গাজাত ইজৰাইলৰ বিমান আক্ৰমণৰ পুৰণি ভিডিঅ’ শেহতীয়া বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: অনুৰাগ বৰুৱা
অক্টোবৰ 10 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
গাজাত ইজৰাইলৰ বিমান আক্ৰমণৰ পুৰণি ভিডিঅ’ শেহতীয়া বুলি শ্বেয়াৰ কৰা হৈছে

শেহতীয়াকৈ গাজাত ইজৰাইলৰ বিমান আক্ৰমণৰ ভিডিঅ’ দেখুওৱা বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

লজিকেলী ফেক্টছে জানিব পাৰিলে যে ভাইৰেল ভিডিঅ’টো ২০২১ চনৰ মে’ মাহৰ হয়। ইয়াৰ সৈতে শেহতীয়া ইজৰাইল-হামাছৰ সংঘাতৰ কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি 8923e5f0

কি দাবী কৰা হৈছে?

হামাছৰ উগ্ৰপন্থীয়ে ৭ অক্টোবৰত গাজা ষ্ট্ৰিপৰ পৰা কাষৰ ইজৰাইলী সম্প্ৰদায়ক আকস্মিক আক্ৰমণ চলাই আৰু কেইবাজনো লোকক হত্যা কৰাৰ লগতে বহুতো লোকক অপহৰণ কৰে। এই আক্ৰমণৰ বিৰুদ্ধে ইজৰাইলে গাজাত বিমান আক্ৰমণ চলায় আৰু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ঘোষণা কৰে যে দেশখন এতিয়া হামাছৰ সৈতে যুদ্ধত লিপ্ত হৈছে । 

এছ’চিয়েটেড প্ৰেছৰ তথ্য অনুসৰি ৯ অক্টোবৰৰ পুৱা মৃত্যুৰ সংখ্যা ১১০০ অতিক্ৰম কৰিছিল। আক্ৰমণৰ পিছত ১ লাখ ২৩ হাজাৰতকৈ অধিক গাজাবাসী স্থানচ্যুত হৈছে বুলি প্ৰতিবেদনত আৰু কোৱা হৈছে।

শেহতীয়া সংঘাতৰ পিছত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বহু অসংলগ্ন আৰু পুৰণি ভিজুৱেল শ্বেয়াৰ কৰা হৈছে। তেনে এটা ভিডিঅ’, য’ত বিমান আক্ৰমণৰ পিছত এটা বহুমহলীয়া আকাশচুম্বী ঘৰ ছিন্নভিন্ন হোৱা দেখা গৈছে, এক্সত (ইয়াত আৰ্কাইভ কৰা হৈছে) ব্যাপকভাৱে প্ৰচাৰিত হৈছে । এইটো শেহতীয়া ভিডিঅ’ বুলি কোৱা হৈছে আৰু ইজৰাইলী বাহিনীৰ বিমান আক্ৰমণ দেখুওৱা হৈছে বুলি দাবী কৰা হৈছে । ভিডিঅ’টো শ্বেয়াৰ কৰা এক্স পোষ্টটোৰ কেপচনত লিখা আছিল, “ব্ৰেকিং নিউজ: ইজৰাইলে আৰম্ভ কৰিলে অপাৰেচন আইৰন স্বৰ্ড ইজৰাইলে তৃতীয় গাজা টাৱাৰ ধ্বংস কৰিলে পেলেষ্টাইনী সন্ত্ৰাসবাদীক নিৰ্মূল কৰিলে।” এই পোষ্টটো ৩৯ হাজাৰতকৈ অধিক বাৰ দৰ্শন কৰা হৈছে আৰু প্ৰকাশৰ সময়ত ১৮০ বাৰতকৈ অধিক বাৰ শ্বেয়াৰ কৰা হৈছিল।

একেটা আখ্যানেৰে উক্ত ভিডিঅ’টো ফেচবুকতো ভাইৰেল হৈ পৰিছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

অনলাইন যোগে কৰা দাবীৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কিন্তু এই ভিডিঅ’টো শেহতীয়া ইজৰাইল-হামাছৰ সংঘাতৰ নহয়, ২০২১ চনৰ হয়।

আমি কি বিচাৰি পাইছিলোঁ?

