ইৰাণৰ শেহতীয়া আক্ৰমণ হিচাপে ইজৰাইলে হামাছৰ ৰকেট প্ৰতিহত কৰাৰ ২০২৩ চনৰ ভিডিঅ' প্ৰচাৰ

লেখক: আজৰা আলী
এপ্ৰিল 18 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ইৰাণৰ শেহতীয়া আক্ৰমণ হিচাপে ইজৰাইলে হামাছৰ ৰকেট প্ৰতিহত কৰাৰ ২০২৩ চনৰ ভিডিঅ' প্ৰচাৰ

ইজৰাইলৰ ওপৰত ইৰাণৰ শেহতীয়া আক্ৰমণৰ ভিডিঅ' হিচাপে শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

২০২৩ চনৰ অক্টোবৰত ইণ্টাৰনেটত উপলব্ধ এই ভিডিঅ’টোত ইজৰাইলে হামাছৰ ৰকেটৰ অৱৰোধ কৰা দেখা গৈছে। এইটো ইৰাণে চলোৱা শেহতীয়া আক্ৰমণৰ ভিডিঅ’ নহয়।

ক্লেইম আইডি e3d389bc

কি দাবী কৰা হৈছে?

কিছুদিন পূৰ্বে ইৰাণে ইজৰাইলৰ ওপৰত চলোৱা আক্ৰমণৰ পিছতে ছ’চিয়েল মিডিয়াত নিশাৰ আকাশত সু-উচ্চ অট্টালিকাৰ ওপৰেৰে পাৰ হৈ অহা ড্ৰ’ন আৰু মিছাইলৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি একাংশই ইয়াত ইজৰাইলৰ আইৰন ড’মে ইৰাণে নিক্ষেপ কৰা মিছাইল বাধা দিয়া দেখা গৈছে বুলি দাবী কৰিছে। আইৰন ড’ম হৈছে ইজৰাইলৰ বায়ু প্ৰতিৰক্ষা প্ৰণালী যাক কম দূৰত্বৰ ৰকেট আৰু ক্ষেপনাস্ত্ৰ প্ৰতিৰোধ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা ১ এপ্ৰিলত ছিৰিয়াৰ ডামাস্কাছত থকা ইৰাণৰ কনছুলেটত ইজৰাইলে আক্ৰমণ কৰাৰ অভিযোগ কৰি ইৰাণে ইজৰাইলক লক্ষ্য কৰি ধাৰাবাহিক মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰিছিল।

এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰামত ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, “আইৰন ড’মক অতিক্ৰম কৰি আহিছে ইৰাণৰ প্ৰথম বেচ ড্ৰ’ন, মিছাইল আহি আছে।” পোষ্টটোৱে ৫ হাজাৰৰো অধিক লাইক লাভ কৰিছে (ইয়াত আৰ্কাইভ কৰা হৈছে)। একেধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব৷

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ইনষ্টাগ্ৰাম/এক্স/স্ক্ৰীণশ্বট)

এটা ফেচবুক পেজে ভিডিঅ’ শ্বেয়াৰ কৰি অসমীয়াত লিখিছে, ‘‘ব্ৰেকিং: ইৰাণ 🇮🇷 মাত্ৰ কেই ঘণ্টাৰ আগতে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰাৰ সময়ত ইজৰাইলৰ লোহাৰ গম্বুজটো বিফল হৈ পৰিল। /❗ইৰাণৰ পিছত য়েমেনে 🇾🇪 ইজৰাইলৰ ওপৰতো নিজৰ ড্ৰোন নিক্ষেপ কৰিলে আৰু… /❗লেবানন 🇱🇧 মাত্ৰ উত্তৰ ইজৰাইলৰ ওপৰত আক্ৰমণ /❗অৱশেষত ইজৰাইলে তৃতীয় বিশ্বযুদ্ধ আৰম্ভ কৰাত সফল হ’ল!” ইয়াত আৰ্কাইভ কৰা হৈছে।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

অৱশ্যে এই ভাইৰেল ভিডিঅ’টোৰ ২০২৩ চনৰ অক্টোবৰৰ হয় আৰু শেহতীয়া ঘটনাৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

আমি কিদৰে জানিব পাৰিলোঁ? 

এই ভিডিঅ'টো শ্বেয়াৰ কৰা একাধিক ভাইৰেল পোষ্টত ওপৰৰ সোঁফালৰ চুকত দ্য টেলিগ্ৰাফৰ ল’গ’ দেখা যায়। ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ২০২৩ চনৰ ১২  অক্টোবৰত দ্য টেলিগ্ৰাফৰ ইউটিউব চেনেলত আপলোড কৰা মূল ভিডিঅ'টো লাভ কৰোঁ। "ইজৰাইলৰ আইৰণ ড’মে এছকেলনত হামাছৰ ৰকেট প্ৰতিৰোধ কৰে" শীৰ্ষক ৪২ ছেকেণ্ডৰ ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰা ভিডিঅ'টোৰ সৈতে একে। ভিডিঅ'টোৰ ওপৰৰ বাওঁফালৰ চুকত লিখা আছে, "এছকেলন, ইজৰাইল ক্ৰেডিট: ক্লেছৰিপৰ্ট ভাইয়া এক্স।"

আমি ক্লেছ ৰিপৰ্ট নামৰ এটা সংবাদ মাধ্যমে তেওঁলোকৰ এক্স একাউণ্টত শ্বেয়াৰ কৰা মূল ভিডিঅ'টো লাভ কৰোঁ। ২০২৩ চনৰ ১২ অক্টোবৰত দিয়া পোষ্টৰ কেপচনত লিখা আছিল, "হামাছৰ ৰকেট বনাম আইৰন ড'ম। এছকেলন।" একাউণ্টোৰ বায়' অনুসৰি তেওঁলোকে "বিশ্বৰ ভিন্ন প্ৰান্তত চলি থকা সংঘৰ্ষৰ ব্ৰেকিং নিউজ, প্ৰতিবেদন আৰু মতামত" শ্বেয়াৰ কৰে। ইয়াৰ পৰা বুজা যায় যে উক্ত ভিডিঅ’টো এতিয়াৰ নহয় আৰু যোৱা ছমাহ ধৰি ইণ্টাৰনেটত আছে।

২০২৩ চনৰ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত আইৰন ড’মে ৰকেট আৰু মিছাইল প্ৰতিহত কৰাৰ একেধৰণৰ কিছুমান ভিডিঅ’ প্ৰকাশ কৰিছিল। ২০২৩ চনৰ ৮ অক্টোবৰত বিবিচি আৰু ২০২৩ চনৰ ৯ অক্টোবৰত এবিচি ৭ চিকাগোৰ দ্বাৰা প্ৰকাশিত ভিডিঅ’ত আইৰন ড’মে এছকেলনৰ ওপৰেৰে যোৱা মিছাইল প্ৰতিহত কৰাৰ দৃশ্য দেখা গৈছিল, য’ত তেওঁলোকে হামাছে ৰকেট নিক্ষেপ কৰা বুলি বাতৰি প্ৰৰিৱেশন কৰিছিল।

সিদ্ধান্ত

ইজৰাইলে ইৰাণে নিক্ষেপ কৰা ৰকেট প্ৰতিহত কৰাৰ দৃশ্য বুলি প্ৰচাৰিত ভাইৰেল ভিডিঅ’টো এতিয়াৰ নহয়, ২০২৩ চনৰ অক্টবোৰৰ পৰা ভিডিঅ’টো ইণ্টাৰনেটত উপলব্ধ। সেয়েহে আমি এই দাবীটো বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।