পেলেষ্টাইনৰ সাংবাদিকক মিছাইলে আক্ৰমণ কৰা পুৰণি ভিডিঅ' ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধৰ বুলি প্ৰচাৰিত

লেখক: নিকোলাজ ৰডকজাৰ ক্ৰিষ্টেনসেন
নৱেম্বৰ 2 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
পেলেষ্টাইনৰ সাংবাদিকক মিছাইলে আক্ৰমণ কৰা পুৰণি ভিডিঅ' ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধৰ বুলি প্ৰচাৰিত

পেলেষ্টাইনৰ সাংবাদিকৰ ওপৰত মিছাইল আক্ৰমণৰ পুৰণি ভিডিঅ' বুলি শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/ফেচবুক/টিকটক)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

এইটো ২০১৪ চনৰ ভিডিঅ' আৰু ইজৰাইল-হামাছৰ মাজত চলি থকা শেহতীয়া সংঘৰ্ষৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি 66a39b6e

পৃষ্ঠভূমি

দুজন পেলেষ্টাইনী লোকৰ ওপৰত এটা মিছাইলে আক্ৰমণ কৰা এটা ভিডিঅ’ (ইয়াত আৰ্কাইভ সংস্কৰণটো চাব পাৰে) ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি সেইয়া ইজৰাইল-হামাছৰ মাজত চলি থকা শেহতীয়া যুদ্ধৰ দৃশ্য় বুলি দাবী কৰা হৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি দিয়া পোষ্টৰ কেপচনত লিখা হৈছে,“পেলেষ্টাইনী সাংবাদিকে কেমেৰাত বন্দী কৰা এই মুহূৰ্তটোত ইজৰাইলৰ এটা মিছাইলে লাইভ টিভিত তেওঁ আৰু তেওঁৰ এজন সহযোগী চিকিৎসকক আক্ৰমণ কৰি হত্য়া কৰা দেখা গৈছে! ইজৰাইলে নিজক এনেদৰে ৰক্ষা কৰিছে নেকি!?”

এই ভিডিঅ'টো ২০২৩ চনৰ ২৫ অক্টোবৰত হামাছ আৰু ইজৰাইলৰ মাজত বৰ্তমান চলি থকা সংঘৰ্ষৰ মাজতে পোষ্ট কৰা হৈছিল। একেটা ভিডিঅ' বৰ্তমান টিকটক আৰু এক্স (X) (পূৰ্বৰ টুইটাৰত) প্ৰচাৰিত হৈ আছে। ইয়াত আৰু ইয়াত আৰ্কাইভ সংস্কৰণ চাব পাৰে।

অৱশ্যে,এই  ভিডিঅ'টো এতিয়াৰ নহয় আৰু ইজৰাইল-হামাছৰ শেহতীয়া সংঘৰ্ষৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। 

প্ৰকৃত তথ্য়

ভিডিঅ’টোত থকা ব্যক্তি দুজন হৈছে সাংবাদিক খালেদ হামাদ আৰু পেৰামেডিকেল ফৌয়াদ জাবেৰ। ফুটেজটো হামাদৰ কেমেৰাত ৰেকৰ্ড কৰা হৈছিল আৰু ইয়াত দুয়োজনে এখন দেৱালত কাষত আশ্ৰয় লোৱাৰ সময়তে বিস্ফোৰণ ঘটা দেখা গৈছে। ইয়াৰ পিছত কেমেৰাৰ ফ্ৰেমত মাটিত নিথৰ হৈ পৰি থকা হামাদৰ হাতখন দেখা যায়। ভিডিঅ’টোৰ ওপৰত গ্ৰাফিক্সত লিখা আছে, “ফৌয়াদ জাবেৰ আৰু খালেদ হামাদ দুয়োকে এই মিছাইলৰ দ্বাৰা হত্যা কৰা হ’ল। খালেদৰ মৃত্যুৰ পিছতো তেওঁৰ কেমেৰাই ৰেকৰ্ড কৰি থাকিল।” 

এই ক্লিপটো আল জাজিৰাৰ “গাজা: দ্য লাষ্ট পিকচাৰ” নামৰ এটা ৪৭ মিনিটৰ অনুষ্ঠানৰ অংশ হয়, ২০১৬ চনৰ ২০ জুলাইত উক্ত অনুষ্ঠানটো ইউটিউবত আপলোড কৰা হৈছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ক্লিপটো উক্ত অনুষ্ঠানটোৰ প্ৰায় ৩৩ মিনিটত দেখিবলৈ পোৱা যায়। অনুষ্ঠানটোৰ বৰ্ণনা অনুসৰি, হামাদে ২০১৪ চনৰ জুলাই মাহত গাজাৰ শ্বুজায়েয়া চহৰত ‘ইজৰাইলী অপাৰেচন প্ৰটেক্টিভ এজ’ৰ পৰিণাম ৰেকৰ্ড কৰি থকাৰ সময়ত এই ঘটনাটো সংঘটিত হৈছিল। আল জাজিৰাই ২০১৪ চনৰ আগষ্টত হামাদ আৰু ফেবাৰৰ মৃত্যু সম্পৰ্কে বাতৰি প্ৰকাশ কৰিছিল। 

দ্য গাৰ্ডিয়ানে  ২০১৪ চনৰ ২১ জুলাইত প্ৰকাশ কৰা এক প্ৰতিবেদনত হামাদৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছিল। “গাজাত আজি পুৱা এজন পেলেষ্টাইনী ভিডিঅ’ সাংবাদিক খালেদ হামাদ নিহত হয়, খবৰ অনুসৰি ইজৰাইলী ক্ষেপনাস্ত্ৰই চহৰখনৰ শুজায়া (ওৰফে শুজাইয়া) আৱাসিক জিলাত গুলীচালনা কৰাৰ সময়ত,” প্ৰতিবেদনটোত কোৱা হয়। 

সিদ্ধান্ত

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এই ভিডিঅ’টো ইজৰাইল আৰু হামাছৰ মাজত শেহতীয়াকৈ বৃদ্ধি পোৱা সংঘাতৰ সৈতে কোনো সম্পৰ্ক নাই। এই ফুটেজটো ২০১৪ চনৰ। ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল পোষ্টসমূহত এইটো পুৰণি ভিডিঅ’ বুলি উল্লেখ কৰা নাই। সেয়েহে আমি এই দাবীক বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , Dansk

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।