উত্তৰ প্ৰদেশত এজন উলংগ ব্যক্তিয়ে আৰক্ষী বিষয়াক মাৰধৰ কৰা ভিডিঅ’ মণিপুৰৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে

লেখক: ৰজনী কে জি
আগষ্ট 16 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
উত্তৰ প্ৰদেশত এজন উলংগ ব্যক্তিয়ে আৰক্ষী বিষয়াক মাৰধৰ কৰা ভিডিঅ’ মণিপুৰৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ’টোত উত্তৰ প্ৰদেশত স্থানীয় নিৰ্বাচনৰ ফলাফলক লৈ এজন প্ৰাৰ্থীৰ সমৰ্থকে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে । মণিপুৰৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি af0f2f94

(সতৰ্কবাণী: এই লেখাটোত আপত্তিজনক দৃশ্যৰ বৰ্ণনা আৰু যৌন নিৰ্যাতনৰ উল্লেখ আছে। পাঠকক বিবেচনা কৰি পঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে)

পৃষ্ঠভূমি

যোৱা জুলাই মাহৰ ১৯ তাৰিখে মণিপুৰত দুগৰাকী মহিলাক যৌন নিৰ্যাতন আৰু উলংগ কৰি পেৰেড কৰোৱাৰ এটা আপত্তিজনক ভিডিঅ’ অনলাইনত যোগে প্ৰকাশ পাইছিল আৰু উক্ত ভিডিঅ’টোৱে সমগ্ৰ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সূত্ৰপাত ঘটা গোষ্ঠীগত সংঘৰ্ষৰ এদিন পিছতে ৪ মে’ত সংঘটিত হোৱা উক্ত ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় আৰু মণিপুৰ চৰকাৰক সম্পূৰ্ণ প্ৰতিবেদন দিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে। ইতিমধ্যে, মণিপুৰৰ সাতজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে, আৰু তদন্ত অব্যাহত আছে ।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত বিভিন্নজনে একাধিক অসংলগ্ন ভিডিঅ’ শ্বেয়াৰ কৰি সেই সমূহক ৪ মে’ৰ ঘটনা আৰু তাৰ পৰৱৰ্তী প্ৰতিবাদ তথা ৰাজ্যখনত অব্যাহত অশান্তিময় পৰিস্থিতিৰ সৈতে তুলনা কৰি একাধিক মিছা আৰু বিভ্ৰান্তিকৰ দাবীৰ প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। তেনে এটা ভাইৰেল ভিডিঅ’ত এজন উলংগ ব্যক্তিয়ে এটা ৰাস্তাত, লাঠিৰে আৰক্ষী বিষয়াক আক্ৰমণ কৰা দেখা গৈছে। ভিডিঅ’টো মণিপুৰৰ বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই  ‘আই এম কেছাৰিয়া (@Kesariya_Meenu)’ নামৰ এজন এক্স ব্যৱহাৰকাৰীয়ে উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰে। ভিডিঅ'টোৰ কেপচনত এইদৰে লিখা আছে- "মণিপুৰৰ বাস্তৱতা। মণিপুৰত কংগ্ৰেছৰ নিৰ্দেশমৰ্মে আৰক্ষী আৰু সেনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ উলংগ মহিলাৰ এটা সুকীয়া দল গঠন কৰা হৈছে, অৰ্থাৎ উলংগ হৈ আৰক্ষীক খেদি ফুৰিছে, কল্পনা কৰকচোন তাত কেনেধৰণৰ ষড়যন্ত্ৰ চলি আছে আৰু ইয়াত চামচাই নাচিছে। এই ষড়যন্ত্ৰ কাৰ্যকৰী কৰিবলৈ ৰাহুল গেণ্ডী (sic) মণিপুৰলৈ গৈছিল, একে সময়তে কুকি মহিলাসকলে উলংগ হৈ সেনাৰ বিৰোধিতা কৰাৰ ভাবুকি দিছিল। আৰু এইয়া বাস্তৱতা..!!  #कुकी_समुदाय #cjidychandrachud।" এই এক্স পোষ্টটোত মণিপুৰৰ পৰিস্থিতিৰ বাবে কংগ্ৰেছ দল দায়ী বুলি ইংগিত দিয়া হৈছে । প্ৰকাশৰ সময়ত এই পোষ্টটো ১ লাখ ১৪ হাজাৰৰো অধিক দৰ্শন আৰু ৩০০ৰো অধিক বাৰ ৰিপোষ্ট কৰা হৈছিল। 

অৱশ্যে এইটো মণিপুৰৰ ভিডিঅ’ নহয়। ভিডিঅ’টো উত্তৰ প্ৰদেশত কেমেৰাত বন্দী কৰা হৈছিল ।

