পশ্চিম বংগৰ ৰাজনীতিবিদ মহুৱা মৈত্ৰই ‘কণী’ তেওঁৰ শক্তিৰ উৎস বুলি কৈছিল

লেখক: ৰাহুল অধিকাৰী
এপ্ৰিল 22 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
পশ্চিম বংগৰ ৰাজনীতিবিদ মহুৱা মৈত্ৰই ‘কণী’ তেওঁৰ শক্তিৰ উৎস বুলি কৈছিল

মহুৱা মৈত্ৰই ‘যৌনতা’ তেওঁৰ শক্তিৰ উৎস কোৱা বুলি উল্লেখ কৰা ছ'চিয়েল মিডিয়াৰ পোষ্টৰ স্ক্ৰীনশ্বট । (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

অনলাইন যোগে এটা ভিডিঅ’ প্ৰচাৰ কৰি মিছাকৈ দাবী কৰা হৈছে যে ইয়াত মহুৱা মৈত্ৰই “যৌনতা” তেওঁৰ শক্তিৰ উৎস বুলি কৈছিল। তেওঁ আচলতে “কণী” বুলি কৈছিল।

ক্লেইম আইডি 41ff6ff2

দাবী কি?

ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ নেতা মহুৱা মৈত্ৰই প্ৰচাৰ চলোৱাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। ক্লিপটোত দেখা গৈছে যে এজন সাংবাদিকে মৈত্ৰক তেওঁৰ “শক্তিৰ উৎস” সম্পৰ্কে এটা প্ৰশ্ন সুধিছে। ক্লিপটো শ্বেয়াৰ কৰা কেইবাজনো ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে টিএমচিৰ নেত্ৰীগৰাকীয়ে প্ৰশ্নৰ উত্তৰ হিচাপে “যৌনতা” শব্দটো লৈ উত্তৰ দিছিল।

পশ্চিম বংগৰ কৃষ্ণনগৰ সমষ্টিৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মৈত্ৰই প্ৰশ্নৰ উত্তৰ দিয়াৰ সময়ত সাংবাদিকৰ হাঁহি শুনা যায়।

কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এক্স (পূৰ্বৰ টুইটাৰ)ত ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁক উপহাস কৰাৰ উদ্দেশ্যেৰে কেপচন দিছিল। ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে জনাজাত অৰুণ পুদুৰৰ তেনে এটা পোষ্টে ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচন দিছিল, “বাঙালী হিন্দুসকল, এই গৰাকীয়েই নেকি আপোনাৰ মহান ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিব বিচৰা ধৰণৰ সাংসদ?” তাৰ পিছত পুদুৰে নিজৰ পোষ্টটো ডিলিট কৰি পেলাইছে যদিও ইয়াত এটা আৰ্কাইভ আছে।

আন কেইবাটাও পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰি।

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই দাবী মিছা। শক্তিৰ উৎসৰ বিষয়ে সোধাত মৈত্ৰই “কণী” বুলি কৈছিল। আমি ভিডিঅ’টোৰ আচল সংস্কৰণটোৰ গতি লেহেমীয়া কৰিলোঁ আৰু তেওঁৰ কথা স্পষ্টকৈ শুনিবলৈ পালোঁ৷ ইয়াৰ উপৰিও সাক্ষাৎকাৰটোৰ শ্বুটিং কৰা সাংবাদিক তামাল সাহাইও একে কথা স্পষ্ট কৰিবলৈ এক্সত এক পোষ্ট কৰিছিল।

আমি কেনেকৈ সত্য বিচাৰি পালোঁ?

আমি ভিডিঅ’টো পৰ্যালোচনা কৰিলোঁ আৰু তলৰ সোঁফালৰ চুকত এটা ল’গ’ লক্ষ্য কৰিলোঁ য’ত লিখা আছিল “এনটিটি”, যিটো সাংবাদিক তামাল সাহাৰ দ্বাৰা পৰিচালিত এটা নিউজ পৰ্টেল হয়। এই ভাইৰেল ক্লিপটো তেওঁৰ অফিচিয়েল ইউটিউব চেনেলত প্ৰকাশিত এক সাক্ষাৎকাৰৰ পৰা লোৱা হৈছে।

I am Unapologetic: TMC Mahua Moitra in Conversation with Tamal Saha” ভিডিঅ’টো ৩৭ মিনিটতকৈও অধিক দীঘল। সাক্ষাৎকাৰটোৰ ২:৩৫ মিনিটত সাংবাদিকজনে মৈত্ৰক সুধিছে, “আপোনাৰ শক্তিৰ উৎস কি?” ইয়াৰ প্ৰতি সঁহাৰি জনাই টিএমচিৰ নেতাজনে কয়, “কণী, কণী”।

এইখিনিতে সাংবাদিকজনে হাঁহিলে আৰু মৈত্ৰই কয়, “সঁচা কথা”। তাৰ পিছত ভিডিঅ’টোত আন এটা শ্বট দেখা যায় য’ত সাহাই তেওঁক তেওঁৰ ফিটনেছৰ বিষয়ে প্ৰশ্ন কৰিছে।

লজিকেলী ফেক্টছে এই সম্পৰ্কে মৈত্ৰৰ সৈতে যোগাযোগ কৰিছিল, যিয়ে সেই অংশৰ মূল ফুটেজ আমাৰ সৈতে শ্বেয়াৰ কৰিছিল আৰু স্পষ্ট কৰিছিল যে তেওঁ "কণী" বুলি কৈছিল। এই ফুটেজৰ এটা লেহেমীয়া সংস্কৰণ পৰ্যালোচনা কৰি আমি নিশ্চিত কৰিবলৈ সক্ষম হৈছিলো যে মৈত্ৰই সঁচাকৈয়ে "কণী" বুলি কৈছিল, "যৌনতা" বুলি কোৱা নাছিল।

সাংবাদিকৰ স্পষ্টীকৰণ

ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত সাহাই এক্সত পোষ্ট কৰিলে যে মৈত্ৰই আচলতে “কণী” বুলি কৈছিল। তেওঁ কয়, “মই স্পষ্ট কৰি দিওঁ, যিহেতু এইটো মোৰ সাক্ষাৎকাৰ। মই @MahuaMoitraক সুধিছিলোঁ: ৰাতিপুৱা আপোনাৰ শক্তিৰ উৎস কি? মহুৱা মৈত্ৰই উত্তৰ দিলে: EGGS ...(আন্দা, ডিম) (sic)।” তেওঁ লগতে দাবী কৰে যে সোঁপন্থী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে অডিঅ’টো “বিকৃত” কৰিছে।

আন এটা পোষ্টৰ উত্তৰত সাহাই পুনৰ কয় যে মৈত্ৰই “কণী” বুলি কৈছিল। ফোনত হোৱা কথা-বতৰাত তেওঁ আমাকো একেই কথা নিশ্চিত কৰিলে।

সিদ্ধান্ত

মহুৱা মৈত্ৰৰ সাক্ষাৎকাৰৰ এটা ক্লিপ শ্বেয়াৰ কুৰি ভুৱা দাবী কৰা হৈছিল যে তেওঁ তেওঁৰ শক্তিৰ উৎস “যৌনতা” বুলি কৈছিল, কিন্তু বাস্তৱত, তেওঁ কৈছিল “কণী”। আমি মূল ফুটেজটো পৰ্যালোচনা কৰিছো আৰু সাক্ষাৎকাৰ লোৱা সাংবাদিকজনেও একেখিনি কথা স্পষ্ট কৰি দিছে।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।