই থকা বুলি অভিযোগ আনি ইয়াৰ বিৰোধিতাত আয়োজন কৰা এক সমাৱেশত ব্য়ৱহাৰ কৰা এখন বেনাৰৰ ফটোত ডিজিটেলভাৱে "মেইটেইসকল শৰণাৰ্থী" বুলি বাক্যাংশটো সংযোজন কৰা হৈছিল।

ইম্ফলত অনুষ্ঠিত এক বৃহৎ সমাৱেশত, য’ত হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহি কুকি জনগোষ্ঠীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল, মূল বেনাৰখন প্ৰদৰ্শন কৰা হৈছিল। এই সমাৱেশ সন্দৰ্ভত দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি প্ৰতিবাদকাৰীসকলে বিতৰ্কিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বা এন আৰ চি ৰূপায়ণকে ধৰি পাঁচটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল। তেওঁলোকে কুকিসকলে উত্থাপন কৰা পৃথক প্ৰশাসনৰ দাবীকো নাকচ কৰিছিল।

সিদ্ধান্ত

এখন বেনাৰত "মেইটেইসকল শৰণাৰ্থী" বুলি লিখা ভাইৰেল ফটোখন ডিজিটেলভাৱে সম্পাদিত ফটো। মূল বেনাৰখনত "মণিপুৰ অধ্যায়ত কুকিসকল বিদেশী" বুলি লিখা আছিল। ২৯ জুলাইত ইম্ফলত এক প্ৰতিবাদৰ সময়ত কুকি বিৰোধী এই বেনাৰখন প্ৰদৰ্শন কৰা হৈছিল। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।