ভিডিঅ’ত দেখা যুৱককেইজন ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ কুকি জোৱান, মণিপুৰৰ উগ্ৰপন্থী নহয়

লেখক: চন্দন বৰগোহাঁই
ছেপ্তেম্বৰ 12 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ভিডিঅ’ত দেখা যুৱককেইজন ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ কুকি জোৱান, মণিপুৰৰ উগ্ৰপন্থী নহয়

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ এক ভিডিঅ’ক মণিপুৰৰ উগ্ৰপন্থীক দেখুওৱা বুলি দাবী কৰা X পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X)

ফেক্ট চেক

ৰায়দান মিছা

বিশ্বাসযোগ্য প্ৰতিবেদনৰ ভিত্তিত আমি ক’ব পাৰো যে ভিডিঅ’টোত দেখা পোৱা যুৱককেইজন ইজৰাইললৈ প্ৰব্ৰজন কৰা কুকি আই ডি এফ জোৱান।

ক্লেইম আইডি ff8dd6f0

পৃষ্ঠভূমি

মণিপুৰত যোৱা ৩ মে’ত আৰম্ভ হোৱা ৰক্তাক্ত গোষ্ঠী সংঘৰ্ষত ২৯ জুলাই লৈকে ১৮১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহতৰ সংখ্যা ৩০০ জন হয়, আৰু প্ৰায় ৫৪,০০০ লোক গৃহহীন হৈ পৰে । যোৱা কিছুদিনত পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে যদিও ৰাজ্য়খনত দৈনন্দিন জীৱনযাত্ৰা এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই। ইয়াৰ মাজতে, ছ'চিয়েল মিডিয়া সেই সংঘৰ্ষ সম্পৰ্কীয় অপ্ৰমাণিত আৰু ভিত্তিহীন দাবীৰে ভৰি পৰিছে । 

টুইটাৰত ভাইৰেল হৈ পৰা ভিডিঅ’ত সামৰিক পোছাক পৰিহিত কেইজনমান যুৱকক দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি বহুতেই দাবী কৰিছে যে এই যুৱককেইজন কুকি উগ্ৰপন্থী, আৰু তেওঁলোকে মণিপুৰৰ মুখ্যমন্ত্ৰী এন. বীৰেন সিঙক গালি-গালাজ কৰি আছে। ভিডিঅ'টো @dintentdata নামৰ এটা স্বঘোষিত ফেক্ট চেকিং টুইটাৰ প্ৰ'ফাইলৰ পৰাও শ্বেয়াৰ কৰা হৈছিল, য'ত কোৱা হৈছিল যে ভিডিঅ’টোত ম্যানমাৰৰ পৰা অহা অবৈধ কুকি অনুপ্ৰৱেশকাৰীয়ে মণিপুৰৰ উগ্ৰপন্থী গোটত যোগদান কৰিছে। আন এজন ব্যৱহাৰকাৰীয়েও ভিডিঅ'টো শ্বেয়াৰ কৰি এইদৰে লিখিছে, "কুকি উগ্ৰপন্থীয়ে মণিপুৰৰ মুখ্যমন্ত্ৰীক মুকলিকৈ গালি দিছে, তেওঁলোকৰ ভূমিত তেখেতে কি কৰি আছে সুধিছে। এইসকলৰ লগত এনেধৰণৰ অত্যাধুনিক ৰাইফল থাকিলে ভুক্তভোগীসকলে প্ৰতিক্ৰিয়া কৰিবলৈ সময় উলিয়াব নোৱাৰিব।"

অৱশ্যে, ভিডিঅ'টোত দেখা যুৱকসকল মণিপুৰৰ কুকি উগ্ৰপন্থী গোটৰ সদস্য় নহয়।

প্ৰকৃত তথ্য়

আমি ভিডিঅ'টো ভালদৰে চাওঁ আৰু যুৱককেইজনে পৰিধান কৰি থকা পোছাকজোৰ ইজৰাইল ডিফেন্স ফৰ্চ (আই ডি এফ)-ৰ পোছাক বুলি জানিব পাৰোঁ। তেওঁলোকৰ চাৰ্টৰ পকেটৰ ওপৰত হিব্ৰু সংক্ষিপ্ত শব্দ צה״ל লিখা আছে, ইয়াৰ অৰ্থ হৈছে "ইজৰাইলৰ বাবে প্ৰতিৰক্ষা বাহিনী।" 

