য়েমেনে ইজৰাইলৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে যুদ্ধ ঘোষণা কৰা নাই

লেখক: এম্মি কিভি
নৱেম্বৰ 6 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
য়েমেনে ইজৰাইলৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে যুদ্ধ ঘোষণা কৰা নাই

ইজৰাইলৰ বিৰুদ্ধে য়েমেনে আনুষ্ঠানিকভাৱে যুদ্ধ ঘোষণা কৰা বুলি মিছাকৈ দাবী কৰা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত য়েমেন চৰকাৰে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা নাই; য়েমেনৰ হাউথী গোটেহে ইজৰাইলক আক্ৰমণ কৰিছে।

ক্লেইম আইডি 1807b60d

পৃষ্ঠভূমি

ইজৰাইল-হামাছ যুদ্ধৰ প্ৰায় এমাহৰ পাছতো চলি থকা হিংসাত্মক পৰিস্থিতিয়ে অঞ্চলটোৰ অন্যান্য দেশসমূহক জড়িত কৰি এক আঞ্চলিক সংঘাতৰ ৰূপ লোৱাৰ সম্ভাৱনা আহি পৰিছে।

উদাহৰণস্বৰূপে বিভিন্ন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে পেলেষ্টাইনৰ সমৰ্থনত য়েমেনে যুদ্ধত প্ৰৱেশ কৰা বুলি ভুৱা দাবী প্ৰচাৰ কৰিব ধৰিছে । ছ’চিয়েল মিডিয়া পোষ্টৰ এখন ছবিত লিখা আছে, “য়েমেনে আনুষ্ঠানিকভাৱে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে।” ব্ৰিগেডিয়াৰ জেনেৰেল ইয়াহ্যা ছাৰীৰ ৩১ অক্টোবৰৰ এক বিবৃতিৰ বিষয়ে উল্লেখ কৰি আন এটা পোষ্টৰ কেপচনত কোৱা হৈছে, “এই যুদ্ধ ঘোষণাৰ জৰিয়তে য়েমেনে ইজৰাইলক লক্ষ্য কৰি বেলিষ্টিক আৰু ক্ৰুজ মিছাইল নিক্ষেপ কৰি আনুষ্ঠানিকভাৱে ইজৰাইল-পেলেষ্টাইন সংঘাতত প্ৰৱেশ কৰিছে আৰু ইতিমধ্যে অস্থিৰ অঞ্চল এটাত সংঘাত বৃদ্ধি কৰিছে আৰু।” পোষ্টবোৰৰ আৰ্কাইভ লিংক ইয়াত আৰু ইয়াত চাব পাৰিব।

ইজৰাইলৰ বিৰুদ্ধে য়েমেনে আনুষ্ঠানিকভাৱে যুদ্ধ ঘোষণা কৰা বুলি মিছাকৈ দাবী কৰা ইনষ্টাগ্রাম পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/ইনষ্টাগ্রাম/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অসমৰ নিউজ নাও নামৰ এটা অসমীয়া নিউজ পৰ্টেলৰ এক ফেচবুক পোষ্টতো এই ধৰণৰ দাবী কৰা হৈছে যে য়েমেনে আনুষ্ঠানিকভাৱে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে । ২০২৩ চনৰ ৩১ অক্টোবৰত প্ৰকাশিত ভিডিঅ’ নিউজ ৰিপ’ৰ্টটোত আৰু কোৱা হৈছে যে, য়েমেনৰ সেনাৰ লগতে য়েমেনৰ হাউথী গোটে ইজৰাইলৰ বিৰুদ্ধে আক্ৰমণ চলাইছে । উক্ত পোষ্টটোৱে এতিয়ালৈকে প্ৰায় ৫,৪৪,০০০ ভিউ লাভ কৰিছে। পোষ্টৰ আৰ্কাইভ লিংক ইয়াত চাব পাৰিব।

ইজৰাইলৰ বিৰুদ্ধে য়েমেনে আনুষ্ঠানিকভাৱে যুদ্ধ ঘোষণা কৰা বুলি মিছাকৈ দাবী কৰা অসমীয়া ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কিন্তু, আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত য়েমেন চৰকাৰে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা নাই।

