বিশ্ব স্বাস্থ্য় সংস্থাই কৰ’না ভাইৰাছক এটা ঋতুভিত্তিক ভাইৰাছ বুলি কোৱা নাই

লেখক: অনুৰাগ বৰুৱা
ফেব্ৰুৱাৰী 6 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
 বিশ্ব স্বাস্থ্য় সংস্থাই কৰ’না ভাইৰাছক এটা ঋতুভিত্তিক ভাইৰাছ বুলি কোৱা নাই

ফেক্ট চেক

ৰায়দান মিছা

ডাঃ কেহিল আৰু বিশ্ব চিকিৎসক মিত্ৰজোঁটে ক’ভিড-১৯ৰ ভুল তথ্য বিয়পাই বুলি জনাজাত । ফেচবুকে ক’ভিড-১৯ৰ বিষয়ে ভুল তথ্য আঁতৰাবলৈ কিছু পোষ্ট 'ডিলিট' কৰিছে ।

ক্লেইম আইডি 1af7e15a

পৃষ্ঠভূমি 

ক’ভিড-১৯ ভাইৰাছৰ অ’মাইক্ৰন ভেৰিয়েণ্টৰ নতুন উপ-ভেৰিয়েণ্টৰ ক্ৰমাৎ উত্থানৰ ফলত ক’ভিড-১৯ক লৈ ভুল তথ্য বৃদ্ধি পাইছে। আইৰিছ চিকিৎসা বিজ্ঞানী তথা বিশ্ব চিকিৎসক মিত্ৰজোঁটৰ সভানেত্ৰী অধ্যাপিকা ড’ল’ৰেছ কেহিলে কৰ’না ভাইৰাছ এটা সাধাৰণ ফ্লু ভাইৰাছ আৰু লকডাউন, মাস্কৰ দৰে ব্যৱস্থাৰ কোনো প্ৰয়োজন নাই বুলি কোৱাৰ এক দাবী ছ’চিয়েল মিডিয়াত নতুনকৈ প্ৰচাৰ হৈছে । ইয়াৰ উপৰিও দাবী কৰা হৈছে যে চিকিৎসা বিজ্ঞানীগৰাকীৰ বক্তব্যৰ ভিডিঅ’টো জনসাধাৰণৰ মাজত থকা ভুল ধাৰণা দূৰ কৰিবলৈ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা হৈছিল যদিও ষড়যন্ত্ৰৰ অংশ হিচাপে ফেচবুকে ইয়াক ডিলিট কৰিছে ।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত তিনি মিনিটৰ ভিডিঅ’টোত পেনেলিষ্টৰ এটা দল দেখা গৈছে, যাৰ ভিতৰত এগৰাকী মহিলাই দাবী কৰিছে যে ক’ৰ’না ভাইৰাছ “ঋতুভিত্তিক ভাইৰাছৰ বাহিৰে আন একো নহয়”। বক্তাগৰাকীক বিশ্ব চিকিৎসক মিত্ৰজোঁটৰ ডাঃ ডলৰেছ কেহিল বুলি চিনাক্ত কৰা হৈছে । অৱশ্যে তেওঁৰ মন্তব্যত কোনো সত্যতা নাই আৰু তেওঁ এগৰাকী পৰিচিত ক’ভিড-১৯ অস্বীকাৰকাৰী ।