উল্লেখযোগ্য যে মণিপুৰ আৰু মিজোৰামত থকা বেনেই মেনাছে (Bnei Menashe) নামৰ কুকি সম্প্ৰদায়ৰ বহু লোকে ইজৰাইললৈ প্ৰব্ৰজন কৰিছে। একাধিক ইজৰাইলী সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি প্ৰতিবেদনে এই কথা নিশ্চিত কৰিছে যে সেই কুকি সম্প্ৰদায়টোৰ সদস্য আই ডি এফত আছে। সংবাদ প্ৰতিষ্ঠান ‘ইজৰাইল হায়োম’ৰ মতে, ২০১৪ চনত ইজৰাইললৈ প্ৰব্ৰজন কৰা ভাৰতৰ বেনেই মেনাছে  সম্প্ৰদায়ৰ ১২ জনীয়া এটা গোটক ২০২০ চনত আই ডিএফৰ কেফিৰ ব্ৰিগেডত (Kfir Brigade) নিয়োগ কৰা হৈছিল। ইজৰাইল টুডেৰ দ্বাৰা ২২ এপ্ৰিল, ২০২১ তাৰিখে প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে চাৰ্জেন্ট নাদিভ খাউত নামৰ মণিপুৰী বেনেই আই ডি এফৰ এজন ষ্টাফ ছাৰ্জেন্টক, যাৰ পিতৃ-মাতৃয়ে ২০০০ চনত মণিপুৰৰ পৰা ইজৰাইললৈ প্ৰব্ৰজন কৰিছিল, ২০২১ চনত জেৰুজালেমত এক আনুষ্ঠানিক অনুষ্ঠানত ইজৰাইলৰ এজন উৎকৃষ্ট সৈনিক হিচাপে সন্মানিত কৰা হৈছিল।

বেনেই মেনাছেসকলে নিজকে ইহুদী বুলি পৰিচয় দিয়ে। ইহুদী ভাৰ্চুৱেল লাইব্ৰেৰীৰ মতে, ২,৭০০ বছৰৰ আগতে এছিৰিয়ানসকলে (Assyrians) ইজৰাইলৰ পৰা নিৰ্বাসিত কৰা দহটা জনজাতিৰ মেনাছে গোষ্ঠীটোৰ উপৰিপুৰুষ বুলি বেনেই মেনাছেসকলে নিজকে দাবী কৰে। 

আমি ভিডিঅ’টো এগৰাকী মেইটেইভাষীৰ দ্বাৰা পৰীক্ষা কৰাওঁ। তেওঁ ভিডিঅ’টোত থকা যুৱককেইজনে মেইটেই ভাষাত মুখ্য়মন্ত্ৰী বিৰেন সিঙক গালি পাৰি থকা বুলি আমাক নিশ্চিত কৰে। গতিকে ওপৰত উল্লেখিত প্ৰতিবেদন সমূহৰ ভিত্তিত আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোত থকা যুৱককেইজন কুকি সম্প্ৰদায়ৰ হয় যদিও তেওঁলোক উগ্ৰপন্থী গোটৰ সদস্য নহয়, বৰঞ্চ ইজৰাইললৈ প্ৰব্ৰজন কৰা আই ডি এফৰ জোৱান হে হয়।  

সিদ্ধান্ত

যদিও আমি ভাইৰেল ভিডিঅ'টোত দেখা যুৱককেইজনক নিজাববীয়াকৈ চিনাক্ত কৰিব পৰা নাই, কিন্তু তেওঁলোকে পৰিধান কৰা পোছাকৰ দ্বাৰা আমি স্পষ্টভাৱে জানিব পাৰোঁ যে তেওঁলোক মণিপুৰৰ উগ্ৰপন্থী নহয়, বৰঞ্চ ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ কুকি সদস্য হে হয়। সেয়েহে, আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।