প্ৰকৃত তথ্য

হাউথী গোটৰ সামৰিক মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল ইয়াহিয়া ছাৰীয়ে ৩১ অক্টোবৰত ঘোষণা কৰিছিল যে গোটটোৱে ইজৰাইলক লক্ষ্য কৰি ড্ৰ’ন আৰু বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে। হাউথী গোটে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত য়েমেন চৰকাৰক প্ৰতিনিধিত্ব নকৰে আৰু ছাৰীৰ বক্তব্যত যুদ্ধ ঘোষণা কৰা কথা উল্লেখ নাছিল।

অট’ৱা বিশ্ববিদ্যালয়ৰ অধ্যাপক থমাছ জুনুৱে এপি নিউজক কয় যে, “ৰাজধানী ছানাত হাউথীসকলৰ ৰাজত্ব চলে, কিন্তু ‘য়েমেন’ (বা য়েমেন গণৰাজ্যই) ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে বুলি কোৱাটো সঁচাকৈয়ে ভুল বাতৰি।

টেলিভিছনত প্ৰচাৰিত বিবৃতিত ব্ৰিগেডিয়াৰ জেনেৰেল ছাৰীয়ে কয় যে তেওঁলোকৰ “সশস্ত্ৰ বাহিনীয়ে পেলেষ্টাইনী জনসাধাৰণৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে সামৰিক অভিযান অব্যাহত ৰাখিছে।” লগতে মধ্যপ্ৰাচ্যৰ অস্থিৰতাৰ বাবে ছাৰীয়ে ইজৰাইলক জগৰীয়া কৰে। ব্ৰিগেডিয়াৰে কয় যে হাউথীয়ে ইজৰাইলত আক্ৰমণ চলাই যাব “যেতিয়ালৈকে গাজাত আমাৰ ভাইসকলৰ বিৰুদ্ধে ইজৰাইলৰ আগ্ৰাসন বন্ধ নহয়,” দ্য মিডল ইষ্ট মনিটৰে প্ৰকাশ কৰা এক বাতৰি অনুসৰি।

ইয়াৰ উত্তৰত ইজৰাইলৰ সেনাই কয় যে তেওঁলোকে 'মিছাইল বোট' নিয়োগ কৰিছে আৰু লোহিত সাগৰীয় অঞ্চলত নিজৰ প্ৰতিৰক্ষা শক্তিশালী কৰিছে। ইজৰাইলে লগতে দাবী কৰে যে ২৭ অক্টোবৰত ইজিপ্তৰ দুখন চহৰত বিস্ফোৰণ ঘটা ড্ৰ’ন আক্ৰমণৰ বাবে হাউথীসকল দায়ী আৰু এই আক্ৰমণ ইজৰাইলক লক্ষ্য কৰি কৰা হৈছিল । 

আনছাৰ আল্লা বুলিও কোৱা হাউথী গোটটো য়েমেনৰ এটা সশস্ত্ৰ মিলিচীয়া। ২০১৪ চনৰ অভ্যুত্থানত গোটটোৱে য়েমেনৰ চৰকাৰখনক উৎখাত কৰিছিল, যাৰ ফলত চৰকাৰ আৰু হাউথীৰ মাজত চলি থকা গৃহযুদ্ধ আৰম্ভ হৈছিল। বৰ্তমান ইৰাণ সমৰ্থিত হাউথীয়ে উত্তৰ য়েমেনৰ বেছিভাগ অংশ নিয়ন্ত্ৰণ কৰি আছে। য়েমেনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত চৰকাৰ ৰাষ্ট্ৰপতি নেতৃত্ব পৰিষদ দক্ষিণ য়েমেনৰ এডেনত অৱস্থিত।

সিদ্ধান্ত

হাউথী গোটে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত য়েমেন চৰকাৰ ৰাষ্ট্ৰপতি নেতৃত্ব পৰিষদক প্ৰতিনিধিত্ব নকৰে। ৩১ অক্টোবৰত হাউথী গোটৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল ইয়াহিয়া ছাৰীয়ে গোটটোৱে পেলেষ্টাইনৰ সমৰ্থনত ইজৰাইললৈ মিছাইল আৰু ড্ৰ’ন নিক্ষেপ কৰিছে বুলি ঘোষণা কৰিছিল যদিও যুদ্ধ ঘোষণা কৰাৰ পৰা বিৰত আছিল। য়েমেনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত চৰকাৰেও ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা নাই। সেয়েহে আমি দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।