প্ৰকৃত তথ্য 

বিশ্ব চিকিৎসক মিত্ৰজোঁট হৈছে ক’ভিড-১৯ মহামাৰীৰ এক পৰিচিত ভুল তথ্য বিয়পোৱা উৎস । প্ৰেকটিচিং আৰু প্ৰাক্তন চিকিৎসকে গঠিত এই গোটটোয়ে দাবী কৰে যে কোভিড-১৯ মহামাৰীক গুৰুত্বসহকাৰে ল’ব নালাগে । ক’ভিড-১৯ সন্দৰ্ভত অবৈজ্ঞানিক মতামতৰ বাবে নিজেই কুখ্যাত ড০ ড’ল’ৰেছ কেহিল। ২০২১ চনত 'ইউনিভাৰ্চিটি কলেজ ডাবলিন'ত ক’ভিড-১৯ সন্দৰ্ভত তেওঁৰ অপ্ৰমাণিত মন্তব্যৰ বাবে তেওঁৰ কৰ্মসংস্থাপন বন্ধ হোৱা বুলি জানিব পৰা গৈছে। ভেকচিন বিৰোধী আৰু মাস্ক বিৰোধী এই চিকিৎসক বিজ্ঞানী গৰাকীক তেওঁৰ বিতৰ্কিত মতামতক লৈ ইউৰোপীয় সংঘৰ বৈজ্ঞানিক সমিতিৰ পৰাও ওলাই যাবলৈ কোৱা হৈছিল। বিগত সময়ত আন বহু তথ্য পৰীক্ষাকাৰী সংস্থাই কেহিলে কৰা দাবীক বাতিল কৰিছিল । কৰ’না ভাইৰাছক ঋতুভিত্তিক ভাইৰাছ বুলি কোৱা কথাটোকো সমৰ্থন কৰিব পৰা কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা নাযায় । আগশাৰীৰ বিজ্ঞান আলোচনী নেচাৰ প্ৰকাশ কৰা, 'নেচাৰ পৰ্টফলিঅ'ৰ অংশস্বৰূপ, বহুবিষয়ক আলোচনী 'নেচাৰ কমিউনিকেচন'ত প্ৰকাশিত এক গৱেষণা পত্ৰত এই কথাও উল্লেখ কৰা হৈছে যে "বিশ্বৰ কোনো মানুহ বসতিপ্ৰধান অঞ্চল ক'ভিড-১৯ সংক্ৰমণৰ পৰা বছৰৰ যিকোনো সময়ত বতৰৰ ফলত সুৰক্ষিত নহয় ।"

তদুপৰি যোৱা দুবছৰৰ তথ্যই স্পষ্টকৈ দেখুৱাইছে যে ডিচেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰতহে লোকে ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ কোনো ধাৰা নাই আৰু বছৰৰ যিকোনো সময়তে এই সংক্ৰমণ বিয়পিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ ডেচব’ৰ্ডৰ তথ্য অনুসৰি ২০২০ চনৰ ডিচেম্বৰৰ পৰা ২০২১ চনৰ এপ্ৰিলৰ ভিতৰত ভাৰতত ৯,৩০০,১৬৭জন আৰু ২০২১ চনৰ মে’ৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত ১৫,৪২২,৮৫৩জন ৰোগী ধৰা পৰিছে। মে’ৰ পৰা নৱেম্বৰৰ ভিতৰত ৰিপ’ৰ্ট কৰা বিপুল সংখ্যক ক’ভিড-১৯ৰ পৰা দেখা গৈছে যে ছাৰ্ছ-ক’ভি-২ ভাইৰাছ সমগ্ৰ দেশতে গোটেই বছৰ ব্যাপকভাৱে বিয়পিব পাৰে। ইয়াৰ দ্বাৰা কৰ’না ভাইৰাছ ঋতুভিত্তিক ভাইৰাছ আৰু ডিচেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰতহে বিয়পি পৰে বুলি কৰা দাবীৰ কোনো ভিত্তি নাথাকে । 