ভাইৰেল ক্লিপটোৰ কীফ্ৰেম ব্যৱহাৰ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাত আমি ২০২১ চনৰ ১২ মে’ত আল জাজিৰা ইংলিছে নিজৰ অফিচিয়েল ইউটিউব একাউণ্টত প্ৰকাশ কৰা এটা ভিডিঅ’ ৰিপ’ৰ্ট বিচাৰি পালোঁ। ইউটিউব ভিডিঅ’টোত ২:৩৩ৰ আশে-পাশে আমি সেই অট্টালিকাটো ভাঙি পৰাৰ ভিজুৱেল দেখিবলৈ পাওঁ, যিটো ভাইৰেল ক্লিপটোত দেখা গৈছে। ভিডিঅ’ৰ বিৱৰণীত লিখা আছিল, “গাজা ষ্ট্ৰিপত বুধবাৰলৈকে ভীষণ বোমাবৰ্ষণ অব্যাহত আছে, ইজৰাইল বাহিনীয়ে ঘেৰাও কৰা উপকূলীয় ভূখণ্ডৰ বিভিন্ন স্থানত তীব্ৰ অভিযান চলাইছে...স্থানীয় সূত্ৰই জনোৱা মতে, ইজৰাইলৰ যুঁজাৰু বিমানে নিৰাপত্তাৰক্ষীৰ উপৰিও পেলেষ্টাইনী সশস্ত্ৰ গোটৰ অন্তৰ্গত,আৰক্ষীৰ ভৱন, আদি বিভিন্ন স্থানত বোমা বিস্ফোৰণ কৰিছিল...। গাজা চহৰৰ টেল আল-হাৱা চুবুৰীত এগৰাকী গৰ্ভৱতী মহিলা ৰীমা টেলবানি আৰু তেওঁৰ সন্তান ইজৰাইলৰ আক্ৰমণত নিহত হয়।”

২০২১ চনত শ্বেয়াৰ কৰা আল জাজিৰাৰ ভিডিঅ’ প্ৰতিবেদনৰ স্ক্ৰীণশ্বট (উৎস: ইউটিউব/আল জাজিৰা ইংৰাজী)

দীঘলীয়া ইউটিউব ভিডিঅ’টো ২০২১ চনৰ মে’ মাহত আল জাজিৰাইও নিজৰ অফিচিয়েল এক্স একাউণ্টত শ্বেয়াৰ কৰিছিল। সংলগ্ন কেপচনত লিখা আছিল, “এই মুহূৰ্তত গাজা চহৰৰ একাধিক সংবাদ মাধ্যমৰ কাৰ্যালয় থকা ১৪ মহলীয়া আল-শ্ব’ৰুক টাৱাৰটো বুধবাৰে ইজৰাইলৰ বিমান আক্ৰমণত সম্পূৰ্ণৰূপে ধ্বংস পাইছিল।" 

বিমান আক্ৰমণত অট্টালিকাটো ছিন্নভিন্ন হোৱাৰ ঘটনাক চিএনএন, ৰয়টাৰকে ধৰি বহু মূলসুঁতিৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল। ৰয়টাৰ পিকচাৰ্ছে ২০২১ চনৰ ১২ মে’ত ভাইৰেল ক্লিপটোত দেখা ভিজুৱেলৰ সৈতে মিল থকা আল-শ্ব’ৰ’ক টাৱাৰৰ ভাঙি পৰাৰ কেইখনমান ছবিও নিজৰ এক্স একাউণ্টত পোষ্ট কৰিছিল। এই ছবিসমূহৰ কৃতিত্ব ৰয়টাৰৰ ফটোগ্ৰাফাৰ ইব্ৰাহীম আবু মুস্তাফাক দিয়া হৈছে।

২০২১ চনত ৰয়টাৰে প্ৰকাশ কৰা ছবি আৰু ভাইৰেল ভিডিঅ’টোৰ তুলনা (উৎস: X/ @reuterspictures_)

সিদ্ধান্ত

ভিডিঅ’টোত ২০২১ চনত ইজৰাইলৰ বিমান আক্ৰমণৰ পিছত গাজাৰ আল শ্বোৰুক টাৱাৰটো ভাঙি পৰা দেখা গৈছে। শেহতীয়া ইজৰাইল-হামাছৰ সংঘাতৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। গতিকে আমি দাবীটোক বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰোঁ।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।