ৰাজস্থানৰ ২০২২ চনৰ ভিডিঅ' ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নাচিকৰ ৰ’ডশ্ব হিচাপে শ্বেয়াৰ কৰা হৈছে

লেখক: উম্মে কুলচুম
মাৰ্চ 19 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাজস্থানৰ ২০২২ চনৰ ভিডিঅ' ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নাচিকৰ ৰ’ডশ্ব হিচাপে শ্বেয়াৰ কৰা হৈছে

নাচিকত অনুষ্ঠিত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰেলীৰ দৃশ্য বুলি ছ'চিয়েল মিডিয়াত পুৰণি ভিডিঅ' শ্বেয়াৰ কৰা হৈছে। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

এইটো ২০২২ চনৰ ডিচেম্বৰত ৰাজস্থানৰ দৌচাত ভাৰত জোড়ো যাত্ৰাৰ সময়ত লোৱা ভিডিঅ' হয়। নাচিকত অনুষ্ঠিত শেহতীয়া ৰেলীৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

ক্লেইম আইডি 47f118af

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা চলি থকা ভাৰত জোড়ো ন্যায় যাত্ৰা যোৱা দেওবাৰে সামৰণি পৰে। তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা জম্মু-কাশ্মীৰলৈ চলা ভাৰত জোড়ো যাত্ৰাৰ সমাপ্তিৰ পিছত যোৱা ১৪ জানুৱাৰীত মণিপুৰৰ থৌবালত আৰম্ভ হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ১৭ মাৰ্চত মহাৰাষ্ট্ৰৰ মুম্বাইত সামৰণি পৰে।

কি দাবী কৰা হৈছে?

ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত অলপতে মহাৰাষ্ট্ৰৰ নাচিকত অনুষ্ঠিত হৈ যোৱা ৰ’ডশ্বৰ ভিডিঅ’ বুলি দাবী কৰি এটা ৰাজপথত উলিওৱা এটা বৃহৎ ৰেলীৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে।

এক্সত এজন ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো পোষ্ট কৰি কেপচনত লিখিছে, “মহাৰাষ্ট্ৰৰ নাচিকত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত লাখ লাখ লোকে যোগদান কৰে। কংগ্ৰেছৰ বাবে মাৰাঠী ভূমিত জনসমুদ্ৰ, ৰাহুল আৰু এমভিএৰ প্ৰতি মাৰাঠী জনসাধাৰণৰ যুগান্তকাৰী সমৰ্থন।” এই প্ৰতিবেদন লিখাৰ সময়ত পোষ্টটোৱে ৭৪০০ ভিউ লাভ কৰিছিল। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব৷

একেটা ভিডিঅ’ ক্লিপ হাৰিয়ানা যুৱ কংগ্ৰেছ আৰু মহাৰাষ্ট্ৰ যুৱ কংগ্ৰেছকে ধৰি কংগ্ৰেছ দলৰ বিভিন্ন অফিচিয়েল এক্স একাউণ্টৰ পৰাও শ্বেয়াৰ কৰা হৈছিল। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব। একেতা ভিডিঅ’ এজন অসমীয়া ফেচবুক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰি লিখিছে, ‘‘ভাৰত জড়ো ন্যায় যাত্ৰা। নাচিক, মহাৰাষ্ট্ৰ (১৪/০৩/২৪)।’’

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি কি বিচাৰি পালোঁ?

আমি ভাইৰেল ভিডিঅ’টোৰ কিফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰোঁ আৰু ভিডিঅ’টো ২০২২ চনৰ ডিচেম্বৰৰ পৰা ইণ্টাৰনেটত উপলব্ধ বুলি জানিব পাৰোঁ।

কংগ্ৰেছৰ এক্স একাউণ্টে প্ৰথমে ২০২২ চনৰ ১৬ ডিচেম্বৰত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল, ইয়াৰ পৰা বুজা যায় যে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাজস্থানৰ দৌচাত ভিডিঅ’টো বন্দী কৰা হৈছিল।

সাংবাদিক তথা দৈনিক ভাস্কৰৰ প্ৰাক্তন সম্পাদক অৰবিন্দ চোতিয়াইও ২০২২ চনৰ ১৬ ডিচেম্বৰত এক্সত এই ভিডিঅ'টো পোষ্ট কৰি কেপচনত লিখিছিল, "দৌচাত ভাৰত জোড়ো যাত্ৰাত জনসমুদ্ৰ। #ভাৰতজোড়োযাত্ৰা।"

লজিকেলী ফেক্টছে ভাইৰেল ভিডিঅ’টোত দেখা স্থানটো ৰাজস্থানৰ দৌচা চহৰ বুলি নিৰ্ণয় কৰিবলৈ সক্ষম হয়। গুগল ষ্ট্ৰীট ভিউৰ ছবিৰ সৈতে দৃশ্যটোক তুলনা কৰি আমি ৰাস্তাত একেধৰণৰ গ্ৰীল ডিভাইডাৰ আৰু এটা ৰাস্তাৰ কাষৰ এটা বিল্ডিঙৰ প্ৰথম মহলাত থকা হালধীয়া শ্বাটাৰৰ এখন দোকান লক্ষ্য কৰিলোঁ যিটো ভাইৰেল ভিডিঅ’টোতো দেখা যায়। তদুপৰি ভাইৰেল ভিডিঅ’টোৰ ০:১২ টাইমষ্টেম্পত এখন বগা বেনাৰৰ আঁৰত দেখা পোৱা বিল্ডিংটো গুগল ষ্ট্ৰীট ভিউৰ দৃশ্যৰ সৈতে মিলে, ইয়াৰ দ্বাৰা এইটো দৌচাৰ মুখ্য ডাকঘৰৰ কাৰ্যালয় বুলি নিশ্চিত হোৱা যায়।

ভাইৰেল ভিডিঅ' আৰু গুগল ষ্ট্ৰীট ভিউত দেখা দৃশ্যৰ তুলনা। (উৎস: এক্স/গুগল মেপ)

সিদ্ধান্ত

২০২২ চনত অনুষ্ঠিত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ এটা ভিডিঅ’ মহাৰাষ্ট্ৰৰ নাচিকত অলপতে হৈ যোৱা দলটোৰ ৰ’ডশ্ব’ৰ ফুটেজ হিচাপে মিছাকৈ শ্বেয়াৰ কৰা হৈছে। সেয়েহে, এই দাবীটো বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , తెలుగు

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।