‘ভাৰতীয় সেনাই মণিপুৰত একো সমাধান কৰিব নোৱাৰে’ বুলি অসমৰ মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰসংগ সংগতিবিহীনভাৱে প্ৰচাৰ কৰা হৈছে

লেখক: ৰজনী কে জি
আগষ্ট 21 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
‘ভাৰতীয় সেনাই মণিপুৰত একো সমাধান কৰিব নোৱাৰে’ বুলি অসমৰ মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰসংগ সংগতিবিহীনভাৱে প্ৰচাৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

শৰ্মাৰ ভাইৰেল ক্লিপ এটা দীঘলীয়া মন্তব্যৰ সংক্ষিপ্ত অংশ। তেওঁ কৈছিল সেনাই অস্থায়ীভাৱে হিংসাক লাঘৱ কৰিব পাৰে, কিন্তু স্থায়ীভাৱে সমাপ্ত কৰিব নোৱাৰে।

ক্লেইম আইডি 3149506a

পৃষ্ঠভূমি

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় সেনাক অপমান কৰা বুলি দাবী কৰি এটা পোষ্ট ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে। পোষ্টটোত দাবী কৰা হৈছে "ভাৰতীয় সেনাই 'মণিপুৰ'ত একো কৰিব নোৱাৰে: হিমন্ত বিশ্ব এইটো সেনাক অপমান নহয় নেকি? (অসমীয়ালৈ অনুবাদিত)"। এই পোষ্টটো ‘বোল্টা হিন্দুস্তানে’ এক্স (X) (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰিছিল, আৰু এই প্ৰতিবেদটো লিখাৰ সময়ত পোষ্টটো ২৩৩,৩০০ ভিউ আৰু ৭,৫৫৫ লাইক পাইছিল।

(উৎস: X/@BoltaHindustan/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
 

শৰ্মাই "সেনাই একো সমাধান কৰিব নোৱাৰে" বুলি কোৱা এটা ভিডিঅ'ৰ লগত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে "মণিপুৰত যি হৈ আছে, ভাৰতীয় সেনাই সেইয়া দুদিনত বন্ধ কৰিব পাৰে (হিন্দীৰ পৰা অনুবাদ কৰা)" বুলি কোৱা ভিডিঅ' এটা সংযুক্ত কৰি ভাৰতীয় জাতীয় কংগ্ৰেছে ২০২৩ চনৰ ১২ আগষ্টত নিজৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰিছিল।

(উৎস:ইউটিউব/ভাৰতীয় জাতীয় কংগ্ৰেছ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
 

অৱশ্যে এই দাবী বিভ্ৰান্তিকৰ। মণিপুৰত অব্য়াহত হিংসাক নিয়ন্ত্ৰণত ভাৰতীয় সেনাৰ ভূমিকা সন্দৰ্ভত শৰ্মাৰ মন্তব্য় প্ৰসংগ সংগতিবিহীনভাৱে প্ৰচাৰ কৰা হৈছে। তেওঁ আচলতে সেনাই মণিপুৰৰ সমস্যা সাময়িকভাৱেহে সমাধান কৰিব পাৰিব বুলি কৈছিল। 

প্ৰকৃত তথ্য

আমি দেখিলোঁ যে শৰ্মাই ১১ আগষ্টত এই মন্তব্য কৰিছিল, আৰু ই সংবাদ মাধ্যমৰ আগত দিয়া দীঘলীয়া বক্তব্যৰ এক অংশ আছিল। হিন্দুস্তান টাইমছে যোৱা ১২ আগষ্টত নিজা ইউটিউব চেনেলত শৰ্মাৰ বক্তব্যৰ সম্পূৰ্ণ ভিডিঅ’টো আপলোড কৰিছিল। ১:০০ মিনিটত আমি দেখিবলৈ পাওঁ এজন সাংবাদিকে গান্ধীয়ে ভাৰতীয় সেনাই মণিপুৰৰ হিংসা বন্ধ কৰাৰ সন্দৰ্ভত দিয়া মন্তব্য় সম্পৰ্কে শৰ্মাক প্ৰশ্ন কৰিছিল। শৰ্মাই তেতিয়া কয়, "সেইয়া ভুল কথা। ভাৰতীয় বায়ুসেনাই আইজলত তেনেকুৱা কৰিলে। বোমা নিশেপ কৰিলে আৰু হিংসা নামি আহিছিল। আজি ৰাহুল গান্ধীয়ে কৈছে যে ভাৰতীয় সেনাই হিংসা বন্ধ কৰিব লাগে। তাৰ মানে কি? সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনা কৰিব লাগে? এইয়া তেওঁৰ প্ৰেছক্ৰিপচন নেকি? তেওঁ সেইয়া কেনেকৈ ক’ব পাৰে? সেনাই একো সমাধান কৰিব নোৱাৰিব। তেওঁলোকে কেৱল সাময়িকভাৱে ৰোধ কৰিব পাৰিব, বা সাময়িকভাৱে শান্তি আনিব পাৰিব। কিন্তু সমাধান হৃদয়ৰ পৰা আহিব লাগিব, গুলীৰ পৰা নহয় (sic)।"

এনডিটিভিৰ তথ্য অনুসৰি অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতীয় সেনাই মণিপুৰৰ হিংসাত্মক পৰিস্থিতি সাময়িকভাৱেহে সমাধান কৰিব পাৰিব, স্থায়ীভাৱে নোৱাৰে বুলি কৈছিল। ইণ্ডিয়া টুডেতো একেই বাতৰি প্ৰকাশ পাইছিল।

শৰ্মাৰ এই বক্তব্যৰ ভিডিঅ’ তেওঁৰ X একাউণ্টতটো পোৱা যায়। তেওঁ লিখিছে যে সেনা আভ্যন্তৰীণ বিবাদ সমাধানৰ বাবে কোনো ব্যক্তিগত সংগঠন নহয়; তেওঁলোকে নাগৰিকসকলক বাহিৰৰ ভাবুকিৰ পৰা ৰক্ষা কৰিবৰ বাবেহে আছে। তেওঁ লগতে কয়, "আমাৰ আভ্যন্তৰীণ সমস্যাৰ সমাধান ভিতৰৰ পৰাই আহিব লাগে, মমতা আৰু বুজাবুজিৰ জৰিয়তে।”

সিদ্ধান্ত

হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ এটা অংশ প্ৰসংগ সংগতিবিহীনভাৱে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি তেওঁ সেনাক অপমান কৰিছে বুলি মিছা দাবী কৰা হৈছে । গতিকে আমি এই দাবীক বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰোঁ ।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।