লগতে, ঋতুভিত্তিক ফ্লু ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা ইনফ্লুৱেঞ্জাৰ বাহিৰে ক’ভিড-১৯ আন একো নহয় বুলি ইংগিত দিয়া যিকোনো দাবীও ভুল আৰু বিভ্ৰান্তিকৰ। ভাৰতীয় মহামাৰী বিজ্ঞানী তথা 'নেচনেল টেকনিকেল এডভাইজাৰী গ্ৰুপ অন ইমিউনাইজেশ্যন'ৰ সদস্য ডাঃ জয়প্ৰকাশ মুলিয়েলে লজিকেলিক জনাইছে যে দুয়োটা ৰোগৰ কিছুমান লক্ষণ 'অভাৰলেপ' হ’ব পাৰে যদিও বিভিন্ন বয়সৰ লোকৰ বাবে দুয়োটা ৰোগৰ তীব্ৰতা বেলেগ বেলেগ । তেওঁ কয়, "গুৰুত্বৰ ক্ষেত্ৰত ইনফ্লুৱেঞ্জা বা ফ্লু আচলতে শিশুৰ বাবে অধিক গুৰুতৰ, আৰু শিশুৰ ক্ষেত্ৰত ক'ভিড-১৯ আচৰিত ধৰণে বহু কম গুৰুতৰ। গতিকে যদি মই ঋতুভিত্তিক ফ্লুৰ সৈতে ক'ভিড-১৯ৰ তুলনা কৰোঁ, বিশেষভাৱে অ'মাইক্ৰন আৰু... ইয়াৰ উপ-বিকল্পসমূহ, পিছৰটোৰ লক্ষণসমূহ ঋতুভিত্তিক ফ্লুৰ মৃদু সংস্কৰণৰ লক্ষণসমূহৰ সৈতে একে।" তেওঁ লগতে কয় যে আন ৰোগত আক্ৰান্ত বয়সস্থ লোকৰ বাবে অমাইক্ৰন বিপজ্জনক হ’ব, কিন্তু শিশুৰ বাবে ই কম গুৰুতৰ ।

২০২১ চনৰ ১৮ আগষ্টত প্ৰকাশিত ব্লুমবাৰ্গৰ এক প্ৰতিবেদনত ফেচবুক ইনকৰ্পৰেশ্যনৰ কথা উল্লেখ কৰা হৈছে যে মহামাৰী আৰম্ভ হোৱাৰ পিছৰে পৰা ফেচবুক আৰু ইনষ্টাগ্ৰামত ক’ভিড-১৯ৰ ভুল তথ্য বিয়পোৱাৰ বাবে ২ কোটিৰো অধিক পোষ্ট আঁতৰাই পেলোৱা হৈছে । লগতে, ক’ভিড-১৯ সম্পৰ্কে ফেচবুকৰ নীতি অনুসৰি ই ‘বাস্তৱ জগতৰ ক্ষতিত অৰিহণা যোগোৱা ক’ভিড-১৯ৰ বিষয়বস্তু আঁতৰোৱাৰ কাম কৰি আছে’ । এইদৰে স্পষ্ট হৈ পৰিছে যে ফেচবুকে ক’ৰ’না ভাইৰাছ সম্পৰ্কীয় পোষ্ট আঁতৰোৱাটো কোনো ষড়যন্ত্ৰৰ অংশ নহয় বৰঞ্চ ছ’চিয়েল মিডিয়াৰ পৰা ভাইৰাছ সম্পৰ্কীয় ভুল তথ্য আঁতৰোৱাৰ প্ৰয়াস ।

সিদ্ধান্ত

ডাঃ ড’ল’ৰেছ কেহিল আৰু বিশ্ব চিকিৎসক মিত্ৰজোঁট ক’ভিড-১৯ৰ ভুল তথ্য বিয়পোৱা উৎস বুলি জনাজাত আৰু ক’ৰনা ভাইৰাছ এটা সাধাৰণ ঋতুভিত্তিক ভাইৰাছ বুলি কৰা দাবীৰ সমৰ্থনত কোনো বৈজ্ঞানিক প্ৰমাণ নাই । ফেচবুকে কোনো ষড়যন্ত্ৰৰ অংশ হিচাপে নহয় বৰঞ্চ ছ’চিয়েল মিডিয়াৰ পৰা ক’ভিড-১৯ সম্পৰ্কীয় ভুল তথ্য আঁতৰোৱাৰ বাবে কৰ’না সম্পৰ্কীয় ভুল খবৰ বিয়পোৱা পোষ্টবোৰ 'ডিলিট' কৰিছে । গতিকে আমি দাবীটো মিছা বুলি চিহ্নিত কৰিছো ।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।