প্ৰকৃত তথ্য

ভাইৰেল ভিডিঅ’টোৰ অডিঅ’টো ভালদৰে শুনিলে আমি ০:০৩ টাইমষ্টাম্পৰ আশে-পাশে কোনোবাই “চনু কিন্নৰ জিন্দাবাদ” বুলি চিঞৰি থকা শুনিবলৈ পাওঁ। আমি চনু কিন্নৰ সম্পৰ্কীয় কেইবাটাও বাতৰি আৰু ভিডিঅ’ বিচাৰি পাওঁ । তেওঁ উত্তৰ প্ৰদেশৰ চান্দৌলি জিলাত অনুষ্ঠিত এক স্থানীয় নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থিয় দিছিল ।  

ভাইৰেল ভিডিঅ'টো সমাজবাদী পাৰ্টি উত্তৰ প্ৰদেশৰ জিলা সভাপতি জিতেন্দ্ৰ বাৰ্মাই ১৬ মে'ত শ্বেয়াৰ কৰিছিল। ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁ এইদৰে লিখিছিল, "চান্দৌলি  জিলাৰ মোগলচৰাইত পৌৰ পৰিষদৰ নিৰ্বাচনত ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায়ৰ নিৰ্দলীয় প্ৰাৰ্থী চনু কিন্নৰে ৮৩৪ টা ভোটত জয়লাভ কৰিছিল, তথাপিও প্ৰশাসনে বিজেপি প্ৰাৰ্থী মালতী দেৱীক ১৩৮ টা ভোটত বিজয়ী হিচাপে ঘোষণা কৰিছিল (হিন্দীৰ পৰা অনুবাদ কৰা)। কেপচনটোত লগতে কোৱা হৈছে যে ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায়ৰ সদস্যসকলে ফলাফল ঘোষণাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল, ভোট ৰিগিংৰ অভিযোগ উত্থাপন কৰিছিল আৰু পুনৰ গণনাৰ দাবী জনাইছিল। "ইয়াৰ পিছত, চনু কিন্নৰ পুনৰ ৪৪০ টা ভোটত জয়ী হৈছিল," এক্স পোষ্টটোত লগতে কোৱা হয়।

১৬ মে'ত উত্তৰ প্ৰদেশৰ সুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টিৰ (এছবিএছপি) ৰাষ্ট্ৰীয় মুখপাত্ৰ পীয়ুষ মিশ্ৰাই ঘটনাটোৰ এটা সম্প্ৰসাৰিত সংস্কৰণ শ্বেয়াৰ কৰে। ভাইৰেল ভিডিঅ'টোত বন্দী কৰা ভিজুৱেলবোৰ ১:৩৫ টাইমষ্টাম্পৰ পৰা দেখা পোৱা যায় । তেওঁৰ এক্স পোষ্টটোত এইটোও কোৱা হৈছিল যে ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায়ে ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) প্ৰাৰ্থী মালতী দেৱীক স্থানীয় গোটৰ নিৰ্বাচনত বিজয়ী হিচাপে ঘোষণা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। এক্স একাউণ্ট 'দৈনিক সংবাদ @DainikSamachar6'য়েও ১৬ মে'ত একেটা ভাইৰেল ভিডিঅ' পোষ্ট কৰিছিল।

বাতৰি অনুসৰি, পণ্ডিত দীন দয়াল উপাধ্যায় নগৰৰ (যাক মোগলচৰাই বুলিও কোৱা হয়) নিৰ্দলীয় প্ৰাৰ্থী চনু কিন্নৰে চান্দৌলি জিলাৰ অধ্যক্ষ পদৰ বাবে স্থানীয় পৌৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। সমষ্টিটোৰ বাবে নিৰ্বাচন ৪ মে'ত অনুষ্ঠিত হৈছিল, আৰু ফলাফল ১৩ মে'ত ঘোষণা কৰা হৈছিল। নিউজ১৮ ইউপি উত্তৰ প্ৰদেশৰ বাতৰি অনুসৰি গণনাৰ দিনা চনুৰ সমৰ্থক আৰু বিজেপি প্ৰাৰ্থীৰ মাজত নিৰ্বাচনৰ ফলাফলক লৈ সংঘৰ্ষৰ সূত্ৰপাত হয়। তাৰ পিছত চনুৰ সমৰ্থকসকলে আৰক্ষীৰ সৈতে সংঘৰ্ষ কৰে বুলি প্ৰতিবেদনটোত লগতে কোৱা হয়। দ্য ইণ্ডিয়ান এক্সপ্ৰেছে তেওঁলোকৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰা এটা ভিডিঅ' প্ৰতিবেদনত কৈছিল যে পাছত বিজেপিৰ প্ৰাৰ্থীক ৩৯৭ ভোটত পৰাস্ত কৰি চনুৱে পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ পৌৰ নিগমৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।

সিদ্ধান্ত

উত্তৰ প্ৰদেশৰ স্থানীয় নিৰ্বাচনৰ ফলাফলক লৈ সংঘৰ্ষৰ সময়ত ৰেকৰ্ড কৰা মে’ মাহৰ এটা ভিডিঅ’ক মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে। সেয়ে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

(সম্পাদকৰ টোকা: ভিডিঅ’ত থকা নগ্নতাৰ দৃশ্যৰ বাবে আমি মূল ভিডিঅ’টোৰ কোনো লিংক শ্বেয়াৰ কৰাৰ পৰা বিৰত আছোঁ।)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।